Class X Unit III ব্যাকৰণ

ধাতু

ক্ৰিয়াৰ মূল ৰূপকে ধাতু বোলে।

অসমীয়া ধাতু (ক্ৰিয়াৰ মূলৰূপ) বোৰক মুঠতে দুটা ভাগত ভাগ কৰা হৈছে-

(১) মৌলিক বা সিদ্ধ ধাতু

 (২) যৌগিক ধাতু বা সাধিত ধাতু

(১)মৌলিক বা সিদ্ধ ধাতু -যিবোৰ ধাতু স্বয়ংসিদ্ধ বা আদি ৰূপৰ ৰূপান্তৰ ঘটা নাই সেইবোৰ ধাতুকে মৌলিক বা সিদ্ধ ধাতু বোলে। যেনে – পূজ, ৰচ, লিখ, কৰ, পঢ়

(২) যৌগিক ধাতু বা সাধিত ধাতু মৌলিক ধাতু বা শব্দৰ শেষত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক যৌগিক ধাতু বোলে।  যেনে পঢ়ুৱা, কৰায়, ফুলা, গোৱা

যৌগিক বা সাধিত ধাতু চাৰিটা ভাগত ভাগ কৰিব পাৰি-

(ক) পাঁচনী ধাতু

(খ) নাম ধাতু

(গ) ধ্বন্যাত্মক ধাতু

(ঘ) মিশ্ৰ বা সংযোগমূলক ধাতু

(ক) পাঁচনী ধাতু

আনৰ দ্বাৰা কাম কৰোৱা অৰ্থত মূল ধাতুৰ পিছত আ,ওৱা,উৱা প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক পাঁচনী ধাতু বোলে।যেনেঃ  কৰ — কৰা  , ধৰা- ধৰোৱা, পঢ় —-পঢ়ুৱা  ইত্যাদি।

(খ) নাম ধাতু

বিষেশ্য বা বিশেষণ পদৰ পিছত ‘আ’, ‘ইয়া’ বা ‘উৱা’ প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুকে নাম ধাতু বোলে। যেনেঃ  চৰ — চৰা, ভুকু- ভুকুৱা , ডাবি — ডবিয়া ইত্যাদি।

(গ) ধ্বন্যাত্মক ধাতু

কোনো শব্দ অনুকৰণ কৰি সাধিত হোৱা ধাতুকে ধ্বন্যাত্মক ধাতু বোলে।  যেনেঃ  কলকলা,  গিৰগিৰা, কিনকিনা, গুণগুণা

ঘ)মিশ্ৰ বা সংযোগমূলক ধাতু

মৌলিক ধাতুৰ সৈতে বিশেষ্য, বিশেষণ, ধনাত্মক শব্দ যোগ হৈ সাধিত হোৱা ধাতুক মিশ্ৰ বা সংযোগমূলক ধাতু বোলে। উদাহৰণ– ভিক্ষাকৰ,  ৰক্ষাকৰ, মনকৰ, ক্ষতিকৰ,  লাভকৰ, ইত্যাদি।

কাল

যি সময়ত ক্রিয়া সম্পাদন হয়, সেই সময়ক কাল বোলে ।

প্রধান কাল তিনিটা –

১। বর্তমান কাল

২। অতীত কাল

৩। ভৱিষ্যৎ কাল

১। বর্তমান কাল : চলিত সময়, স্বভাৱ, অভ্যাস আদিৰ নিত্য ভাৱ বুজোৱা ক্ৰিয়াৰ কালক বর্তমান কাল বোলে ।

বর্তমান কাল দুবিধ :

(ক) নিত্য বর্তমান

(খ) স্বৰূপ বৰ্তমান

(ক) নিত্য বর্তমান: যি ক্রিয়াই নিয়ম, অভ্যাস বা চলিত বর্তমান আদি বুজায়, তাৰ কালক নিত্যবর্তমান কাল বোলে।

যেনে : ৰাতি আকাশত তৰা ওলায়।

     বহাগ মাহত কপৌ ফুল ফুলে।

     পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।

    মই স্কুললৈ যাওঁ।

  • ঐতিহাসিক ঘটনা, অতীত ঘটনা আদি বুজোৱা অতীত কালৰ ক্ৰিয়া পদক নিত্য-বর্তমান কালত ব্যৱহাৰ কৰা হয়। যেনেঃ ১৫৫৬ খ্ৰীষ্টাব্দত পাণিপথৰ যুদ্ধ হয়। শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ খ্ৰীষ্টাব্দত আৱির্ভার হয় ইত্যাদি।
  • চিৰন্তন সত্যবোৰ সদায় নিত্য বর্তমান কালত ব্যৱহাৰ হয়। যেনে : বেলি পূৱ ফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। জীৱ মাত্রেই মৰে ইত্যাদি।

নিত্যবর্তমান কাল তিনি ধৰণে ব্যৱহাৰ হয়-

১)নির্দেশক -যেনে: মই খাওঁ। আমি খাওঁ।তুমি খোৱা। সি খায়।

২)অনুজ্ঞা -যেনে: আপুনি খাওঁক। তুমি খোৱা। তই খা।

৩)সম্ভাব্য– যেনে: যদি মই কৰোঁ , যদি আমি  কৰোঁ , যদি সি কৰে আদি

(খ) স্বৰূপ বৰ্তমান : যি ক্ৰিয়াৰ কাম শেষ হৈছে বা পূৰ্ণ হৈছে, কিন্তু ভাৱ ফল বা প্রভাৱ এতিয়াও আছে, নাইবা কামটো চলি আছে, এনে ভাৱ প্ৰকাশক ক্ৰিয়াৰ কালক স্বৰূপ বর্তমান কাল বোলে। যেনেঃ মই ভাত খাইছোঁ। মই পঢ়ি আছোঁ।

স্বৰূপ বৰ্তমান কাল তিনি ধৰণে ব্যৱহাৰ হয়-

নিৰ্দ্দেশক— যেনেঃ মই খেলিছোঁ, আমি খেলিছোঁ,  তুমি খেলিছা  ইত্যাদি।

চলমান যেনেঃ মই খেলি আছোঁ।  আমি খেলি আছোঁ।  তুমি খেলি আছা।

ঘটমান যেনে: মই পঢ়িব ধৰিছোঁ . আমি পঢ়িব ধৰিছোঁ।

২। অতীত কালঃ যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ’ল, তাক অতীত বা ভূত কাল বোলে।

অতীত কাল তিনি বিধ-

(ক) স্বৰূপ ভূত বা সামীপ্য ভূত বা সাধাৰণ ভূত কাল।

(খ) অপূর্ণ ভূত বা নিত্য ভূত বা পৰোক্ষ ভূত কাল

(গ) সম্ভাব্য ভূত কাল

(ক) স্বৰূপ ভূতঃ যি ক্ৰিয়াৰ কাৰ্য আগতে শেষ হৈ গৈছে তেনে ক্ৰিয়াৰ কালক স্বৰূপ ভূত কাল বোলে। যেনে : মই খালোঁ। আমি খালোঁ।  ইত্যাদি।

(খ) অপূৰ্ণ ভূতঃ যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ আগৰ কালত হোৱা বুজায়, তেনে ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত কাল বোলে। যেনেঃ তেওঁ যাওঁতে মই ভাত খাই আছিলো। মই আহোঁতে সি কাম কৰিছিল।

