
খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা( গা, ঘৰ, চকু ,মুখ)
গা
খণ্ডবাক্য | অৰ্থ | বাক্য |
গা কৰ | পুষ্ট হ, হীন অৱস্থাৰ পৰা ভাললৈ আহ | মানুহজনৰ ঘৰৰ অৱস্থা খুবেই বেয়া আছিল, ডাঙৰ লৰাটোৱে চাকৰিত সোমোৱাৰ পিছতহে ঘৰখন কোনোমতে গা কৰি উঠিছে। |
গা ধৰ | শকত হ | যোৱা দুটা বছৰে বেমাৰত পৰি ছোৱালীজনীৰ অৱস্থা নোহোৱা হৈছিল, নতুন চিকিত্ সক জনে দিয়া ঔষধ-পাতিবোৰ খোৱাৰ পিছত এতিয়াহে অলপ গা ধৰিছে। |
গা উঠ | কোনো কাম কৰিবলৈ উদ্যোগী হ | সি বৰ কৰ্মথ ডেকা,তাৰ গা উঠিছে যেতিয়াএইবাৰ গাঁৱত পুথিভঁৰালটো হ’বই। |
গা এৰা দে | সম্পর্ক এৰা | কামটো কৰিম বুলি তেওঁ আমাক কথা দিছিল কিন্তু সময়ত তেওঁকামটোৰ পৰা গা এৰা দিলে। |
গাই বাই চা | যত্ন কৰি চোৱা | পুতেকৰ চাকৰিটোৰ বাবে মানুহজনে কিমান যে গাই বাই চালে !চাকৰিটো কিন্তু ৰাজনৈতিক নেতা এজনৰ সম্পৰ্কীয় ল’ৰা এজনেহে পালে । |
গা ঘেলা | কাম-বন নকৰি ঘূৰি ফুৰা | তাৰ প্ৰতিভা আছিল ,কিন্তু তাৰ গা ঘেলাই ফুৰা স্বভাৱটোৰ বাবে সি জীৱনত একো কৰিব নোৱাৰিলে। |
গা পাতি ল | দায়িত্ব ল | দোষটো ভায়েকেহে কৰিছিল ।ভায়েকক বচাবলৈ ককায়েকে দোষটো গা পাতি ললে। |
গাত ল | দায়িত্ব লমান্তি হ | ৰাইজৰপূজাখনত মাহ-প্ৰসাদ খিনি দিব বুলি তেওঁগাত লৈছে। |
গা টেঙা | বেজাৰ পা | ঘৰৰ একমাত্ৰ ল’ৰাজনক লৈ ঘৰখনৰ সকলোৰে বহুতো আশা আছিল ।কিন্তু তাৰ পৰীক্ষাৰ নম্বৰ দেখি সকলোৰে গা টেঙাইছে। |
গাত দে | দায়িত্ব আৰোপ কৰ | বিয়াঘৰত অতিথিক সোধ-পোছ কৰাৰ ভাৰ দৰাৰ মামাকৰ গাতদিছে যেতিয়া আৰু চিন্তা নাই, মামাকে সকলো চম্ভালি ল’ব। |
গাঁ ছো | মাৰ | লৰাজনৰ উদ্ভাণ্ডালি দিনে দিনে বাঢ়ি গৈছে।যোৱা ৰাতি মদ খাই দেউতাকৰ গা-ছুবলৈকে চোচা লৈছিল। |
গাত হাত দে | মাৰ, অপদস্থ কৰ | মদ খাই আহি ঘৈণীয়েকক অকথ্য গালি গালাজ পাৰি গাত হাত দিয়া বাবে আজি ওচৰচুবুৰীয়াই তাক পুলিচক গতাই দিলে। |
গা জুৰ পৰ | গা শাঁত হ | কনমানি ছোৱালীজনীয়ে ভূপেন হাজৰিকাৰ গানটো ইমান শুৱলাকৈ গাইছে !গানটো শুনি মোৰ গা জুৰ পৰি গৈছে। |
