ফকৰা-যোজনা

ফকৰা-যোজনা হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা। এই বোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়।ফকৰা-যোজনাবোৰ ভাষাৰ সম্পদ।এই বোৰে ভাষা এটাক চহকী কৰাৰ লগতে ভাষাটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰতিটো ফকৰা-যোজনাৰে একোটা অন্তৰ্নিহিত অৰ্থ থাকে, ইহঁত একোটা বিশেষ ভাবৰ নিৰ্দেশক আৰু বাহক।

ইন্দ্ৰ সভাত ফেঁচাৰ কুৰুলি।

গম্ভীৰ পৰিৱেশত চলি থকা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ মাজত অপ্ৰাসংগিক তৰল মন্তব্য দিয়া।

    ধৰ্মীয় আখ্যান মতে দেৱৰাজ ইন্দ্ৰ স্বৰ্গৰ ৰজা। সুখ-শান্তি, সৌন্দৰ্য–বিভূতি আৰু  অমৰত্বৰে মহিমাময়ী স্বৰ্গ দেৱতাসকলৰ বাসস্থান। শুভ আৰু মংগলকামী চিন্তা কাৰ্যৰে সদা মুখৰিত স্বৰ্গ ৰাজ্য।  স্বৰ্গৰ  ৰাজসভাত দেৱৰাজ ইন্দ্ৰই ত্ৰিজগতৰ কল্যানৰ হেতু  দেৱতাসকলৰ সৈতে নানা গুৰুত্বপূর্ণ বিষয়   আলোচনা কৰে। ইন্দ্ৰৰ ৰাজসভা গাম্ভীৰ্যপূৰ্ণ । তাত গুণী-জ্ঞানী দেৱতাসকলে নিজৰ নিজৰ দৈৱিক শক্তিৰে ত্ৰিজগতৰ মংগল সাধন কৰাৰ পৰিকল্পনা কৰে।  আনহাতে  ফেঁচাৰ কুৰুলিক লোকসমাজে অমংগলীয়া আৰু অশুভ হিচাপে গন্য কৰে। ফেঁচাই কুৰুলিয়ালে বিপদ আহে। সেয়ে ফেঁচাৰ কুৰুলি সকলোৰে বাবে অবাঞ্ছনীয়। শুভ চিন্তা-চৰ্চাৰ স্থল  দেৱ সভাত অমংগলীয়া আৰু অশুভ ফেঁচাৰ কুৰুলি কোনো কালেই বাঞ্ছনীয় নহয়, বৰঞ্চ ই অশোভনীয়, হাস্যাস্পদ আৰু নিন্দনীয়। ঠিক একেদৰেই কোনো গম্ভীৰ আৰু মৰ্য্যাদাপূৰ্ণ আলোচনাৰ মাজত  তৰল চিন্তাৰ অপদাৰ্থ ব্যক্তিৰ উপস্থিতি আৰু তেওঁলোকৰ ঋণাত্মক আৰু অহিতকাৰী মন্তব্য সকলোৰে বাবে অবাঞ্ছনীয়।ই ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলিৰ লেখীয়া কথা।

অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলো নষ্ট । 

যিজনে জ্ঞানৰ মোল নুবুজে তেনে লোকক জ্ঞান দিবলৈ গ’লে কেতিয়াবা নিজৰহে অনিষ্ট সাধন হয়।

প্ৰচলিত লোক গাথাৰ এটি কাহিনী এনে ধৰণৰ – এদিন এজাক বান্দৰে বৰষুণত তিতি-বুৰি জৰুলি জুপুৰি হৈ কষ্ট পোৱা দেখি টোকোৰা চৰাইয়ে নিজৰ উদাহৰণ দেখুৱাই বান্দৰক বাহ সাজি ল’বলৈ উপদেশ দিছিল।কিন্তু মূৰ্খ বান্দৰবোৰে টোকোৰা চৰাইয়ে সিহঁতক বিদ্রুপ কৰা বুলি ভাবিলে আৰু খঙতে টোকোৰা চৰাইৰ  বাহবোৰ ভাঙি পেলালে আৰু বাহত থকা কণীবোৰো নষ্ট কৰিলে। সজ উপদেশ দিবলৈ গৈ বেচেৰা টোকোৰা চৰাইয়ে নিজৰহে অনিষ্ট কৰিলে। এই কাহিনীটোত বৰ্ণনা কৰাৰ দৰেই অনেক সময়ত বহু  মানুহে সজ উদ্দেশ্যলৈ আনক সহায় কৰে নাইবা পৰামৰ্শ দিয়ে। কিন্তু যিজন অজ্ঞানী তেওঁ মানুহজনৰ সজ উদ্দেশ্য বুজি নাপায় আৰু ওলোটাই মানুহজনৰ অপকাৰহে কৰে। সেয়ে  আমি কাৰোবাক কিবা উপদেশ দিবলৈ  নাইবা কোনো বিষয়ত জ্ঞান দিবলৈ যোৱাৰ আগতে তেনে লোকৰ সেই উপদেশ বা সেই বিষয়ত জ্ঞান গ্ৰহণৰ যোগ্যতা আছেনে তাক জানি লোৱা উচিত। অজ্ঞানী বা মূৰ্খজনে  উপকাৰৰ মূল্য দিব নাজানে।

