মানৱ বন্দনা
মানৱ বন্দনা
চন্দ্ৰকুমাৰ আগৰৱালা
1. মূলপাঠঃ
আহিছে মানুহ গইছে মানুহ
মানুহ ময়পী জীৱ,
মানুহ সোঁতৰ অন্ত নাইকিয়া
বুলিলে মৰত কিয়?
মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
মানুহেই লগ মানুহেই সংগ
মানুহেই পৰাৎপৰ,
এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
জয় জয় মানৱ দেৱ।
2.শব্দ অৰ্থঃ
অৰ্ঘ্য- পূজাৰ উপকৰণ
কেৱ- কেও, কোনো
ধৰম- ধৰ্ম
নিজাপী- সম্পূৰ্ণ নিজৰ
পৰাৎপৰ- শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, পৰম সত্য
ময়পী- মায়া,মোহ ,ভ্ৰান্তি উপজোৱা জীৱ
পাদ্য- ভৰি ধুবলৈ দিয়া পানী
পাঠবোধঃ মানৱ বন্দনা কবিতাটোত কবিয়ে মানৱ-প্ৰেম মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ-সেৱাক মানুহৰ শ্ৰেষ্ঠ কৰ্ম হিচাপে অভিহিত কৰিছে। মানুহৰ পাৰস্পৰিক মৰম-চেনেহে এই পৃথিৱীলৈ সৰগৰ সুখ কঢ়িয়াব বুলি কবিয়ে বিশ্বাস কৰে । সেয়ে কবিয়ে প্ৰতিজন মানুহকেই মানৱ-প্ৰেম আকোৱালি লৈ মানৱৰ কল্যানৰ কামত ব্ৰতী হবলৈ আহ্বান জনাইছে।
3. প্ৰশ্নোত্তৰঃ
Part -1: অতি চমু উত্তৰৰ প্ৰশ্ন( 1 mark )
১. মানৱ বন্দনা কবিতাটোৰ কবি কোন ?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা
২ .চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ: ১৮৬৭ চনত
৩. চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়?
উত্তৰ: প্ৰতিমাৰ খনিকৰ
৪.চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি বোৰৰ নাম লিখা।
উত্তৰ: প্ৰতিমা, বীণবৰাগী, চন্দ্ৰামৃত
৫. .চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?
উত্তৰ: প্ৰতিমা
৬.জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা
৭. জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী
৮. অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক সাহিত্যৰ ঢল কোনে বোৱাই আনিছিল?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীয়ে জোনাকীৰ যোগেদি অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক সাহিত্যৰ ঢল বোৱাই আনিছিল।
৯. কোনখন কবিতা পুথিৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বোলা হয়?
উত্তৰ:চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথি ‘প্ৰতিমা’ ৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বোলা হয়।
১০.চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকত –আলোচনী কেইখনৰ নাম কি?
উত্তৰ: জোনাকী, সাদিনীয়া অসমীয়া
১১. চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ ১৯৩৮ চনত
১২.মানৱ বন্দনা কবিতাটো কি কবিতা ?
উত্তৰঃ মানৱ বন্দনা কবিতাটো এটা ৰোমাণ্টিক (মানৱতাবাদী)কবিতা।
Part –2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )
১. ‘মানুহেই পৰাৎপৰ‘ বোলা কথাষাৰৰ অৰ্থ কি?
উত্তৰঃ পৰাৎপৰ শব্দটোৰ অৰ্থ হৈছে শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ। যিজন শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ তেৱেই পৰম সত্য, তেৱেই ঈশ্বৰ। মানৱতাবাদী কবিজনাৰ মতে এই জগতত মানুহেই আটাইতকৈ শ্ৰেষ্ঠ, মানুহেই একমাত্ৰ সত্য। অৰ্থাৎ মানুহেই পৰাৎপৰ, মানুহেই পৰমেশ্বৰ ।
২. মানুহক ময়াপী জীৱ বোলাৰ অথ কি?
