jonali

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

১.শব্দ- অৰ্থ

  • আঁহফলা নীতি : বিভেদকামী মনোভাৱ
  • উপভাষা : মূল ভাষাৰ আঞ্চলিক ৰূপ
  • জাতি: কুল, বংশ
  • জাহ যোৱা : জীন যোৱা, মিলি যোৱা
  • তান্ত্রিক ধর্ম : প্রাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধর্ম
  • নিগাজী : স্থায়ী
  • প্ৰব্ৰজন : এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বাস কৰা কাৰ্য
  • বৌদ্ধ ধর্ম : গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্ম
  • স্বকীয়তা : নিজস্বতা

2. পাঠবোধঃ

অসমীয়া জাতিটো এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি। বিভিন্ন জাতি ,উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈছে অসমীয়া জাতি। অসম , অসমীয়া – এই চিনাকি গঢ় লোৱাৰ কেইবাহেজাৰ বছৰৰো আগতেই অসমত স্বকীয় বৈশিষ্ট্যসম্পন্ন সংস্কৃতি গঢ় লৈ বিকাশ লাভ কৰিছিল। ইদলৰ পাছত সিদলকৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক অসমলৈ আহিছিল । ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল  মংগোলীয় গোষ্ঠীৰ এদললোক । তাৰো আগতে অসমত  বাস কৰিছিল কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন জনগোষ্ঠীৰ লোক। এই অনাৰ্য জনগোষ্ঠীৰ লোকসকলে অসমলৈ আহি  নিজৰ নিজৰ  সাংস্কৃতিক বৈশিষ্ট্যক ধাৰণ কৰিয়ে বসবাস কৰিবলৈ লৈছিল যদিও কালক্ৰমত বিভিন্ন জনগোষ্ঠী আৰু  সংস্কৃতি পাৰস্পৰিক সংস্পৰ্শলৈ আহিছিল আৰু সমন্বয় সাধিত হৈছিল । অনাৰ্য জনগোষ্ঠীৰ লোকসকলে  গ্ৰহণ-বৰ্জনৰ চিৰাচৰিত নীতি অনুসৰি আৰ্য সাংস্কৃতিৰে সমম্বয় সাধন কৰি এক অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল। বাৰে বৰনীয়া সংস্কৃতিৰ  ভিন ভিন জনগোষ্ঠীবোৰক বা্ন্ধি ৰখা এনাজৰীডাল আছিল অসমীয়া ভাষা। অনাৰ্য জনগোষ্ঠীৰ লোকসকলে  অসমলৈ আহোতে নিজ নিজ ভাষা, নিজ নিজ ধৰ্ম , নিজ নিজ সাংস্কৃতিক বৈশিষ্ট্য কঢ়িয়াই আনিছিল যদিও অসমৰ আৰ্যমূলীয় ভাষা অসমীয়া ভাষাক অসমৰ জাতীয় সংস্কৃতিৰ বাহক হিচাপে গ্ৰহণ কৰি অসমীয়া ভাষাক আপোন কৰি লৈছিল।পৰৱৰ্তী স্তৰত বিভিন্ন  কাৰণত অসমলৈ অহা মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া আদি লোক সকলেও সংস্কৃতিৰ জাহ যোৱাৰ  নীতি অনুসৰি  অসমীয়া সংস্কৃতিৰে সমম্বয় সাধন কৰিছিল আৰু অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল।।এনেদৰেই বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান সংমিশ্ৰিত হৈ  বহুযুগৰ ক্ৰমবিৱৰ্তনত  অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। অসমীয়া সংস্কৃতিৰ মাজত এই উপাদানবোৰ আজি এনেদৰে জাহ গৈ আছে যে তাক পৃথকাই চাব বা ভাবিব নোৱাৰি। তাক পৃথকাই চাব বা ভাবিব গলেই অসমৰ জাতীয় সংহতি আৰু সম্প্ৰীতি ব্যাহত হ’ব।

৩)অতি চমু উত্তৰ

  • অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটোৰ লিখক কোন ?

উত্তৰ: আব্দুছ ছাত্তাৰ

  • আব্দুছ ছাত্তাৰে কলৈ শিক্ষকতা কৰিবলৈ গৈছিল ?

উত্তৰ: আব্দুছ ছাত্তাৰে আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ গৈছিল।

  • আব্দুছ ছাত্তাৰৰ ক’ত জন্ম হৈছিল ?

উত্তৰ: তিতাবৰত

  • আব্দুছ ছাত্তাৰৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰ: ১৯২২ চনত

  • আব্দুছ ছাত্তাৰৰ কেতিয়া মৃত্যু হৈছিল ?

উত্তৰ: ১৯৮৭ চনত

  • ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?

উত্তৰ: মংগোলীয় গোষ্ঠী।

  • প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

  • কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰ:- ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

  • সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

  • অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰ: অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।

  • প্ৰাচীন কালৰে পৰা অসম দেশত কি ধৰ্ম প্ৰচলিত আছিল ?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশত হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল

  • বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি ?

উত্তৰ: অহিংসাই পৰম ধৰ্ম

  • ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

উত্তৰ: ১৮২৬ চনত

  • ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ: মানৰজা আৰু বৃটিছৰ মাজত

৪. চমু উত্তৰ লিখা (2 marks)

  • অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰ: অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমত অতীজৰে পৰা বাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জন-জাতীয় গোষ্ঠীক  বুজায়।

  • কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

  • চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক কৰ কৰ পৰা অসমলৈ আহিছিল?

উত্তৰ:- চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

  • পাঠটিত থকা খাদ্য- বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: পাঠটিত থকা খাদ্য-বস্তুৰ  তালিকা খন এনেধৰণৰ- পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে’ক-বিস্কুত, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ড’চা, চাম্বাৰ, ইডলি।

  • অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অনাদি কালৰে পৰা অসমীয়া মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য, ডাকৰ বচন আদি অলিখিত সাহিত্য সমূহ।

৫.উত্তৰ লিখা (4 marks)

  • `অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।

উত্তৰঃ অসমীয়া সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ।ইয়াৰ কাৰন হৈছে অসমীয়া সংস্কৃতি কোনো নিৰ্দিষ্ট জনগোষ্ঠীৰ সংস্কৃতি নহয়। অসমত অতীজৰে পৰা বাস কৰা আৰ্য আৰু অনাৰ্যমূলীয় বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰণৰ বহুযুগৰ ক্ৰমবিৱৰ্তনৰ ফলস্বৰূপে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।অতি প্ৰাচীন কালৰে পৰাই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। ত্ৰয়োদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা মংগোলীয় গোষ্ঠীৰ লোকসকল আহিছিল আৰু অসমত স্থিতি লৈছিল।এইসকল অহাৰ আগতে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোক বিভিন্ন সময়ত অসমলৈ আহি নিজৰ নিজৰ সংস্কৃতিক বৈশিষ্ট্য ৰক্ষা কৰি অসমৰ আৰ্য জনগোষ্ঠীৰ লগতে অসম ভূমিত বসবাস কৰিছিল। পৰৱৰ্তী কালত ভিন ভিন কাৰণত অসমলৈ মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া , ভাৰতৰ আন আন ৰাজ্যৰ লোকৰো আগমন ঘটিল আৰু  অসমৰ জনগোষ্ঠীৰ থুপত থুপ খাই ৰ’ল। এনেদৰেই বিভিন্ন জাতি-জনজাতিৰ সংমিশ্ৰণত আৰু সাংস্কৃতিক সমন্বয়ত অসমীয়া জাতিৰ সৃষ্টি হৈছে ।

  • `বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।‘ – ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে – পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰ:- ইয়াত অসমৰ বৃটিছ ঔদ্যোগিক আবেষ্টনী কথা কোৱা হৈছে আৰু  এই আবেষ্টনীৰ মাজত বাস কৰা চাহ জনগোষ্ঠীৰ লোক সকলৰ বিষয়ে কোৱা হৈছে।     

ইয়াণ্ডাবু সন্ধিৰ পাছত  বৃটিছসকল অসমলৈ আহিছিল আৰু  অসমত চাহ উদ্যোগ গঢ়ি তুলিছিল ।অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে  এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙ্গা, মোছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক অসমলৈ আহি অসমৰ চাহ উদ্যোগ বোৰৰ আশে পাশে বাস কৰিবলৈ লৈছিল। কালক্ৰমত এই সকল লোকো অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। এওঁলোকে নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰিছিল যদিও অসমীয়া মাত-কথা, অসমীয়া থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰিছিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰৈছিল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাতো এওঁলোকৰ যথেষ্ট পলম  ।বৃটিছ ঔদ্যোগিক আবেষ্টনীত এই চাহ উদ্যোগবোৰৰ বনুৱা সকলৰ মাজত গঢ় লোৱা বিশেষ জীৱন শৈলীয়ে এক সুকীয়া সংস্কৃতিৰ জন্ম দিছিল আৰু  এওঁলোক অসমৰ থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিছিল।

  • “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তর্কৰ অবকাশ নাই।” – ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। “নুই কৰাৰ কোনো যুক্তিতর্কৰ অৱকাশ নাই।” বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।

উত্তৰ:- ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে।  অসমীয়া জাতিটো কেৱল মাত্র এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই। অসমত অতীজৰে পৰা বাস কৰা আৰ্য আৰু অনাৰ্যমূলীয় বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমম্বয়ত অসমীয়া জাতিটো সৃষ্টি হৈছে। অতি প্ৰাচীন কালৰে পৰাই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল।ত্ৰয়োদশ শতিকাত অসমলৈ অহা মংগোলীয় গোষ্ঠীৰ লোক, তাৰো আগতে অসমত বাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোক, পৰৱৰ্তী স্তৰত বিভিন্ন  কাৰণত অসমলৈ অহা মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া আদি লোক সকলে গ্ৰহণ-বৰ্জনৰ চিৰাচৰিত নীতি অনুসৰি আৰ্য সাংস্কৃতিৰে সমম্বয় সাধন কৰি এক অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল। বহু জাতি জনজাতিৰ সংমিশ্ৰণত আৰু সাংস্কৃতিক সমন্বয়ত সৃষ্টিহোৱা অসমীয়া জাতিটোযে  এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি সেই কথা সৰ্বজনস্বীকৃত।সেয়ে লিখকে তাক নুই কৰাৰ কোনো যুক্তি তর্কৰ অবকাশ নাই বুলি কৈছে।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Read More »

ফকৰা-যোজনা

ফকৰা-যোজনা হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা। এই বোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়।ফকৰা-যোজনাবোৰ ভাষাৰ সম্পদ।এই বোৰে ভাষা এটাক চহকী কৰাৰ লগতে ভাষাটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰতিটো ফকৰা-যোজনাৰে একোটা অন্তৰ্নিহিত অৰ্থ থাকে, ইহঁত একোটা বিশেষ ভাবৰ নিৰ্দেশক আৰু বাহক।

ইন্দ্ৰ সভাত ফেঁচাৰ কুৰুলি।

গম্ভীৰ পৰিৱেশত চলি থকা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ মাজত অপ্ৰাসংগিক তৰল মন্তব্য দিয়া।

    ধৰ্মীয় আখ্যান মতে দেৱৰাজ ইন্দ্ৰ স্বৰ্গৰ ৰজা। সুখ-শান্তি, সৌন্দৰ্য–বিভূতি আৰু  অমৰত্বৰে মহিমাময়ী স্বৰ্গ দেৱতাসকলৰ বাসস্থান। শুভ আৰু মংগলকামী চিন্তা কাৰ্যৰে সদা মুখৰিত স্বৰ্গ ৰাজ্য।  স্বৰ্গৰ  ৰাজসভাত দেৱৰাজ ইন্দ্ৰই ত্ৰিজগতৰ কল্যানৰ হেতু  দেৱতাসকলৰ সৈতে নানা গুৰুত্বপূর্ণ বিষয়   আলোচনা কৰে। ইন্দ্ৰৰ ৰাজসভা গাম্ভীৰ্যপূৰ্ণ । তাত গুণী-জ্ঞানী দেৱতাসকলে নিজৰ নিজৰ দৈৱিক শক্তিৰে ত্ৰিজগতৰ মংগল সাধন কৰাৰ পৰিকল্পনা কৰে।  আনহাতে  ফেঁচাৰ কুৰুলিক লোকসমাজে অমংগলীয়া আৰু অশুভ হিচাপে গন্য কৰে। ফেঁচাই কুৰুলিয়ালে বিপদ আহে। সেয়ে ফেঁচাৰ কুৰুলি সকলোৰে বাবে অবাঞ্ছনীয়। শুভ চিন্তা-চৰ্চাৰ স্থল  দেৱ সভাত অমংগলীয়া আৰু অশুভ ফেঁচাৰ কুৰুলি কোনো কালেই বাঞ্ছনীয় নহয়, বৰঞ্চ ই অশোভনীয়, হাস্যাস্পদ আৰু নিন্দনীয়। ঠিক একেদৰেই কোনো গম্ভীৰ আৰু মৰ্য্যাদাপূৰ্ণ আলোচনাৰ মাজত  তৰল চিন্তাৰ অপদাৰ্থ ব্যক্তিৰ উপস্থিতি আৰু তেওঁলোকৰ ঋণাত্মক আৰু অহিতকাৰী মন্তব্য সকলোৰে বাবে অবাঞ্ছনীয়।ই ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলিৰ লেখীয়া কথা।

অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলো নষ্ট । 

যিজনে জ্ঞানৰ মোল নুবুজে তেনে লোকক জ্ঞান দিবলৈ গ’লে কেতিয়াবা নিজৰহে অনিষ্ট সাধন হয়।

প্ৰচলিত লোক গাথাৰ এটি কাহিনী এনে ধৰণৰ – এদিন এজাক বান্দৰে বৰষুণত তিতি-বুৰি জৰুলি জুপুৰি হৈ কষ্ট পোৱা দেখি টোকোৰা চৰাইয়ে নিজৰ উদাহৰণ দেখুৱাই বান্দৰক বাহ সাজি ল’বলৈ উপদেশ দিছিল।কিন্তু মূৰ্খ বান্দৰবোৰে টোকোৰা চৰাইয়ে সিহঁতক বিদ্রুপ কৰা বুলি ভাবিলে আৰু খঙতে টোকোৰা চৰাইৰ  বাহবোৰ ভাঙি পেলালে আৰু বাহত থকা কণীবোৰো নষ্ট কৰিলে। সজ উপদেশ দিবলৈ গৈ বেচেৰা টোকোৰা চৰাইয়ে নিজৰহে অনিষ্ট কৰিলে। এই কাহিনীটোত বৰ্ণনা কৰাৰ দৰেই অনেক সময়ত বহু  মানুহে সজ উদ্দেশ্যলৈ আনক সহায় কৰে নাইবা পৰামৰ্শ দিয়ে। কিন্তু যিজন অজ্ঞানী তেওঁ মানুহজনৰ সজ উদ্দেশ্য বুজি নাপায় আৰু ওলোটাই মানুহজনৰ অপকাৰহে কৰে। সেয়ে  আমি কাৰোবাক কিবা উপদেশ দিবলৈ  নাইবা কোনো বিষয়ত জ্ঞান দিবলৈ যোৱাৰ আগতে তেনে লোকৰ সেই উপদেশ বা সেই বিষয়ত জ্ঞান গ্ৰহণৰ যোগ্যতা আছেনে তাক জানি লোৱা উচিত। অজ্ঞানী বা মূৰ্খজনে  উপকাৰৰ মূল্য দিব নাজানে।

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।

অভ্যাসৰ জৰিয়তে অসাধ্যও সাধন কৰিব পাৰি।

  অভ্যাসৰ জৰিয়তে অসাধ্যও সাধন কৰিব পাৰি। কোনো এটা কাম কৰিবলৈ সেই কামটোৰ বিষয়ে জ্ঞান আৰু তাক কৰাৰ কৌশল জনাটো প্ৰয়োজন। আৰু  সেই কামটোত সম্পূৰ্ণ পাৰদৰ্শিতা আয়ত্ব কৰিবলৈ  অভ্যাসৰ প্ৰয়োজন। অভ্যাস নকৰিলে আমাৰ জ্ঞান আৰু কৌশল দুয়োটাতেই মামৰে ধৰে। জ্ঞান আৰু তাক কৰাৰ কৌশল জানিলে আমি কামটো কৰিব পাৰিম সঁচা, কিন্তু কামটো অভ্যাস কৰি থাকিলেহে তাক নিখুঁত ভাৱে কৰাৰ দক্ষতা আহৰণ কৰিব পাৰিম। অভ্যাসে যে কামটোৰ বাবে আমাক অকল দক্ষতায়ে দিয়ে তেনে নহয়, ই আমাৰ কামটোক এক অসাধাৰন স্তৰলৈ লৈ যায়।  অভ্যাসৰ জৰিয়তে দুঃসাধ্য যেন লগা কঠিন কামো সহজসাধ্য কৰি তুলিব পাৰি। অভ্যাসৰ জৰিয়তে এজন ধনুৰ্ধৰে তিৰোতা মানুহৰ কেৰু পিন্ধা কাণৰ নিচেই সৰু ফুটাইদিও  শৰ সৰকাই পঠোৱাৰ দৰে অসাধ্য শৰ সন্ধানো কৰিবলৈ সমৰ্থ হব পাৰে।  কোনো কাম কঠিন বুলি, কৰিব নোৱাৰো বুলি নাইবা কামটোত এবাৰতে কৃতকাৰ্যতা লাভ  কৰিব নোৱৰিলে কামটো কৰিবলৈ এৰি দিব নালাগে।  কামটো কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিব লাগে।বাৰে বাৰে চেষ্টা কৰিলে এদিন কামটোলৈ কৃতকাৰ্যতা অহাটো নিশ্চিত। অকাগ্ৰ চিত্তে কৰা অভ্যাস কৃতকাৰ্যতাৰ মূল চাবিকাঠী।

এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া।

কৰি ভাল পোৱা কাম কৰিবলৈ অপৰ্যাপ্ত সুযোগ পাই আনন্দত আত্মহাৰা হোৱা।

   নাতিনীসকল বুঢ়ীমাকসকলৰ বৰ হেঁপাহৰ আৰু বৰ আদৰৰ। নাতিনীসকলৰ বিয়া বুঢ়ীমাকসকলৰ বাবে তাতোকৈ আনন্দৰ কথা। নাতিনীৰ বিয়াত  বুঢ়ীমাকসকল আনন্দত আত্মহাৰা হৈ পৰে। প্ৰতিগৰাকী বুঢ়ীমাকৰ বাবে নাতিনীৰ বিয়া অফুৰন্ত সুখ, হাঁহি-ধেমালী, ৰং-ৰহইছ ,হিয়াৰ বহুতো আবেগ-হেপাহ আৰু আশীৰ্বাদেৰে ভৰি থকা এটি পাৰিবাৰিক অনুষ্ঠান। জীৱনৰ বিয়লি পৰত বুঢ়ীমাকসকলে এই অনুষ্ঠানটিত হেপাহ পলুৱাই ফুৰ্তি কৰে।  আনন্দতে কি কৰিব কি নকৰিব সেই ভাবি তেওঁলোকৰ দেহ মন নাচি উঠে। তাতে যদি বুঢ়ীমাকজনী  নাচনী হয় বা ধেমেলীয়া স্বভাৱৰ হয় তেতিয়া নাতিনীয়েকৰ বিয়াত তেওঁক আৰু কোনে পায় নাতিনীয়েকৰ বিয়াত তেওঁ অন্তৰ উজাৰি নাচিবৰ বা ধেমালী কৰিবৰ অৱকাশ পায় আৰু তাকে কৰি তেওঁ আনন্দত আত্মহাৰা হৈ পৰে। আমি যেতিয়া মনে বিচৰা কাম এটা নাইবা বহুদিন কৰিবলৈ আশা পালি থকা কাম এটা কৰাৰ সুযোগ পাওঁ তেতিয়া আমাৰ আনন্দৰ সীমা নোহোৱা হয়, সীমাহীন আনন্দই আমাক অধীৰ কৰি তোলে।

এশ গৰু মাৰিলে বাঘৰো মৰণ

বেয়া কাম কৰি কোনো সাৰি যাব নোৱাৰে ।বেয়া কামৰ কুফল কৰোতাজনে এদিন ভোগ কৰিবই।  

   বাঘ অতিশয় হিংস্র জন্তু; ইহঁত মাংসভোজী। খাদ্যৰ বাবে ইহঁতে আন জন্তুৰ লগতে নিৰীহ গৰুও বধ কৰে। গো-বধ মহাপাপ। অধিক গৰু বধ কৰিলে, বাঘৰো মহাপাপ হয়; তাৰ ফলত তাৰ আয়ুস টুটে।  বাঘে গৰু মৰা শুনিলে মানুহেও বাঘক বধ কৰিবলৈ সষ্টম হয় আৰু গৰুক বাঘৰ পৰা বচাবলৈ মানুহে বিভিন্ন ফান্দ পাতি  বাঘ বধ কৰে। যিমানেই শক্তিশালী নহওক কিয় অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে। গতিকেই বাঘৰো মৰণ হয়। ঠিক একেদৰেই মানুহ যিমানেই প্ৰতাপী বা শক্তিশালী নহওক কিয় বেয়া কাম কৰিলে বেয়া কামৰ পৰিণাম এদিন ভোগ কৰিবই লাগিব।   সেয়ে মানুহে অসৎ কামৰ পৰা সদায় বিৰত থকা উচিত; অসৎ কামৰ কুফলে মানুহৰ জীৱন দুৰ্বিসহ কৰি তোলে।

কিনা হাঁহৰ ঠোটলৈকে মঙহ।

ধন ভাঙি কিনি অনা বস্তুক  যথেষ্ট মূল্য দিয়া হয়।

    এনেয়ে পোৱা বস্তুতকৈ ধন ভাঙি কিনি অনা বস্তুক  মানুহে বেছি মূল্য দিয়ে।ধন ভাঙি কিনি অনা বস্তুৰ ক্ষূদ্ৰাতিক্ষূদ্ৰ অংশ এটাকো অথলে যাব দিয়া নহয়। আনকি ধন ভাঙি কিনি অনা বস্তুৰ অদৰ্কাৰী অংশ এটাকো পেলাই দিবলৈ মানুহে টান পায়। ধন দি কিনি অনা হাঁহ এটাৰ ঠোঁটৰ মাজতো যেন মঙহ থাকে , হাঁহটোৰ  মঙহ এনেভাৱে বাছি কুটি উলিওৱা হয়  যে খাব পৰা এটি  সৰু অংশও  বাদ পৰি নাযায়। হাঁহটোৰ আন  অংশটো বাদেই   ঠোঁটটোৰ গুৰিলৈকে মঙহ এনেদৰে বিচৰা হয় যে  খাব পৰা হ’লে যেন ঠোঁটটোকে খালেহেঁতেন । দৰাচলতে মূল্য দি অনা যিকোনো বস্তুৰ  সামান্য অংশও মানুহে হানি হ’বলৈ নিদিয়ে, হানি হ’বলৈ দিয়া উচিত নহয়, সামান্য অংশ হানি হোৱা মানেই কিছু অংশ ধনৰ অপচয় হোৱা।

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা ।

ঢিলা বা সৰল মানুহ পালে  অসজ মানুহে  অনায়াসে অপকাৰ কৰিবলৈ লয়।

   আদা পূৰঠ হ’লেহে জাল বেছি হয় । কুমলীয়া অৱস্থাত  আদাৰ জাল কম। পূৰঠ আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে ৰুকি বা বাকলি গুছাই লব লাগে। কিন্তু কুমলীয়া আদাৰ ছাল কোমল বাবে হাতেৰে মোহাৰিয়ে খাব পাৰি । সৰল মানুহবোৰৰ মন বোৰো কুমলীয়া, সহজতে তেওঁলোকক পতিয়ন নিয়াব পাৰি। সৰল মানুহৰ সৰলতাৰ সুযোগ লৈ অসজ প্ৰবৃত্তিৰ ব্যক্তিয়ে বহু সময়ত তেওঁলোকক ঠগ প্ৰৱঞ্চনা কৰে, নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। শঠ-প্ৰৱঞ্চকৰ বাবে কুমলীয়া, সৰল অন্তৰৰ মানুহবোৰক প্ৰৱঞ্চনা কৰা বা অপকাৰ কৰাতো কুমলীয়া আদাক  ভৰিৰে মোহাৰি খোৱাৰ দৰে অতি সহজ কাম। কিন্তু সজ লোকে কেতিয়াও তেনে কাম নকৰে । সৰল মানুহৰ সৰলতাক শ্ৰদ্ধা কৰিব লাগে , তেওঁলোকৰ সৰলতাৰ সুযোগ লৈ তাৰ অপব্যৱহাৰ কৰিব নালাগে।

