বিশেষণ পদ

যি পদে আন পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষণ বোলে। যেনেঃ ভাল ল’ৰা. ধুনীয়া ছোৱালী

বিশেষণ পদবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে-

(১) বিশেষ্যৰ বিশেষণ

(২) বিশেষণীয় বিশেষণ

(৩) ক্ৰিয়া বিশেষণ 

বিশেষ্যৰ বিশেষণঃ যি পদে বিশেষ্য পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষ্যৰ বিশেষণ  বোলে। যেনেঃ শুৱলা সংগীত,  বিশাল আকাশ, পৱিত্ৰ গ্ৰন্থ  ইত্যাদি।

বিশেষণীয় বিশেষণঃ যি বিশেষণ পদে আন বিশেষণ পদক বিশেষকৈ দেখুৱায়,তাক বিশেষণীয় বিশেষণ বোলে।  যেনেঃঅ তি চতুৰ ল’ৰা, বৰ ডাঙৰ ঘৰ, অনিন্দ্য সুন্দৰ প্ৰকৃতি,  ইত্যাদি।

ক্ৰিয়া বিশেষণঃ যি বিশেষণ পদে ক্ৰিয়াৰ  ধৰণ , অৱস্থা আদি বুজায় তাক ক্ৰিয়া-বিশেষণ বোলে।  যেনেঃ লাহে লাহে আহা, খৰচি মাৰি পঢ়িবা, বেগাই যোৱা, ইত্যাদি।