উত্তৰঃ অনন্ত কাল যুৰি অন্তহীন গতিত এই সংসাৰলৈ মানুহৰ অহা –যোৱা চলি আছে । এই সংসাৰত মানুহ জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে, কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। অথচ কিবা এটি মায়াৰ আৱৰ্তত বন্দী হৈ যেন মানুহে নিৰন্তৰ সংসাৰলৈ অহা –যোৱা কৰিছে। সেয়েহে কবিয়ে মানুহক মায়াপী জীৱ বুলিছে।
৩. পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
উত্তৰঃ কবিৰ মতে এই জগতত মানুহেই পৰম সত্য , মানুহেই পৰম ঈশ্বৰ, মানৱ সেৱা মানুহৰ শ্ৰেষ্ঠ কৰ্ম আৰু মানৱ প্ৰেম মানুহৰ শ্ৰেষ্ঠ ধৰ্ম।পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ হৈছে নিস্বাৰ্থ মানৱ প্ৰেম হৃদয়ৰ লৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাত ব্ৰতী হোৱা ।
৪. চমুটোকা লিখাঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৰোমাণ্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। তেখেত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। তেখেত জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল। প্ৰতিমা, বীণবৰাগী, চন্দ্ৰামৃত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি ‘প্ৰতিমা’ ৰ বাবে তেখেতক প্ৰতিমাৰ খনিকৰ বোলা হয়। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা তেখেতৰ ‘বনকুঁৱৰী’ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা।
Part -3 দীঘল উত্তৰৰ প্ৰশ্ন( 4 mark )
১. মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ মানৱ প্ৰেমক বিষয়বস্তু হিচাপে লৈ লিখা চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ’মানৱ বন্দনা’ এটি শ্ৰেষ্ঠ মানৱতাবাদী কবিতা । মানৱতাবাদৰ লক্ষ্য বা আদৰ্শ হৈছে মানৱৰ অন্তৰ্নিহিত মহা-মহত্বক উপলব্ধি কৰা আৰু ইয়াৰ বিকাশৰ জৰিয়তে মানৱৰ কল্যান সাধন কৰা।এই লক্ষ্য বা আদৰ্শ আগত লৈয়েই ’মানৱ বন্দনা’ কবিতাটো ৰচিত হৈছে। অনন্ত কাল জুৰি অন্তহীন গতিত এই পৃথিৱীলৈ মানুহ আহিছে আৰু গৈছে। কিবা যেন এটা মায়াৰ দ্বাৰাহে পৰিচালিত মানুহৰ জীৱন, মানুহৰ এই অহা –যোৱা । সংসাৰত চামে চামে মানুহ জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে , কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। মানুহৰ বাবে জ্ঞাত মাথো জন্মৰ পিছত দেখা এই পৃথিৱীখন আৰু এই পৃথিৱীত লগপোৱা মানুহবোৰ। কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ মানুহেই মানুহৰ সংগ,মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য।এই পৃথিৱীখনেই মানুহৰ স্বৰ্গ, ইয়াত মানুহেই মানুহৰ ঈশ্বৰ, মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই মানুহৰ শ্ৰেষ্ঠ কৰ্ম ।কবিয়ে মানুহক মানুহৰ এই শ্ৰেষ্ঠ ধৰ্মত দিক্ষিত হৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাৰ জৰিয়তে মানৱৰ মহা-মহত্বক উপলব্ধি কৰিবলৈ আহ্ৱান জনাইছে।
২. এই যে পৃথিৱী স্বগতো অধিক
মানুহৰ নিজাপী ঘৰ।
কথাষাৰৰ অথ বুজাই লিখা।
