বাক্যৰ শ্ৰেণী বিভাগ (আকৃতি বা গঠন অনুসাৰে)
আকৃতি বা গঠন অনুসাৰে বাক্য তিনি শ্ৰেণীৰ ।
(১) সৰল বাক্য
(২) মিশ্র বা জটিল বাক্য
(৩) যৌগিক বাক্য
সৰল বাক্য : যি বাক্যত এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে, তেনে বাক্যক সৰল বাক্য বোলে।
যেনে : ৰামে কিতাপ পঢ়িছে।
মই ভাত খাইছো ।
ভগৱানক ভক্তি কৰিবা।
মিশ্র বা জটিল বাক্য : যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও এটা বা ততোধিক অপ্রধান বাক্য লগ লাগি থাকে, তাকে বাক্যক মিশ্র বাক্য বা জটিল বাক্য বোলে।
যেনে :
যি সকললোকে পৰিশ্ৰম কৰে ,তেওঁলোকেই সফলতা লাভ কৰে।
যিসকলে শাৰীৰিক শ্ৰম কৰে, তেওঁলোকৰ স্বাস্থ্য ভালে থাকে।
যাৰ বুদ্ধি থাকে, সি সহজে বিপদত নপৰে।
যৌগিক বাক্য: যি বাক্যত দুটা বা ততোকৈ বেছি বাক্য অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ থাকে, তাকে যৌগিক বাক্য বোলে।
যেনে :
মই তেওঁক লগ ধৰিছিলো আৰু চিঠিখন দিছিলো।
বৰষুণ আহিল সেয়ে মই নগ’লো।
তেওঁ বৰষুণত তিতিলে কিয়নো ছাতি আনিবলৈ পাহৰিলে।
পাৰিলে ময়ে যাম নতুবা কিতাপখনকে দি পঠিয়াম।
বাক্যৰ শ্ৰেণী পৰিৱৰ্তন
সৰল বাক্যৰ পৰা মিশ্র বা জটিল বাক্যলৈ পৰিৱৰ্তন
সৰল বাক্য | মিশ্র বাক্য |
আমি ৰাতিপুৱা শ্বিলঙলৈ যাম। | যেতিয়া ৰাতিপুৱা হ’ব তেতিয়া আমি শ্বিলঙলৈ যাম। |
মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাবা। | যদি মনোযোগৰে পঢ়া, তেনেহ’লে পৰীক্ষাত প্রথম স্থান পাবা । |
পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে। | পৃথিৱী যে ঘূৰণীয়া হয়, সেইটো সকলোৱে জানে । |
কর্তব্যপৰায়ণ সকলেই সফলতা লাভ কৰে ৷ | যি সকল কতর্ব্যপৰায়ণ, তেওঁলোকেই সফলতা লাভ কৰে। |
মই পঢ়াৰ সময়ত সি খেলে। | মই যেতিয়া পঢ়ো, সি তেতিয়া খেলে। |
তেওঁ চোকা ল’ৰা বুলি মই আগেয়ে নাজানিছিলো। | তেওঁ যে চোকা ল’ৰা, মই আগতে নাজানিছিলো। |
সৰল বাক্যৰ পৰা যৌগিক বাক্যলৈ পৰিৱৰ্তন
সৰল বাক্য | যৌগিক বাক্য |
ৰামে পিতৃ-সত্য পালি লক্ষ্মণ, সীতাৰ সৈতে বনলৈ গ’ল। | ৰামে পিতৃ-সত্য পালন কৰিলে আৰু লক্ষ্মণ আৰু সীতাৰ সৈতে বনলৈ গ’ল। |
এম. এ পাছ কৰিও সৎ হ’ব নোৱাৰিলা । | এম. এ পাছ কৰিলা তথাপি সৎ হ’ব নোৱাৰিলা । |
পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰিবা । | পৰিশ্ৰম কৰিবা, তেহে উন্নতি কৰিব পাৰিবা । |
তুমি পঢ়াত মনোযোগ নিদিয়াত কৃতকার্যতা লাভ কৰিব নোৱাৰিলা । | তুমি পঢ়াত মনোযোগ দিয়া নাছিলা বাবে কৃতকার্যতা লাভ কৰিব নোৱাৰিলা। |
জয়মতীয়ে স্বামীৰ কথা নকৈ জীৱন উছৰ্গা কৰিলে। | জয়মতীয়ে স্বামীৰ কথা যে নক’লেই, জীৱনো উছৰ্গা কৰিলে । |
