লিঙ্গ

লিঙ্গ শব্দই ব্যাকৰণত পুৰুষ, স্ত্ৰী প্ৰভেদমূলক চিহ্ন বুজায়।
স্ত্রী বুজোৱা শব্দক স্ত্রীলিঙ্গৰ শব্দ, পুৰুষ বুজোৱা শব্দক পুংলিঙ্গৰ শব্দ ,পুৰুষ-স্ত্রী ভেদ নুবুজোৱা শব্দক ক্লীব লিঙ্গৰ শব্দ বোলে। কিছুমান শব্দই পুৰুষ-স্ত্রী উভয়কে বুজায়। সেইবোৰক উভয় লিঙ্গৰ শব্দ বোলে।
যেনে :
পুংলিঙ্গ : ল’ৰা, পুৰুষ, ষাঁড়, পিতা ইত্যাদি।
স্ত্রীলিঙ্গ : তিৰোতা, ছোৱালী, আই ইত্যাদি।
ক্লীব লিঙ্গ : ঘৰ, গছ, ফল, ফুল ইত্যাদি ।
উভয় লিঙ্গ: আমি, আপুনি, মানুহ, গৰু ইত্যাদি।
পুংলিঙ্গৰ শব্দত স্ত্রী প্রত্যয়(আ, ঈ আৰু অনী) যোগ কৰি স্ত্ৰীলিঙ্গ শব্দলৈ পৰিৱৰ্তন কৰা হয়।
যেনেঃ হৰিণ – হৰিণী, নাতি -নাতিনী
তাৰ বাহিৰেও পুংলিঙ্গ আৰু স্ত্রীলিঙ্গত সম্পূৰ্ণ পৃথক বহুতো শব্দ অসমীয়া ভাষাত আছে। তলত উদাহৰণ দিয়া হ’ল:
| ল’ৰা | ছোৱালী |
| পুৰুষ | স্ত্ৰী, মহিলা,নাৰী |
| শহুৰ | শাহু |
| মতা | মাইকি ,তিৰোতা |
| ডেকা | গাভৰু |
| ভাই | ভনী, বোৱাৰী |
| দেওৰ | জা, ননদ |
| ককাই | বাই, বৌ |
| গোহাঁই, গগৈ | আইচু |
| ককা | আইতা |
| পিতা | আই |
| গোলাম | বান্দী |
| কোৱা | কাউৰী |
| পৈ | ঘৈণী |
| পতি | পত্নী |
| দঁতাল, মখনা | মাখুন্দী |
| মুনিহ | তিৰোতা |
| শৰ | ভেলেঙ্গী |
| বোন্দা | জাঁই |
| বোপাই | আই |
| সি | তাই |
| বাইদেউ | ভিনিহি |
| দদাই | খুৰী |
| ই | এই |
| চাহাব | মেম |
| পো | জী, বোৱাৰী |
| বিয়ৈ | বিয়নী |
| জেঠা | জেঠাই |
| পেহা | পেহী |
| আতা | আবু |
| মোমাই | মামী, |
| দৰা, বৰ | কন্যা |
| ৰজা | ৰাণী |
| বলধ, ষাঁড় | গাই |
| দমৰা | চেঁউৰী, কাঢ়লী |
| নবাব | বেগম |
| বন্দী | বেটী |
| ঘঁৰিয়াল | জলগুঁই |
| তাৱৈ | আমৈ |
| ৰান্ধনি | ৰান্ধনী |
| শিপিনি | শিপিনী |
*অসমীয়া ভাষাৰ তলৰ শব্দবোৰ স্ত্রীলিঙ্গৰ। ইহঁতৰ পুংলিঙ্গৰ শব্দ নাই। যেনে : নামতী, লাহতী, আয়তী, ৰচকী, নাচনী, পোৱতী, পোহাৰী, ফুলতী, বোৱতী, ৰোৱণী ইত্যাদি।
