কাল

যি সময়ত ক্রিয়া সম্পাদন হয়, সেই সময়ক কাল বোলে ।

প্রধান কাল তিনিটা –

১। বর্তমান কাল

২। অতীত কাল

৩। ভৱিষ্যৎ কাল

১। বর্তমান কাল : চলিত সময়, স্বভাৱ, অভ্যাস আদিৰ নিত্য ভাৱ বুজোৱা ক্ৰিয়াৰ কালক বর্তমান কাল বোলে ।

বর্তমান কাল দুবিধ :

(ক) নিত্য বর্তমান

(খ) স্বৰূপ বৰ্তমান

(ক) নিত্য বর্তমান: যি ক্রিয়াই নিয়ম, অভ্যাস বা চলিত বর্তমান আদি বুজায়, তাৰ কালক নিত্যবর্তমান কাল বোলে।

যেনে : ৰাতি আকাশত তৰা ওলায়।

     বহাগ মাহত কপৌ ফুল ফুলে।

     পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।

    মই স্কুললৈ যাওঁ।

  • ঐতিহাসিক ঘটনা, অতীত ঘটনা আদি বুজোৱা অতীত কালৰ ক্ৰিয়া পদক নিত্য-বর্তমান কালত ব্যৱহাৰ কৰা হয়। যেনেঃ ১৫৫৬ খ্ৰীষ্টাব্দত পাণিপথৰ যুদ্ধ হয়। শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ খ্ৰীষ্টাব্দত আৱির্ভার হয় ইত্যাদি।
  • চিৰন্তন সত্যবোৰ সদায় নিত্য বর্তমান কালত ব্যৱহাৰ হয়। যেনে : বেলি পূৱ ফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। জীৱ মাত্রেই মৰে ইত্যাদি।

নিত্যবর্তমান কাল তিনি ধৰণে ব্যৱহাৰ হয়-

১)নির্দেশক -যেনে: মই খাওঁ। আমি খাওঁ।তুমি খোৱা। সি খায়।

২)অনুজ্ঞা -যেনে: আপুনি খাওঁক। তুমি খোৱা। তই খা।

৩)সম্ভাব্য– যেনে: যদি মই কৰোঁ , যদি আমি  কৰোঁ , যদি সি কৰে আদি

(খ) স্বৰূপ বৰ্তমান : যি ক্ৰিয়াৰ কাম শেষ হৈছে বা পূৰ্ণ হৈছে, কিন্তু ভাৱ ফল বা প্রভাৱ এতিয়াও আছে, নাইবা কামটো চলি আছে, এনে ভাৱ প্ৰকাশক ক্ৰিয়াৰ কালক স্বৰূপ বর্তমান কাল বোলে। যেনেঃ মই ভাত খাইছোঁ। মই পঢ়ি আছোঁ।

স্বৰূপ বৰ্তমান কাল তিনি ধৰণে ব্যৱহাৰ হয়-

নিৰ্দ্দেশক— যেনেঃ মই খেলিছোঁ, আমি খেলিছোঁ,  তুমি খেলিছা  ইত্যাদি।

চলমান যেনেঃ মই খেলি আছোঁ।  আমি খেলি আছোঁ।  তুমি খেলি আছা।

ঘটমান যেনে: মই পঢ়িব ধৰিছোঁ . আমি পঢ়িব ধৰিছোঁ।

২। অতীত কালঃ যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ’ল, তাক অতীত বা ভূত কাল বোলে।

অতীত কাল তিনি বিধ-

(ক) স্বৰূপ ভূত বা সামীপ্য ভূত বা সাধাৰণ ভূত কাল।

(খ) অপূর্ণ ভূত বা নিত্য ভূত বা পৰোক্ষ ভূত কাল

(গ) সম্ভাব্য ভূত কাল

(ক) স্বৰূপ ভূতঃ যি ক্ৰিয়াৰ কাৰ্য আগতে শেষ হৈ গৈছে তেনে ক্ৰিয়াৰ কালক স্বৰূপ ভূত কাল বোলে। যেনে : মই খালোঁ। আমি খালোঁ।  ইত্যাদি।

(খ) অপূৰ্ণ ভূতঃ যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ আগৰ কালত হোৱা বুজায়, তেনে ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত কাল বোলে। যেনেঃ তেওঁ যাওঁতে মই ভাত খাই আছিলো। মই আহোঁতে সি কাম কৰিছিল।

অপূর্ণ ভূত কাল তিনি ধৰণে ব্যৱহাৰ হয়-

চলমান অৰ্থত অপূর্ণ ভূত কাল : মই খাই আছিলো, তুমি খাই আছিলা। ইত্যাদি।

ঘটমান অৰ্থত অপূর্ব ভূত কাল : ম‍ই খাব ধৰিছিলো, তুমি খাব ধৰিছিলা ,ইত্যাদি।

(গ) সম্ভাব্য ভূত কাল : অতীতত কোনো কাৰ্য হোৱাৰ সম্ভাৱনা আছিল কিন্তু কাৰ্য নোহোৱাকৈ ক্রিয়া শেষ হ’ল, তেনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূত কাল বোলে। যেনে : ম‍ই কৰিলোঁহেতেন, তুমি কৰিলাহেঁতেন, তেওঁ কৰিলেহেঁতেন, ইত্যাদি ।

৩। ভৱিষ্যৎ কালঃ ভৱিষ্যতে কোনো কাৰ্য সম্পাদন কৰা হ’ব এনে ভাৱ বুজোৱা ক্ৰিয়াৰ কালক ভৱিষ্যৎ কাল বোলে। যেনে : মই ভাত খাম। মই ফুটবল খেলিম। ইত্যাদি

ভৱিষ্যৎ কালৰ ব্যৱহাৰ তিনি ধৰণৰ-

সাধাৰণ নিৰ্দ্দেশক ৰূপেঃ আমি ঘৰলৈ যাম, তুমি সভালৈ আহিবা, তেওঁ স্কুললৈ যাব ইত্যাদি ।

অনুজ্ঞা ৰূপে : (আদেশ, অনুৰোধ, উপদেশ, নির্দ্দেশ, প্রার্থনা, প্রতিজ্ঞা, আশীর্বাদ আদি বুজোৱা অৰ্থত) তই আজিয়েই ঘৰলৈ যাবি; তুমি আমালৈ নাপাহৰিবা; নিয়মিতভাৱে পঢ়া-শুনা কৰিবা ; ভগৱানে তোমাৰ মঙ্গল কৰিব ; ম‍ই পৰীক্ষাত পাছ কৰিমেই ইত্যাদি।

ঘটমান অৰ্থতঃ আমি গৈ থাকিম, তুমি আহি থাকিবা। তুমি কামটো কৰি থাকিবা, মই চাই খাকিম।