
বৰগীত
ৰাগঃ বসন্ত
শ্ৰী শ্ৰীমাধৱদেৱ
1. মূলপাঠঃ
হৰি হেৰৰে বাপ পশিললা শৰণে ।
নেৰিবা বান্ধৱ মোক জীৱনে মৰণে । ।
সনক সনন্দ যোগী যাহাকু ধিয়ায় ।
সকল নিগমে যাক বিচাৰি নপায় । ।
সহস্র বয়নে যাৰ নপাৱন্ত সীমা । ।
অধমে জানিবো কেনে তোমাৰ মহিমা । ।
আতুৰ ভৈলোহে হৰি বিষয় বিকলে ।
কৰিয়ে উদ্ধাৰ মোক চৰণ কমলে । ।
তোমাৰ চৰণ দুই মোৰ মহা ধন ।
ভকত জনেৰ নিজ তুমিসে জীৱন । ।
কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ ।
কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ । ।
কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ ।
কহয় মাধৱ হৰি দাসকু দাস । ।
2. বৰগীতটোৰ সৰল অনুবাদঃ
হে বাপ হৰি ,মই তোমাৰ শৰণ লৈছো।হে বান্ধৱ ,তুমি মোক জীৱনে- মৰণে নেৰিবা।সনক ,সনন্দ আদি যোগীয়ে যাক ধ্যান কৰে, সমস্ত নিগম শাস্ত্ৰৰ বৰ্ণনাই যাক বিচাৰি নাপায়,অনন্তই সহস্ৰ মুখেৰে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে,তেনে অপাৰ মহিমাৰ গৰাকী হৰিৰ মহিমা মই অধমেনো কেনেকৈ জানিম মই সংসাৰৰ বিষয় বাসনাত আতুৰ হৈছো, তোমাৰ চৰণত ঠাই দি মোক উদ্ধাৰ কৰা।তোমাৰ চৰণযুগলেই মোৰ বাবে পৰম ধন ।ভকতৰ বাবে তুমিয়েই জীৱনস্বৰূপ।হে কৃপাৰ সাগৰ , তুমি মোক কৃপা কৰা ,তোমাৰ শৰণলৈ আহি তোমাক কাতৰে কাকুতি কৰিছো । হৰিৰ দাসৰো দাস মাধৱে তোমাক মিনতি কৰিছো –হে নাৰায়ণ, কৃপা কৰি মোক সংসাৰৰ মোহপাশৰ পৰা মুক্ত কৰা।
3.পাঠবোধঃ
পাঠটোত মাধৱদেৱে ভক্তিভাৱেৰে হৰিৰ চৰণত শৰণ লৈছে আৰু হৰিৰ কৃপা ভিক্ষা মাগিছে। হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ পথ।মহা মহা যোগীয়েও যাৰ মহিমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, সহস্ৰবয়নে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে সেই অপাৰ মহিমাৰ হৰিক হৰিৰ কৃপা অবিহনে সাধাৰণ জীৱই বিচাৰি পোৱাটো তেনেই অসাধ্য। সেয়ে কবিয়ে জীৱ-জগতৰ স্বৰূপ হৰিৰ চৰণত শৰণ লৈ হৰিৰ কৃপাৰ বাবে কাকূতি কৰিছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ হৰিক প্ৰাৰ্থনা কৰিছে।
4.শব্দ-অৰ্থঃ
ছোড় – ছিঙি দিয়া
ধিয়ায় – ধ্যান কৰে।
নিগম – নিগম শাস্ত্ৰ।
বিষয় বিকলে – সাংসাৰিক দুখ,বিষয় বাসনাত কাতৰ
শৰণ – আশ্ৰয়
চৰণ-ভৰি
মোহ পাশ – মায়াৰ বন্ধন
যাহাকু – যিজনক
5. প্ৰশ্নোত্তৰ
Part -1: অতি চমু উত্তৰৰ প্ৰশ্ন ( 1 mark )
(A) ( কবি বিষয়ক)
১)তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ ৰচক কোন ?
উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱ
২)মাধৱদেৱৰ জন্মস্থান ক’ত ?
উত্তৰ: লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল।
৩)মাধৱদেৱৰ পিতৃৰ নাম কি ?
উত্তৰ: মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰী ভূঞা।
৪) মাধৱদেৱৰ মাতৃৰ নাম কি ?
উত্তৰ: মাধৱদেৱৰ মাতৃৰ নাম মনোৰমা।
৫)মাধৱদেৱে কি কি ঠাইত ধৰ্মপ্ৰচাৰ কৰিছিল ?