কুকুৰৰ নেজ দীঘল হয়, নিজে পাৰি বহিব ।

স্বাৰ্থপৰ, লোভী আৰু হিংসুক প্ৰবৃত্তিৰ লোকে যি ধন উপাৰ্জন কৰে সেই ধনে অকল তেওঁলোককহে উপকৃত কৰে , আনক  নহয়।

   কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলিয়ে ধৰে;  তাৰ যদি নেজ দীঘল হয়, তেনেহ’লে সি নিজেহে পাৰি বহিব । তাৰ নেজ দীঘল হলে আনৰ  একো উপকাৰ নহয় । স্বাৰ্থপৰ, লোভী আৰু হিংসুক প্ৰবৃত্তিৰ লোকেও  নানা অসৎ উপায়েৰে ধন ঘটে । সেই ধন তেওঁলোকে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰে। স্বাৰ্থপৰ, লোভী আৰু হিংসুক লোকৰ  অসৎ উপায়েৰে অৰ্জা ধনৰ তালিকা যিমানেই দীঘলীয়া নহওঁক কিয় , তেওঁলোকৰ সম্পত্তিৰ হিচাপ যিমানেই বাঢ়ি নায়াওক কিয়, সেই  ধন , সেই  সম্পত্তি সমাজৰ বা আনৰ কোনো কামৰ নহয়, তাৰপৰা আনৰ বা সমাজৰ একো উপকাৰ নহয় । ধনৰ বৰ্ধিত তালিকাই অকল তেওঁলোককহে ভোগ বিলাস দিব , সমাজক নহয়। এনে ধন, অৰ্থাৎ  অকল নিজৰ বাবে অৰ্জা ধন, কুকুৰৰ দীঘল নেজৰ তুল্য।

খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা ।

খঙত হিতাহিত জ্ঞান হেৰুৱাই নিজৰ অনিষ্ট কৰি বহুদিনলৈ তাৰ কুফল ভোগ কৰা ।

  খং মানুহৰ ডাঙৰ শত্রু। বেছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়,খঙৰ জালত কি কৰিছে, কি নকৰিছে নিজেই ক’ব নোৱাৰা হয়। খঙৰ প্ৰকোপত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি  নিজৰে ঘোৰ অনিষ্ট কৰে।  খং যেতিয়া মাৰ যায়,  তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্মৰ বাবে অনুতাপত ভুগিব লগা হয় । খঙতে নিজৰ পেটকে কাটি লৈ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছমাহ বা তাতোকৈ বেছিদিন শুকনী (ঔষধ) খাব লগা হোৱাৰ দৰে হয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে যে অকল আনৰ অনিষ্ট সাধন  কৰে তেনে নহয়, নিজৰো অনিষ্ট সাধন কৰি যথেষ্ট কষ্টভোগ কৰিব লগা হয়। সেয়ে মানুহে কেতিয়াও খঙক লাই দিব নালাগে, খঙক সদায় নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে।

সামৰ্থ্য বা যোগ্যতা অনুযায়ীহে কাম কৰিব লাগে। 

  মহে কামুৰিলে বিভিন্ন বেমাৰ হয়। এই বেমাৰে কেতিয়াবা ভয়ংকৰ ৰূপ ধাৰণ কৰি জীৱন আতংকময় কৰি তোলে। সেয়ে   মহৰ কামোৰৰ পৰা ৰক্ষা পাবৰ বাবে মানুহে আঁঠুৱা ব্যৱহাৰ  কৰে। আঁঠুৱা ব্যৱহাৰ কৰোতে আঁঠুৱা যিমান দীঘল সেই মতে ঠেং মেলি আঁঠুৱাৰ তলত শুব লাগে। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে, আঁঠুৱা দাং খাই থাকিব আৰু মহ সোমাই কামুৰিব, তেতিয়া আঁঠুৱা তৰাৰ কোনো অর্থই নাথাকিব; তদুপৰি আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱাৰ  জোখ অনুযায়ীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সামৰ্থ্য বা যোগ্যতা অনুযায়ীহে কাম কৰিব লাগে, আয় চাইহে ব্যয় কৰিব লাগে । সামৰ্থ্য বা যোগ্যতাক আওকান কৰি কাম কৰিলে সফলতা লাভ কৰাতো দূৰৰে কথা, বিপদেহে লগ দিব। তেনেদৰে আয়তকৈ ব্যয় বেছি হ’লে ধাৰত পোত যাব লাগিব । সেয়ে কোনো কাম কৰাৰ আগতে নিজৰ সামৰ্থ জানি লৈহে আগবাঢ়িব লাগে।

ফকৰা-যোজনা Read More »

CBSE SYLLABUS FOR THE ACADEMIC YEAR 2023-24 CLASS IX SUBJECT: ASSAMESE (CODE014)

[This is a translated version of the main CBSE syllabus of Assamese subject. The original syllabus is available at www.cbseacademic.com]

COURSE STRUCTUR

UNITS  TOPICS  TOTAL MARKS  
UNIT-1 READINGবোধ পৰীক্ষণ  15
UNIT-2 WRITINGলিখন কলা  25
UNIT-3 GRAMMARব্যাকৰণ  20
UNIT-4 TEXTBOOKগদ্যাংশ  10
UNIT-5 TEXTBOOKপদ্যাংশ  10
    80

SYLLABUS FOR   ASSAMESE (CODE014)
EXAMINATION STRUCTURE FOR CLASS IX, 2023-24

SECTIONTOPICS/CHAPTERSTYPES OF QUESTIONN0. OF QUESTIONSWEIGHTAGETOTAL MARK
SECTION-A 1.বোধ পৰীক্ষণ (Comprehension)   15
READINGসৰ্বনিম্ন ৫০০ শব্দৰ অপঠিত গদ্যাংশ এটা দিয়া হ’ব । গদ্যাংশটোৰ ওপৰত ভিত্তি কৰি  ১ নম্বৰৰ ৬টা সাধাৰণ প্ৰশ্ন,  ২  নম্বৰৰ ৩টা প্ৰশ্ন আৰু গদ্যাংশটোৰ পৰা ১ নম্বৰৰ ৩টা ব্যাকৰণৰ প্ৰশ্ন থাকিব।VSA61 X 6=6 
SA32 X 3=6
VSA31 X 3=3
SECTION-B2.লিখন কলা   25
WRITINGৰচনা (জীৱনীমূলক)/গল্প লিখনLA15X1=5 
 প্ৰতিবেদন প্ৰস্তুত কৰণ (বিদ্যালয়ত অনুষ্ঠিত হোৱা কোনো বিশেষ কাৰ্যক্ৰমৰ ওপৰত, যেনে-বাৰ্ষিক অধিবেশন, খেল-ধেমালি, আন কোনো প্ৰতিযোগিতা আদি)LA15X1=5 
 ফকৰা যোজনা( ক্ৰমিক নম্বৰ ১ৰ পৰা ১০লৈ)LA 15X1=5 
 ভাৱ সম্প্ৰসাৰণ LA15X1=5 
 জতুৱা খণ্ডবাক্যৰে বাক্য ৰচনা(,কপাল, কাণ,কান,ককাল,আঠু/  ১,২,৩,৪,৫ )VSA51X 5=4 
SECTION-C3.ব্যাকৰণ    20
GRAMMAR স্বৰ সন্ধি   আৰু ব্যঞ্জন সন্ধিVSA41X 4=4 
 পদ- বিশেষ্যVSA21X 2=2 
 বিশেযণVSA21X 2=2 
 সৰ্বনামVSA21X 2=2 
 অব্যয়VSA21X 2=2 
 ক্ৰিয়াVSA21X 2=2 
 লিংগVSA41X 4=4 
 বচনVSA21X 2=2 
SECTION-D4.গদ্যাংশ   10
TEXTBOOK i) অন্যৰ প্ৰতি ব্যৱহাৰ
ii) অন্ধবিশ্বাস আৰু কু সংস্কাৰ
iii) ভাৰতৰ বৈচিত্ৰ্য মাজত ঐক্য
LA
SA
VSA
1          
1          
4  
4X 1=4
2X1=2
1 X 4=4  
       
     
 5. পদ্যাংশ   10
 i) মানৱ বন্দনা
ii)প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
iii)মোৰ দেশ
LA
SA
VSA
1
1
4
4X 1=4
2X1=2
1 X 4=4
     
     
TOTAL –  80
Internal Assessment- (20 MARKS)
1) Periodic Test- 10 marks
2) Subject Enrichment Activity- 5 marks
3) Notebook keeping- 5 marks
 VERY SHORT ANSWER(VSA), SHORT ANSWER (SA), LONG ANSWER (LA)
Internal Assessment
1. Periodic Test – 10 marks
2. Subject Enrichment Activity – 5 marks
3. Notebook Keeping – 5 marks

Prescribed Textbooks
1. অসমীয়া সাহিত্য চয়নিকা,প্ৰথম ভাগ ( Asamiya Sahitya Chayanika), Published by Assam State Textbook Production and Publication Corporation Ltd., Guwahati -781001.
2. ৰচনা বিচিত্ৰা (ব্যাকৰণৰ সৈতে) { Rachana Bichitra by Dharma Singha Deka: Published by Assam Book Depot Panbazar, Guwahati- 781001.
Type of QuestionMark per QuestionTotal No. of QuestionsTotal Marks
Objective Type14242
SA2510
LA-I428
LA-II5420
TOTAL 5380

আভ্যন্তৰীণ বিকল্পসমূহ:

  • section A:  Reading (পঢ়ন) : ইয়াত কোনো বিকল্প নাথাকিব। সকলো প্ৰশ্ন পোনপটীয়া হব ।
  • Section B: Writing (লিখন): লিখন কলা অংশত থকা ৰচনা, প্ৰতিবেদন লিখা, ফাকৰা যোজনা আৰু বাক্য গঠন আদিৰ ক্ষেত্ৰত আভ্যন্তৰীণ বিকল্প থাকিব।
  • Section C: Grammar (ব্যাকৰণ) : ব্যাকৰণ যিহেতু এক বিশাল পাঠ্যক্ৰম,   আভ্যন্তৰীণ বিকল্প দিব লাগিব।
  • Section D: TEXTBOOK (পাঠ্যপুথি): পাঠ্যপুথি অংশত, নিৰ্ধাৰিত পাঠ্যপুথিৰ পৰা গদ্য আৰু কবিতা বাছনি কৰা হৈছে। দুয়োটা অংশৰ বাবে পৃথকে 10 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে। শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে সকলোবোৰ পাঠৰ পৰা বিকল্প প্ৰশ্ন দিব।

CBSE SYLLABUS FOR THE ACADEMIC YEAR 2023-24 CLASS IX SUBJECT: ASSAMESE (CODE014) Read More »

CBSE ASSAMESE (CODE014) GRAMMAR SYLLABUS, 2023-24 for class X

ASSAMESE (CODE014) COURSE STRUCTURE

UNITSTOPICSTOTAL MARKS
UNIT-1 READINGবোধ পৰীক্ষণ15
UNIT-2 WRITINGলিখন কলা25
UNIT-3 GRAMMARব্যাকৰণ20
UNIT-4 TEXTBOOKগদ্যাংশ10
UNIT-5 TEXTBOOKপদ্যাংশ10
  80

SYLLABUS FOR UNIT -3  GRAMMAR (ব্যাকৰণ)

SL.NOTOPICTYPE OF QUESTIONNO OF QUESTIONWEIGHTAGE
1বিসৰ্গ সন্ধি আৰু অসমীয়া সন্ধিVSA41X4=4
2অনুসৰ্গVSA21X2=2
3উপসৰ্গ VSA21X2=2
4বাক্য পৰিবর্তন ( সৰল বাক্য,যৌগিক বাক্য আৰু জটিল বাক্য )VSA41X4=4
5সমাৰ্থক শব্দ        VSA21X2=2
6বিপৰীতাৰ্থক শব্দ     VSA21X2=2
7 ধাতু        VSA21X2=2
8কালVSA21X2=2
                              TOTAL20

CBSE ASSAMESE (CODE014) GRAMMAR SYLLABUS, 2023-24 for class X Read More »

CBSE SYLLABUS FOR THE ACADEMIC YEAR 2023-24 CLASS X SUBJECT:   ASSAMESE (CODE014)

[This is a translated version of the main CBSE syllabus of Assamese subject. The original syllabus is available at www.cbseacademic.com]