গা টঙা | নৰিয়াৰপৰা ভাল হ) | দুটামাহে মানুহজনে বেমাৰত যমৰ যন্ত্ৰণা ভুগিলে। আজি কেইদিনমানৰ পৰাহে লাহে লাহে গা টঙাব ধৰিছে। |
গা সাৰ | ৰক্ষা পৰ, বিপদৰপৰা উদ্ধাৰ হ | বনৰীয়া হাতীটোৱে মানুহজনলৈ যেনেকৈহে চোচালৈছিল, কোনোমতেহেমানুহজনে গা সাৰি আহিব পাৰিলে। |
গা লগাই কৰ | মন দি কৰ | দলটোৰ সকলো সদস্যই গা লগাই কৰা বাবেহে ইমান সোনকালে কামটো সম্পূৰ্ণ হ’ল। |
গা দাং | নৰিয়াৰপৰা উঠ | বুঢ়া মানুহজনে বহুদিন নৰিয়াত পৰি আছে, গা দাঙিব নোৱাৰিব যেনেই লাগিছে। |
গা দাঙি ক | সাহ কৰি ক | কামটো টান বুলি জনাৰ পিছতো সি কামটো কৰিব বুলিগা দাঙি ক’লে। |
গা গধুৰ | এলেহুৱা | সি যিহে গা গধুৰ ল’ৰা ,কামটো সি এমাহতো কৰি শেষ কৰিব নোৱাৰিব। |
গা ৰাই-জাঁই কৰ | অথিৰ হ | বিহুৰ বতৰত ঢোল পেপাৰ মাত শুনিলে বিহু নাচনীৰগা ৰাই-জাঁই কৰে। |
গা চাই ফুৰ | সাৱধান হৈ ফুৰ | যিহে দিন কাল পৰিছে, গা চাই নুফুৰিলে কেতিয়া জেলৰ ভাত খাব লাগে তাৰ ঠিকনা নাই। |
গা তোল | উদ্গাই দে | ল’ৰাটো তেনেই অজলা, লগৰবোৰে গা তুলি দিয়া বাবেহে সি তেনে এটা বেয়া কাম কৰিলে। |
গা নচুৱাই ফুৰ | ধেমালি কৰি ফুৰা | কাম বন নকৰি গা নচুৱাই ফুৰা বাবেতাইক মাকে সদায় গালি পাৰে। |
গা জুৰা | সন্তোষ পা | একমাত্ৰ পুতেকজনে চাকৰিপোৱা খবৰটো শুনি বিধবা মাকজনীৰ গা জুৰ পৰিছে। |
গা ৰাখ | কষ্টৰপৰা ৰক্ষা কৰা | হঠাতে তাৰ দেউতা টান নৰিয়াত পৰিল। এনে বিপদৰ সময়ত খুৰাক জনে একলাখ টকা দি পৰিয়ালটোৰ গা ৰাখিলে। |
গা দুখা | বেজাৰ পা, দুখ পা | একমাত্ৰ নাতিয়েককককাকে সৰুৰে পৰা লাই দি দি গুৰু গোসাই নমনা কৰিলে, এতিয়া পিছে তাৰ অভদ্ৰ আচৰণ দেখি তেওঁৰ গা দুখাইছে। |
গা আছে | শকত | ল’ৰাটিৰ বেছ গা আছে। লিখিত পৰীক্ষাত উত্তীৰ্ণ হলে পুলিচৰ চাকৰিটো সিয়েই পাব যেন লাগিছে। |
গা নাই | কেটেণ্ডা | তাৰ গা নাই যদিও সি বেমাৰী নহয় । |
ঘৰ
ঘৰ পাত | বিয়া কৰাই দে | লৰাটোৰ চাকৰি-বাকৰি হোৱাই নাই , মাক বাপেকে জোৰ কৈ তাৰঘৰ পাতি দিলে। |
ঘৰ কৰ | গৃহস্থালি পাত | চাকৰি-বাকৰি হোৱাই নাই । সি যে ঘৰ কৰিব বিচাৰিছে,খুৱাব কি ? |
