বচন

ব্যাকৰণত বচন এটা সংখ্যাবোধক পদ। এটাক বুজালে একবচন আৰু দুটা বা অধিক বুজালে বহুবচন।

অসমীয়াত বিলাক, বোৰ, হঁত, সকল, লোক আদি ব্যৱহাৰ কৰি একবচনৰ পদক বহুবচনলৈ নিয়া হয়। সংখ্যাবাচক শব্দ, বহুত আদি ব্যৱহাৰ কৰিও বহুবচন কৰা হয় ৷ মখা, গণ, জাক, দল, থোক, থোপা, থুপি আদি সমষ্টি বুজাবলৈ ব্যৱহাৰ কৰা হয়। তলত কেতবোৰ উদাহৰণ দিয়া হ’ল-

বিলাক : মানুহবিলাক, ল’ৰাবিলাক, ছোৱালীবিলাক, ছাত্রবিলাক, অসমীয়াবিলাক ইত্যাদি।

বোৰ : মানুহবোৰ, ল’ৰাবোৰ, চোৰবোৰ, গৰুবোৰ, হাঁহবোৰ, ফুলবোৰ পানীবোৰ, গাখীৰবোৰ, চেনিবোৰ, চাউলবোৰ ইত্যাদি।

হঁতঃ ল’ৰাহঁত, ইহঁত, সিহঁত, তহঁত, খৰিকটীয়াহঁত, কমাৰহঁত ইত্যাদি ।

সকল : প্রভুসকল, সভাসদসকল, বন্ধুসকল, আইসকল, ভাইসকল, দেউতাসকল, তেখেতসকল, এখেতসকল, আপোনসকল ইত্যাদি।

লোক : আমালোক, তোমালোক, তেওঁলোক, এওঁলোক ইত্যাদি।

জাক : গজাক, হাঁহজাক, বৰষুণজাক আদি ।

মখা: সান্দহমখা, ল’ৰামখা, বান্দৰমখা আদি

থোপাঃ আমথোপা, তেঁতেলিথোপা, আঙ্গুৰথোপা, মণিথোপা আদি ।

গণ : মুনিগণ, দেবতাগণ, পাৰিষদগণ আদি।

দল : সৈন্যদল, ছাত্রদল, যুবকদল আদি।

থোক : কলথোক, নাবিকলথোক, তামোলথোক আদি।

থুপি : ফুলথুপি ।

পাল : গৰুপাল, ভেড়াপাল, হাতীপাল আদি ।

পুঞ্জ : দ্বীপপুঞ্জ, জাতিপুঞ্জ আদি।

বৰ্গ : শিষ্যবর্গ, পাৰিষদবর্গ, বন্ধুবৰ্গ, পৰিয়ালবৰ্গ আদি।

বৃন্দ, বৃন্দা : ভক্তবৃন্দ, সুধীবৃন্দ, ছাত্রবৃন্দ, ছাত্রীবৃন্দা আদি।

মালা : পর্বতমালা, আগ্নেয়মালা, গিৰিমালা আদি ।

মণ্ডলী : বিদ্বানমণ্ডলী, মন্ত্রীমণ্ডলী, পণ্ডিতমণ্ডলী আদি।

ৰাজি : গ্ৰন্থৰাজি, বৃক্ষৰাজি, পুষ্পৰাজি আদি।

শ্রেণী : পর্বতশ্রেণী, শাসকশ্রেণী, ব্যৱসায়শ্রেণী আদি ।

লানি : বক্তৃতালানি, মাছলানি, সোঁতলানি আদি।

  • কেতিয়াবা বাক্য শুৱলা কৰিবৰ কাৰণে বিশেষণৰ দ্বিরুক্তি কৰিও বহুবচন বুজোৱা হয়। যেনে : ডাঙৰ ডাঙৰ মানুহ,শাৰী শাৰী ফুল, সুন্দৰ সুন্দৰ ফুল ইত্যাদি।
  •  সংখ্যাবাচক শব্দৰ যোগতো বহুবচন কৰা হয়। যেনে : দুটা মানুহ, দহটা গৰু, হাজাৰ ফুল, লাখ টকা ইত্যাদি।
error: Content is protected !!