COURSE STRUCTUR

UNITS  TOPICS  TOTAL MARKS  
UNIT-1 READINGবোধ পৰীক্ষণ  15
UNIT-2 WRITINGলিখন কলা  25
UNIT-3 GRAMMARব্যাকৰণ  20
UNIT-4 TEXTBOOKগদ্যাংশ  10
UNIT-5 TEXTBOOKপদ্যাংশ  10
    80

SYLLABUS FOR   ASSAMESE (CODE014) EXAMINATION STRUCTURE FOR CLASS X 2023-24

SECTIONTOPICS/CHAPTERSTYPES OF QUESTIONN0. OF QUESTIONSWEIGHTAGETOTAL MARK
SECTION-A 1.বোধ পৰীক্ষণ (Comprehension)   15
READINGসৰ্বনিম্ন ৫০০ শব্দৰ অপঠিত গদ্যাংশ এটা দিয়া হ’ব । গদ্যাংশটোৰ ওপৰত ভিত্তি কৰি  ১ নম্বৰৰ ৬টা সাধাৰণ প্ৰশ্ন,  ২  নম্বৰৰ ৩টা প্ৰশ্ন আৰু গদ্যাংশটোৰ পৰা ১ নম্বৰৰ ৩টা ব্যাকৰণৰ প্ৰশ্ন থাকিব।VSA61 X 6=6 
SA32 X 3=6
VSA31 X 3=3
SECTION-B2.লিখন কলা   25
WRITINGৰচনা (আদৰ্শমূলক)/গল্প লিখনLA15X1=5 
 প্ৰতিবেদন প্ৰস্তুত কৰণ (বিদ্যালয়ত অনুষ্ঠিত হোৱা কোনো বিশেষ কাৰ্যক্ৰমৰ ওপৰত, যেনে-বাৰ্ষিক অধিবেশন, খেল-ধেমালি, আন কোনো প্ৰতিযোগিতা আদি)LA15X1=5 
 ফকৰা যোজনা( ক্ৰমিক নম্বৰ ১১ৰ পৰা ২০লৈ)LA 15X1=5 
 ব্যক্তিগত চিঠি/কাৰ্যালয় সম্বন্ধীয় চিঠি পত্ৰLA15X1=5 
 জতুৱা খণ্ডবাক্যৰে বাক্য ৰচনা(,গা, ঘৰ,চকু,মুখ/  ৬,৭,৮,৯ )VSA51X 5=4 
SECTION-C3.ব্যাকৰণ    20
GRAMMAR বিসৰ্গ সন্ধি আৰু অসমীয়া সন্ধিVSA41X 4=4 
 অনুসৰ্গVSA21X 2=2 
 উপসৰ্গ VSA21X 2=2 
 বাক্য পৰিবর্তন ( সৰল বাক্য,যৌগিক বাক্য আৰু জটিল বাক্য )VSA41X 4=4 
 সমাৰ্থক শব্দVSA41X 2=2 
 বিপৰীতাৰ্থক শব্দVSA21X 2=2 
 ধাতুVSA21X 2=2 
 কালVSA21X 2=2 
SECTION-D4.গদ্যাংশ   10
TEXTBOOK i) অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি-
আব্দুছ ছাত্তৰ
ii) অৰণ্যযাত্ৰা -অনুৰাধা শৰ্মা পূজাৰী
iii) উদ্য়োগী হওঁ আহাঁ – দেৱজিৎ ভূঞা
LA
SA
VSA
1          
1          
4  
4X 1=4
2X1=2
1 X 4=4  
       
     
 5. পদ্যাংশ   10
 i) বৰগীত- শ্ৰী শ্ৰীমাধৱদেৱ
ii)জিকিৰ- আজান ফকিৰ
iii)প্ৰশস্তিৰঘুনাথ চৌধাৰী
LA
SA
VSA
1
1
4
4X 1=4
2X1=2
1 X 4=4
     
     
TOTAL –  80
Internal Assessment- (20 MARKS)
1) Periodic Test- 10 marks
2) Subject Enrichment Activity- 5 marks
3) Notebook keeping- 5 marks
 VERY SHORT ANSWER(VSA), SHORT ANSWER (SA), LONG ANSWER (LA)
Internal Assessment
1. Periodic Test – 10 marks
2. Subject Enrichment Activity – 5 marks
3. Notebook Keeping – 5 marks

Prescribed Textbooks
1. অসমীয়া সাহিত্য চয়নিকা,দ্বিতীয় ভাগ ( Asamiya Sahitya Chayanika), Published by Assam State Textbook Production and Publication Corporation Ltd., Guwahati -781001.
2. ৰচনা বিচিত্ৰা (ব্যাকৰণৰ সৈতে) { Rachana Bichitra by Dharma Singha Deka: Published by Assam Book Depot Panbazar, Guwahati- 781001.

প্ৰশ্ন অনুসৰি বিভাজন(QUESTION-WISE BREAK-UP)

Type of QuestionMark per QuestionTotal No. of QuestionsTotal Marks
Objective Type14242
SA2510
LA-I428
LA-II5420
TOTAL 5380

আভ্যন্তৰীণ বিকল্পসমূহ:

  • section A:  Reading (পঢ়ন) : ইয়াত কোনো বিকল্প নাথাকিব। সকলো প্ৰশ্ন পোনপটীয়া হব ।
  • Section B: Writing (লিখন): লিখন কলা অংশত থকা ৰচনা, প্ৰতিবেদন লিখা, ফাকৰা যোজনা আৰু বাক্য গঠন আদিৰ ক্ষেত্ৰত আভ্যন্তৰীণ বিকল্প থাকিব।
  • Section C: Grammar (ব্যাকৰণ) : ব্যাকৰণ যিহেতু এক বিশাল পাঠ্যক্ৰম,   আভ্যন্তৰীণ বিকল্প দিব লাগিব।
  • Section D: TEXTBOOK (পাঠ্যপুথি): পাঠ্যপুথি অংশত, নিৰ্ধাৰিত পাঠ্যপুথিৰ পৰা গদ্য আৰু কবিতা বাছনি কৰা হৈছে। দুয়োটা অংশৰ বাবে পৃথকে 10 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে। শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে সকলোবোৰ পাঠৰ পৰা বিকল্প প্ৰশ্ন দিব।

CBSE SYLLABUS FOR THE ACADEMIC YEAR 2023-24 CLASS X SUBJECT:   ASSAMESE (CODE014) Read More »

অসম সাহিত্য সভা

অসম সাহিত্য সভা

অসম সাহিত্য সভা অসমৰ আটাইতকৈ পুৰণি সাহিত্য আৰু সাংস্কৃতিক সংগঠন। অসম সাহিত্য সভাৰ জন্ম হৈছিল ১৯১৭ খ্ৰীষ্টাব্দত।ঊনৈছ শতিকাৰ শেষৰফালে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দেহেকেহে খাটিছিল। অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কথা মনত ৰাখিয়েই তেওঁলোকে ১৮৮৮ চনৰ ২৫ আগষ্টত “অসমীয়া ভাষা উন্নতি সাধিনী সভা” প্ৰতিষ্ঠা কৰে। ইয়াৰ লগত জড়িত ব্যক্তিসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমলচন্দ্ৰ শৰ্মা ইত্যাদি। লাহে লাহে ইয়াৰ সদস্যসংখ্যা বাঢ়িবলৈ ধৰিলে। অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে। বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ যথাক্ৰমে প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটত আৰু আন ন টা আঞ্চলিক কাৰ্যালয় গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত অৱস্থিত। সভাৰ জিলা সাহিত্য সভাৰ সংখ্যা বত্ৰিছখন। এই জিলা সাহিত্য সভাসমূহৰ অধীনত সভাৰ এহাজাৰৰো অধিক শাখা সাহিত্য সভা আছে। ভাৰতবৰ্ষ আৰু বিদেশতো বিভিন্ন ঠাইত সভাৰ শাখা আছে। এইবোৰ হ’ল – ক’হিমা, আইজল, ছিলং, পাছিঘাট, কামেং,নতুন দিল্লী, মুম্বাই, লণ্ডন, উত্তৰ আমেৰিকা আৰু ছিংগাপুৰ।

অসম সাহিত্য সভাৰ সংবিধানত ইয়াৰ উদ্দেশ্য এনে ধৰণে উল্লেখ কৰা হৈছে-

“অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰাই এই সভাৰ ঘাই উদ্দেশ্য, লগতে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাও সভাৰ অন্যতম উদ্দেশ্য হ’ব। সেই উদ্দেশ্যে তলত দিয়া ধৰণে কাৰ্য কৰিবলৈ সভা যত্নপৰ হ’ব :

১. অভিধান, ব্যাকৰণ আৰু অন্যান্য গ্ৰন্থৰ সংকলন আৰু প্ৰকাশ কৰা

২. প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ কৰা

৩. অসমীয়া সাহিত্যত যি যি বিষয়ৰ পুথিৰ অভাৱ, সেই অভাৱ দূৰ কৰা

৪.প্ৰকাশিত গ্ৰন্থৰ ভিতৰত উপযুক্ত গ্ৰন্থৰ গ্ৰন্থকাৰক বঁটা আৰু সামৰ্থহীন সাহিত্যিকক সাহায্য প্ৰদান কৰা

৫ .সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা

৬. সভাৰ এখন মুখপত্ৰ আৰু প্ৰচাৰপত্ৰ প্ৰকাশ কৰা

৭.ভাষা আৰু সাহিত্যৰ প্ৰচাৰ-পত্ৰাদি প্ৰকাশ কৰা

৮.ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা

৯.সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা

১০.অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দুৰ কৰা

১১.অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ অৰ্থে আন আন কাৰ্য্য কৰা

অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নঃ

অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল। এই প্ৰতীকটো যুগল দাস নামৰ শিল্পী এজনে অংকন কৰিছিল। অসম সাহিত্য সভাৰ ৰঙীন প্ৰতীকটো ১৯৯৮-৯৯ চনৰ আৰু বৰ্তমানো এই প্রতীকটোৱেই ব্যৱহাৰ কৰি থকা হৈছে।