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।

অভ্যাসৰ জৰিয়তে অসাধ্যও সাধন কৰিব পাৰি।

  অভ্যাসৰ জৰিয়তে অসাধ্যও সাধন কৰিব পাৰি। কোনো এটা কাম কৰিবলৈ সেই কামটোৰ বিষয়ে জ্ঞান আৰু তাক কৰাৰ কৌশল জনাটো প্ৰয়োজন। আৰু  সেই কামটোত সম্পূৰ্ণ পাৰদৰ্শিতা আয়ত্ব কৰিবলৈ  অভ্যাসৰ প্ৰয়োজন। অভ্যাস নকৰিলে আমাৰ জ্ঞান আৰু কৌশল দুয়োটাতেই মামৰে ধৰে। জ্ঞান আৰু তাক কৰাৰ কৌশল জানিলে আমি কামটো কৰিব পাৰিম সঁচা, কিন্তু কামটো অভ্যাস কৰি থাকিলেহে তাক নিখুঁত ভাৱে কৰাৰ দক্ষতা আহৰণ কৰিব পাৰিম। অভ্যাসে যে কামটোৰ বাবে আমাক অকল দক্ষতায়ে দিয়ে তেনে নহয়, ই আমাৰ কামটোক এক অসাধাৰন স্তৰলৈ লৈ যায়।  অভ্যাসৰ জৰিয়তে দুঃসাধ্য যেন লগা কঠিন কামো সহজসাধ্য কৰি তুলিব পাৰি। অভ্যাসৰ জৰিয়তে এজন ধনুৰ্ধৰে তিৰোতা মানুহৰ কেৰু পিন্ধা কাণৰ নিচেই সৰু ফুটাইদিও  শৰ সৰকাই পঠোৱাৰ দৰে অসাধ্য শৰ সন্ধানো কৰিবলৈ সমৰ্থ হব পাৰে।  কোনো কাম কঠিন বুলি, কৰিব নোৱাৰো বুলি নাইবা কামটোত এবাৰতে কৃতকাৰ্যতা লাভ  কৰিব নোৱৰিলে কামটো কৰিবলৈ এৰি দিব নালাগে।  কামটো কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিব লাগে।বাৰে বাৰে চেষ্টা কৰিলে এদিন কামটোলৈ কৃতকাৰ্যতা অহাটো নিশ্চিত। অকাগ্ৰ চিত্তে কৰা অভ্যাস কৃতকাৰ্যতাৰ মূল চাবিকাঠী।

এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া।

কৰি ভাল পোৱা কাম কৰিবলৈ অপৰ্যাপ্ত সুযোগ পাই আনন্দত আত্মহাৰা হোৱা।

   নাতিনীসকল বুঢ়ীমাকসকলৰ বৰ হেঁপাহৰ আৰু বৰ আদৰৰ। নাতিনীসকলৰ বিয়া বুঢ়ীমাকসকলৰ বাবে তাতোকৈ আনন্দৰ কথা। নাতিনীৰ বিয়াত  বুঢ়ীমাকসকল আনন্দত আত্মহাৰা হৈ পৰে। প্ৰতিগৰাকী বুঢ়ীমাকৰ বাবে নাতিনীৰ বিয়া অফুৰন্ত সুখ, হাঁহি-ধেমালী, ৰং-ৰহইছ ,হিয়াৰ বহুতো আবেগ-হেপাহ আৰু আশীৰ্বাদেৰে ভৰি থকা এটি পাৰিবাৰিক অনুষ্ঠান। জীৱনৰ বিয়লি পৰত বুঢ়ীমাকসকলে এই অনুষ্ঠানটিত হেপাহ পলুৱাই ফুৰ্তি কৰে।  আনন্দতে কি কৰিব কি নকৰিব সেই ভাবি তেওঁলোকৰ দেহ মন নাচি উঠে। তাতে যদি বুঢ়ীমাকজনী  নাচনী হয় বা ধেমেলীয়া স্বভাৱৰ হয় তেতিয়া নাতিনীয়েকৰ বিয়াত তেওঁক আৰু কোনে পায় নাতিনীয়েকৰ বিয়াত তেওঁ অন্তৰ উজাৰি নাচিবৰ বা ধেমালী কৰিবৰ অৱকাশ পায় আৰু তাকে কৰি তেওঁ আনন্দত আত্মহাৰা হৈ পৰে। আমি যেতিয়া মনে বিচৰা কাম এটা নাইবা বহুদিন কৰিবলৈ আশা পালি থকা কাম এটা কৰাৰ সুযোগ পাওঁ তেতিয়া আমাৰ আনন্দৰ সীমা নোহোৱা হয়, সীমাহীন আনন্দই আমাক অধীৰ কৰি তোলে।

এশ গৰু মাৰিলে বাঘৰো মৰণ

বেয়া কাম কৰি কোনো সাৰি যাব নোৱাৰে ।বেয়া কামৰ কুফল কৰোতাজনে এদিন ভোগ কৰিবই।  

   বাঘ অতিশয় হিংস্র জন্তু; ইহঁত মাংসভোজী। খাদ্যৰ বাবে ইহঁতে আন জন্তুৰ লগতে নিৰীহ গৰুও বধ কৰে। গো-বধ মহাপাপ। অধিক গৰু বধ কৰিলে, বাঘৰো মহাপাপ হয়; তাৰ ফলত তাৰ আয়ুস টুটে।  বাঘে গৰু মৰা শুনিলে মানুহেও বাঘক বধ কৰিবলৈ সষ্টম হয় আৰু গৰুক বাঘৰ পৰা বচাবলৈ মানুহে বিভিন্ন ফান্দ পাতি  বাঘ বধ কৰে। যিমানেই শক্তিশালী নহওক কিয় অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে। গতিকেই বাঘৰো মৰণ হয়। ঠিক একেদৰেই মানুহ যিমানেই প্ৰতাপী বা শক্তিশালী নহওক কিয় বেয়া কাম কৰিলে বেয়া কামৰ পৰিণাম এদিন ভোগ কৰিবই লাগিব।   সেয়ে মানুহে অসৎ কামৰ পৰা সদায় বিৰত থকা উচিত; অসৎ কামৰ কুফলে মানুহৰ জীৱন দুৰ্বিসহ কৰি তোলে।

কিনা হাঁহৰ ঠোটলৈকে মঙহ।

ধন ভাঙি কিনি অনা বস্তুক  যথেষ্ট মূল্য দিয়া হয়।

    এনেয়ে পোৱা বস্তুতকৈ ধন ভাঙি কিনি অনা বস্তুক  মানুহে বেছি মূল্য দিয়ে।ধন ভাঙি কিনি অনা বস্তুৰ ক্ষূদ্ৰাতিক্ষূদ্ৰ অংশ এটাকো অথলে যাব দিয়া নহয়। আনকি ধন ভাঙি কিনি অনা বস্তুৰ অদৰ্কাৰী অংশ এটাকো পেলাই দিবলৈ মানুহে টান পায়। ধন দি কিনি অনা হাঁহ এটাৰ ঠোঁটৰ মাজতো যেন মঙহ থাকে , হাঁহটোৰ  মঙহ এনেভাৱে বাছি কুটি উলিওৱা হয়  যে খাব পৰা এটি  সৰু অংশও  বাদ পৰি নাযায়। হাঁহটোৰ আন  অংশটো বাদেই   ঠোঁটটোৰ গুৰিলৈকে মঙহ এনেদৰে বিচৰা হয় যে  খাব পৰা হ’লে যেন ঠোঁটটোকে খালেহেঁতেন । দৰাচলতে মূল্য দি অনা যিকোনো বস্তুৰ  সামান্য অংশও মানুহে হানি হ’বলৈ নিদিয়ে, হানি হ’বলৈ দিয়া উচিত নহয়, সামান্য অংশ হানি হোৱা মানেই কিছু অংশ ধনৰ অপচয় হোৱা।