উত্তৰ: বাৰাদি ,গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদি ঠাইত মাধৱদেৱে ধৰ্মপ্ৰচাৰ কৰিছিল।
৬)মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলিলে কোনখন পুথিক বুজায়/মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি ?
উত্তৰ: মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা।
৭)নামঘোষাক আৰু কি নামেৰে জনা যায় ?
উত্তৰ : নামঘোষাক হেজাৰী ঘোষা নামেৰে জনা যায় ।
৮)নামঘোষাত কিমানটা ঘোষা আছে ?
উত্তৰ: নামঘোষাত এহেজাৰটা ঘোষা আছে।
৯) মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান ?
উত্তৰ: মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা ১৯১ টা।
১০)শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱে বাৰকুৰি বৰগীত ৰচিছিল যদিও একুৰি চৈধ্যটা বৰগীতহে পোৱা গৈছে।
১১) মাধৱদেৱৰ ভণিতা থকা বৰগীতৰ সংখ্যা কিমান ?
উত্তৰ: মাধৱদেৱৰ ভণিতা থকা বৰগীতৰ সংখ্যা ১৫৭ টা।
১২)মাধৱদেৱৰ গুৰু কোন ?
উত্তৰ: মাধৱদেৱৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ।
১৩)শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়শিষ্য কোন আছিল ?
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ।
১৪)তোমাৰ পাঠত থকা মাধৱদেৱৰ বৰগীতটোৰ মূল ভাৱ কি ?
উত্তৰ: পাঠত থকা মাধৱদেৱৰ বৰগীতটোৰ মূল ভাৱ দাস্য ভক্তি ভাৱ।
১৫)মাধৱদেৱৰ বৰগীতবোৰৰ মূল ভাৱ কি ?
উত্তৰ : মাধৱদেৱৰ বৰগীতবোৰৰ মূল ভাৱ দাস্য আৰু বাৎসল্য ভাৱ।
১৬)তোমাৰ পাঠত থকা মাধৱদেৱৰ বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰ: পাঠত থকা মাধৱদেৱৰ বৰগীতটি বসন্ত ৰাগত ৰাগত বন্ধা।
১৭)মাধৱদেৱৰ দ্বাৰা ৰচিত নাট সমূহক কি বোলা হয় ?
উত্তৰ : মাধৱদেৱৰ দ্বাৰা ৰচিত নাট সমূহক ঝুমুৰা বোলা হয়।
১৮) মাধৱদেৱৰ দ্বাৰা ৰচিত কোনখন নাটক ঝুমুৰা বোলা নহয় ?
উত্তৰ: অৰ্জুন ভঞ্জন বা দধিমথন
১৯) বৰগীতৰ ভাষা কি?
উত্তৰ: বৰগীতৰ ভাষা ব্ৰজাৱলী।
২০)বৰগীতবোৰ কি গীত ?
উত্তৰ: বৰগীতবোৰ ভক্তিমূলক গীত।
২১)বৰগীতবোৰ কাৰ ৰচনা ?
উত্তৰ: বৰগীতবোৰ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা।
২২) বৰগীতবোৰত কাৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে?
উত্তৰ: বৰগীতবোৰত ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে।
২৩)কি উদ্দেশ্যেৰে বৰগীতবোৰ ৰচনাকৰা হৈছিল ?
উত্তৰ: একশৰণ নাম ধৰ্মৰ প্ৰচাৰৰ বাবে বৰগীতবোৰ ৰচনাকৰা হৈছিল ।
২৪)বৰগীতবোৰৰ প্ৰধান ৰস কি?
উত্তৰ : বৰগীতবোৰৰ প্ৰধান ৰস ভক্তিৰস যদিও এইবোৰত দাস্য, বাৎসল্য,শান্ত আদি ৰসৰো সমাবেশ ঘটিছে।
২৫) মাধৱদেৱৰ বৰগীতবোৰ কি বিষয়ক?
উত্তৰ: মাধৱদেৱৰ বৰগীতবোৰ মূলতঃ শিশুকৃষ্ণৰ লীলা বিষয়ক ।
২৬) ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি?
উত্তৰ: ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী ।
২৭)নামঘোষাক হেজাৰী ঘোষা বুলি কিয় কোৱা হয়?
উত্তৰ: নামঘোষাত এহেজাৰটা ঘোষা আছে বাবে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়।
২৮) মাধৱদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল ?