উত্তৰঃ কবিতাফাঁকিৰে মানৱতাবাদী কবিজনাই মানুহৰ বাবে এই পৃথিৱীখনৰ যি মহত্ব তাক প্ৰকাশ কৰিছে। অনন্ত কাল জুৰি অন্তহীন গতিত এই পৃথিৱীলৈ মানুহ আহিছে আৰু গৈছে। সংসাৰত চামে চামে মানুহ জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে, কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। মানুহৰ বাবে জ্ঞাত মাথো জন্মৰ পিছত দেখা এই পৃথিৱীখন আৰু জন্মৰ পৰা মৃত্যুলৈ এই সময়খিনিত এই পৃথিৱীখনত মানুহৰ অস্তিত্ব। সেয়ে মানুহৰ বাবে এই পৃথিৱীখন আৰু ইয়াৰ মানুহবোৰেই একমাত্ৰ সত্য, এই পৃথিৱীখনেই মানুহৰ বাবে স্বৰ্গতকৈয়ো মৰমৰ আৰু হেপাহৰ আপোন ঘৰ।
৩. তাৎপৰ্য বাখ্যা কৰাঃ
(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
উত্তৰঃ প্ৰশ্নত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ`মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ প্ৰেম আৰু মানৱ সেৱাৰ জৰিয়তে বিশ্ব মানৱক মানৱ জীৱন সাৰ্থক কৰিবলৈ উপদেশ দিছে।
কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সংগ, মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য । ইয়াত মানুহেই মানুহৰ ঈশ্বৰ, মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই মানুহৰ শ্ৰেষ্ঠ কৰ্ম । বিশ্বৰ প্ৰতিজন মানুহেই যেতিয়া মানুহক পৰমশ্ৰেষ্ঠ ঈশ্বৰ জ্ঞান কৰিব আৰু মানৱ প্ৰেমক ধৰ্ম হিচাপে লৈ মানৱ সেৱাত নিজকে নিয়োগ কৰিব তেতিয়া পৃথিৱীত স্বৰ্গীয় সুখৰ নিজৰা ব’ব। সেয়েহে কবিয়ে বিশ্বৰ প্ৰতিজন মানুহক মানৱ প্ৰেম হৃদয়ত লৈ মানৱ সেৱাত ব্ৰতী হ’বলৈ উপদেশ দিছে।
৪. তাৎপৰ্য বাখ্যা কৰাঃ
মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কোৱ,
কৰা কৰা পূজা পাদ্য অঘ্য লই
জয় জয় জয় মানৱ দেৱ।
উত্তৰ : প্ৰশ্নত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ`মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে মানুহক মানুহৰ শ্ৰেষ্ঠ ধৰ্ম মানৱ প্ৰেমত দিক্ষিত হৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাৰ জৰিয়তে মানৱৰ মহা-মহত্বক উপলব্ধি কৰিবলৈ আহ্ৱান জনাইছে।
কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সংগ, মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য। এই পৃথিৱীখনেই মানুহৰ স্বৰ্গ, ইয়াত মানুহেই মানুহৰ ঈশ্বৰ। মানুহৰ এই পৃথিৱীখনত মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই মানুহৰ শ্ৰেষ্ঠ কৰ্ম । বিশ্বৰ প্ৰতিজন মানুহেই যেতিয়া মানুহক পৰমশ্ৰেষ্ঠ ঈশ্বৰ জ্ঞান কৰিব আৰু মানৱ প্ৰেমক ধৰ্ম হিচাপে লৈ মানৱ সেৱাত নিজকে নিয়োগ কৰিব তেতিয়া পৃথিৱীত স্বৰ্গীয় সুখৰ নিজৰা ব’ব। সেয়েহে কবিয়ে মানুহক মানৱ প্ৰেম হৃদয়ত লৈ মানৱ সেৱাৰ দ্বাৰা মানৱৰ মহত্বক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে ।
Part –4 পাঠত থকা ভাষা বিষয়ক প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ বাবে 1 MARK থাকিব)
৫। সমাৰ্থক শব্দ লিখাঃ
মানুহ -মানৱ, মানুহ
সংগ – লগ, বন্ধু
পৃথিৱী – ধৰা, ভূ
সোঁত – ঢৌ, লহৰ
স্বৰ্গ – সৰগ
দেৱ – দেৱতা
৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।
ধৰ্ম ——— ধৰম
কৰ্ম ———- কৰম
মত্য ——— মৰত
দেৱ ———- দেৱতা