পাঠঃ অন্যৰ প্ৰতি ব্যৱহাৰ ( লিখক-সত্যনাথ বৰা )

পাঠত থকা প্ৰশ্নাৱলীৰ উত্তৰ

ভাব-বিষয়ক

১.অতি চমু প্ৰশ্নৰ উত্তৰ

ক) `সাৰথি’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ `সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ?

উত্তৰঃ আমাৰ লগত সম্বন্ধ থকা বা আমাৰ সমাজত বাস কৰা কোনজন মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেই কথা নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়।

গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?

উত্তৰঃ যি সকল লোকে অবাবত কেটেৰা মাত বা কঠুৱা মাত  মাতে তেনে শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

ঘ) সজ ব্যৱহাৰৰ অনুপান কি ?

উত্তৰঃ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।

ঙ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়?

উত্তৰঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়।

চ) `এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল’। – ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

উত্তৰঃ যিবোৰ মানুহে লগ-লগৰীয়াক হঁহুৱাবলৈ আনৰ গোপন কথা সদৰী কৰে তেনে শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি কোৱা হৈছে।

ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?

উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।

জ) `বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ `বহল ব্যাকৰণ’ সত্যনাথ বৰাৰ ৰচনা।

২। চমুকৈ বুজাই লিখা:

ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি ?

উত্তৰঃ সামাজিক জীৱ মানুহৰ সফলতা আৰু সুখ নিৰ্ভৰ কৰে নিজৰ ব্যৱহাৰৰ ওপৰত। আমি আনৰ প্ৰতি কৰা ব্যৱহাৰে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনৰ প্ৰতি আমাৰ ব্যৱহাৰ সদায় সজ হোৱা উচিত। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি বহুসময়ত সজ চৰিত্ৰৰ মানুহেও নিজৰ ব্যৱহাৰৰ দোষত আনৰ অপ্ৰিয় হোৱা দেখা যায় আৰু অসজ চৰিত্ৰৰ মানুহেও নিজৰ ব্যৱহাৰৰ গুণত আনৰ প্ৰিয়পাত্ৰ হয়।  কাক, কত, কেনেদৰে, কি ব্যৱহাৰ কৰিব লাগে তাক জনাতো অত্যন্ত জৰুৰী।সেয়ে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই নিদি  আমি তাক মন দি শিকা উচিত।

খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে ?

উত্তৰঃ মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। মিঠা মাতে আনৰ অন্তৰত মৰম আৰু শ্ৰদ্ধা জগায়।আনে ভাল নোপোৱা কথা এটাও যদি মিঠা মাতেৰে কোৱা হয় সেই কথাটোৱে কওঁতাক অপ্ৰিয় কৰি নোতোঁলে। কিন্তু কেতেৰা বা তিতা মাতেৰে যদি  ভাল কথা এটাও কোৱা হয় সেই কথাটোৱে নিজৰ গৰিমা হেৰুৱায়। খিংখিঙীয়া বা হুটা কথাৰে যদি আনৰ হিত সাধন কৰা হয় তাকো আনে গ্ৰহণ কৰিবলৈ টান পায়। কঠুৱা মাতেৰে কৰা উপকাৰক মানুহে শ্ৰদ্ধা নকৰে। দানৰ দৰে মহান কাৰ্য এটাও যদি হুতা মাতেৰে বা দাম্ভিকতাৰে কৰা হয় সেই কাৰ্যও মূল্যহীন হৈ পৰে।সেয়ে জ্ঞানীসকলে দান কৰোতে সদায় বিনয় ভাবত দান কৰিব লাগে বুলি কৈছে। তেনে কৰিলেহে  দানৰ মহত্ব বৰ্তী থাকে।