অপূর্ণ ভূত কাল তিনি ধৰণে ব্যৱহাৰ হয়-

চলমান অৰ্থত অপূর্ণ ভূত কাল : মই খাই আছিলো, তুমি খাই আছিলা। ইত্যাদি।

ঘটমান অৰ্থত অপূর্ব ভূত কাল : ম‍ই খাব ধৰিছিলো, তুমি খাব ধৰিছিলা ,ইত্যাদি।

(গ) সম্ভাব্য ভূত কাল : অতীতত কোনো কাৰ্য হোৱাৰ সম্ভাৱনা আছিল কিন্তু কাৰ্য নোহোৱাকৈ ক্রিয়া শেষ হ’ল, তেনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূত কাল বোলে। যেনে : ম‍ই কৰিলোঁহেতেন, তুমি কৰিলাহেঁতেন, তেওঁ কৰিলেহেঁতেন, ইত্যাদি ।

৩। ভৱিষ্যৎ কালঃ ভৱিষ্যতে কোনো কাৰ্য সম্পাদন কৰা হ’ব এনে ভাৱ বুজোৱা ক্ৰিয়াৰ কালক ভৱিষ্যৎ কাল বোলে। যেনে : মই ভাত খাম। মই ফুটবল খেলিম। ইত্যাদি

ভৱিষ্যৎ কালৰ ব্যৱহাৰ তিনি ধৰণৰ-

সাধাৰণ নিৰ্দ্দেশক ৰূপেঃ আমি ঘৰলৈ যাম, তুমি সভালৈ আহিবা, তেওঁ স্কুললৈ যাব ইত্যাদি ।

অনুজ্ঞা ৰূপে : (আদেশ, অনুৰোধ, উপদেশ, নির্দ্দেশ, প্রার্থনা, প্রতিজ্ঞা, আশীর্বাদ আদি বুজোৱা অৰ্থত) তই আজিয়েই ঘৰলৈ যাবি; তুমি আমালৈ নাপাহৰিবা; নিয়মিতভাৱে পঢ়া-শুনা কৰিবা ; ভগৱানে তোমাৰ মঙ্গল কৰিব ; ম‍ই পৰীক্ষাত পাছ কৰিমেই ইত্যাদি।

ঘটমান অৰ্থতঃ আমি গৈ থাকিম, তুমি আহি থাকিবা। তুমি কামটো কৰি থাকিবা, মই চাই খাকিম।

CBSE ASSAMESE (CODE014) GRAMMAR SYLLABUS, 2023-24 for class X

ASSAMESE (CODE014) COURSE STRUCTURE

UNITSTOPICSTOTAL MARKS
UNIT-1 READINGবোধ পৰীক্ষণ15
UNIT-2 WRITINGলিখন কলা25
UNIT-3 GRAMMARব্যাকৰণ20
UNIT-4 TEXTBOOKগদ্যাংশ10
UNIT-5 TEXTBOOKপদ্যাংশ10
  80

SYLLABUS FOR UNIT -3  GRAMMAR (ব্যাকৰণ)

SL.NOTOPICTYPE OF QUESTIONNO OF QUESTIONWEIGHTAGE
1বিসৰ্গ সন্ধি আৰু অসমীয়া সন্ধিVSA41X4=4
2অনুসৰ্গVSA21X2=2
3উপসৰ্গ VSA21X2=2
4বাক্য পৰিবর্তন ( সৰল বাক্য,যৌগিক বাক্য আৰু জটিল বাক্য )VSA41X4=4
5সমাৰ্থক শব্দ        VSA21X2=2
6বিপৰীতাৰ্থক শব্দ     VSA21X2=2
7 ধাতু        VSA21X2=2
8কালVSA21X2=2
                              TOTAL20

বাক্যপৰিৱৰ্তন

বাক্যৰ শ্ৰেণী বিভাগ (আকৃতি বা গঠন অনুসাৰে)

আকৃতি বা গঠন অনুসাৰে বাক্য তিনি শ্ৰেণীৰ ।

(১) সৰল বাক্য

(২) মিশ্র বা জটিল বাক্য

(৩) যৌগিক বাক্য

সৰল বাক্য : যি বাক্যত এটা কৰ্তা আৰু এটা সমাপিকা ক্ৰিয়া থাকে, তেনে বাক্যক সৰল বাক্য বোলে।

যেনে :  ৰামে কিতাপ পঢ়িছে।

       মই  ভাত খাইছো ।

       ভগৱানক ভক্তি কৰিবা।

মিশ্র বা জটিল বাক্য : যি বাক্যত এটা প্ৰধান বাক্যৰ উপৰিও এটা বা ততোধিক অপ্রধান বাক্য লগ লাগি থাকে, তাকে বাক্যক মিশ্র বাক্য বা জটিল বাক্য বোলে।

যেনে :

যি সকললোকে পৰিশ্ৰম কৰে ,তেওঁলোকেই সফলতা লাভ কৰে।

যিসকলে শাৰীৰিক শ্ৰম কৰে, তেওঁলোকৰ স্বাস্থ্য ভালে থাকে।

যাৰ বুদ্ধি থাকে, সি সহজে বিপদত নপৰে।

যৌগিক বাক্য: যি বাক্যত দুটা বা ততোকৈ বেছি বাক্য অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ থাকে, তাকে যৌগিক বাক্য বোলে।

যেনে :

মই তেওঁক লগ ধৰিছিলো  আৰু  চিঠিখন  দিছিলো।

বৰষুণ আহিল সেয়ে মই নগ’লো।

তেওঁ বৰষুণত তিতিলে কিয়নো ছাতি আনিবলৈ পাহৰিলে।

পাৰিলে ময়ে যাম নতুবা কিতাপখনকে দি পঠিয়াম।

 বাক্যৰ শ্ৰেণী পৰিৱৰ্তন

সৰল বাক্যৰ পৰা মিশ্র বা জটিল বাক্যলৈ পৰিৱৰ্তন

সৰল বাক্যমিশ্র বাক্য
আমি ৰাতিপুৱা শ্বিলঙলৈ যাম।যেতিয়া ৰাতিপুৱা হ’ব তেতিয়া আমি শ্বিলঙলৈ  যাম।
মনোযোগেৰে পঢ়িলে পৰীক্ষাত প্ৰথম স্থান পাবা।যদি মনোযোগৰে পঢ়া, তেনেহ’লে পৰীক্ষাত প্রথম স্থান পাবা ।
পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে।পৃথিৱী যে ঘূৰণীয়া হয়, সেইটো সকলোৱে জানে ।
কর্তব্যপৰায়ণ সকলেই সফলতা লাভ কৰে ৷যি সকল কতর্ব্যপৰায়ণ, তেওঁলোকেই সফলতা লাভ কৰে।
মই পঢ়াৰ সময়ত সি খেলে।ম‍ই যেতিয়া পঢ়ো, সি তেতিয়া খেলে।
তেওঁ চোকা ল’ৰা বুলি ম‍ই আগেয়ে নাজানিছিলো।তেওঁ যে চোকা ল’ৰা, ম‍ই আগতে নাজানিছিলো।