উত্তৰ: মাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্ম ধৰ্ম প্ৰচাৰ কৰিছিল।
- ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ টোকাঃ
তলৰ ৰচনাবোৰ মাধৱদেৱৰ। এইবোৰৰ যিকোনো এখন ৰচনা তুলি দি কাৰ ৰচনা বুলি প্ৰশ্ন কৰা হ’ব পাৰে।
যেনেঃ ৰাজসূয় কাব্য কাৰ ৰচনা বা ৰাজসূয় কাব্যৰ ৰচক কোন?
সেয়ে তলৰ প্ৰতিখন ৰচনাৰ নাম মনত ৰাখিবৰ যত্ন কৰা।
- আখ্যানমূলক ৰচনাঃ
ৰাজসূয় কাব্য,
আদিকাণ্ড ৰামায়ণ( অনুবাদ)
- তত্ত্বমূলক ৰচনা:
নামঘোষা
জন্মৰহস্য
ভক্তি ৰত্নাৱলী
নামমালিকা
- নাট :
অৰ্জুন ভঞ্জন বা দধিমথন
- ঝুমুৰা:
চোৰধৰা,পিম্পৰা গুচোৱা, ভোজন বিহাৰ ,ভূমি লেটোৱা
- অন্যান্য ৰচনা:
ৰাস ঝুমুৰা
(B) (পাঠ বিষয়ক)
১. হৰি হেৰৰে বাপ, পশিলোঁ শৰণে।– ইয়াত বাপ বুলি কাক কোৱা হৈছে ?
উত্তৰ: ইয়াত বাপ বুলি ভগৱান শ্ৰীকৃষ্ণক কোৱা হৈছে।
২) “—নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”__কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?
উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে।
৩)সনক সনন্দ যোগী যাহাকু ধিয়ায়।- সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰ: সনক, সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।
৪)কবি কিহত আতুৰ হোৱা বুলি কৈছে ?
উত্তৰ: কবিয়ে সাংসাৰৰ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।
৫)কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰ: কবিয়ে ‘বান্ধৱ’ বুলি ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে।
৬) ‘মোহ-পাশ’ মানে কি ?
উত্তৰ: ‘মোহ-পাশ’ মানে মায়াৰ বন্ধন ।
৭) “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ”—– “ছোড়” শব্দৰ অৰ্থ লিখা।
উত্তৰ : “ছোড়” মানে ত্যাগ কৰা ।
৭) ’কাতৰ কৰিয়া লৈলোঁ শৰণ তোমাৰ।’–ইয়াত কোনে কাৰ শৰণ লৈছে ?
উত্তৰ:ইয়াত মাধৱ দেৱে ভগৱান শ্ৰীকৃষ্ণৰ শৰণ লৈছে ।
৮)’তোমাৰ চৰণ দুই মোৰ মহাধন’—-ইয়াত কাৰ চৰণৰ কথা কোৱা হৈছে ?
উত্তৰ:ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ কথা কোৱা হৈছে।
৯)চৰণ আৰু শৰণ শব্দ দুটাৰ অৰ্থ লিখা
উত্তৰ : চৰণ মানে ভৰি, শৰণ মানে আশ্ৰয়
Part –2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )
১) চমু পৰিচয় দিয়া – শ্ৰী শ্ৰী মাধৱদেৱ
উত্তৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুত জন্ম হৈছিল । অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক এইজনা মহাপুৰুষে তেখেতৰ অসাধাৰণ প্ৰতিভাৰে অসমৰ ধৰ্মীয় আৰু সামাজিক জীৱনৰ লগতে অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনো সুন্দৰকৈ সজাই থৈ গৈছে। ‘নামঘোষা’ তেখেতৰ অমৰ সৃষ্টি। তেখেতে তত্বমূলক গ্ৰন্থ, একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা)আদি ৰচনা কৰিছিল। মাধৱদেৱ অসমৰ ধৰ্ম, ভাষা, সাহিত্য আৰু সংস্কৃতিৰ জগতৰ চিৰ নমস্য ব্যক্তি।
২. বৰগীত কাক বোলে ? বৰগীতৰ এটা লক্ষণ লিখা।
উত্তৰ :অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা, শাস্ত্ৰীয় ৰাগ-তাল যুক্ত, উচ্চ আধ্যাত্মিক ভাৱৰ আৰু বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক এক বিশেষ শ্ৰেণীৰ ভক্তিমূলক গীতক বৰগীত বোলে।
বৰগীতৰ এটা লক্ষণঃ
বৰগীতৰ ভাষা ব্ৰজাৱলী ।
৩. বৰগীতৰ দুটা লক্ষণ লিখা।
১. বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত বিষ্ণুৰ মাহাত্ম্যপ্ৰকাশক ভক্তিমূলক গীত।
২. বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত ।
৪. চমুটোকা লিখাঃ ব্ৰজাৱলী ভাষা
উত্তৰ: ব্ৰজাৱলী কোনো অঞ্চলৰ কথিত ভাষা নহয় । ব্ৰজাৱলী ভাষা নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে সৃষ্টি কৰা এটা কৃত্ৰিম সাহিত্যিক ভাষা । ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী।তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। শ্ৰীমন্ত শংকৰদেৱকে আদি কৰি আন আন বৈষ্ণৱ ধৰ্ম গুৰু আৰু প্ৰচাৰক সকলে এই ভাষাৰ মাধ্যমত বিষ্ণুক লীলা বিষয়ক গীত-পদ ৰচনা কৰিছিল।
৫)কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ ।
কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ ।।
ইয়াত কৃপাৰ সাগৰ বুলি কাক কৈছে ? ইয়াত কোনে কাৰ ওচৰত আৰু কিয় শৰণ লৈছে ?