লাচিতে মোগলক জয় কৰি গুৱাহাটীৰপৰাখেদি দিলে। | লাচিতে মোগলক জয়ো কৰিলে আৰু গুৱাহাটীৰপৰা খেদিও দিলে। |
জটিল বাক্যৰ পৰা যৌগিক বাক্যলৈ পৰিৱৰ্তন
জটিল বাক্য | যৌগিক বাক্য |
যদিও তাই পঢ়া শুনাত ভাল তথাপি ব্যৱহাৰ বেয়া। | তাই পঢ়া-শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ বেয়া। |
যি আনক ভাল পায়, তেওঁক ভগৱানেও ভাল পায়। | তুমি আনক ভাল পাবা আৰু ভগৱানে তোমাক ভাল পাব । |
যদি তুমি আহা, তেনেহ’লে ময়ো যাম। | তুমিও আহিবা আৰু ময়ো যাম। |
তেওঁৰ জ্বৰ হৈছিল যদিও তেওঁ পৰীক্ষা দিলে। | তেওঁৰ জ্বৰ হৈছিল, কিন্তু তেওঁ পৰীক্ষা দিলে। |
যদি মোৰ কথা মতে নচলা, তেনেহ’লে তুমি বিপদত পৰিবা ৷ | মোৰ কথা মতে চলা, নহ’লে বিপদত পৰিবা ৷ |
যদি নিয়ম মতে ব্যায়াম কৰা তেনেহ’লে স্বাস্থ্য ভালে থাকিব। | নিয়ম মতে ব্যায়াম কৰিবা আৰু স্বাস্থ্য ভালে ৰাখিবা। |
বাক্য পৰিৱৰ্তনৰ কেতবোৰ উদাহৰণ
- সৰল বাক্য: পানী গোট মাৰিলে বৰফ হয়।
জটিল বাক্য: পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়।
- সৰল বাক্য: পাঠ্যপুথি ভালকৈ পঢ়িলে পৰীক্ষা ভাল কৰিব পাৰিবা।
জটিল বাক্য : যদি পাঠ্যপুথি ভালকৈ পঢ়া তেতিয়া পৰীক্ষা ভাল কৰিব পাৰিবা।
- জটিল বাক্য: মই যেতিয়া পঢ়ো সি তেতিয়া খেলে।
সৰল বাক্য: মই পঢ়াৰ সময়ত সি খেলে।
- জটিল বাক্য: পৃথিৱী যে ঘূৰণীয়া হয়, সেইটো সকলোৱে জানে।
সৰল বাক্য: পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে।
- সৰল বাক্য: সঁচা কথা ক’লে সকলোৱে মৰম কৰিব।
যৌগিক বাক্য: সঁচা কথা ক’বা, তেতিয়া সকলোৱে মৰম কৰিব।
- সৰল বাক্য: ৰামে পিতৃ-বাক্য মানি লক্ষ্মণ-সীতাৰে সৈতে বনবাসলৈ গ’ল।
যৌগিক বাক্য: ৰামে পিতৃ-বাক্য মানিলে আৰু লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাসলৈ গ’ল।
- যৌগিক বাক্য: ব্যায়াম কৰিবা, তেতিয়া স্বাস্থ্য ভালে থাকিব ।
সৰল বাক্য: ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে।
- যৌগিক বাক্য: তুমি পঢ়াত মনোযোগ দিয়া নাছিলা, সেয়েহে পৰীক্ষাত ভাল কৰিব নোৱাৰিলা ।
সৰল বাক্য:পঢ়াত মনোযোগ নিদিয়াত পৰীক্ষাত ভাল কৰিব নোৱাৰিলা।
- যৌগিক বাক্য: মানুহজন ধনী, কিন্তু দাম্ভিক নহয়।
জটিল বাক্য: মানুহজন যদিও ধনী, তথাপি দাম্ভিক নহয়।
- যৌগিক বাক্য: তুমি আনক ভাল পাবা আৰু ভগৱানে তোমাক ভাল পাব।
জটিল বাক্য: যি আনক ভাল পায়, তেওঁক ভগৱানেও ভাল পায় ।
- জটিল বাক্য: বিষয়টো যদিও অভিনৱ তথাপি ই অস্বাভাৱিক নহয় ।
যৌগিক বাক্য: বিষয়টো অভিনৱ কিন্তু অস্বাভাৱিক নহয় ।
- জটিল বাক্য: তেওঁৰ জ্বৰ হৈছিল যদিও পৰীক্ষা নিদিয়াকৈ নাথাকিলে।
যৌগিক বাক্য: তেওঁৰ জ্বৰ হৈছিল কিন্তু পৰীক্ষা নিদিয়াকৈ নাথাকিলে।