সৰল বাক্যৰ পৰা যৌগিক বাক্যলৈ পৰিৱৰ্তন

সৰল বাক্যযৌগিক বাক্য
ৰামে পিতৃ-সত্য পালি লক্ষ্মণ, সীতাৰ সৈতে বনলৈ গ’ল।ৰামে পিতৃ-সত্য পালন কৰিলে আৰু লক্ষ্মণ আৰু সীতাৰ সৈতে বনলৈ গ’ল।
এম. এ পাছ কৰিও সৎ হ’ব নোৱাৰিলা ।এম. এ পাছ কৰিলা তথাপি সৎ হ’ব নোৱাৰিলা ।
পৰিশ্ৰম কৰিলেহে উন্নতি কৰিব পাৰিবা ।পৰিশ্ৰম কৰিবা, তেহে উন্নতি কৰিব পাৰিবা ।
তুমি পঢ়াত মনোযোগ নিদিয়াত কৃতকার্যতা লাভ কৰিব নোৱাৰিলা । তুমি পঢ়াত মনোযোগ দিয়া নাছিলা বাবে কৃতকার্যতা লাভ কৰিব নোৱাৰিলা।
জয়মতীয়ে স্বামীৰ কথা নকৈ জীৱন উছৰ্গা কৰিলে।জয়মতীয়ে স্বামীৰ কথা যে নক’লেই, জীৱনো উছৰ্গা কৰিলে ।
লাচিতে মোগলক জয় কৰি গুৱাহাটীৰপৰাখেদি দিলে।লাচিতে মোগলক জয়ো কৰিলে আৰু গুৱাহাটীৰপৰা খেদিও দিলে।

 জটিল বাক্যৰ পৰা যৌগিক বাক্যলৈ পৰিৱৰ্তন

জটিল বাক্যযৌগিক বাক্য
যদিও তাই পঢ়া শুনাত ভাল তথাপি ব্যৱহাৰ বেয়া।তাই পঢ়া-শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ বেয়া।
যি আনক ভাল পায়, তেওঁক ভগৱানেও ভাল পায়।তুমি আনক ভাল পাবা আৰু ভগৱানে   তোমাক ভাল পাব ।
যদি তুমি আহা, তেনেহ’লে ময়ো যাম।তুমিও আহিবা আৰু ময়ো যাম।
তেওঁৰ জ্বৰ হৈছিল যদিও তেওঁ পৰীক্ষা দিলে।তেওঁৰ জ্বৰ হৈছিল, কিন্তু তেওঁ পৰীক্ষা দিলে।
যদি মোৰ কথা মতে নচলা, তেনেহ’লে তুমি বিপদত পৰিবা ৷মোৰ কথা মতে চলা, নহ’লে বিপদত পৰিবা ৷
যদি নিয়ম মতে ব্যায়াম কৰা তেনেহ’লে স্বাস্থ্য ভালে থাকিব।নিয়ম মতে ব্যায়াম কৰিবা আৰু স্বাস্থ্য ভালে ৰাখিবা।

বাক্য পৰিৱৰ্তনৰ কেতবোৰ উদাহৰণ

  • সৰল বাক্য: পানী গোট মাৰিলে বৰফ হয়।

জটিল বাক্য: পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়।

  • সৰল বাক্য: পাঠ্যপুথি ভালকৈ পঢ়িলে পৰীক্ষা ভাল কৰিব পাৰিবা।

জটিল বাক্য : যদি পাঠ্যপুথি ভালকৈ পঢ়া তেতিয়া পৰীক্ষা ভাল কৰিব পাৰিবা।

  • জটিল বাক্য: ম‍ই যেতিয়া পঢ়ো সি তেতিয়া খেলে।

সৰল বাক্য: মই পঢ়াৰ সময়ত সি খেলে।

  • জটিল বাক্য: পৃথিৱী যে ঘূৰণীয়া হয়, সেইটো সকলোৱে জানে।

সৰল বাক্য: পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে।

  • সৰল বাক্য: সঁচা কথা ক’লে সকলোৱে মৰম কৰিব।

যৌগিক বাক্য: সঁচা কথা ক’বা, তেতিয়া সকলোৱে মৰম কৰিব।

  • সৰল বাক্য: ৰামে পিতৃ-বাক্য মানি লক্ষ্মণ-সীতাৰে সৈতে বনবাসলৈ গ’ল।

যৌগিক বাক্য: ৰামে পিতৃ-বাক্য মানিলে আৰু লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাসলৈ গ’ল।

  • যৌগিক বাক্য: ব্যায়াম কৰিবা, তেতিয়া স্বাস্থ্য ভালে থাকিব ।

সৰল বাক্য: ব্যায়াম কৰিলে স্বাস্থ্য ভালে থাকে।

  • যৌগিক বাক্য: তুমি পঢ়াত মনোযোগ দিয়া নাছিলা, সেয়েহে পৰীক্ষাত ভাল কৰিব নোৱাৰিলা ।

সৰল বাক্য:পঢ়াত মনোযোগ নিদিয়াত পৰীক্ষাত ভাল কৰিব নোৱাৰিলা।

  • যৌগিক বাক্য: মানুহজন ধনী, কিন্তু দাম্ভিক নহয়।

জটিল বাক্য: মানুহজন যদিও ধনী, তথাপি দাম্ভিক নহয়।

  • যৌগিক বাক্য: তুমি আনক ভাল পাবা আৰু ভগৱানে তোমাক ভাল পাব।

জটিল বাক্য: যি আনক ভাল পায়, তেওঁক ভগৱানেও ভাল পায় ।

  • জটিল বাক্য: বিষয়টো যদিও অভিনৱ তথাপি ই অস্বাভাৱিক নহয় ।

যৌগিক বাক্য: বিষয়টো অভিনৱ কিন্তু অস্বাভাৱিক নহয় ।

  • জটিল বাক্য: তেওঁৰ জ্বৰ হৈছিল যদিও পৰীক্ষা নিদিয়াকৈ নাথাকিলে।

যৌগিক বাক্য:  তেওঁৰ জ্বৰ হৈছিল কিন্তু পৰীক্ষা নিদিয়াকৈ নাথাকিলে।

প্ৰতিশব্দ বা সমাৰ্থক শব্দঃ

ঈশ্বৰঃ ভগৱান, বিধি, বিধাতা, জগতপতি, জগদীশ, ধাতা, ঈশ, পৰমেশ, প্ৰভূ, পৰমেশ্বৰ

পৃথিৱীঃ ধৰা, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, বসুধা, ধৰণী, মহী, মেদিনী,ক্ষিতি, অৱনী, ভূ

আকাশঃ গগন, শূন্য, ব্যোম, অম্বৰ, নীলিমা

নদীঃ নৈ, তটিনী,তৰংগিণী, প্ৰবাহিনী, সৰিত, স্ৰোতস্বিনী, স্ৰোতৱতী

সূৰ্যঃ বেলি, দিবাকৰ, দিননাথ,ৰবি,ভানু, ভাস্কৰ, মাৰ্কণ্ড, মিহিৰ, অৰুণ, তপন, আদিত্য, অংশুমালী, প্ৰভাকৰ, সবিতা, দিনকৰ, দিনবন্ধু

চন্দ্ৰঃ জোন, জোনবাই, চন্দ্ৰমা, নিশাপতি, নিশাকৰ, সুধাকৰ, সুধাংশু, সিতাংশু, শশধৰ, শশাংক, শশী