উত্তৰ: ইয়াত কৃপাৰ সাগৰ বুলি হৰিক কৈছে। ইয়াত হৰিভক্ত মাধৱদেৱে হৰিৰ চৰণত শৰণ লৈছে। মাধৱদেৱে সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্তহৈ পৰমানন্দ হৰিক লাভ কৰিব বিচাৰিছে। মাধৱদেৱে জানিছে যে হৰিৰ কৃপা অবিহনে কোনো জীৱই সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্তি পাব নোৱাৰে। সেয়ে হৰিৰ কৃপা বিচাৰি মাধৱদেৱে হৰিৰ চৰণত শৰণ লৈছে।
৬) তোমাৰ পাঠত থকা মাধৱদেৱৰ বৰগীতটোৰ মূল ভাৱটি চমুকৈ লিখা।
উত্তৰ: হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ পথ।মহা মহা যোগীয়েও যাৰ মহিমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, অনন্তই সহস্ৰবয়নেৰে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে সেই অপাৰ মহিমাৰ হৰিক হৰিৰ কৃপা অবিহনে সাধাৰণ জীৱই বিচাৰি নাপায়। সেয়ে কবিয়ে একান্ত ভক্তিৰে হৰিৰ চৰণত শৰণ লৈ হৰিৰ কৃপাৰ বাবে কাকূতি কৰিছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ হৰিক কাতৰে মিনতি কৰিছে।
Part -3 দীঘল উত্তৰৰ প্ৰশ্ন( 4 mark )
১)বৰগীতটিৰ মূলভাৱ লিখা। (4 MARK)
উত্তৰঃ আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মাধৱদেৱৰ দ্বাৰা বিৰচিত বসন্তৰাগৰ বৰগীতটোত কবিয়ে দাস্যভক্তিভাৱেৰে কৃষ্ণতত্ত্ব বা ঈশ্বৰতত্ত্বক স্মৰণ, কীৰ্তন, বন্দন কৰিছে আৰু হৰি বা কৃষ্ণৰ কৃপা লাভ কৰি যাতে বিষয়বন্ধনৰ পৰা মুক্ত হৈ পৰমাআনন্দ লাভ কৰিব পাৰে তাৰ বাবে কৃষ্ণৰ চৰণত শৰণ লৈছে। হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ উপায়।সনক, সনন্দ আদি মহাসিদ্ধ যোগীয়ে যাৰ মহিমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, অনন্তই সহস্ৰবয়নেৰে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে, সেই অপাৰ মহিমাৰ হৰিক সাধাৰণ জীৱই বিচাৰি পোৱাটো অতি কষ্টসাধ্য । সেয়ে হৰিভক্ত মাধৱদেৱে হৰিকেই জীৱ-জগতৰ স্বৰূপ মানি, হৰিভক্তিকেই মুক্তিৰ উপায় মানি, হৰিৰ চৰণকেই পৰমধন মানি হৰিত শৰণ লৈ হৰিৰ কৃপা ভিক্ষা খুজিছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ হৰিক কাতৰে মিনতি কৰিছে।
২) ব্যাখ্যা কৰাঃ
(ক) সহজে বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
উত্তৰঃ প্ৰশ্নোক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সাধাৰণ জীৱৰ বাবে হৰিৰ মহিমাক উপলব্ধি কৰা যে অত্যন্ত কঠিন কাম সেই কথা কবলৈ গৈ কবিয়ে কবিতাফাকি লিখিছে।
হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ পথ।কিন্তু এই পথ সহজ নহয়। কাৰণ হৰিৰ মহিমা অনন্ত,অপাৰ।।সনক, সনন্দ আদি যোগীয়ে যাৰ মহিমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, অনন্তই সহস্ৰবয়নেৰে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে, সেই অপাৰ মহিমাৰ হৰিক সাধাৰণ জীৱই বিচাৰি পোৱাটো অতি কষ্টসাধ্য । হৰিৰ কৃপা অবিহনে জীৱই হৰিক লাভ কৰিব নোৱাৰে। কবিয়ে এই কথা উপলব্ধি কৰিছে আৰু হৰিৰ কৃপা ভিক্ষা মাগিছে।