ঘৰ ভাঙ | পৰিয়ালৰ মাজত কাজিয়া হৈ বেলেগ হ | দেউতাক মৰাৰ পিছত ভায়েক-ককায়েক কেইজনে ঘৰখন বৰ ধুনীয়াকৈ ধৰি ৰাখিছিল। নতুন বোৱাৰীজনী আহিভায়েক-ককায়েকৰ মাজত কন্দল লগাই ঘৰ ভাঙিলে। |
ঘৰ ল | গিৰিহঁতৰ ঘৰ নেৰা | আজি এসপ্তাহেই হল ,এহাল কপৌ চৰাই আহি সিহতৰ ঘৰ লৈছে। |
ঘৰ জোঁৱাই | (চপনীয়) | ল’ৰাজনে ঘৰ জোঁৱাই হবলৈ অমান্তি হোৱা বাবেই মানুহজনে ছোৱালীজনীক তালৈ বিয়া নিদিলে। |
ঘৰ গিৰী | ঘৰ চলাওঁতা | মানুহজনৰ নিজৰ চাকৰিয়াল লৰাজন থাকোতে তোমাক নো ঘৰ-গিৰী হবলৈ কোনে কৈছিল |
ঘৰ গোনা | সদায় ঘৰতে মই বৰ হৈ থকা | তাৰ ঘৰ গোনা স্বভাৱটোৰ বাবে ঘৰৰ মানুহবোৰ অতিস্ত হৈ পৰিছে। |
ঘৰ ধৰা | গৃহস্থালি চলোৱা | মানুহজনে পুতেকৰ বাবে ঘৰ ধৰিব পৰা ছোৱালী এজনী বিচাৰি আছে। |
ঘৰ গছকা | ন বোৱাৰীক ঘৰ দেখুৱাই নিয়া | বিয়াৰ দিনা ৰাতিয়ে কইনাজনীক ঘৰ গছকাই নিলে। |
চকু
চকু গজ (বুজন হ, ভাল বেয়া বুজিব পৰা হ) : ল’ৰা ছোৱালী দুটিৰ চকু নগজিলেই , মাকজনী ঢুকাই থাকিল !
চকু দে (নজৰ দে, সাবধান হ ): ল’ৰা ডাঙৰ হৈ আহিছে। যিহে দিন কাল পৰিছে! অলপ চকু দিবা যাতে অবাটে বাট নুবুলে।
চকু কৰ (সাবধান হ): কিবা এটা কাম কৰিব ধৰিলে তুমি সকলো পাহৰি যোৱা। দেহটোলৈ চকু কৰিবা , নহলে দুৰ্বল হৈ পৰিবা।
চকুত লগা (ধুনীয়া হ, মন খা ) তেওঁৰ বাৰীখন তামোল পাণে চকুত লগা হৈ উঠিছে।
চকুত পৰ (মন আকৰ্ষণ কৰ) ছোৱালীজনী দেখাই-শুনাই,কথা বতৰাই বৰ শুৱনি , সকলোৰে চকুত পৰে।
চকু পৰ (দেখিবলৈ পা) অত দিন ঠাই খনলৈ আহিছো, কেকুৰীটোত থকা ফলক খনত মোৰ আজিহে চকু পৰিল।
চকু ৰোৱা (দেখিবলৈ ধুনীয়া) মানুহগৰাকীয়ে ফুলনিখন চালে চকু ৰোৱাকৈ ৰাখিছে।
চকু লাগ (টোপনিত চকুমুদ যা ) মোৰ চকু লাগিছিলহে মাত্ৰ, তই আহি জগালিয়েইনে !
চকু মুদ (প্রাণ এৰ, মৰ) শেষ সময়ত নাতিয়েকক চাবলৈ মানুহজনৰ বৰ হেপাহ আছিল। বিদেশৰ পৰা নাতিয়েক আহি পোৱাৰ আগতেই মানুহজনে চকু মুদিলে।
চকু ফুৰা (ওপৰে ওপৰে চা) আজিৰ বাতৰিত প্ৰকাশিত মোৰ প্ৰবন্ধটোত এবাৰ চকু ফুৰাবা চোন।
চকু পকা (খং কৰা, খঙেৰে চোৱা) মইনো কি কৰিলো ? মোকযে এনেদৰে চকু পকাই চাইছা ?