অগ্নিঃ অনল, জুই, বহ্নি, পাৱক, হুতাশন

বায়ুঃ বতাহ, অনিল, পৱন, সমীৰ, সমীৰণ

মেঘঃ জলদ,জলধৰ, ডাৱৰ, অম্বুদ, নীৰদ,বাৰিদ

দিনঃ দিবা,দিবস

ৰাতিঃ নিশা, ৰজনী,যামিনী,ক্ষমা, ক্ষণদা,ত্ৰিযামা

পদুমঃ পদ্ম,উতপল, কমল,শতদল,শতপত্ৰ, পংকজ, সৰোজ, সৰসিজ,অৰবিন্দ, নলিন,নলিনী, নিৰজ

হাতীঃ হস্তী, কৰী, গজ,মাতঙ্গ, দ্বিপ, দ্বিৰদ, কুঞ্জৰ,ঐৰাৱত

ৰজাঃ নৃপতি, ৰাজন, মহীপাল, ক্ষিতিপাল, ভূপতি, মহীপতি, ক্ষিতীশ, ক্ষিতিপতি, নৰপাল,নৰপতি, নৰেশ্বৰ

ইচ্ছাঃ আকাঙ্ক্ষা, অভিলাষ, অভিপ্ৰায়, কামনা, বাঞ্ছা, স্পৃহা, অনুৰাগ, বাসনা

ঐশ্বৰ্যঃ বিভূতি,বিভৱ, ধন, সম্পত্তি, বৈভৱ, সম্পদ

ঘৰঃ ভৱন, আবাস, গৃহ, আলয়, নিলয়

চকুঃ অক্ষি, নয়ন, নেত্ৰ, লোচন, চক্ষু, আঁখি

কপালঃ ললাট, নচিব, দৈৱ,দশা, ভাগ্য, অদৃষ্ট

জিভাঃ জিহ্বা, ৰসনা

বিপৰীত শব্দ

চল -অচল

খাদ্য – অখাদ্য

ধৰ্ম  – অধৰ্ম

ন্যায় – অন্যায়

পৱিত্ৰ – অপৱিত্ৰ

পৰিমিত – অপৰিমিত

পৰিষ্কাৰ – অপৰিষ্কাৰ

চেতন – অচেতন

চিনাকি – অচিনাকি

বিদ্যা – অবিদ্যা

বিধি – অবিধি

বৈধ – অবৈধ

সাধু – অসাধু

শান্ত – অশান্ত

শুভ – অশুভ

সজ – অসজ

সভ্য – অসভ্য

শুদ্ধ – অশুদ্ধ

সুৰ  –  অসুৰ

সুবিধা – অসুবিধা

স্থিৰ – অস্থিৰ

সুস্থ – অসুস্থ

সাধু – অসাধু

মিতব্যয়ী- অমিতব্যয়ী

জ্ঞানী – অজ্ঞানী

জোখ – অজোখ

গভীৰ- অগভীৰ

প্ৰকৃত – অপ্ৰকৃত

হিংসা – অহিংসা

ইষ্ট অনিষ্ট

ইচ্ছা – অনিচ্ছা

উক্ত – অনুক্ত

আশা – নিৰাশা

গুণী – নিৰ্গুণী

দোষী – নিৰ্দোষী

জয় – পৰাজয়

বাদী – বিবাদী,প্ৰতিবাদী

জোখ  –  বিজোখ

আগমন – প্ৰত্যাগমন

আৰোহণ – অৱৰোহণ

উৰ্বৰ – অনুৰ্বৰ

উচিত – অনুচিত

আনন্দ – নিৰানন্দ

অনুগ্ৰহ – নিগ্ৰহ

অনুৰাগ – বিৰাগ

অনুকূল – প্ৰতিকূল

অহংকাৰ – নিৰহংকাৰ

অতিবৃষ্টি – অনাবৃষ্টি

অসীম – সসীম

আদান – প্ৰদান

অৰ্বাচীন – প্ৰাচীন

ইহলোক – পৰলোক

উত্তম – অধম

উত্তমৰ্ণ – অধমৰ্ণ

উৎকৃষ্ট – নিকৃষ্ট

উপকাৰ  – অপকাৰ

আকৰ্ষণ – বিকৰ্ষণ

আৱিৰ্ভাৱ – তিৰোভাৱ

আয় – ব্যয়

আচাৰ –  অনাচাৰ

আদৰ – অনাদৰ

আস্তিক – নাস্তিক

কৃতঘ্ন -কৃতজ্ঞ

গৰিষ্ঠ – লঘিষ্ঠ

চৰম – নৰম

উপস্থিত – অনুপস্থিত

উন্নতি – অৱনতি

উপযুক্ত – অনুপযুক্ত

এতিয়া – তেতিয়া

সাকাৰ – নিৰাকাৰ

বিখ্যাত -অখ্যাত,কুখ্যাত

সফলতা – বিফলতা

পুৰস্কাৰ – তিৰস্কাৰ

প্ৰত্যক্ষ – পৰোক্ষ

সংযোগ – বিয়োগ

উত্থান – পতন

আস্থা – অনাস্থা

উৰ্বৰ – অনুৰ্বৰ

সহযোগী – প্ৰতিযোগী

সজীৱ – নিৰ্জীৱ

সুগম – দুৰ্গম

সুচল – অচল

সুযোগ – দুৰ্যোগ

সুশ্ৰী – কুশ্ৰী, বিশ্ৰী

সুকৃতি – দুষ্কৃতি

সুখ্যাতি – অখ্যাতি

সুগন্ধ – দুৰ্গন্ধ

অনু – বৃহৎ

অলপ – বেছি

অমৃত – গৰল

অন্তৰ –  বাহিৰ

অভাৱ – উভৈনদী

অন্ধ  – চাক্ষুষ

আচল – নকল

আন্ধাৰ – পোহৰ

আকাশ – পাতাল

আৱাহন –  বিসৰ্জন

উত্তৰ – দক্ষিণ

উৰ্দ্ধ – অধঃ

উচ্চ – নীচ

আদি – অন্ত,শেষ

আগ – গুৰি ,পাছ

আপোন – পৰ

আশীৰ্বাদ – অভিশাপ

আয়তী – বিধবা

আচামী – ফৰিয়াদী

আৰম্ভ – শেষ, সমাপ্ত

গ্ৰহণ – বৰ্জন

গৃহস্থী – সন্ন্যাসী

গধূৰ – পাতল

তৰাং – গভীৰ

গহীন – চঞ্চল

গোচৰীয়া – পদকীয়া

গোপন – প্ৰকাশ

ঘন – পাতল

ঘৰচীয়া – বনৰীয়া

চহকী – দুখীয়া

উদাৰ – সংকীৰ্ণ

উদয় – অস্ত

ওপৰত – তলত

ওখ  -চাপৰ

কোমল – কঠিন

কৃশ – স্থুল

খাল – বাম

গুৰু – শিষ্য

গুণ – দোষ

দ্ৰুত – মন্থৰ

দেশপ্ৰেমিক – দেশদ্ৰোহী

ধনী – দুখীয়া

নতুন-  পুৰণি

নিৰ্মল –  মলিন

নিৰাপদ – বিপদজনক

নিৰ্ভীক-  ভীৰু

