অব্যয়
অব্যয় যিবোৰ শব্দৰ লিঙ্গ, বচন, বিভক্তি আদিত কোনো পৰিৱৰ্তন নহয়, তাক অব্যয় শব্দ বোলে।
অব্যয় শব্দ সাত প্ৰকাৰৰ :
১) সংযোজক বা যোজক অব্যয়
২) বিয়োজক অব্যয়
৩) ভাববোধক অব্যয়
৪) সম্বোধনবোধক অব্যয়
৫) প্রশ্নবোধক অব্যয়
৬) সমিধানৰোধক অব্যয় আৰু
৭) আনুষঙ্গিক অব্যয়।
১। সংযোজক বা যোজক অব্যয় : যি অব্যয়ে দুটা বা তাতকৈ বেছি পদ বা বাক্যক যোগ কৰে, তাকে যোজক অব্যয় বোলে।
যেনে : আৰু, এতেকে, কাৰণ, কাৰণে আদি।
২। বিয়োজক অব্যয় : যি অব্যয়ে দুটা পদ বা বাক্যক পৃথক কৰে তাকে বিয়োজক অব্যয় বোলে ।
যেনে : বা, নাইবা, নতুবা, তথাপি, কিন্তু ইত্যাদি।
৩।ভাববোধক অব্যয়ঃ যি অব্যয়ে মানুহৰ মনৰ নানা ভাব প্রকাশ কৰে, তাক ভাববোধক অব্যয় বোলে।
যেনেঃ আহা, আঃ, উস, ইস, বাঃ বাঃ বেচ বেচ, চাবাচ ইত্যাদি।
৪। সম্বোধনবোধক অব্যয়ঃ যিবোৰ অব্যয় সম্বোধন কৰোতে ব্যৱহাৰ কৰা হয়, সিহঁতক সম্বোধনবোধক অব্যয় বোলে।
যেনেঃ অ, ঐ, ঔ, হেৰ, হেৰা, হেৰি, হেৰি, হেৰৌ, হে, হ’য়ে হ’য়েবা ইত্যাদি।
৫।প্রশ্নবোধক অব্যয়ঃ কোনো কথা সোধাত বা প্রশ্ন কৰাত যিবোৰ অব্যয় ব্যৱহাৰ হয়, সেইবোৰক প্রশ্নবোধক অব্যয় বোলে। যেনেঃ নে, নেকি, কি, জানো, কোনে, বোলে, ইত্যাদি।
৬।সমিধানবোধক অব্যয়ঃ কথাৰ বা প্রশ্নৰ উত্তৰ দিওঁতে ব্যৱহাৰ হোৱা অব্যয়ক সমিধানবোধক অব্যয় বোলে।
যেনেঃ ওঁ, ওঁহো, এৰা, হয়, বাৰু ইত্যাদি।
৭।আনুষঙ্গিক অব্যয়ঃ যিবোৰ অব্যয় অন্য পদৰ পাছত যোগ হৈ সিহঁতৰ অৰ্থ বেলেগ, কৰে, সেইবোৰক আনুষঙ্গিক অব্যয় বোলে।
যেনেঃ এ, এই, ও, হি, হে, তা, দেই ইত্যাদি।