চকু ৰাখ (যত্ন ল ) ল’ৰাটো পঢ়া-শুনাৰ প্ৰতি উদাসীন। মাকজনীয়ে সদায় চকু ৰাখে বাবেহে সি পৰীক্ষাত উত্তীৰ্ণ হৈছে।
চকু মেলি চা (অনুগ্রহ কৰ) বেচেৰী দুখীয়া বিধবা মানুহজনীলৈ ভগৱানে যে কেতিয়া চকু মেলি চাব ! এমা-ডিমা লৰা ছোৱালী কেইটা লৈ মানুহজনীৰ বৰ কষ্ট হৈছে।
চকু মুদা কুলি (প্রৱঞ্চক, ফাঁকি দি খোৱা মানুহ) সি যে চকু মুদা কুলি মই নাজানিছিলোৱে , ইমান সহজতে সি মোক ফাঁকি দি মোৰপৰা টকা সৰকাই লৈ গল
চকুৰ কুটা (অপ্রিয় শতৰু) মাহী মাকজনীক মাউৰা লৰাটোৱে ইমান ভাল পায় ,অথচ মাহী মাকজনীৰ মনত সি চকুৰ কুটা।
চকুত ধূলি মাৰ, চকুত বালি মাৰ (ফাঁকি দে,প্ৰৱঞ্চনা কৰ) কেনে অঘাইটং চোৰ দেও! ঘৰখনত ইমানবোৰ মানুহৰ চকুত ধূলি মাৰি আলমাৰিৰ পৰা সকলোবোৰ গহনা চুৰি কৰি লৈ গল।
চকুৰ পচাৰতে (নিমিষতে, তৎক্ষণাৎ ) চকুৰ পচাৰতে বানপানীয়ে অঞ্চলটোৰ ঘৰ-দুৱাৰ সকলো উটুৱাই লৈ গল।
চকু চৰহা (লোকৰ ভাল দেখিব নোৱৰা) মানুহজনী ইমানেই চকু চৰহা যে ওচৰৰ ঘৰৰ ছোৱালীজনীয়ে চাকৰি পোৱা বুলি শুনি চতফটাই আছে।
চকুৰ কুটা, দাঁতৰ শাল (অপ্রিয় শতৰু) তেজীমলা মাহীমাকৰ চকুৰ কুটা, দাঁতৰ শাল আছিল।
চকু থাকি খালত পৰ (জানি শুনি বিপদত পৰ) : মানুহজন যে চোৰ স্বভাৱৰ সেই কথা জনাৰ পিছতো তুমি তাক তোমাৰ ঘৰত থাকিব দিছিলা। সুবিধা পাই সি তোমাৰ ঘড়ীটো লৈ গল। চকু থাকিও তুমি খালত পৰিলা।
মুখ
মুখ কৰ (মুখ ঘুৰা): সেইফালে মুখ কৰি থিয় হৈ থকা বাবে মই মানুহজনৰ মুখখন ভালকৈ দেখা নাপালোঁ।
মুখ ঘূৰা (অন্যফালে মন কৰা ) : আমাৰ কথা শুনি নেতাজনে মুখ ঘূৰোৱা যেন পালোঁ, ক’ত আৰু কামটো হব ?
মুখলৈ চা (পুতৌ কৰ): দুখীয়া মাকজনীৰ মুখলৈ চাইহে গাওঁখনৰ ৰাইজে তাক ক্ষমা কৰি দিলে, নহ’লে সি জেলৰ ভাত খালে হেঁতেন ।
মুখ চা (পুতৌ কৰ) চাকৰি কৰিব খুজিছা যদি ভালদৰে পঢ়া শুনা কৰা, মুখ চাই কোনোবাই চাকৰি দিব বুলি ভাবি নাথাকিবা ।
মুখ পাত (আনৰ মৌখিক বিবাদত যোগ দে) মানুহজনে তাৰ আগত কথাটো উলিয়াবহে পালে, তাই আহি পোনেই মুখ পাতি ল’লে নহয়!
মুখ পাতি ধৰ (আনৰ মৌখিক বিবাদত যোগ দে): দুইজন বন্ধুৰ মাজত কাজিয়া লাগিছে, তই মুখ পাতি ধৰিছহি কেলেই ?
মুখ হাত ধো (মল-মূত্র ত্যাগ কৰ): তুমি অলপ সময় বহা,মই মুখ-হাত ধুই গাটো তিয়াই আহোঁ।
মুখৰ ছাই গুচা (মৃতকৰ শ্রাদ্ধাদি কৰি শুচি হ): যোৱাটো মাহত সি দেউতাৰ মুখৰ ছাই গুচাই উঠিছিলহে মাথোন, আজি আকৌ তাৰ মাকজনীও ঢুকাই থাকিল।
মুখ ফালি ক (খুলি ক): মুখ ফালি কথা ক’বলৈ শিকিবা , তেতিয়াহে আনে তোমাৰ সমস্যাবোৰো জানিব।
মুখত দে (চাকি চা, খা ) বোপাই ঔ! কাম বন পিছতো কৰিবি , আগতে চাহটোপা মুখত দি লচোন !