পণ্ডিত –  মূৰ্খ

লেতেৰা -পৰিষ্কাৰ

এলেহুৱা – পৰিশ্ৰমী

পাতল – গধুৰ,ডাঠ

জড় – চেতন

জমা – খৰচ

জন্ম – মৃত্যু

জাগৰণ –  নিদ্ৰা

জ্ঞানী – মূৰ্খ

জীৱন – মৰণ

ডেকা – বুঢ়া

ডাঠ – পাতল

তপত – চেঁচা

দ’ – বাম

দয়ালু – নিৰ্দয়, নিষ্ঠুৰ

দাতা – কৃপণ

দিন – ৰাতি

দীঘল – চুটি

দীৰ্ঘ – হ্ৰস্ব

দেৱতা – অসুৰ

বাজ – ভিতৰ

বিশ্বাসী – বিশ্বাসঘাতক

বিৰহ – মিলন

বিপদ – সম্পদ

বিস্তৃত – সংক্ষিপ্ত

বিনীত – উদ্ধত

বিনয় – গৰ্ব

ভক্তি – ঘৃণা

ভাল – বেয়া

ভীৰু – সাহসী, নিৰ্ভীক

পুণ্য – পাপ

প্ৰভূ – ভৃত্য

পুৱা – সন্ধ্যা,গধূলি

কাল্পনিক – প্ৰকৃত

প্ৰচুৰ – অল্প

প্ৰৱেশ – প্ৰস্থান

প্ৰশ্ন – উত্তৰ

প্ৰাচ্য – পাশ্চাত্য

গোপন – প্ৰকাশ

প্ৰাচীন – নবীন

প্ৰেৰণা – নিৰুৎসাহ

বগা – ক’লা

বহল – ঠেক

বন্ধু – শত্ৰু

শকত – ক্ষীণ

শুক্ল – কৃষ্ণ

সঁচা – মিছা

সদয় – নিৰ্দয়

সম্পদ – বিপদ

সন্ধি – বিগ্ৰহ

সধবা – বিধবা

সৰল – জটিল

সশ্ৰম – বিনাশ্ৰম

সঞ্চয় – অপচয়

ভূত – ভৱিষ্যত

ভোতা – চোকা

মান –  অপমান

মুখ্য – গৌণ

মুক্ত – বন্ধ

যশ – অপযশ

ৰজা – প্ৰজা

যোগ – বিয়োগ

মিত্ৰ – শত্ৰু

ৰোগী –  নিৰোগী

লঘু –  গুৰু

লাভ – লোকচান

ক্ষতি –  লাভ

যত্ন – আওকাণ,অযত্ন

স্বাধীন – পৰাধীন

স্থাৱৰ –  জংগম , অস্থাৱৰ

সুখ – দুখ

সুন্দৰ – কুৎসিত

সৃষ্টি – প্ৰলয়, ধ্বংস

সোঁ – বাওঁ

হঁহা – কন্দা

হৰণ – পূৰণ

হৰ্ষ – বিষাদ

স্বৰ্গ – মৰ্ত্ত্য, নৰক

দুৰ্জন – সাধু

হৰা – জিকা

হিংসা – প্ৰেম ,অহিংসা

ক্ষমা – প্ৰতিশোধ

হ্ৰাস – বৃদ্ধি

ক্ষয় – বৃদ্ধি

হাঁহি – কান্দোন

সন্ধিঃ বিসৰ্গ সন্ধি আৰু অসমীয়া সন্ধি

১. বিসৰ্গ সন্ধি

ব্যঞ্জন বৰ্ণ অথবা স্বৰবৰ্ণৰ লগত বিসৰ্গৰ সন্ধি হ’লে তাক বিসৰ্গ সন্ধি বোলে ।

উদাহৰণ:

নিঃ + অৱধি = নিৰৱধি

নিঃ + অৱচ্ছিন্ন = নিৰৱচ্ছিন্ন

নিঃ + আকাৰ = নিৰাকাৰ

নিঃ + নয় = নিৰ্ণয়

নিঃ + চয় = নিশ্চয়

নিঃ + চিত = নিশ্চিত

নিঃ + চিন্ত = নিশ্চিন্ত

নিঃ + তেজ = নিস্তেজ

নিঃ + তাৰ = নিস্তাৰ

নিঃ + ঠুৰ = নিষ্ঠুৰ

নিঃ + পাপ = নিষ্পাপ

নিঃ + ফল = নিষ্ফল

নিঃ + কলংক = নিষ্কলংক

নিঃ + ৰব = নীৰৱ

নিঃ + ৰস = নীৰস

নিঃ + ৰোগ = নিৰোগ

দুঃ + গতি  = দুৰ্গতি

দুঃ + নীতি  = দুৰ্নীতি

দুঃ + মতি  = দুৰ্মতি

দুঃ + গম  = দুৰ্গম

দুঃ + ঘোৰ  = দুৰ্ঘোৰ

দুঃ + অৱস্থা=দুৰৱস্থা

দুঃ + চিন্তা  = দুশ্চিন্তা

দুঃ + তৰ  = দুস্তৰ

দুঃ + প্ৰাপ্য  = দুষ্প্ৰাপ্য

দুঃ + কৰ  = দুষ্কৰ

ভাঃ+ কৰ  = ভাস্কৰ

মনঃ + যোগ = মনোযোগ

মনঃ + ৰম = মনোৰম

মনঃ + হৰ = মনোহৰ

মনঃ + তাপ = মনস্তাপ

নমঃ + কাৰ = নমস্কাৰ

তিৰঃ + কাৰ = তিৰস্কাৰ

পুৰঃ + কাৰ = পুৰস্কাৰ

বনঃ + পতি = বনস্পতি

বাচঃ + পতি = বাচস্পতি

আৱিঃ + কাৰ = আৱিষ্কাৰ

বহিঃ + কাৰ = বহিষ্কাৰ

শিৰঃ + চ্ছেদ = শিৰচ্ছেদ

ইতঃ + ততঃ = ইতস্ততঃ

আশীঃ + বাদ = আশীৰ্বাদ

অহঃ + নিশা =অহৰ্নিশ

অহঃ + ৰাত্ৰ =অহোৰাত্ৰ

প্ৰাতঃ + উত্থান = প্ৰাতৰুত্থান

ততঃ + অধিক = ততোধিক

বয়ঃ + অধিক = বয়োধিক

সৰঃ + বৰ =সৰোবৰ

তপঃ + বন =তপোবন

পুৰঃ + হিত =পুৰোহিত

পুনঃ+ ৰপি =পুনৰপি

২) অসমীয়া সন্ধি

অসমীয়া ভাষাত সন্ধিৰ ব্যৱহাৰ কম। যি অলপ ব্যৱহাৰ হয় সেইবোৰ সংস্কৃত সন্ধিহে। শব্দ আৰু ধাতুৰ পাছত বিভক্তি আৰু প্ৰত্যয় আদি যোগ হৈ নতুন পদ গঠিত হওঁতে ধ্বনিৰ পৰিৱৰ্তন হোৱা বাবে সেইবোৰকো বহু ব্যাকৰণিকে সন্ধি বুলি গণ্য কৰে। অসমীয়া ভাষাৰ তেনে সন্ধি কেতবোৰ সন্ধি তলত দাঙি ধৰা হল

