
উপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। বেলেগ বেলেগ উপসৰ্গযুক্ত হৈ একেটা ধাতুৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰে।
সংস্কৃত ভাষাত উপসৰ্গ কুৰি (২০)টা –
প্ৰ, পৰা, অপ, সম, অনু, অৱ, নিৰ, দুৰ, অধি, বি, অভি, সু, উৎ, পৰি, প্ৰতি, অপি, নি, অতি, উপ, আ
উপসৰ্গ | ব্যৱহাৰ | উদাহৰণ | |
১ | প্ৰ | ভাল, বেছি, আৰম্ভ, খ্যাতি,উৎকৰ্ষ,গতি, উৎপত্তি,দক্ষতা আদি অৰ্থত | প্ৰকাৰ, প্ৰকৰণ, প্ৰকাশ, প্ৰকৃতি, প্ৰকৃষ্ট, প্ৰকোপ, প্ৰগতি, প্ৰচাৰ, প্ৰজনন, প্ৰজ্ঞা, প্ৰজলিত, প্ৰণৱ, প্ৰণয়, প্ৰণাম, প্ৰণীত, প্ৰদান, প্ৰবঞ্চক, প্ৰবাস, প্ৰবাহ, প্ৰকাণ্ড, প্রবৃত্তি, প্রবোধ, প্রভাৱ, প্রভেদ, প্রমোদ, প্রয়োগ, প্রলাপ, প্রশংসা, প্রসৱ, প্রস্থান, প্রক্ষিপ্ত, প্ৰবাহ ইত্যাদি |
২ | পৰা | প্ৰাধান্য, ব্যতিক্ৰম, অনাদৰ, তিৰস্কাৰ, বিক্রম, অনাদৰ,বিৰুদ্ধ আদি অৰ্থত | পৰাক্ৰম, পৰাজয়, পৰাভৱ, পৰাভূত, পৰাধীন,পৰামৰ্শ, পৰাংমুখ, পৰায়ণ, পৰাগ, পৰাকাষ্ঠা,পৰাগ, ইত্যাদি |
৩ | অপ | অনাদৰ, ত্যাগ, কুৎসিত, বিকৃতি, অপমান, বেয়া, বিপৰীত আদি অৰ্থত | অপকর্ম, অপকাৰ, অপঘাত, অপচয়, অপব্যয়, অপবাদ, অপভ্রংশ, অপমৃত্যু, অপলাপ, অপহৰণ, অপৰাধ, অপতৃণ, অপপ্ৰচাৰ, অপদেৱতা, অপসৰণ, অপৰূপ, অপমান, অপযশ, , অপৰাধ ইত্যাদি। |
৪ | সম্ | সমীপ, সঙ্গত, সম্যক, উত্তম, অবিশ্ৰাম, একেলগে আদি অৰ্থত | সংকট, সংশয়, সম্পতি, সম্পদ, সংসাৰ, সংস্কাৰ, সৎলাপ, সন্মান, সংক্ৰমণ, সংগ্ৰহ, সমাদৰ, সম্ভোগ, সংস্কৃতি, সংস্কৃত, সম্ভেদ, সম্ভাষণ, সমাস, সংগম, সংজ্ঞা, সম্পৃক্ত, সম্ভৱ, সংকলন, সন্তাপ, সন্তোষ, সন্মিলন, সম্ভাৰ, সংকীৰ্ণ, সম্পূৰ্ণ, সংঘাত, সম্পৰ্ক, সমীপ, সংগত, সম্যক, সন্মুখ, সংবাদ, সংগীত, সংযোগ, সংহাৰ, সঞ্চয়, সমাৱৰ্তন ইত্যাদি। |
৫ | অনু | পাছত, তুল্য, হীন, সাদৃশ্য, নিকৃষ্ট আদি অৰ্থত | অনুকৰণ, অনুৰাগ, অনুপাত, অনুসাৰ, অনুদ্বেষ, অনুসৰ্গ, অনুৰূপ, অনুকাৰ, অনুপান, অনুৰোধ, অনুচৰ, অনুজ, অনুগ্ৰহ, অনুগত, অনুতাপ, অনুকুল, অনুনয়, অনুবাদ, অনুপ্ৰাস, অনুৰণন, অনুকৰণ, অনুসৰণ, অনুশাসন, অনুসন্ধান, অন্বেষণ, অনুমতি, অনুপ্ৰৱেশ, অনুমান, ইত্যাদি। |