সাহিত্য সভাৰ আদৰণি গীত

গীতিকাৰঃ মিত্ৰদেৱ মহন্ত অধিকাৰ।

স্বৰলিপিঃ  ইন্দ্ৰেশ্বৰ শৰ্মাৰ।

চিৰ চেনেহী মোৰ ভাষা জননী।

ধন্যে পুণ্যে হৃত পাৱনী, আই॥

প্ৰকৃতি পৰশ ৰসে অমল কমল

চঞ্চল হৃদি জলে ঢালে পৰিমল

কোমল চম্পাৰ কলি

ঢৌৱে ঢৌৱে ঢৌৱে তুলি

ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ

হিয়াত বিলীন হয় হিয়াভৰা গান

কাৰ নিচুকনি শুনা

শুনি বাণী ব্যথা পমা

চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ

ৰসনা শিতানে বহি সিঁচা শতধাৰ

হে’ মোৰ মধুৰননা

মাগিছোঁ মাধুৰী কণা

দিয়া দিয়া দিয়া আই মধু ভাষিণী॥

অসম সাহিত্য সভাৰ সভাপতিসকল

চনসভাপতিঅধিবেশন
১৯১৭পদ্মনাথ গোহাঞিবৰুৱাশিৱসাগৰ
১৯১৮চন্দ্ৰধৰ বৰুৱাগোৱালপাৰা
১৯১৯কালিৰাম মেধিবৰপেটা
১৯২০হেমচন্দ্ৰ গোস্বামীতেজপুৰ
১৯২৩অমৃতভূষণ দেৱ অধিকাৰীযোৰহাট
১৯২৪কনকলাল বৰুৱাডিব্ৰুগড়
১৯২৪লক্ষ্মীনাথ বেজবৰুৱাগুৱাহাটী
১৯২৫ৰজনীকান্ত বৰদলৈনগাঁও
১৯২৬বেণুধৰ ৰাজখোৱাধুবুৰী
১৯২৭তৰুণৰাম ফুকনগোৱালপাৰা
১৯২৯কমলাকান্ত ভট্টাচাৰ্য্যযোৰহাট
১৯৩০মফিজুদ্দিন আহমদ হাজৰিকাগোলাঘাট
১৯৩১নগেন্দ্ৰ নাৰায়ণ চৌধুৰীশিৱসাগৰ
১৯৩৩জ্ঞানদাভিৰাম বৰুৱাউত্তৰ লখিমপুৰ
১৯৩৪আনন্দ চন্দ্ৰ আগৰৱালামঙ্গলদৈ
১৯৩৬ৰঘুনাথ চৌধাৰীতেজপুৰ
১৯৩৭কৃষ্ণকান্ত সন্দিকৈগুৱাহাটী
১৯৪০ময়িদুল ইছলাম বৰাযোৰহাট
১৯৪৪নীলমণি ফুকনশিৱসাগৰ
১৯৪৭নীলমণি ফুকনডিব্ৰুগড়
১৯৫০অম্বিকাগিৰী ৰায়চৌধুৰীমাৰ্ঘেৰিটা
১৯৫৩সূৰ্য্যকুমাৰ ভূঞাশ্বিলং
১৯৫৪নলিনীবালা দেৱীযোৰহাট
১৯৫৫যতীন্দ্ৰনাথ দুৱৰাগুৱাহাটী
১৯৫৬বেণুধৰ শৰ্মাধুবুৰী
১৯৫৮পদ্মধৰ চলিহাতিনিচুকীয়া
১৯৫৯অতুল চন্দ্ৰ হাজৰিকানগাঁও
১৯৬০ত্ৰৈলোক্যনাথ গোস্বামীপলাশবাৰী
১৯৬১ত্ৰৈলোক্যনাথ গোস্বামীগোৱালপাৰা
১৯৬৩ৰত্নকান্ত বৰকাকতীনাজিৰা
১৯৬৪মিত্ৰদেৱ মহন্তডিগবৈ
১৯৬৫ডিম্বেশ্বৰ নেওগনলবাৰী
১৯৬৬বিনন্দ চন্দ্ৰ বৰুৱাউত্তৰ লক্ষিমপুৰ
১৯৬৭নকুলচন্দ্ৰ ভূঞাডিব্ৰুগড়
১৯৬৮জ্ঞাননাথ বৰাতেজপুৰ
১৯৬৯আনন্দ চন্দ্ৰ বৰুৱাবৰপেটা
১৯৭০উপেন্দ্ৰচন্দ্ৰ লেখাৰুধিং
১৯৭১তীৰ্থনাথ শৰ্মামাকুম
১৯৭২হেম বৰুৱাধুবুৰী
১৯৭৩গিৰিধৰ শৰ্মাৰঙিয়া
১৯৭৪মহেশ্বৰ নেওগমঙ্গলদৈ
১৯৭৫সত্যেন্দ্ৰনাথ শৰ্মাতিতাবৰ
১৯৭৬যজ্ঞেশ্বৰ শৰ্মাটিহু
১৯৭৭চৈয়দ আব্দুল মালিকঅভয়াপুৰী
১৯৭৮প্ৰসন্নলাল চৌধুৰীগোলাঘাট
১৯৭৯অতুল চন্দ্ৰ বৰুৱাশুৱালকুছি
১৯৮০যতীন্দ্ৰনাথ গোস্বামীৰহা
১৯৮১সীতানাথ ব্ৰহ্মচৌধুৰীতিনিচুকীয়া
১৯৮২সীতানাথ ব্ৰহ্মচৌধুৰীডিফু
১৯৮৩বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবঙাইগাঁও
১৯৮৫যোগেশ দাসবিহপুৰীয়া
১৯৮৬বীৰেণ বৰকটকীকামপুৰ
১৯৮৭মহেন্দ্ৰ বৰাপাঠশালা
১৯৮৮কীৰ্তিনাথ হাজৰিকাহাইলাকান্দি
১৯৮৯মহিম বৰাডুমডুমা
১৯৯০নৱকান্ত বৰুৱাবিশ্বনাথ চাৰিআলি
১৯৯১নিৰ্মলপ্ৰভা বৰদলৈদুধনৈ
১৯৯২লক্ষ্যধৰ চৌধুৰীগোৰেশ্বৰ
১৯৯৩ভূপেন হাজৰিকাশিৱসাগৰ
১৯৯৪লীলা গগৈমৰিগাঁও
১৯৯৫হিতেশ ডেকাসৰ্থেবাৰী
১৯৯৬লক্ষ্মীনন্দন বৰাবোকাখাত
১৯৯৭নগেন শইকীয়াবিলাসীপাৰা
১৯৯৮নগেন শইকীয়াহাওৰাঘাট
১৯৯৯চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াহাজো
২০০০চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াযোৰহাট
২০০১হোমেন বৰগোহাঞিডিব্ৰুগড়
২০০২হোমেন বৰগোহাঞিকলগাছিয়া
২০০৩বীৰেন্দ্ৰনাথ দত্তউত্তৰ লখিমপুৰ
২০০৪বীৰেন্দ্ৰনাথ দত্তহোজাই
২০০৫কনকসেন ডেকাছিপাঝাৰ
২০০৬কনকসেন ডেকাবেলশৰ
২০০৭কনকসেন ডেকাচাপৰ
২০০৯ৰংবং তেৰাংধেমাজি
২০১০ৰংবং তেৰাংদেৰগাঁও
২০১৩ইমৰাণ শ্বাহবৰপেটা ৰোড
২০১৫ডাঃ ধ্ৰুৱজ্যোতি বৰাকলিয়াবৰ
২০১৭লক্ষ্মীনন্দন বৰাশিৱসাগৰ,শতবৰ্ষ অধিবেশন
২০১৮পৰমানন্দ ৰাজবংশীবৰডুমচা
২০২০কুল শইকীয়াশুৱালকুছি, কামৰূপ
২০২২ড°সূৰ্যকান্ত হাজৰিকানাৰায়ণপুৰ (২০২৩)

অসম সাহিত্য সভা Read More »

জিকিৰ

1. মূলপাঠঃ            জিকিৰ

                                     আজান ফকিৰ

ঘোষাঃ   ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ ।

          যদি কৰা দৰিয়াৰ পাৰ  ।।

চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।

ভজো হেৰা মোৰ মন গুৰুৰে পাৱত।।

পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।

খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত ।।

খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।

মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ ।।

মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ।।

মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

আচমানৰ কুটুব তৰা আদমৰ জাত ৷

সজাত মইনা আছে ঘনে লগায় মাত।।

সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি ।।

দেও মাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।

2. শব্দ – অৰ্থ

আচমান – আকাশ

আদম – আদি মানৱ, আল্লাৰ সৃষ্ট প্রথম মানুহ

কুটুব – ধ্ৰুৱ নক্ষত্র

তিৰবেণী – ত্রিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল

দৰিয়া  – সাগৰ; নদী

বেহাব – বেপাৰ কৰিব

মোমিন – বিশ্বাসী, মুছলমান

ৰচুল – দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত

ৰহম – দয়া

বান্দা – ভৃত্য

সঞ্চাৰ –  তলা; সঁচাৰ

3. Part -1: অতি চমু উত্তৰৰ প্ৰশ্ন ( 1 mark )

১) জিকিৰৰ ৰচক কোন?

উত্তৰ: আজান ফকীৰ।

২) আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল?

উত্তৰ: হজৰত শ্বাহ মিলন।

৩) আজান ফকীৰ কোন ৰজাৰ দিনত অসমলৈ অহা বুলি অনুমান কৰা হয় ?

উত্তৰ : আহোম  ৰজা  গদাধৰ সিংহৰ দিনত ।

৪) আজান ফকীৰ কেতিয়া অসমলৈ অহা বুলি অনুমান কৰা হয় ?

উত্তৰ : খ্ৰীষ্টীয় সপ্তদশ শতিকাত

৫) আজান ফকিৰৰ মৃত্যু ক’ত হৈছিল?

উওৰ : দিখৌমুখৰ সৰাগুৰি চাপৰিত মৃত্যু হৈছিল।

৬) জিকিৰ শব্দৰ অৰ্থ কি?

উত্তৰ: জিকিৰ শব্দৰ অৰ্থ হৈছে ঘনে ঘনে উচ্চাৰণ কৰা।

৭) মোমিনৰ অৰ্থ কি?

উত্তৰ: মোমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান।

৮) জিকিৰ বোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰ : জিকিৰ বোৰক বৈষ্ণৱ ধৰ্মৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত  তুলনা কৰিব পাৰি।

৯) জিকিৰ গীত কোন ধৰ্মৰ ভক্তিমূলক গীত ?

উত্তৰ: জিকিৰ গীত ইছলাম ধৰ্মৰ ভক্তিমূলক গীত।

১০) জিকিৰবোৰ কি গীত?

উত্তৰ: জিকিৰবোৰ ইছলাম ধৰ্মৰ ভক্তিমূলক গীত।

১১) জিকিৰবোৰ কি ভাষাত ৰচিত ?

উত্তৰ: জিকিৰবোৰ অসমীয়া ভাষাত ৰচিত।

১২) মক্কা কি ?

উত্তৰ : মক্কা হৈছে মুছলমান সকলৰ পৱিত্ৰ স্হান।

১৩) জিকিৰ কি ?

উত্তৰ : জিকিৰবোৰ হৈছে সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাব-চিন্তা প্ৰকাশক ভক্তিমূলক গীত।

১৪) ৰহম শব্দৰ  অৰ্থ কি?

উত্তৰঃ ৰহম শব্দৰ অৰ্থ হৈছে দয়া।

১৫) ৰছুল শব্দৰ  অৰ্থ কি?

উত্তৰঃ ৰছুল শব্দৰ অৰ্থ হৈছে দেৱদূত বা আল্লাৰ দূত।

১৬) কুটুব শব্দৰ  অৰ্থ কি?

উত্তৰঃ কুটুব শব্দৰ অৰ্থ হৈছে ধ্ৰুৱ নক্ষত্ৰ।

১৭) বান্দা  শব্দৰ  অৰ্থ কি?

উত্তৰঃ বান্দা শব্দৰ অৰ্থ হৈছে ভৃত্য।

১৮) মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে ?

উত্তৰঃ ত্ৰিবেণী(তিৰ্ বেণীৰ) ঘাটৰ কথা কোৱা হৈছে।

১৯) তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে?

উত্তৰঃ তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে ।    

২০) জিকিৰত উল্লেখ থকা আদম  কোন?

উত্তৰ: জিকিৰত উল্লেখ থকা আদম  হৈছে আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম মানৱ।

২১) জিকিৰ শব্দটো কৰ পৰা অহা?

উত্তৰ: জিকিৰ শব্দটো আৰবী জিক্ ৰ  শব্দৰ অসমীয়া ৰূপ ।

২২) আজান ফকীৰে দিখৌমুখৰ সৰাগুৰি চাপৰিত কিমানজন ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰিছিল ?

উত্তৰ : ছকুৰি ভকতৰ সৈতে

4. Part -2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )

১) ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ ।

          যদি কৰা দৰিয়াৰ পাৰ  ।।

   ইয়াত ৰহমৰ গিৰিহঁত বুলি কবিয়ে কাক কৈছে আৰু কি অনুৰোধ কৰিছে ?

উত্তৰঃ  ৰহমৰ গিৰিহঁত বুলি কবিয়ে আল্লাক কৈছে। ৰহমৰ গিৰিহঁত মানে হৈছে দয়াৰ আঁকৰ বা দয়াৰ গৰাকী।

  সংসাৰ  এখন মায়াৰ সাগৰ। আল্লাৰ দয়া হ’লেহে জীৱই সংসাৰৰ মায়াবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে । সেয়ে কবিয়ে আল্লাক দয়া কৰি সংসাৰ সাগৰ পাৰ কৰাই দিবলৈ অনুৰোধ কৰিছে ।

২) ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

     যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।’

     — উল্লিখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰঃ মক্কা হ’ল এক পৱিত্ৰ তীৰ্থস্থান। আল্লাৰ কৃপা বিচাৰি বহুতেই মক্কালৈ যায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যিসকলে এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দি সৎ জীৱন যাপন কৰা নাই তেওঁলোকে মক্কালৈ গলেও আল্লাৰ কৃপা নাপায়।  আল্লাই নিৰ্দেশ কৰা পথেৰে খোজ কাঢ়ি সৎ জীৱন যাপন কৰা বিশ্বাসী মুছলমানজনৰ অন্তৰতহে আল্লা লুকাই থাকে। তেওঁলোকেহে মক্কালৈ গলে আল্লাৰ কৃপা পায়। মক্কাৰ দুৱাৰত বিশ্বাসী মুছলমানৰ লগত আল্লাক অন্তৰত ধাৰণ নকৰা মুছলমানৰ অৱস্থিতি  শাল শ’লৰ লগত দৰিকাৰ টপালি যেন হয়।