প্ৰশ্ন ৩। তাৎপৰ্য বাখ্যা কৰাঃ

ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।

উত্তৰঃ `অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিত লেখক সত্যনাথ বৰা দেৱে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কৈছে। সজ ব্যৱহাৰৰ এক অপৰিহাৰ্য উপাদান হৈছে নম্ৰতা । আন আন বিশিষ্ট উপাদান বোৰ হৈছে সজ চৰিত্ৰ, মিঠা মাত, ধনাত্মক দৃষ্টি, প্ৰশংসাসূচক মন্তব্য, আনৰ লগত বিশ্বাসযোগ্য আচৰণ আদি। আনৰ লগত ব্যৱহাৰ কৰোতে আমি খিংখিঙীয়া স্বভাৱ, হুটা বা কেটেৰা মাত,দম্ভালি,চাতুকাৰৰ স্বভাৱ,বিশ্বাসঘাটকতা,পাতল আচৰণ,আনৰ দোষ বিচৰা স্বভাৱ, উপলুঙা, ভেঙুচালি, পৰনিন্দা আদি বোৰ এৰাই চলিব লাগে। নম্ৰতা এটি মহত্ গুণ। যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে ; সেইদৰেই ব্যৱহাৰত নম্ৰতা থাকিলে ই আমাৰ আচৰণক আৰু ব্যক্তিত্বক অধিক আকৰ্ষণীয় আৰু প্ৰভাৱশালী কৰি তোলে। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতা ভাৱ থাকিলে, মুখেৰে আপোনা- আপুনি মিঠা মাত ওলায়। নম্ৰতা ভাৱ থাকিলে সহজে আনৰ অন্তৰ জয় কৰিব পাৰি আৰু আনৰ প্ৰিয়পাত্ৰ হব পাৰি। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতা প্ৰকাশ পায়। দম্ভালি মাৰি কথা কলে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আনৰ লগত ব্যৱহাৰ কৰোতে আমি সদায় নম্ৰ হোৱা উচিত।

খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰঃ সোণ এবিধ বহুমূলীয়া ধাতু। সোণৰ বৰণ উজ্জ্বল। সোণৰ উজ্জ্বলতাই সকলোকে আকৰ্ষিত কৰে। এই বহুমূলীয়া উজ্জ্বল ৰত্ন সোণৰ অলংকাৰ সকলোৱে পিন্ধিবলৈ ইচ্ছা কৰে। কিন্তু ইয়াৰ মূল্য অধিক হোৱা বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজে, নাইবা কোনোবাই যদি ইয়াৰ মূল্য নুবুজি তাৰ গুৰুত্ব নিদি অনাদৰ কৰি পেলায় থয় ,তথাপিও কিন্তু সোণৰ উজ্জ্বলতা ম্লান পৰি নাযায়। ঠিক একেদৰেই জ্ঞানী বা মান্যৱন্ত লোকক অমান্য কৰিলেও তেওঁলোকৰ মান নকমে।তাকে নাজানি কেতবোৰ মানুহে কিছুমান সমাজত থকা জ্ঞানী বা সন্মানীয় ব্যক্তিক অসন্মান কৰি, বা জ্ঞানক অমান্য কৰে । তেনে কৰিলে সিহঁতে পুৰুষালি কৰা যেন পায়, সেই দেখি ছল পালে অসন্মান কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যবন্ত বা সন্মানীয়জনক অমান্য কৰি সন্মান কমাব নোৱাৰি।

ভাষা-বিষয়কঃ

৪) বিপৰীত শব্দ লিখাঃ

সুখ –    দুখ

সন্তোষ –  অসন্তোষ

সজ –    অসজ

চৰিত্ৰবন্ত – চৰিত্ৰহীন

কপটীয়া – সৰল

মিঠা –   তিতা

বিনয় –   উগ্ৰ

নম্ৰতা –  উগ্ৰতা

লঘু –   গুৰু

উচ্চ –   নীচ

নিন্দা –  প্ৰশংসা

গুপ্ত –   সদৰী

দোষ –   গুণ

গহীন –   চঞ্চল

আঢ়্যৱন্ত –  দৰিদ্ৰ

৫) বাক্য ৰচনা কৰাঃ

চকুৰ কুটা : (অপ্ৰিয় লোক)মই তাৰ একো অপকাৰ কৰা নাই, অথচ সি মোক চকুৰ কুটা জ্ঞান কৰে।

পেটত কথা ৰাখ :(মনৰ কথা লুকাই ৰখা) সি পেটত কথা ৰাখিব নোৱাৰে, তাক সকলো কথা কৈ দি বিপদ চপাই নল’বা ।