৩) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।
—কথাষাৰ বুজাই লিখা।
উত্তৰঃ হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ পথ। সংসাৰৰ মায়ামোহৰ বন্ধনত আৱদ্ধ হৈ থকা বাবে জীৱই এই পথ দেখা নাপায় আৰু সংসাৰৰ দুখ-যন্ত্ৰণা ভোগ কৰিব লগীয়া হয়।য়েতিয়াই জীৱই সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰিব পাৰিব তেতিয়াই জীৱই হৰিক উপলব্ধি কৰিব পাৰিব আৰু সাংসাৰৰ দুখ-যন্ত্ৰণাৰ পৰা মুক্তি পাব।কিন্তু হৰিৰ কৃপা অবিহনে এই কাম সম্ভৱ নহয় আৰু হৰি ভক্তিৰ জৰিয়তেহে জীৱই হৰিৰ কৃপা লাভ কৰিব পাৰে।কবিয়ে এই পৰমসত্য জানিছে কিন্তু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰিব পৰা নাই বাবে পৰমানন্দ বা মুক্তি লাভ কৰিব পৰা নাই।সেয়ে কবিয়ে হৰিভক্তি হৃদয়ত লৈ হৰিৰ কৃপা বিচাৰি হৰিৰ চৰণত শৰণ লৈছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ হৰিক কাতৰে মিনতি কৰিছে।
৪)বৰগীতৰ বিষয়ে এটি চমুটোকা লিখা ।
উত্তৰ :অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা, শাস্ত্ৰীয় ৰাগ-তাল যুক্ত, উচ্চ আধ্যাত্মিক ভাৱৰ আৰু বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক এক বিশেষ শ্ৰেণীৰ ভক্তিমূলক গীতক বৰগীত বোলে। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত । বৰগীতসমূহৰ বিষয় কৃষ্ণ ভক্তি। ভগৱান কৃষ্ণৰ মহিমা বৰ্ণন, কৃষ্ণৰ মহিমা উপলব্ধিৰ বাবে তত্ত্বজ্ঞানৰ উপদেশ তথা ভগৱন্তৰ লীলাবৰ্ণন এই তিনিটাই বৰগীতৰ মুখ্য বিষয় । বৰগীতসমূহৰ মুখ্য ৰস ভক্তি ৰস ।ইয়াত শান্ত, দাস্য, বাৎসল্য ৰসৰ সমাবেশ ঘটিছে । শ্ৰীমন্ত শংকৰদেৱে বাৰকুৰি বৰগীত ৰচিছিল যদিও একুৰি চৈধ্যটা বৰগীতহে পোৱা গৈছে। মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা ১৯১ বুলি অনুমান কৰা হৈছে যদিও মাধৱদেৱৰ ভণিতা থকা ১৫৭ টা বৰগীতহে এতিয়ালৈকে পোৱা গৈছে।এই বৰগীতসমূহ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ।
৫) বৰগীতৰ চাৰিটা লক্ষণ লিখা।
i) বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত বিষ্ণুৰ মাহাত্ম্যপ্ৰকাশক ভক্তিমূলক গীত। অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে এই গীতবোৰ ৰচনা কৰা হৈছিল।
ii) বৰগীতৰ ভাষা ব্ৰজাৱলী ।
iii) বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত ।
iv) বৰগীতসমূহৰ মুখ্য ৰস ভক্তি ৰস। ইয়াত শান্ত, দাস্য, বাৎসল্য ৰসৰ সমাবেশ ঘটি