বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয়, তাক সৰ্বনাম পদ বোলে। যেনে : নয়ন এজন ভাল ল’ৰা। তেওঁ ডাঙৰক সন্মান কৰে।
সৰ্বনাম চাৰি প্ৰকাৰৰঃ
(১) ব্যক্তিবাচক সৰ্বনাম
(২) স্থানবাচক সৰ্বনাম
(৩) কালবাচক সৰ্বনাম
(৪) বিশেষণ সৰ্বনাম
১। ব্যক্তিবাচক সৰ্বনামঃ ব্যক্তি, জাতি, বা বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক ব্যক্তিবাচক সৰ্বনামপদ বোলে। যেনেঃ মই, আমি, তুমি, তেওঁ, তেখেত, কোন ইত্যাদি।
২। স্থানবাচক সৰ্বনামঃ ঠাইৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক স্থানবাচক সৰ্বনাম পদ বোলে। যেনেঃ কত, য’ত, ইয়াত, তাত, ইয়ালৈ, তালৈ, য’লৈ ইত্যাদি
৩। কালবাচক সৰ্বনামঃ কাল বা সময়ৰ মানৰ সলনি ব্যৱহাৰ হোৱা পদক কালবাচক সর্বনাম পদ বোলে। যেনেঃ আজি, কালি, এতিয়া, তেতিয়া, যেতিয়া, কাহানি, তাহানি, ইত্যাদি।
৪। বিশেষণ সৰ্বনামঃ যিবিলাক সৰ্বনাম পদ, অন্য সংজ্ঞা পদৰ আগত বহি অৱস্থা, গুণ আদি নিৰ্ণয় কৰে, তাক বিশেষণ সৰ্বনাম বোলে। যেনেঃ এনেকুৱা, তেনেকুৱা, ইমান, তিমান, সৌ, সৌৱা ইত্যাদি।