৬ | অৱ | বিস্তাৰ, নিশ্চয়, ঘৃণা, নিন্দা, অভাৱ আদি অৰ্থত | অৱজ্ঞা, অৱৰোধ, অৱগতি, অৱমাননা, অৱনতি, অৱতাৰ, অৱস্থিত, অৱতৰণ, অৱতীৰ্ণ, অৱনত, অৱধান, অৱলম্বন, অৱলোকন, অৱশিষ্ট, অৱসাদ, অৱসৰ, অৱচেতন,অৱক্ষয়, অৱৰোহণ, অৱগাহন, অৱস্থা ইত্যাদি। |
৭ | নিৰ | বাহিৰ, সমীপ, বিনা, নিশ্চয়, অভাৱ, নিষেধ আদি অৰ্থত | নির্গত, নির্ণয়, নির্ধাৰণ, নির্ভয়, নির্মাণ, নিৰ্মল,নিৰ্ভৰ, নিৰ্মম, নিৰাকাৰ, নিৰ্ধাৰণ, নিৰ্ণয়, নিৰঞ্জন, নির্বাচন, নির্বাহক, নির্বাসন, নিৰ্বাণ, নিশ্চয়, নিৰ্দয়, নিৰ্ধন, নিঃসঙ্গ, নিৰ্মুক্ত, নিঃশব্দ, নিৰ্যাস, নিৰ্জন, নির্বোধ, নিৰীক্ষণ, নিৰ্ঘাত, নিৰপৰাধ, নিৰন্তৰ, নিৰ্লিপ্ত, নিৰূপণ, নিৰ্জীৱ, নিৰাময়, নিৰতিশয়, নিঃসম্বল, নিসংকোচ, নিৰস্ত, নিৰঞ্জন, নিৰ্যান, নিৰ্যাতন, নিষ্প্ৰভ |
৮ | দুৰ | নিন্দা, বাধা, নিষেধ, দুখ, ক্লেশ, অভাৱ, আদি অৰ্থত | দুর্বল, দুৰ্ঘটনা, দুৰ্মতি, দুৰাশা, দুভিক্ষ, দুৰ্নিবাৰ, দুৰন্ত, দুর্বিপাক, দুৰ্যশ, দুঃসাধ্য, দুৰ্দ্দম, দুৰ্ভাৱনা, দুবৰ্বল, দুষ্ট, দুগন্ধ, দুঃখ, দুৰ্নাম, দুৰ্গম, দুঃসাহস, দুৰ্ভাগ্য, দুৰ্জন, দুৰ্দিন, দুৰ্গতি, দৰন্ত, দুৰ্মদ, দৰ্দ্দান্ত, দুৰ্নীতি, দুৰ্বাৰ, দুৰাচাৰ, দুৰাশয়, দুঃশীল, দুৰ্জয়, দুঃস্বপ্ন, দুঃশাসন, দুনিৰ্ভৰ, দুঃসহ, দুষ্পাপ্য, দুৰ্গত, দুঃসময়, দুৰ্যোগ, দুর্ব্যৱহাৰ, দুৰ্ভাগ্য, দুৰ্মুখ, দুষ্কৃতি,দুৰভিসন্ধি, দুৰাকাংক্ষা ইত্যাদি। |
৯ | অধি | প্ৰধান, গতি, গৰাকী, ওপৰ, কৰ্তৃত্ব আদি অৰ্থত | অধিপতি, অধিবাস, অধিকাৰ, অধিষ্ঠান, অধ্যয়ন, অধ্যাপনা, অধ্যায়, অধ্যক্ষ, অধ্যাৱসায়, অধ্যাত্ম, অধ্যুষিত, অধিগত, অধিবাসী, অধিগম্য অধিষ্ঠাতা, অধিৰোহণ, অধিবাসী, অধিৰাজ, অধিপতি, অধিনিয়ম, অধিকৰণ, , অধিবেশন, অধিত্যকা, অধিনায়ক, অধিকাৰ, অধীশ্বৰ, অধীন, অধিগত ইত্যাদি |