মুখ মৰ (মৌন হ, নিমাত হ): সি বৰ টেপটেপাই আছিল, নেতাজনৰ ধমকি খোৱাৰ পিছত তাৰ মুখ মৰিল।
মুখ মাৰ (আনৰ ভাগ কাঢ়ি ল) চল-চাতুৰীৰে ল’ৰাজনৰ মুখ মাৰিবলৈ তোক কিহে পাইছিল , এতিয়া পিছে কি হল? নিজৰ খিনিও হেৰুৱালি।
মুখ লাগ (আনৰ লোভৰপৰা পীড়া হ, অপকাৰ হ): ইমান ধুনীয়া ছোৱালীজনী দিনে দিনে শুকাই খীনাই যাব ধৰিছে । কাৰোবাৰ মুখ লাগিছে হ’ব পায় !
মুখ সলা (সদায় খোৱা বস্তু এৰি আন বস্তু খা) : কিবা বেমাৰেই হৈছে চাগে! মুখ সলাই খোৱাৰ পিছতো , খোৱাত ৰুচি বঢ়া নাই।
মুখ নোহোৱা (কথা সজাই ক’ব নজনা) : তোৰ দৰে মুখ নোহোৱা মানুহএটাই ক’ত নিৰ্বাচন খেলিব পাৰিবি !
মুখ মেলি থাক (লোকলৈ আশা পালি থাক): তোমাৰ লগৰবোৰে নিজে লাগি মেলি মন্ত্ৰীৰ পৰা কাম আদায় কৰি ল’লে, তোমাৰ মুখ মেলি থাকোতেই গ’ল।
মুখৰ ভাত কাঢ়ি নে (পোৱা সুবিধা এৰি দে, নিজৰ অকর্মণ্যতাৰ কাৰণে আনে সুবিধা কৰি লোৱা): বিদেশীয়ে অসমৰ বুকুৰ সম্পদেযে অকল বুটলি নিছে এনে নহয় , অসমীয়াৰ মুখৰ ভাতো কাঢ়ি নিছে।
মুখেৰে সাত হাল বা (বৰাই কৰি ক):সি মুখেৰেই সাত হাল বাই থাকে. কামত হ’লে একো নাই।
মুখ মেলি থাক (লোকলৈ আশা পানি থাক)নিজে চেষ্টা নকৰি মুখ মেলি থাকিলেই চাকৰি মিলিব নে?
মুখৰ বান্ধ (বাছি খা): মানুহ জনৰ ইমান বেমাৰ ! অথচ মুখৰ বান্ধ নাই, যি পায় তাকেই খায়।
মুখৰ কথা (অসাৰ কথা, প্রমাণহীন কথা) তাৰ মুখৰ কথাত ভোল গৈ তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা ল’ব নালাগিছিল।
মুখ নাই (ভালদৰে কথা ক’ব নজনা) প্ৰতিবাদী কাৰ্যসূচীতযে আগভাগ ল’ব ওলাইছ তোৰ দেখোন মুখেই নাই ।
মুখৰ ওপৰত ক (ভয় নকৰাকৈ সন্মুখতে ক): ল’ৰাটোক মই একেবাৰে ভাল নাপাও। সি মাক-দেউতাকৰ মুখৰ ওপৰতে কয়।
মুখত সোপা দিয়া (নিমাত কৰা) ৰাইজৰ আগত কথাটো উলিয়াব লাগিছিল। কিয় নুলিয়ালা ? তোমাকতো কোনেও মুখত সোপা দিয়া নাছিল ?
মুখৰ ভাত কাউৰীয়ে নিয়া (অতি অকর্মণ্য): তোমাৰ নিচিনা মুখৰ ভাত কাউৰীয়ে নিয়া এটাৰ লগত মই কামটো কৰিব লোৱাৰ বাবেই কামটোত বিফল হ’লো।
মুখ উজ্জ্বল কৰ (নামজ্বলা হ): সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ সি তাৰ বংশৰ মুখ উজ্জ্বল কৰিলে ।
মুখ ওলোমা, মুখ ওফোন্দা (অসন্তোষৰ ভাব দেখুওৱা)-তাৰ লগত কথা কবলৈয়ে মন নাযায়, সৰু সৰু কথাতেই সি মুখ ওলোমাই দিয়ে।