লিঙ্গ

লিঙ্গ শব্দই ব্যাকৰণত পুৰুষ, স্ত্ৰী প্ৰভেদমূলক চিহ্ন বুজায়।

স্ত্রী বুজোৱা শব্দক স্ত্রীলিঙ্গৰ শব্দ, পুৰুষ বুজোৱা শব্দক পুংলিঙ্গৰ শব্দ ,পুৰুষ-স্ত্রী ভেদ নুবুজোৱা শব্দক ক্লীব লিঙ্গৰ শব্দ বোলে। কিছুমান শব্দই পুৰুষ-স্ত্রী উভয়কে বুজায়। সেইবোৰক উভয় লিঙ্গৰ শব্দ বোলে।

যেনে :

পুংলিঙ্গ : ল’ৰা, পুৰুষ, ষাঁড়, পিতা ইত্যাদি।

স্ত্রীলিঙ্গ : তিৰোতা, ছোৱালী, আই ইত্যাদি।

ক্লীব লিঙ্গ : ঘৰ, গছ,  ফল, ফুল ইত্যাদি ।

উভয় লিঙ্গ:  আমি, আপুনি, মানুহ, গৰু ইত্যাদি।

পুংলিঙ্গৰ শব্দত স্ত্রী প্রত্যয়(আ, ঈ আৰু অনী) যোগ কৰি স্ত্ৰীলিঙ্গ শব্দলৈ পৰিৱৰ্তন কৰা হয়।

যেনেঃ হৰিণ – হৰিণী, নাতি -নাতিনী

তাৰ বাহিৰেও পুংলিঙ্গ আৰু স্ত্রীলিঙ্গত সম্পূৰ্ণ পৃথক বহুতো শব্দ অসমীয়া ভাষাত আছে। তলত উদাহৰণ দিয়া হ’ল:

ল’ৰাছোৱালী
পুৰুষস্ত্ৰী, মহিলা,নাৰী
শহুৰশাহু
মতামাইকি ,তিৰোতা
ডেকাগাভৰু
ভাইভনী, বোৱাৰী
দেওৰজা, ননদ
ককাইবাই, বৌ
গোহাঁই, গগৈআইচু
ককাআইতা
পিতাআই
গোলামবান্দী
কোৱাকাউৰী
পৈঘৈণী
পতিপত্নী
দঁতাল, মখনামাখুন্দী
মুনিহতিৰোতা
শৰভেলেঙ্গী
বোন্দাজাঁই
বোপাইআই
সিতাই
বাইদেউ ভিনিহি
দদাইখুৰী
এই
চাহাবমেম
পোজী, বোৱাৰী
বিয়ৈবিয়নী
জেঠাজেঠাই
পেহাপেহী
আতাআবু
মোমাইমামী,
দৰা, বৰকন্যা
ৰজাৰাণী
বলধ, ষাঁড়গাই
দমৰাচেঁউৰী, কাঢ়লী
নবাববেগম
বন্দীবেটী
ঘঁৰিয়ালজলগুঁই
তাৱৈআমৈ
ৰান্ধনিৰান্ধনী
শিপিনিশিপিনী

*অসমীয়া ভাষাৰ তলৰ শব্দবোৰ স্ত্রীলিঙ্গৰ। ইহঁতৰ পুংলিঙ্গৰ শব্দ নাই। যেনে : নামতী, লাহতী, আয়তী, ৰচকী, নাচনী, পোৱতী, পোহাৰী, ফুলতী, বোৱতী, ৰোৱণী ইত্যাদি।

error: Content is protected !!