১০ | বি | অভাৱ, হীন, বাহিৰ, বিকাশ, বিশেষ, বিশিষ্ট, আদি অৰ্থ | বিষয়, বিনয়, বিশেষ,বিশেষণ,বিকল, বিবাদ, বিৰাগ, বিজ্ঞান, বিজ্ঞ, বিধান, বিৱৰণ, বিফল, বিয়োগ, বিপৰ্যয়, বিৰূপ, বিলাপ, বিক্ষোপ, বিগত, বিজিত, বিজ্ঞাপন, বিদিত, বিতৰণ, বিচৰণ, বিবচন, বিদায়, বিকট, বিকাশ, বিজয়, বিবৰ্ণ, বিশুদ্ধ, বিন্যাস, বিচ্ছিন্ন, বিভৱ, বিসৰ্জন, বিজন, বিৰোধ, বিস্মৃতি, বিতৃষ্ণা, বিশিষ্ট, বিসদৃশ, বিশাল, বিলয়, বিহীন, বিৰুদ্ধ, বিশিষ্ট, বিষাদ, বিমৰ্ষ, বিয়োগ, বিপদ, বিষম, বিবাহ, বিপৰীত, বিখ্যাত, বিচাৰ ইত্যাদি। |
১১ | অভি | উত্তম, প্ৰতি, প্ৰধান, উন্নতি, , প্ৰশংসা, বিৰুদ্ধ, সমীপ, সন্মুখ আদি অৰ্থত | অভিমান, অভিযান, অভিলাষ, অভিজাত, অভিনয়, অভিবাদন, অভিৰুচি, অভীষ্ট, অভীপ্সা, অভিনেতা, অভিযোগ, অভ্যন্তৰ, অভিপ্রেত, অভিনন্দন, অভিজ্ঞান, অভিজ্ঞ, অভিসম্পাত, ইত্যাদি। |
১২ | সু | অতিশয়, প্ৰশংসা, মঙ্গল, উজু. উত্তম আদি অৰ্থত | সুন্দৰ, সুশোভন, সুজন, সুকুমাৰ, সুকৃতি, সুদৰ্শন, সুশ্ৰী, সুগম, সুকোমল, সুশোভিত, সুবাস, সুশ্ৰাব্য, সুকণ্ঠ, সুনাম, সুদৃশ্য, সুদিন, সুনীতি, সুজলা, সুতীক্ষ্ণ, সুস্বাদ, সুস্থ, সুভাস, সুভাসিত, স্বস্তি, স্বাগতম, সুবোধ, সুধীৰ, সুদৃঢ়, সুচিন্তা, সুদূৰ, সুহৃদ, সুশান্ত, সুজন, সুকীৰ্তি ইত্যাদি |
১৩ | উৎ | শ্রেষ্ঠ, বিৰুদ্ধ, বিপৰীত, অতিশয়, উৰ্দ্ধ আদি অৰ্থত | উন্নত, উন্নতি, উদাহৰণ, উৎসৰ্গ, উৎকৰ্ণ, উৎপত্তি, উত্তপ্ত, উন্মুখ, উদগ্ৰীৱ, উৎপাদন, উৎপাটন, উৎপাদক, উন্নয়ন, উত্থান, উজ্জ্বল, উত্তীর্ণ, উৎকৰ্ষ, উৎসৱ, উদ্যত, উদ্ধাৰ, উচ্ছাস, উচ্ছৃংখল, উদ্বাহু, উল্লাস, উল্লাসিত, উল্লিখিত, উদ্ভিদ, উৎখাত, উন্মনা, উত্তম, উচ্ছল, উন্মেষ, উৎক্ষেপন, উদ্গীৰণ, উৎসুক, উদ্ভাসিত, উচ্চাৰণ, উৎক্ষেপ, উৎকণ্ঠ, উদ্বেল, উদ্ধত, উদ্দাম, উদ্গতি, উদ্যোগ, উৎপত্তি, উদ্যম, উদ্বোধন, উদ্বেগ, উদ্দীপনা, উৎসাহ, উত্তাল ইত্যাদি। |