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা ।

ঢিলা বা সৰল মানুহ পালে  অসজ মানুহে  অনায়াসে অপকাৰ কৰিবলৈ লয়।

   আদা পূৰঠ হ’লেহে জাল বেছি হয় । কুমলীয়া অৱস্থাত  আদাৰ জাল কম। পূৰঠ আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে ৰুকি বা বাকলি গুছাই লব লাগে। কিন্তু কুমলীয়া আদাৰ ছাল কোমল বাবে হাতেৰে মোহাৰিয়ে খাব পাৰি । সৰল মানুহবোৰৰ মন বোৰো কুমলীয়া, সহজতে তেওঁলোকক পতিয়ন নিয়াব পাৰি। সৰল মানুহৰ সৰলতাৰ সুযোগ লৈ অসজ প্ৰবৃত্তিৰ ব্যক্তিয়ে বহু সময়ত তেওঁলোকক ঠগ প্ৰৱঞ্চনা কৰে, নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। শঠ-প্ৰৱঞ্চকৰ বাবে কুমলীয়া, সৰল অন্তৰৰ মানুহবোৰক প্ৰৱঞ্চনা কৰা বা অপকাৰ কৰাতো কুমলীয়া আদাক  ভৰিৰে মোহাৰি খোৱাৰ দৰে অতি সহজ কাম। কিন্তু সজ লোকে কেতিয়াও তেনে কাম নকৰে । সৰল মানুহৰ সৰলতাক শ্ৰদ্ধা কৰিব লাগে , তেওঁলোকৰ সৰলতাৰ সুযোগ লৈ তাৰ অপব্যৱহাৰ কৰিব নালাগে।

কুকুৰৰ নেজ দীঘল হয়, নিজে পাৰি বহিব ।

স্বাৰ্থপৰ, লোভী আৰু হিংসুক প্ৰবৃত্তিৰ লোকে যি ধন উপাৰ্জন কৰে সেই ধনে অকল তেওঁলোককহে উপকৃত কৰে , আনক  নহয়।

   কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলিয়ে ধৰে;  তাৰ যদি নেজ দীঘল হয়, তেনেহ’লে সি নিজেহে পাৰি বহিব । তাৰ নেজ দীঘল হলে আনৰ  একো উপকাৰ নহয় । স্বাৰ্থপৰ, লোভী আৰু হিংসুক প্ৰবৃত্তিৰ লোকেও  নানা অসৎ উপায়েৰে ধন ঘটে । সেই ধন তেওঁলোকে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰে। স্বাৰ্থপৰ, লোভী আৰু হিংসুক লোকৰ  অসৎ উপায়েৰে অৰ্জা ধনৰ তালিকা যিমানেই দীঘলীয়া নহওঁক কিয় , তেওঁলোকৰ সম্পত্তিৰ হিচাপ যিমানেই বাঢ়ি নায়াওক কিয়, সেই  ধন , সেই  সম্পত্তি সমাজৰ বা আনৰ কোনো কামৰ নহয়, তাৰপৰা আনৰ বা সমাজৰ একো উপকাৰ নহয় । ধনৰ বৰ্ধিত তালিকাই অকল তেওঁলোককহে ভোগ বিলাস দিব , সমাজক নহয়। এনে ধন, অৰ্থাৎ  অকল নিজৰ বাবে অৰ্জা ধন, কুকুৰৰ দীঘল নেজৰ তুল্য।

খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা ।

খঙত হিতাহিত জ্ঞান হেৰুৱাই নিজৰ অনিষ্ট কৰি বহুদিনলৈ তাৰ কুফল ভোগ কৰা ।

  খং মানুহৰ ডাঙৰ শত্রু। বেছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়,খঙৰ জালত কি কৰিছে, কি নকৰিছে নিজেই ক’ব নোৱাৰা হয়। খঙৰ প্ৰকোপত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি  নিজৰে ঘোৰ অনিষ্ট কৰে।  খং যেতিয়া মাৰ যায়,  তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্মৰ বাবে অনুতাপত ভুগিব লগা হয় । খঙতে নিজৰ পেটকে কাটি লৈ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছমাহ বা তাতোকৈ বেছিদিন শুকনী (ঔষধ) খাব লগা হোৱাৰ দৰে হয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে যে অকল আনৰ অনিষ্ট সাধন  কৰে তেনে নহয়, নিজৰো অনিষ্ট সাধন কৰি যথেষ্ট কষ্টভোগ কৰিব লগা হয়। সেয়ে মানুহে কেতিয়াও খঙক লাই দিব নালাগে, খঙক সদায় নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে।