লিঙ্গ

লিঙ্গ শব্দই ব্যাকৰণত পুৰুষ, স্ত্ৰী প্ৰভেদমূলক চিহ্ন বুজায়।
স্ত্রী বুজোৱা শব্দক স্ত্রীলিঙ্গৰ শব্দ, পুৰুষ বুজোৱা শব্দক পুংলিঙ্গৰ শব্দ ,পুৰুষ-স্ত্রী ভেদ নুবুজোৱা শব্দক ক্লীব লিঙ্গৰ শব্দ বোলে। কিছুমান শব্দই পুৰুষ-স্ত্রী উভয়কে বুজায়। সেইবোৰক উভয় লিঙ্গৰ শব্দ বোলে।
যেনে :
পুংলিঙ্গ : ল’ৰা, পুৰুষ, ষাঁড়, পিতা ইত্যাদি।
স্ত্রীলিঙ্গ : তিৰোতা, ছোৱালী, আই ইত্যাদি।
ক্লীব লিঙ্গ : ঘৰ, গছ, ফল, ফুল ইত্যাদি ।
উভয় লিঙ্গ: আমি, আপুনি, মানুহ, গৰু ইত্যাদি।
পুংলিঙ্গৰ শব্দত স্ত্রী প্রত্যয়(আ, ঈ আৰু অনী) যোগ কৰি স্ত্ৰীলিঙ্গ শব্দলৈ পৰিৱৰ্তন কৰা হয়।
যেনেঃ হৰিণ – হৰিণী, নাতি -নাতিনী
তাৰ বাহিৰেও পুংলিঙ্গ আৰু স্ত্রীলিঙ্গত সম্পূৰ্ণ পৃথক বহুতো শব্দ অসমীয়া ভাষাত আছে। তলত উদাহৰণ দিয়া হ’ল:
ল’ৰা | ছোৱালী |
পুৰুষ | স্ত্ৰী, মহিলা,নাৰী |
শহুৰ | শাহু |
মতা | মাইকি ,তিৰোতা |
ডেকা | গাভৰু |
ভাই | ভনী, বোৱাৰী |
দেওৰ | জা, ননদ |
ককাই | বাই, বৌ |
গোহাঁই, গগৈ | আইচু |
ককা | আইতা |
পিতা | আই |
গোলাম | বান্দী |
কোৱা | কাউৰী |
পৈ | ঘৈণী |
পতি | পত্নী |
দঁতাল, মখনা | মাখুন্দী |
মুনিহ | তিৰোতা |
শৰ | ভেলেঙ্গী |
বোন্দা | জাঁই |
বোপাই | আই |
সি | তাই |
বাইদেউ | ভিনিহি |
দদাই | খুৰী |
ই | এই |
চাহাব | মেম |
পো | জী, বোৱাৰী |
বিয়ৈ | বিয়নী |
জেঠা | জেঠাই |
পেহা | পেহী |
আতা | আবু |
মোমাই | মামী, |
দৰা, বৰ | কন্যা |
ৰজা | ৰাণী |
বলধ, ষাঁড় | গাই |
দমৰা | চেঁউৰী, কাঢ়লী |
নবাব | বেগম |
বন্দী | বেটী |
ঘঁৰিয়াল | জলগুঁই |
তাৱৈ | আমৈ |
ৰান্ধনি | ৰান্ধনী |
শিপিনি | শিপিনী |
*অসমীয়া ভাষাৰ তলৰ শব্দবোৰ স্ত্রীলিঙ্গৰ। ইহঁতৰ পুংলিঙ্গৰ শব্দ নাই। যেনে : নামতী, লাহতী, আয়তী, ৰচকী, নাচনী, পোৱতী, পোহাৰী, ফুলতী, বোৱতী, ৰোৱণী ইত্যাদি।