৩)    পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।

       খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।

          –— উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰঃ জীৱৰ অন্তৰতে আল্লা লুকাই থাকে । নিজৰ আত্মাত বাস কৰা  আল্লাৰ অৱস্থিতি উপলব্ধি কৰি সৎকর্ম আৰু সৎ জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰা প্ৰকৃত ভক্তইহে আল্লাৰ কৃপা লাভ কৰিব পাৰে। তাকে নকৰি গোটেই জীৱন সংসাৰৰ বিষয় বাসনাত মজি থকা জনে আল্লাৰ কৃপা লাভ কৰিব নোৱাৰে। নিজৰ আত্মাত লুকাই থকা আল্লাৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰি  তীৰ্থস্থানে তীৰ্থস্থানে আল্লাৰ কৃপা বিচৰা জীৱৰ অৱস্থাটোক পানী পিয়াহত মৰা আৰু  অগ্নি জাৰত মৰা উপমাৰে ৰিজাব পাৰি।

৪) মক্কাৰ দুৱাৰত চাহাব তিৰ্ বেণীৰ ঘাট।

      বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

          — উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰঃ  তিৰবেণী মানে ত্ৰিৱেণী। গংগা, যমুনা, আৰু সৰস্বতী নদীয়ে বাৰানসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইখিনিয়ে হৈছে ত্ৰিৱেণী ঘাট । ত্ৰিৱেণী  হিন্দু সকলৰ পবিত্ৰ তীৰ্থস্থান। এই ত্ৰিৱেণীত স্নান কৰিলে  সকলোঁ পাপৰ খণ্ডন হয় বুলি হিন্দু সকলে বিশ্বাস কৰে। কবিয়ে পবিত্ৰ মক্কাৰ দুৱাৰতো ত্ৰিৱেণীৰ ঘাট আছে বুলি কৈছে। মক্কালৈ গৈ আল্লক লগ পাবলৈ হলে জীৱই ত্ৰিৱেণীৰ ঘাট পাৰ হব লাগিব অৰ্থাত সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হৈ আল্লাক জানিব লাগিব আৰু আৰু আল্লাই নিৰ্দেশ কৰা সৎ পথত চলি পুণ্য অৰ্জন ৰকিব লাগিব। যিজনে নিজৰ অন্তৰত থকা আল্লাক উপলব্ধি কৰিব নোৱাৰে  সংসাৰৰ মায়াই তেওঁক মক্কালৈ গলেওঁ আল্লাৰ কৃপাৰ পৰা লাভৰ পৰা

৫) ‘জিকিৰ’ কৱিতাটোৰ মূলভাৱ লিখা

জিকিৰ’ কৱিতাটোত কবিয়ে মানুহক সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভৰ বাবে জিকিৰৰ জৰিয়তে আল্লাৰ কৃপা লাভ কৰিবলৈ উপদেশ দিছে।এই সংসাৰখন মায়াৰে আৱৰি থকা এখন সাগৰৰ দৰে। আল্লাৰ কৃপাতহে জীৱই এই সংসাৰৰ মায়াবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে । আল্লাৰ কৃপা লাভ কৰাৰ একমাত্ৰ পথ হৈছে আল্লাৰ উপাসনা। আল্লা বাস কৰে প্ৰতিজন মানুহৰ  আত্মাত। আল্লাৰ উপাসনাৰ জৰিয়তেহে মানুহে মায়াৰ আৱৰণ ভেদি নিজৰ আত্মাত বাস কৰা আল্লাক জানিব পাৰে। কিন্তু মানুহে দেহৰ মায়াত আৱদ্ধ হৈ পৰে আৰু  আত্মাৰ কথা পাহৰি যায়।  দেহ আৰু আত্মাৰ সম্পর্ক সঁজা আৰু মইনাৰ সম্পৰ্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহৰো একেই অৱস্থা। দেহৰ মায়াত আৱদ্ধ  জীৱই এই কথা উপলব্ধি কৰিব নোৱাৰে। ওৰে জীৱন দেহৰ মায়াত আৱদ্ধ  হৈ বৈষয়িক সুখত নিমজ্জিত থাকি জীৱনৰ শেষ বয়সত বহুতেই আল্লাক বিচাৰি পৱিত্ৰ তীর্থ মক্কালৈ যায়। মানুহৰ এই কাৰ্য  পানীয়ে পিয়াহত আৰু অগ্নিয়ে  জাৰত মৰাৰ লেখীয়া কাৰ্য । জীৱই নিজ আত্মাত বসবাস কৰা আল্লাক উপলব্ধি কৰিব নোৱাৰে অথচ আল্লাক বিচাৰি মক্কালৈ যায়। যিজনে কোনোদিন নিজৰ আত্মাত বাস কৰা আল্লাক উপলব্ধি কৰা নাই, আল্লাই নির্দেশ কৰা বাটেৰে খোজ দিয়া নাই তেওঁ মক্কালৈ গৈও আল্লাক বিচাৰি নাপায়।নিজৰ অন্তৰত থকা আল্লাৰ অস্তিত্ব অনুভৱ কৰি আল্লাক বাৰে বাৰে  স্মৰণ কৰি  সৎকর্ম আৰু সৎ জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰা মানুহেহে আল্লাৰ কৃপা লাভ কৰে । সেয়ে কবিয়ে মানুহক আল্লাৰ নাম স্মৰণ কৰি অৰ্থাৎ জিকিৰ কৰি আল্লাৰ কৃপা লাভ কৰিবলৈ উপদেশ দিছে।

জিকিৰ Read More »

অৰণ্য যাত্ৰা

শব্দাৰ্থ

কাতি     :  এঢলীয়া, এফালে ওখ এফালে চাপৰ

গির্জনি    :  বহুত মানুহে একেলগে হঁহাৰ শব্দ

চন্তৰী      :  প্ৰহৰী

টুলুং-ভুটুং  :  থৰক-বৰক কৰা

ডুবাৰু     : পানীত বুৰ মৰাত পাকৈত

 প্ৰশ্নোত্তৰ

Part 1:  অতি চমু উত্তৰ প্ৰশ্ন ( 1 mark)

A (লিখক সম্বন্ধীয়)

১.অৰণ্য যাত্ৰা পাঠটোৰ লিখক কোন ?

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী

২.অনুৰাধা শৰ্মা পূজাৰী কোনখন সাপ্তাহিক কাকতৰ সম্পাদক আছিল ?

উত্তৰঃ ‘সাদিন” নামৰ সাপ্তাহিক কাকতখনৰ

৩.অনুৰাধা শৰ্মা পূজাৰী কোনখন মাহেকীয়া আলোচনীৰ সম্পাদক আছিল ?

উত্তৰঃ ‘সাতসৰী’ নামৰ মাহেকীয়া আলোচনীৰ

৪.অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন কিতাপৰ বাবে কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে ?

উত্তৰঃ ‘চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসখনৰ বাবে

৫.কিমান চনত অনুৰাধা শৰ্মা পূজাৰীয়ে ৰেনেছাঁ অসম বঁটা লাভ কৰে ?

উত্তৰঃ ২০১৩ চনত

৬.কিমান চনত অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে ?

উত্তৰঃ ২০০৩ চনত

৭.অনুৰাধা শৰ্মা পূজাৰী কোনখন  কাকতৰ সাংবাদিক আছিল ?

উত্তৰঃ ‘আমাৰ অসম ‘ নামৰ কাকতখনৰ

ছাত্ৰীৰ বাবে বিশেষ টোকাঃ

তলৰ ৰচনাবোৰ অনুৰাধা শৰ্মা পূজাৰীৰ। এইবোৰৰ যিকোনো এখন ৰচনা তুলি দি কাৰ ৰচনা বুলি প্ৰশ্ন কৰা হ’ব পাৰে।

যেনেঃ  ‘নাহৰৰ নিৰিবিলি ছাঁ’নামৰ উপন্যাসখনৰ ৰচক কোন?

সেয়ে তলৰ প্ৰতিখন ৰচনাৰ নাম মনত ৰাখিবৰ যত্ন কৰা।

উপন্যাসঃ

  • হৃদয় এক বিজ্ঞাপন
  • চাহেব পূৰাৰ বৰষুণ
  • কাঞ্চন
  • নাহৰৰ নিৰিবিলি ছাঁ
  • ব’ৰাগী নদীৰ ঘাট
  • মেৰেং
  • সোণ হৰিণৰ চেকুৰ

গল্প-সংকলন

  • বসন্তৰ গান
  • এজন অসামাজিক কবিৰ বায়গ্ৰাফী
  • কেথেৰীণাৰ সৈতে এটি নির্জন দুপৰীয়া
  •  ন’ মেনছ লেণ্ড

আত্মজীৱনীমূলক প্ৰৱন্ধ-সংকলন

  • কলিকতাৰ চিঠি
  • ডায়েৰি
  • অট’গ্ৰাফ

(B) (পাঠ সম্বন্ধীয়)

১. বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ?

উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

২. পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে ?

উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।

৩. লৰ্ড কাৰ্জন কোন ?

উত্তৰ: বৃটিছ ভাইচৰয়।

৪. মহীচন্দ্ৰ মিৰি কোন ?

উত্তৰ: মহীচন্দ্ৰ মিৰি হ’ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া।

৫.নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ?

উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা।

৬. বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰাই দিয়া প্ৰথম ব্যক্তি জন কোন আছিল ?

উত্তৰ: বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনে হ’ল মহীচন্দ্ৰ মিৰি।

. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

উত্তৰ: ১৮২৬ চনত

৮. নিগনা চিকাৰীয়ে কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল ?

উত্তৰ: নিগনা চিকাৰীয়ে লেডী কাৰ্জন প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।

৯. লেডী কার্জন কোন আছিল ?

উত্তৰ:  লেডী কার্জন আছিল ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী।

১০. কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিবী বিখ্যাত ?

উত্তৰ: কাজিৰঙা অভয়াৰণ্য এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।

১১. পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল ?

উত্তৰ: পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল।

১২. পাহিহঁতৰ বিদ্যালয়ৰ পৰা কোন শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী অৰণ্যযাত্ৰাৰ দলটোত আছিল ?

উত্তৰ: অষ্টম আৰু নৱম শ্ৰেণীৰ

১৩. বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ কাক দায়িত্ব দিয়া হৈছিল ?

উত্তৰ: পাহি আৰু বিদিশাক

১৪. খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ কাক দায়িত্ব দিয়া হৈছিল ?

উত্তৰ: সৌৰভ আৰু আফতাবক

১৫.“শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে চলিবা। ম‍ই খবৰ লৈ থাকিম।” কথাষাৰ কোনে কৈছিল ?

উত্তৰ: পল আৰু পাহিৰ দেউতাকে

১৬.“তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে। যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবা। কথাষাৰ কোনে কৈছিল ?

উত্তৰ: পল আৰু পাহিৰ মাকে

১৭.পাহি আৰু পলে কাৰ ভৰি চুই আশীর্বাদ ল’লে ?

উত্তৰ: মাক-দেউতাকৰ

৮.পল আফতাব হঁতক বিপদৰ পৰা কোনে ৰক্ষা কৰিছিল ?

উত্তৰ: দীপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষী নামৰ স্থানীয় ছোৱালী কেইজনীয়ে

১৯. পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল ?

উত্তৰ: সৰা-মচা, বাচন-বৰ্তন,কাপোৰ-কানি ধোৱা, ঘৰৰ বয়-বস্তুবোৰ চাফ-চিকুণকৈ সজাই-পৰাই ৰখা আদি কামবোৰ

২০.কোনে মনে মনে জপনা বগাই পাৰ হৈ বিলৰ পাৰলৈ ওলাই গৈছিল ?

উত্তৰ: পল, সৌৰভ আৰু আফতাবে

Part -2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )

১. মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

উত্তৰ: বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনেই হ’ল মহীচন্দ্ৰ মিৰি।তেওঁ কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া আছিল । তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতক প্ৰথম জনাইছিল।

২.নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল ?

উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা। তেওঁ বৃটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।

Part -3 : দীঘল উত্তৰৰ প্ৰশ্ন( 4 mark )

১। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?

উত্তৰ: পাহিয়ে গছ, লতা, ফুলে ভৰা প্ৰকৃতিৰ সৌন্দৰ্য, প্ৰকৃতিৰ সকলোবোৰ উপাদানৰ মাজত থকা  মিলাপ্ৰীতি দেখি বৰ ভাল পায়। ওখ ওখ গছবোৰ দেখি পাহিৰ বৰ ভাল লাগে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ লগত আম গছজোপাৰ চেহেৰাৰ মিল নাই,  অথচ দুয়োজোপা গছে ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ, কল গছএজোপাৰ কাষতে থকা নেমু গছএজোপাৰ  কাঁইটে কল গছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰকৃতিৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।

১. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ  কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?

২. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ  কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?

উত্তৰ: পল-পাহিহঁতৰ দলটোৰ কাজিৰঙালৈ কৰা যাত্ৰা আছিল এটি শিক্ষামূলক ভ্ৰমণ।এই যাত্ৰাত শিক্ষাৰ্থীসকলে লাভ  কৰা শিক্ষা সমূহ হ’ল-

১) নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে।

২) গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু। গছ নহ’লে মানুহ আৰু জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে।

৩) ল’ৰা আৰু ছোৱালী সকলো সমান।

৪) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।

৫) দলত থাকিলে দলীয়  অনুশাসন মানি চলিব লাগে।

৩. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাব কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহতক কোনে উদ্ধাৰ কৰিছিল ?

উত্তৰ:- শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ ভ্ৰমণৰ দলটো কাজিৰঙা গৈ পোৱাৰ পিছত সকলোৱে দুপৰীয়াৰ আহাৰ খাই বৈ উঠি নিৰ্দিষ্ট কোঠাবোৰত জিৰণি লৈ আছিল। সেই চেগতে পল, সৌৰভ আৰু আফতাবে ক’ত কি আছে তাক আগতীয়াকৈ চোৱাৰ মানসেৰে আনে গম নোপোৱাকৈ তেওঁলোকে থকা আলহীঘৰৰ পিছফালে থকা জপনা খন পাৰ হৈ মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ। সিহঁতে বিলৰ কাষত খুটিত বান্ধি  থোৱা নাও এখন দেখি নাওত উঠি খুটিৰ পৰা নাওখন খুলি দিলে আৰু বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখনত পানী সোমাবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে।ইফালে ফুটাটোৰে নাওখনত পানী সোমায়ে থাকিল। তিনিওজনে প্ৰাণপণে চিঞৰিব ধৰিলে। হঠাৎ নাওখন কাটি হৈ গ’ল আৰু পল পানীত পৰিল।

    আন এখন বিলত মাছ মাৰি অহা স্থানীয় কেইজনীমান ছোৱালীয়ে সিঁহতক দেখা পাই দৌৰি আহিল। ছোৱালীকেইজনীৰ নাম আছিল দীপালী, ৰুমী,শেৱালি, জিনা আৰু লক্ষী। ছোৱালীকেইজনীয়ে তত্ক্ষনাত বিলৰ পানীত নামি পল, আফতাব আৰু সৌৰভক পানীৰ পৰা উদ্ধাৰ কৰিলে।

অৰণ্য যাত্ৰা Read More »

ব্যক্তিগত চিঠি

মা-দেউতা, আত্মীয়-স্বজন, ভাই-ভনী, বন্ধু-বান্ধৱীলৈ লিখা  চিঠি-পত্রবোৰক কোৱা হয় ব্যক্তিগত চিঠি- পত্র।

ক’ব লগা কথাখিনি বা প্ৰকাশ কৰিব লগীয়া ভাবখিনি কম কথাতে সুন্দৰকৈ সজাই পৰাই পত্রৰ আকাৰ দিব পৰাটো এক বিশেষ কলা। আন আন চিঠি-পত্রৰ দৰে ব্যক্তিগত চিঠি-পত্রৰো নিজস্ব আকাৰ বা লিখাৰ নিজস্ব ধৰণ আৰু অংগসজ্জাৰ নিৰ্দিষ্ট নিয়ম আছে।

ব্যক্তিগত চিঠি-পত্র লিখোতে তলৰ নিয়ম বোৰ মানি চলা হয়।

ব্যক্তিগত চিঠি- পত্রৰ আৰ্হি বা নমুনাঃ

১.পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে জনাই দেউতাকলৈ লিখা চিঠি

   ২.      জন্মদিনলৈ নিমন্ত্ৰণ জনাই বন্ধুলৈ লিখা চিঠি  

ব্যক্তিগত চিঠি Read More »

খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা( গা, ঘৰ,চকু, মুখ)

খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা( গা, ঘৰ, চকু ,মুখ)

গা

 খণ্ডবাক্য অৰ্থ  বাক্য
গা কৰপুষ্ট হ, হীন অৱস্থাৰ পৰা ভাললৈ আহমানুহজনৰ ঘৰৰ অৱস্থা খুবেই বেয়া আছিল, ডাঙৰ লৰাটোৱে চাকৰিত সোমোৱাৰ পিছতহে  ঘৰখন কোনোমতে গা কৰি উঠিছে।
গা ধৰশকত হযোৱা দুটা বছৰে বেমাৰত পৰি ছোৱালীজনীৰ অৱস্থা নোহোৱা হৈছিল, নতুন চিকিত্ সক জনে দিয়া ঔষধ-পাতিবোৰ খোৱাৰ পিছত এতিয়াহে অলপ গা ধৰিছে।
গা উঠকোনো কাম কৰিবলৈ উদ্যোগী হসি বৰ কৰ্মথ ডেকা,তাৰ গা উঠিছে যেতিয়াএইবাৰ গাঁৱত পুথিভঁৰালটো হ’বই।
গা এৰা দেসম্পর্ক এৰাকামটো কৰিম বুলি তেওঁ আমাক কথা দিছিল কিন্তু সময়ত তেওঁকামটোৰ পৰা  গা এৰা দিলে।
গাই বাই চাযত্ন কৰি চোৱাপুতেকৰ চাকৰিটোৰ বাবে মানুহজনে কিমান যে গাই বাই চালে !চাকৰিটো কিন্তু ৰাজনৈতিক নেতা এজনৰ সম্পৰ্কীয় ল’ৰা এজনেহে পালে ।
গা ঘেলাকাম-বন নকৰি ঘূৰি ফুৰাতাৰ প্ৰতিভা আছিল ,কিন্তু তাৰ গা ঘেলাই ফুৰা স্বভাৱটোৰ বাবে সি জীৱনত একো কৰিব নোৱাৰিলে।
গা পাতি লদায়িত্ব লদোষটো ভায়েকেহে কৰিছিল ।ভায়েকক বচাবলৈ  ককায়েকে দোষটো গা পাতি ললে।
গাত লদায়িত্ব লমান্তি হৰাইজৰপূজাখনত মাহ-প্ৰসাদ খিনি দিব বুলি তেওঁগাত লৈছে।
গা টেঙাবেজাৰ পাঘৰৰ একমাত্ৰ ল’ৰাজনক লৈ ঘৰখনৰ সকলোৰে বহুতো আশা আছিল ।কিন্তু তাৰ পৰীক্ষাৰ নম্বৰ দেখি সকলোৰে  গা টেঙাইছে।
গাত দেদায়িত্ব আৰোপ কৰবিয়াঘৰত অতিথিক সোধ-পোছ কৰাৰ ভাৰ দৰাৰ মামাকৰ গাতদিছে যেতিয়া আৰু চিন্তা নাই, মামাকে সকলো চম্ভালি ল’ব।
গাঁ ছোমাৰলৰাজনৰ উদ্ভাণ্ডালি দিনে দিনে বাঢ়ি গৈছে।যোৱা ৰাতি মদ খাই দেউতাকৰ গা-ছুবলৈকে চোচা লৈছিল।
গাত হাত দেমাৰ, অপদস্থ কৰমদ খাই আহি ঘৈণীয়েকক অকথ্য গালি গালাজ পাৰি গাত হাত দিয়া বাবে  আজি ওচৰচুবুৰীয়াই তাক পুলিচক গতাই দিলে।  
গা জুৰ পৰগা শাঁত হকনমানি ছোৱালীজনীয়ে ভূপেন হাজৰিকাৰ গানটো ইমান শুৱলাকৈ গাইছে !গানটো শুনি মোৰ গা জুৰ পৰি গৈছে।
গা টঙানৰিয়াৰপৰা ভাল হ)দুটামাহে মানুহজনে বেমাৰত যমৰ যন্ত্ৰণা ভুগিলে। আজি কেইদিনমানৰ পৰাহে লাহে লাহে গা টঙাব ধৰিছে।
গা সাৰৰক্ষা পৰ, বিপদৰপৰা উদ্ধাৰ হবনৰীয়া হাতীটোৱে মানুহজনলৈ  যেনেকৈহে চোচালৈছিল, কোনোমতেহেমানুহজনে গা সাৰি আহিব পাৰিলে।
গা লগাই কৰমন দি কৰদলটোৰ সকলো সদস্যই গা লগাই কৰা বাবেহে ইমান সোনকালে কামটো সম্পূৰ্ণ হ’ল।
গা দাংনৰিয়াৰপৰা উঠবুঢ়া মানুহজনে বহুদিন নৰিয়াত পৰি আছে,  গা দাঙিব নোৱাৰিব যেনেই লাগিছে।
গা দাঙি কসাহ কৰি ককামটো টান বুলি জনাৰ পিছতো সি কামটো কৰিব বুলিগা দাঙি ক’লে।
গা গধুৰএলেহুৱাসি যিহে গা গধুৰ ল’ৰা ,কামটো সি এমাহতো কৰি শেষ কৰিব নোৱাৰিব।  
গা ৰাই-জাঁই কৰঅথিৰ হবিহুৰ বতৰত ঢোল পেপাৰ মাত শুনিলে বিহু নাচনীৰগা ৰাই-জাঁই কৰে।
গা চাই ফুৰসাৱধান হৈ ফুৰযিহে দিন কাল পৰিছে, গা চাই নুফুৰিলে কেতিয়া জেলৰ ভাত খাব লাগে তাৰ ঠিকনা নাই।
গা তোলউদ্‌গাই দেল’ৰাটো তেনেই অজলা, লগৰবোৰে  গা তুলি দিয়া বাবেহে সি তেনে এটা বেয়া কাম কৰিলে।
গা নচুৱাই ফুৰধেমালি কৰি ফুৰাকাম বন নকৰি গা নচুৱাই ফুৰা  বাবেতাইক মাকে সদায় গালি পাৰে।
গা জুৰাসন্তোষ পাএকমাত্ৰ পুতেকজনে চাকৰিপোৱা খবৰটো শুনি বিধবা মাকজনীৰ গা জুৰ পৰিছে।
গা ৰাখকষ্টৰপৰা ৰক্ষা কৰাহঠাতে তাৰ দেউতা টান নৰিয়াত পৰিল। এনে বিপদৰ সময়ত খুৰাক জনে একলাখ টকা দি পৰিয়ালটোৰ গা ৰাখিলে।
গা দুখাবেজাৰ পা, দুখ পাএকমাত্ৰ  নাতিয়েককককাকে সৰুৰে পৰা লাই দি দি গুৰু গোসাই নমনা কৰিলে, এতিয়া পিছে তাৰ অভদ্ৰ আচৰণ দেখি তেওঁৰ গা দুখাইছে।
গা আছেশকতল’ৰাটিৰ বেছ গা আছে। লিখিত পৰীক্ষাত উত্তীৰ্ণ হলে পুলিচৰ চাকৰিটো সিয়েই পাব যেন লাগিছে।  
গা নাইকেটেণ্ডাতাৰ গা নাই যদিও সি বেমাৰী নহয় ।

ঘৰ

ঘৰ পাতবিয়া কৰাই দেলৰাটোৰ চাকৰি-বাকৰি হোৱাই নাই , মাক বাপেকে জোৰ কৈ তাৰঘৰ পাতি দিলে।
ঘৰ কৰগৃহস্থালি পাতচাকৰি-বাকৰি হোৱাই নাই । সি যে ঘৰ কৰিব বিচাৰিছে,খুৱাব কি ?
ঘৰ ভাঙ  পৰিয়ালৰ মাজত কাজিয়া হৈ বেলেগ হদেউতাক মৰাৰ পিছত ভায়েক-ককায়েক কেইজনে ঘৰখন বৰ ধুনীয়াকৈ ধৰি ৰাখিছিল। নতুন বোৱাৰীজনী আহিভায়েক-ককায়েকৰ মাজত কন্দল লগাই ঘৰ ভাঙিলে।
ঘৰ লগিৰিহঁতৰ ঘৰ নেৰাআজি এসপ্তাহেই হল ,এহাল কপৌ চৰাই আহি সিহতৰ  ঘৰ লৈছে।
ঘৰ জোঁৱাই(চপনীয়)ল’ৰাজনে ঘৰ জোঁৱাই হবলৈ অমান্তি হোৱা বাবেই মানুহজনে ছোৱালীজনীক তালৈ বিয়া নিদিলে।
ঘৰ গিৰীঘৰ চলাওঁতামানুহজনৰ নিজৰ চাকৰিয়াল  লৰাজন থাকোতে তোমাক নো ঘৰ-গিৰী হবলৈ কোনে কৈছিল
ঘৰ গোনাসদায় ঘৰতে মই বৰ হৈ থকাতাৰ ঘৰ গোনা স্বভাৱটোৰ বাবে ঘৰৰ মানুহবোৰ অতিস্ত হৈ পৰিছে।
ঘৰ ধৰাগৃহস্থালি চলোৱামানুহজনে পুতেকৰ বাবে  ঘৰ ধৰিব পৰা ছোৱালী এজনী বিচাৰি আছে।
ঘৰ গছকান বোৱাৰীক ঘৰ দেখুৱাই নিয়াবিয়াৰ দিনা ৰাতিয়ে কইনাজনীক ঘৰ গছকাই নিলে।

চকু

চকু গজ (বুজন হ, ভাল বেয়া বুজিব পৰা হ) : ল’ৰা ছোৱালী দুটিৰ চকু নগজিলেই , মাকজনী ঢুকাই থাকিল !