শত + এক = শতেক,

 অর্দ্ধ + এক = অৰ্দ্ধেক,

পষ + এক = পষেক,

 মাহ + এক = মাহেক,

 বছৰ + এক = বছৰেক,

 ঘৰ + অত = ঘৰত,

 গছ + অত = গছত,

 হাত + এৰে = হাতেৰে,

ন + আছিল= নাছিল,

ন + আহে = নাহে,

ন + ওপজে – নোপজে,

মানুহ । তাক = মানুহক,

মানুহ + এ = মানুহে

দহ + ওটা (ও+টা) = দহোটা,

পাঁচ + ওটা (ও+টা) = পাচোটা ইত্যাদি।

দা + এবে =দাবে,

 কটাৰী + এৰে =কটাৰীৰে,

লাউ + এবে =লাউৰে,

ধনু + এৰে = ধনুৰে,

সন্ধি + এৰে = সন্ধিৰে

হাবি+ অনি =  হাবিয়নি,

মৰি + অনি = মৰিয়নি,

খেতি + অক = খেতিয়ক,

বুধি + অক =বুধিয়ক,

ফন্দি + অক = ফন্দিয়ক,

 দি + অক = দিয়ক,

নি + অক = নিয়ক,

নদী + আল-নদীয়াল,

ফাকি + আল = ফাকিয়াল,

জাগি +আল = জাগিয়াল

আলু + অনি = আলুৱনি,

 কচু + অনি = কচুৱনি,

উলু + অনি = উলুৱনি,

 গাঁও + অলীয়া = গাঁৱলীয়া,

নাও অৰীয়া = নাৱৰীয়া,

কৰো + আ = কৰোৱা,

গৰু + আ = গৰুৱা ইত্যাদি।

অনুসৰ্গ

১.যিবোৰ বৰ্ণ সমষ্টি ক্ৰিয়া বা অন্য পদৰ পিছত বহি সিহঁতৰ অৰ্থ বিশেষভাবে দেখুৱায়, সেইবোৰক অনুসৰ্গ  বোলা হয়।

২. অনুসৰ্গক স্বাৰ্থিক প্ৰত্যয় নাইবা ক্ৰিয়াবাচক পৰসৰ্গও বোলা হয়।

৩.

অনুসৰ্গব্যৱহাৰউদাহৰণ
হঁকবহুবচনত অনুৰোধ অৰ্থত       আমি খেলোঁহঁক।
তোদৃঢ়তা অৰ্থত               মইতো যামেই।
বলা     অনিশ্চয়তা অৰ্থত          সি তালৈ গৈছিল হ’বলা।
চোনআদেশ,               তুমি এতিয়াই আহাচোন।
 অনুৰোধতুমি কামটো কৰি দিব পাৰিবা নেকি চাবাচোন।
 আশ্বৰ্য বুজোৱা অৰ্থত   তুমিচোন এতিয়াই আহিলা !
সত্বেও অৰ্থত    তুমি নাহিলেও মই যাম ।  
হে   দৃঢ়তা, নিশ্চয়তা অৰ্থত  সিহে যাব।
দৃঢ়তা অৰ্থতমই কামটো কৰিমেই।
(য়ে)দৃঢ়তা অৰ্থতমোৰ কিতাপখন সিয়ে নিছে।

৪.আন কেতবোৰ অনুসৰ্গৰ ব্যৱহাৰঃ

কে় (লৈকে)সি আজিলৈকে সঁচা কথাটো নকলে
এই (য়েই, ৱেই)তুমিয়েই কামটো কৰা
গৈমই গুৱাহাটীৰ পৰা আহিলোঁগৈ
হিসি কেতিয়াবাই ঘৰ পালেহি
নোতুমিনো কি ভাবি থাকা ?
দে তুমি ইয়াতে থাকা দে
দেইতুমি কাইলৈ আহিবা দেই
দেখোনসি গলেই দেখোন
একাতাৰ স্বভাৱ ভাল নহয় একা
পায়তাৰ যিহে খং, মাতিবই নোৱাৰো পায়
দেওকেনেনো অঘাইটং লৰা দেও
লেমই হলে সভাত উপস্থিত থাকিব নোৱাৰিম

৫. অনুসৰ্গ কেতবোৰ আৰ্হি প্ৰশ্ন

১. ‘ই ‘ অনুসৰ্গটো কি অৰ্থত ব্যৱহাৰ হয় ?

উত্তৰঃ দৃঢ়তা অৰ্থত

২. ‘পায়’ অনুসৰ্গটো ব্যৱহাৰ কৰি এটি বাক্য লিখা ।

উত্তৰঃ তাৰ যিহে খং, মাতিবই নোৱাৰো পায়।

৩.  ‘বলা’  অনুসৰ্গটোৰ ব্যৱহাৰ দেখুওৱা

উত্তৰঃ সি তালৈ গৈছিল হবলা

৪.  কেনেনো অঘাইটং লৰা দেও

  এই বাক্যটোত দেও কি (সৰ্গ)

উত্তৰঃ অনুসৰ্গ

CBSE ASSAMESE (CODE014) GRAMMAR SYLLABUS, 2022-23 for class X

ASSAMESE (CODE014) COURSE STRUCTURE

UNITSTOPICSTOTAL MARKS
UNIT-1 READINGবোধ পৰীক্ষণ15
UNIT-2 WRITINGলিখন কলা25
UNIT-3 GRAMMARব্যাকৰণ20
UNIT-4 TEXTBOOKগদ্যাংশ10
UNIT-5 TEXTBOOKপদ্যাংশ10
  80

SYLLABUS FOR UNIT -3  GRAMMAR (ব্যাকৰণ)

TOTAL MARKS :20

SL.NOTOPICTYPE OF QUESTIONNO OF QUESTIONWEIGHTAGE
1উপসৰ্গ (অকল সংস্কৃত উপসৰ্গ )VSA21X2=2
2অনুসৰ্গVSA21X2=2
3ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিVSA41X4=4
4বাক্য পৰিবর্তন ( সৰল বাক্য,যৌগিক বাক্য আৰু জটিল বাক্য )VSA21X2=2
5সমাৰ্থক শব্দ        VSA41X4=4
6তদ্ধিৎ প্ৰত্যয়       VSA21X2=2
7বিপৰীতাৰ্থক শব্দ         VSA21X2=2
8লিংগ(সংস্কৃত স্ত্ৰী প্ৰত্যয়ক বাদ দি)VSA41X4=4
                              TOTAL20

উপসৰ্গ

উপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। বেলেগ বেলেগ উপসৰ্গযুক্ত হৈ একেটা ধাতুৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰে।

সংস্কৃত ভাষাত উপসৰ্গ কুৰি (২০)টা –

প্ৰ, পৰা, অপ, সম, অনু, অৱ, নিৰ, দুৰ, অধি, বি, অভি, সু, উৎ, পৰি, প্ৰতি, অপি, নি, অতি, উপ, আ