১৪ | পৰি | ত্যাগ, অতিশয়, সম্পূৰ্ণতা, বিৰুদ্ধতা, অনাদৰ আদি অৰ্থত | পৰিভাষা, পৰিণাম, পৰিপক পৰিস্থিতি, পৰিষদ, পৰিসৰ, পৰিত্যাগ, পৰিৱেশ, পৰিজন, পৰিগ্ৰহ, পৰিচ্ছেদ, পৰিচ্ছদ, পৰিপন্থী, পৰিহাস, পৰীক্ষা, পৰিৱৰ্তন, পৰিণতি, পৰিশিষ্ট, পৰিহাৰ, পৰিধান, পৰিক্ৰমা, পৰিচালক, পৰিপাক, পৰিচালনা, পৰিপূৰ্ণ, পৰিতৃপ্ত, পৰিসীমা, পৰিবেষ্টন , পৰিপুষ্ট, পৰিতাপ, পৰিদৰ্শন, পৰিশ্ৰম, পৰিষ্কাৰ, পৰিপাটি, পৰিচৰ্যা, পৰিমিত, পৰিত্ৰাণ, পৰিপক্ক, পৰিমালা, পৰিচয়, পৰিণত, পৰিণয়, পৰিশোধ ইত্যাদি। |
১৫ | প্ৰতি | সমীপ, সাদৃশ্য, সন্মুখ, অনুৰূপ, বিৰোধ, বিপৰীত আদি অৰ্থত | প্রতিদান, প্রতিদিন, প্রতিফল, প্রতিধ্বনি, প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বী, প্ৰতিশ্ৰুতি, প্ৰতিবাদ, প্ৰতিমা, প্ৰতিপাদন, প্ৰতিঘাত, প্ৰতিবাসী, প্ৰতিনিধি, প্ৰতিভূ, প্ৰতিপাল, প্ৰত্যুত্তৰ, প্ৰতিপদ, প্ৰতিধবনি, প্ৰতিজ্ঞা, প্ৰতিক্ৰিয়া, প্ৰতিফল, প্ৰতিতী, প্ৰত্যাখ্যান, প্ৰতিফলন, প্ৰত্যায়ন, প্ৰতিকূল, প্ৰতিকাৰ, প্ৰতিশোধ, প্ৰতিপন্ন, প্ৰতিশব্দ, প্ৰতিমূৰ্তি, প্ৰতিৰূপ, প্ৰতিৱেশী, প্ৰতিবাদী, প্ৰতিবিধান, প্ৰতিহিংসা, প্রতিষ্ঠান, প্ৰতিস্থাপন, প্ৰতিৰক্ষা, প্ৰত্যাশা, প্ৰত্যহ, প্ৰত্যুৎপকাৰ, প্ৰত্যাৰ্পণ, প্ৰত্যাগমন, প্ৰতিৰোধ, প্ৰতিভা, প্ৰতিকৃতি ইত্যাদি। |
১৬ | অপি | ওচৰ, ওপৰ, নিশ্চয়, সম্ভাৱনা আদি অৰ্থত | অপিনদ্ধ, অপিশুন, অপিগীৰ্ণ, অপিচ, অপিতু, অপিধান ইত্যাদি |
১৭ | নি | সমীপ, সম্যক,অন্তৰ,নিষেধ আদি অৰ্থত | নিদ্রা নিষেধ, নিবাস, নিপাত, নিমাত, নিকৃষ্ট, নিমগ্ন, নিক্ষেপ, নিবিষ্ট, নিমজ্জন, নিমজ্জিত, নিদাৰুণ, নিকৰুণ, নিশকতীয়া, নিবেদন, নিবৃতি, নিযুক্ত, নিদৰ্শন, নিগম, নিদান, নিগ্ৰহ, নিকট, নিষাদ, নিবাৰণ, নিকাৰ, নিৰোধ ইত্যাদি। |
১৮ | অতি | অতিৰিক্ত, অতিশয়, অধিক আদি অৰ্থত | অত্যুজ্জ্বল, অত্যুৎকৃষ্ট, অতীত, অতীব, অতিৰিক্ত, অতিশয়, অতিকায়, অত্যধিক, অত্যন্ত, অত্যুক্তি, অতিবাহিত, অতিমাত্ৰ, অতিৰঞ্জিত, অতিক্ৰম, অত্যাচাৰ, অতিৰঞ্জন, অত্যাশ্চাৰ্য, অত্যুষ্ণ, অতিবৃষ্টি, অতিমানৱ, অতীন্দ্ৰিয়, অতিবুদ্ধি, অতিপ্ৰাকৃত, অত্যুগ্ৰ, অত্যল্প, অত্যুচ্চ, অত্যাৱশ্যক ইত্যাদি। |
১৯ | উপ | অপ্রধান,বিশেষ আদি অৰ্থত | উপকণ্ঠ, উপদ্বীপ, উপগ্রহ, উপকথা, উপপতি, উপস্থিত, উপকাৰ, উপদেশ, উপমন্ত্রী, উপচাৰ, উপবাস, উপশম, উপৱেশন, উপদ্ৰৱ, উপকৰণ, উপকূল ইত্যাদি। |
২০ | আ | পৰ্যন্ত, পুনৰ, অলপ, সম্যক, ঈষৎ, সীমা, সম্পূৰ্ণ আদি অৰ্থত | আৰম্ভ, আদান, আবাহন, আবাস, আধাৰ, আৰাধনা, আব্রহ্ম, আঘাত, আঘ্ৰাণ, আৰদ্ধ, আলম্বন, আহলাদ, আভা, আকূল, আহৰণ, আৰোহণ, আমৰণ, আশ্লেষ, আৱৰণ, আভৰণ, আকৰ্ণ, আসমুদ্ৰ, আবালবৃদ্ধ, আনয়ন, আকাৰ, আহাৰ, আকাশ, আবাস, আলাপ, আৰাম, আদায়, আগ্ৰহ, আক্ষেপ, আজন্ম, আমৃত্যু, আগম, আগমন, আনন্দ, আদৰ্শ, আকণ্ঠ, আচ্ছাদন, আৰক্ত, আক্ৰমণ, আবেশ, আদেশ, আবেদন ইত্যাদি। |
উপসৰ্গবোৰৰ ব্যৱহাৰ-
*প্ৰশ্নৰ আৰ্হিঃ
১. উপসৰ্গ কি সংস্কৃত ভাষাত উপসৰ্গ কেইটা আৰু কি কি
উত্তৰঃউপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। সংস্কৃত ভাষাত উপসৰ্গ কুৰি (২০)টা।
সেইবোৰ হলঃ প্ৰ, পৰা, অপ, সম্ , অনু, অৱ, নিৰ্ , দুৰ্ , অধি, বি, অভি, সু, উৎ, পৰি, প্ৰতি, অপি, নি, অতি, উপ, আ
২.উপসৰ্গ কি উপসৰ্গ সংযুক্ত হৈ নিষ্পন্ন হোৱা পদবোৰ কি পদ
উপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। উপসৰ্গ সংযুক্ত হৈ নিষ্পন্ন হোৱা পদবোৰ বিশেষ্য বা বিশেষণ হয়
৩. তলৰ পদবোৰৰ উপসৰ্গ ভাঙি দেখুওৱাঃ
পৰাধীন, প্রতিঘাত
উত্তৰ পৰাধীন – পৰ + অধীন (উপসৰ্গ-পৰ)
প্রতিঘাত _ প্ৰতি + ঘাত (উপসৰ্গ- প্ৰতি)
৪. তলৰ উপসৰ্গ দুটাৰ ব্যৱহাৰ দেখুওৱা
প্ৰ, উপ
উত্তৰ প্ৰ – প্ৰনাম, প্ৰণয়
উপ – উপকাৰ, উপকূল
*CLASS X CBSE BOARD EXAMINATION ত অহা উপসৰ্গ বিষয়ক প্ৰশ্ন(উত্তৰৰ সৈতে)
১.উপসৰ্গ বাচি উলিয়াই লিখা (2020)
অভিনয়, নিৰাকাৰ
উত্তৰঃ অভিনয়– অভি + নয় (উপসৰ্গ-অভি)
নিৰাকাৰ– নিৰ + আকাৰ (উপসৰ্গ-নিৰ)
২.পৰিনাম শব্দটোত থকা উপসৰ্গ বাচি উলিয়াই লিখা(2019)
উত্তৰঃ পৰিনাম – পৰি + নাম (উপসৰ্গ-পৰি)
৩.অনুসন্ধান শব্দটোত থকা উপসৰ্গ বাচি উলিয়াই লিখা(2018)