চকু দে (নজৰ দে, সাবধান হ ): ল’ৰা ডাঙৰ হৈ আহিছে। যিহে দিন কাল পৰিছে! অলপ চকু দিবা যাতে অবাটে বাট নুবুলে।

চকু কৰ (সাবধান হ): কিবা এটা  কাম কৰিব ধৰিলে তুমি সকলো পাহৰি যোৱা। দেহটোলৈ চকু কৰিবা , নহলে দুৰ্বল হৈ পৰিবা।  

চকুত লগা (ধুনীয়া হ, মন খা ) তেওঁৰ বাৰীখন তামোল পাণে চকুত লগা হৈ উঠিছে।

চকুত পৰ (মন আকৰ্ষণ কৰ) ছোৱালীজনী দেখাই-শুনাই,কথা বতৰাই বৰ শুৱনি , সকলোৰে চকুত পৰে।

চকু পৰ (দেখিবলৈ পা) অত দিন ঠাই খনলৈ আহিছো, কেকুৰীটোত থকা ফলক খনত মোৰ আজিহে চকু পৰিল।

চকু ৰোৱা (দেখিবলৈ ধুনীয়া) মানুহগৰাকীয়ে ফুলনিখন চালে চকু ৰোৱাকৈ ৰাখিছে।

চকু লাগ (টোপনিত চকুমুদ যা ) মোৰ চকু লাগিছিলহে মাত্ৰ, তই আহি জগালিয়েইনে !

চকু মুদ (প্রাণ এৰ, মৰ) শেষ সময়ত নাতিয়েকক চাবলৈ মানুহজনৰ বৰ হেপাহ আছিল।  বিদেশৰ পৰা নাতিয়েক আহি পোৱাৰ আগতেই মানুহজনে  চকু মুদিলে।

চকু ফুৰা (ওপৰে ওপৰে চা) আজিৰ বাতৰিত প্ৰকাশিত  মোৰ প্ৰবন্ধটোত এবাৰ চকু ফুৰাবা চোন।

চকু পকা (খং কৰা, খঙেৰে চোৱা) মইনো কি কৰিলো ?  মোকযে এনেদৰে চকু পকাই চাইছা ?  

চকু ৰাখ (যত্ন ল ) ল’ৰাটো পঢ়া-শুনাৰ প্ৰতি  উদাসীন। মাকজনীয়ে সদায় চকু ৰাখে বাবেহে সি পৰীক্ষাত উত্তীৰ্ণ হৈছে।

চকু মেলি চা (অনুগ্রহ কৰ) বেচেৰী দুখীয়া বিধবা মানুহজনীলৈ ভগৱানে যে কেতিয়া চকু মেলি চাব !  এমা-ডিমা লৰা ছোৱালী কেইটা লৈ  মানুহজনীৰ বৰ কষ্ট হৈছে।

চকু মুদা কুলি (প্রৱঞ্চক, ফাঁকি দি খোৱা মানুহ) সি যে চকু মুদা কুলি মই নাজানিছিলোৱে , ইমান সহজতে সি মোক ফাঁকি দি মোৰপৰা টকা সৰকাই লৈ গল

চকুৰ কুটা (অপ্রিয় শতৰু) মাহী মাকজনীক মাউৰা লৰাটোৱে ইমান ভাল পায় ,অথচ মাহী মাকজনীৰ মনত সি চকুৰ কুটা।

চকুত ধূলি মাৰ, চকুত বালি মাৰ (ফাঁকি দে,প্ৰৱঞ্চনা কৰ)  কেনে অঘাইটং চোৰ দেও! ঘৰখনত ইমানবোৰ মানুহৰ চকুত ধূলি মাৰি আলমাৰিৰ পৰা সকলোবোৰ গহনা চুৰি কৰি লৈ গল।

চকুৰ পচাৰতে (নিমিষতে, তৎক্ষণাৎ ) চকুৰ পচাৰতে বানপানীয়ে অঞ্চলটোৰ ঘৰ-দুৱাৰ সকলো উটুৱাই লৈ গল।

চকু চৰহা (লোকৰ ভাল দেখিব নোৱৰা) মানুহজনী ইমানেই চকু চৰহা যে ওচৰৰ ঘৰৰ ছোৱালীজনীয়ে চাকৰি পোৱা বুলি শুনি চতফটাই আছে।

চকুৰ কুটা, দাঁতৰ শাল (অপ্রিয় শতৰু) তেজীমলা মাহীমাকৰ চকুৰ কুটা, দাঁতৰ শাল আছিল।

চকু থাকি খালত পৰ (জানি শুনি বিপদত পৰ) : মানুহজন যে চোৰ স্বভাৱৰ সেই কথা জনাৰ পিছতো তুমি তাক তোমাৰ ঘৰত থাকিব দিছিলা। সুবিধা পাই সি তোমাৰ ঘড়ীটো লৈ গল। চকু থাকিও তুমি খালত পৰিলা।

মুখ

মুখ কৰ (মুখ ঘুৰা):  সেইফালে মুখ কৰি থিয় হৈ থকা বাবে মই মানুহজনৰ মুখখন ভালকৈ দেখা নাপালোঁ।

মুখ ঘূৰা (অন্যফালে মন কৰা ) :  আমাৰ কথা শুনি নেতাজনে মুখ ঘূৰোৱা যেন পালোঁ, ক’ত আৰু কামটো হব ?

মুখলৈ চা (পুতৌ কৰ): দুখীয়া মাকজনীৰ মুখলৈ চাইহে  গাওঁখনৰ ৰাইজে তাক ক্ষমা কৰি দিলে, নহ’লে সি জেলৰ ভাত খালে হেঁতেন ।

মুখ চা (পুতৌ কৰ) চাকৰি কৰিব খুজিছা যদি ভালদৰে পঢ়া শুনা কৰা,  মুখ চাই কোনোবাই চাকৰি দিব বুলি ভাবি নাথাকিবা ।

মুখ পাত (আনৰ মৌখিক বিবাদত যোগ দে)  মানুহজনে তাৰ আগত কথাটো উলিয়াবহে পালে, তাই আহি পোনেই মুখ পাতি ল’লে নহয়!

মুখ পাতি ধৰ (আনৰ মৌখিক বিবাদত যোগ দে): দুইজন বন্ধুৰ মাজত কাজিয়া লাগিছে, তই মুখ পাতি ধৰিছহি কেলেই ?

মুখ হাত ধো (মল-মূত্র ত্যাগ কৰ): তুমি অলপ সময় বহা,মই মুখ-হাত ধুই গাটো তিয়াই আহোঁ।

মুখৰ ছাই গুচা (মৃতকৰ শ্রাদ্ধাদি কৰি শুচি হ): যোৱাটো মাহত সি দেউতাৰ মুখৰ ছাই গুচাই উঠিছিলহে মাথোন, আজি আকৌ তাৰ মাকজনীও ঢুকাই থাকিল।

মুখ ফালি ক (খুলি ক):  মুখ ফালি  কথা ক’বলৈ শিকিবা , তেতিয়াহে আনে তোমাৰ সমস্যাবোৰো জানিব।

মুখত দে (চাকি চা, খা ) বোপাই ঔ! কাম বন পিছতো কৰিবি , আগতে চাহটোপা মুখত দি লচোন !

মুখ মৰ (মৌন হ, নিমাত হ): সি বৰ টেপটেপাই আছিল, নেতাজনৰ ধমকি খোৱাৰ পিছত তাৰ মুখ মৰিল।

মুখ মাৰ (আনৰ ভাগ কাঢ়ি ল) চল-চাতুৰীৰে ল’ৰাজনৰ মুখ মাৰিবলৈ তোক কিহে পাইছিল , এতিয়া পিছে কি হল? নিজৰ খিনিও হেৰুৱালি।

মুখ লাগ (আনৰ লোভৰপৰা পীড়া হ, অপকাৰ হ): ইমান ধুনীয়া ছোৱালীজনী দিনে দিনে শুকাই খীনাই যাব ধৰিছে । কাৰোবাৰ মুখ লাগিছে হ’ব পায় !

মুখ সলা (সদায় খোৱা বস্তু এৰি আন বস্তু খা) : কিবা বেমাৰেই হৈছে চাগে!  মুখ সলাই খোৱাৰ পিছতো , খোৱাত ৰুচি বঢ়া নাই।

মুখ নোহোৱা (কথা সজাই ক’ব নজনা) : তোৰ দৰে মুখ নোহোৱা মানুহএটাই ক’ত  নিৰ্বাচন খেলিব পাৰিবি !

মুখ মেলি থাক (লোকলৈ আশা পালি থাক): তোমাৰ লগৰবোৰে নিজে লাগি মেলি মন্ত্ৰীৰ পৰা কাম আদায় কৰি ল’লে, তোমাৰ মুখ মেলি থাকোতেই গ’ল।

মুখৰ ভাত কাঢ়ি নে (পোৱা সুবিধা এৰি দে, নিজৰ অকর্মণ্যতাৰ কাৰণে আনে সুবিধা কৰি লোৱা): বিদেশীয়ে অসমৰ বুকুৰ সম্পদেযে অকল  বুটলি নিছে এনে নহয় , অসমীয়াৰ  মুখৰ ভাতো কাঢ়ি নিছে।

মুখেৰে সাত হাল বা (বৰাই কৰি ক):সি মুখেৰেই সাত হাল বাই থাকে. কামত হ’লে একো নাই।

মুখ মেলি থাক (লোকলৈ আশা পানি থাক)নিজে চেষ্টা নকৰি মুখ মেলি থাকিলেই চাকৰি  মিলিব নে?

মুখৰ বান্ধ (বাছি খা): মানুহ জনৰ ইমান বেমাৰ !  অথচ মুখৰ বান্ধ নাই, যি পায় তাকেই খায়।

মুখৰ কথা (অসাৰ কথা, প্রমাণহীন কথা)  তাৰ মুখৰ কথাত  ভোল গৈ তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা ল’ব নালাগিছিল।  

 মুখ নাই (ভালদৰে কথা ক’ব নজনা) প্ৰতিবাদী কাৰ্যসূচীতযে আগভাগ ল’ব ওলাইছ তোৰ দেখোন  মুখেই নাই ।

মুখৰ ওপৰত ক (ভয় নকৰাকৈ সন্মুখতে ক): ল’ৰাটোক মই একেবাৰে ভাল নাপাও। সি মাক-দেউতাকৰ মুখৰ ওপৰতে কয়।

মুখত সোপা দিয়া (নিমাত কৰা) ৰাইজৰ আগত কথাটো উলিয়াব লাগিছিল। কিয় নুলিয়ালা ? তোমাকতো কোনেও মুখত সোপা দিয়া নাছিল ?

মুখৰ ভাত কাউৰীয়ে নিয়া (অতি অকর্মণ্য): তোমাৰ নিচিনা মুখৰ ভাত কাউৰীয়ে নিয়া এটাৰ লগত মই কামটো কৰিব লোৱাৰ  বাবেই কামটোত বিফল হ’লো।

মুখ উজ্জ্বল কৰ (নামজ্বলা হ): সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ সি তাৰ বংশৰ মুখ উজ্জ্বল কৰিলে ।

মুখ ওলোমা, মুখ ওফোন্দা (অসন্তোষৰ ভাব দেখুওৱা)-তাৰ লগত  কথা কবলৈয়ে মন নাযায়, সৰু সৰু কথাতেই সি মুখ ওলোমাই দিয়ে।

খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা( গা, ঘৰ,চকু, মুখ) Read More »

error: Content is protected !!