 উপসৰ্গব্যৱহাৰউদাহৰণ
প্ৰভাল, বেছি, আৰম্ভ, খ্যাতি,উৎকৰ্ষ,গতি, উৎপত্তি,দক্ষতা আদি  অৰ্থতপ্ৰকাৰ, প্ৰকৰণ, প্ৰকাশ, প্ৰকৃতি, প্ৰকৃষ্ট, প্ৰকোপ, প্ৰগতি, প্ৰচাৰ, প্ৰজনন, প্ৰজ্ঞা, প্ৰজলিত, প্ৰণৱ, প্ৰণয়, প্ৰণাম, প্ৰণীত, প্ৰদান, প্ৰবঞ্চক, প্ৰবাস, প্ৰবাহ, প্ৰকাণ্ড, প্রবৃত্তি, প্রবোধ, প্রভাৱ, প্রভেদ, প্রমোদ, প্রয়োগ, প্রলাপ, প্রশংসা, প্রসৱ, প্রস্থান, প্রক্ষিপ্ত, প্ৰবাহ ইত্যাদি
পৰাপ্ৰাধান্য, ব্যতিক্ৰম, অনাদৰ, তিৰস্কাৰ, বিক্রম, অনাদৰ,বিৰুদ্ধ  আদি অৰ্থতপৰাক্ৰম, পৰাজয়, পৰাভৱ, পৰাভূত, পৰাধীন,পৰামৰ্শ, পৰাংমুখ, পৰায়ণ, পৰাগ, পৰাকাষ্ঠা,পৰাগ, ইত্যাদি
অপঅনাদৰ, ত্যাগ, কুৎসিত, বিকৃতি, অপমান, বেয়া, বিপৰীত আদি অৰ্থতঅপকর্ম, অপকাৰ, অপঘাত, অপচয়, অপব্যয়, অপবাদ, অপভ্রংশ, অপমৃত্যু, অপলাপ, অপহৰণ, অপৰাধ, অপতৃণ,  অপপ্ৰচাৰ, অপদেৱতা, অপসৰণ, অপৰূপ, অপমান, অপযশ, , অপৰাধ ইত্যাদি।
সম্সমীপ, সঙ্গত, সম্যক, উত্তম, অবিশ্ৰাম, একেলগে আদি অৰ্থতসংকট, সংশয়, সম্পতি, সম্পদ, সংসাৰ, সংস্কাৰ, সৎলাপ, সন্মান,  সংক্ৰমণ, সংগ্ৰহ, সমাদৰ, সম্ভোগ, সংস্কৃতি,  সংস্কৃত, সম্ভেদ, সম্ভাষণ,  সমাস, সংগম, সংজ্ঞা, সম্পৃক্ত,  সম্ভৱ, সংকলন, সন্তাপ, সন্তোষ, সন্মিলন, সম্ভাৰ, সংকীৰ্ণ, সম্পূৰ্ণ, সংঘাত, সম্পৰ্ক, সমীপ, সংগত, সম্যক, সন্মুখ, সংবাদ,  সংগীত, সংযোগ, সংহাৰ, সঞ্চয়, সমাৱৰ্তন ইত্যাদি।
অনুপাছত, তুল্য, হীন, সাদৃশ্য, নিকৃষ্ট আদি অৰ্থতঅনুকৰণ,  অনুৰাগ, অনুপাত, অনুসাৰ, অনুদ্বেষ, অনুসৰ্গ, অনুৰূপ, অনুকাৰ, অনুপান, অনুৰোধ, অনুচৰ, অনুজ, অনুগ্ৰহ, অনুগত, অনুতাপ, অনুকুল, অনুনয়, অনুবাদ, অনুপ্ৰাস, অনুৰণন, অনুকৰণ, অনুসৰণ,  অনুশাসন, অনুসন্ধান, অন্বেষণ, অনুমতি, অনুপ্ৰৱেশ, অনুমান,  ইত্যাদি।
অৱবিস্তাৰ, নিশ্চয়, ঘৃণা, নিন্দা, অভাৱ আদি অৰ্থতঅৱজ্ঞা, অৱৰোধ, অৱগতি, অৱমাননা, অৱনতি, অৱতাৰ, অৱস্থিত, অৱতৰণ, অৱতীৰ্ণ, অৱনত, অৱধান, অৱলম্বন, অৱলোকন, অৱশিষ্ট, অৱসাদ, অৱসৰ,  অৱচেতন,অৱক্ষয়,  অৱৰোহণ, অৱগাহন, অৱস্থা ইত্যাদি।
নিৰবাহিৰ, সমীপ,  বিনা, নিশ্চয়, অভাৱ, নিষেধ আদি অৰ্থতনির্গত, নির্ণয়, নির্ধাৰণ, নির্ভয়, নির্মাণ,  নিৰ্মল,নিৰ্ভৰ, নিৰ্মম, নিৰাকাৰ, নিৰ্ধাৰণ, নিৰ্ণয়, নিৰঞ্জন, নির্বাচন, নির্বাহক, নির্বাসন, নিৰ্বাণ, নিশ্চয়, নিৰ্দয়, নিৰ্ধন, নিঃসঙ্গ, নিৰ্মুক্ত, নিঃশব্দ, নিৰ্যাস, নিৰ্জন, নির্বোধ, নিৰীক্ষণ, নিৰ্ঘাত, নিৰপৰাধ, নিৰন্তৰ, নিৰ্লিপ্ত, নিৰূপণ, নিৰ্জীৱ, নিৰাময়, নিৰতিশয়, নিঃসম্বল, নিসংকোচ, নিৰস্ত, নিৰঞ্জন, নিৰ্যান, নিৰ্যাতন, নিষ্প্ৰভ
দুৰনিন্দা, বাধা, নিষেধ, দুখ, ক্লেশ, অভাৱ,  আদি অৰ্থতদুর্বল, দুৰ্ঘটনা,  দুৰ্মতি, দুৰাশা, দুভিক্ষ, দুৰ্নিবাৰ, দুৰন্ত, দুর্বিপাক, দুৰ্যশ, দুঃসাধ্য, দুৰ্দ্দম, দুৰ্ভাৱনা, দুবৰ্বল, দুষ্ট, দুগন্ধ, দুঃখ, দুৰ্নাম, দুৰ্গম, দুঃসাহস, দুৰ্ভাগ্য, দুৰ্জন, দুৰ্দিন, দুৰ্গতি, দৰন্ত, দুৰ্মদ, দৰ্দ্দান্ত, দুৰ্নীতি, দুৰ্বাৰ, দুৰাচাৰ, দুৰাশয়, দুঃশীল, দুৰ্জয়, দুঃস্বপ্ন,  দুঃশাসন, দুনিৰ্ভৰ, দুঃসহ, দুষ্পাপ্য, দুৰ্গত, দুঃসময়, দুৰ্যোগ, দুর্ব্যৱহাৰ, দুৰ্ভাগ্য, দুৰ্মুখ, দুষ্কৃতি,দুৰভিসন্ধি, দুৰাকাংক্ষা ইত্যাদি।
অধিপ্ৰধান, গতি, গৰাকী, ওপৰ, কৰ্তৃত্ব  আদি অৰ্থত অধিপতি, অধিবাস, অধিকাৰ, অধিষ্ঠান, অধ্যয়ন,  অধ্যাপনা,  অধ্যায়,  অধ্যক্ষ,  অধ্যাৱসায়, অধ্যাত্ম,  অধ্যুষিত, অধিগত, অধিবাসী, অধিগম্য অধিষ্ঠাতা, অধিৰোহণ, অধিবাসী, অধিৰাজ, অধিপতি, অধিনিয়ম, অধিকৰণ, , অধিবেশন, অধিত্যকা, অধিনায়ক, অধিকাৰ, অধীশ্বৰ, অধীন, অধিগত ইত্যাদি
১০বিঅভাৱ, হীন,  বাহিৰ, বিকাশ, বিশেষ, বিশিষ্ট, আদি অৰ্থবিষয়, বিনয়, বিশেষ,বিশেষণ,বিকল, বিবাদ, বিৰাগ, বিজ্ঞান, বিজ্ঞ, বিধান, বিৱৰণ, বিফল, বিয়োগ, বিপৰ্যয়, বিৰূপ, বিলাপ, বিক্ষোপ, বিগত, বিজিত, বিজ্ঞাপন, বিদিত, বিতৰণ, বিচৰণ, বিবচন, বিদায়, বিকট, বিকাশ, বিজয়, বিবৰ্ণ, বিশুদ্ধ, বিন্যাস, বিচ্ছিন্ন, বিভৱ, বিসৰ্জন, বিজন, বিৰোধ, বিস্মৃতি, বিতৃষ্ণা, বিশিষ্ট, বিসদৃশ, বিশাল, বিলয়, বিহীন, বিৰুদ্ধ, বিশিষ্ট, বিষাদ, বিমৰ্ষ, বিয়োগ, বিপদ, বিষম, বিবাহ, বিপৰীত, বিখ্যাত,  বিচাৰ ইত্যাদি।
১১অভিউত্তম, প্ৰতি, প্ৰধান, উন্নতি, , প্ৰশংসা, বিৰুদ্ধ, সমীপ, সন্মুখ আদি অৰ্থতঅভিমান, অভিযান, অভিলাষ, অভিজাত, অভিনয়, অভিবাদন, অভিৰুচি, অভীষ্ট, অভীপ্সা,  অভিনেতা, অভিযোগ, অভ্যন্তৰ, অভিপ্রেত, অভিনন্দন,  অভিজ্ঞান, অভিজ্ঞ, অভিসম্পাত,  ইত্যাদি।
১২সুঅতিশয়, প্ৰশংসা, মঙ্গল, উজু. উত্তম আদি অৰ্থতসুন্দৰ, সুশোভন, সুজন, সুকুমাৰ, সুকৃতি, সুদৰ্শন, সুশ্ৰী, সুগম, সুকোমল, সুশোভিত, সুবাস, সুশ্ৰাব্য, সুকণ্ঠ, সুনাম, সুদৃশ্য, সুদিন, সুনীতি, সুজলা, সুতীক্ষ্ণ, সুস্বাদ, সুস্থ, সুভাস, সুভাসিত, স্বস্তি, স্বাগতম, সুবোধ, সুধীৰ, সুদৃঢ়, সুচিন্তা,  সুদূৰ, সুহৃদ, সুশান্ত, সুজন,  সুকীৰ্তি ইত্যাদি
১৩উৎশ্রেষ্ঠ, বিৰুদ্ধ, বিপৰীত, অতিশয়, উৰ্দ্ধ  আদি অৰ্থতউন্নত, উন্নতি, উদাহৰণ, উৎসৰ্গ, উৎকৰ্ণ, উৎপত্তি, উত্তপ্ত, উন্মুখ, উদগ্ৰীৱ, উৎপাদন, উৎপাটন, উৎপাদক, উন্নয়ন, উত্থান, উজ্জ্বল, উত্তীর্ণ, উৎকৰ্ষ, উৎসৱ, উদ্যত, উদ্ধাৰ, উচ্ছাস, উচ্ছৃংখল, উদ্বাহু, উল্লাস, উল্লাসিত, উল্লিখিত, উদ্ভিদ, উৎখাত,  উন্মনা, উত্তম, উচ্ছল, উন্মেষ, উৎক্ষেপন, উদ্‌গীৰণ, উৎসুক, উদ্ভাসিত, উচ্চাৰণ, উৎক্ষেপ, উৎকণ্ঠ, উদ্বেল, উদ্ধত, উদ্দাম, উদ্‌গতি, উদ্যোগ, উৎপত্তি, উদ্যম, উদ্বোধন,  উদ্বেগ, উদ্দীপনা, উৎসাহ, উত্তাল ইত্যাদি।
১৪পৰিত্যাগ, অতিশয়, সম্পূৰ্ণতা, বিৰুদ্ধতা, অনাদৰ আদি অৰ্থতপৰিভাষা, পৰিণাম, পৰিপক পৰিস্থিতি, পৰিষদ, পৰিসৰ, পৰিত্যাগ, পৰিৱেশ, পৰিজন, পৰিগ্ৰহ, পৰিচ্ছেদ, পৰিচ্ছদ, পৰিপন্থী, পৰিহাস, পৰীক্ষা, পৰিৱৰ্তন, পৰিণতি, পৰিশিষ্ট, পৰিহাৰ, পৰিধান, পৰিক্ৰমা, পৰিচালক, পৰিপাক, পৰিচালনা, পৰিপূৰ্ণ, পৰিতৃপ্ত, পৰিসীমা, পৰিবেষ্টন , পৰিপুষ্ট, পৰিতাপ, পৰিদৰ্শন, পৰিশ্ৰম, পৰিষ্কাৰ, পৰিপাটি, পৰিচৰ্যা, পৰিমিত, পৰিত্ৰাণ, পৰিপক্ক, পৰিমালা, পৰিচয়, পৰিণত, পৰিণয়, পৰিশোধ  ইত্যাদি।
১৫প্ৰতিসমীপ, সাদৃশ্য, সন্মুখ, অনুৰূপ, বিৰোধ, বিপৰীত আদি অৰ্থতপ্রতিদান, প্রতিদিন, প্রতিফল, প্রতিধ্বনি,  প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বী, প্ৰতিশ্ৰুতি, প্ৰতিবাদ, প্ৰতিমা, প্ৰতিপাদন, প্ৰতিঘাত, প্ৰতিবাসী, প্ৰতিনিধি, প্ৰতিভূ, প্ৰতিপাল, প্ৰত্যুত্তৰ, প্ৰতিপদ, প্ৰতিধবনি, প্ৰতিজ্ঞা, প্ৰতিক্ৰিয়া, প্ৰতিফল, প্ৰতিতী, প্ৰত্যাখ্যান, প্ৰতিফলন, প্ৰত্যায়ন, প্ৰতিকূল, প্ৰতিকাৰ, প্ৰতিশোধ, প্ৰতিপন্ন, প্ৰতিশব্দ,  প্ৰতিমূৰ্তি, প্ৰতিৰূপ, প্ৰতিৱেশী, প্ৰতিবাদী, প্ৰতিবিধান, প্ৰতিহিংসা, প্রতিষ্ঠান, প্ৰতিস্থাপন, প্ৰতিৰক্ষা, প্ৰত্যাশা, প্ৰত্যহ, প্ৰত্যুৎপকাৰ, প্ৰত্যাৰ্পণ, প্ৰত্যাগমন, প্ৰতিৰোধ, প্ৰতিভা, প্ৰতিকৃতি ইত্যাদি।
১৬অপিওচৰ, ওপৰ, নিশ্চয়, সম্ভাৱনা আদি অৰ্থতঅপিনদ্ধ, অপিশুন, অপিগীৰ্ণ, অপিচ, অপিতু, অপিধান ইত্যাদি
১৭নিসমীপ, সম্যক,অন্তৰ,নিষেধ আদি অৰ্থতনিদ্রা নিষেধ, নিবাস, নিপাত, নিমাত, নিকৃষ্ট, নিমগ্ন, নিক্ষেপ, নিবিষ্ট, নিমজ্জন, নিমজ্জিত, নিদাৰুণ, নিকৰুণ, নিশকতীয়া, নিবেদন, নিবৃতি, নিযুক্ত,  নিদৰ্শন, নিগম, নিদান, নিগ্ৰহ, নিকট, নিষাদ, নিবাৰণ, নিকাৰ, নিৰোধ ইত্যাদি।
১৮অতিঅতিৰিক্ত, অতিশয়, অধিক আদি অৰ্থতঅত্যুজ্জ্বল, অত্যুৎকৃষ্ট, অতীত, অতীব, অতিৰিক্ত, অতিশয়, অতিকায়, অত্যধিক, অত্যন্ত, অত্যুক্তি, অতিবাহিত, অতিমাত্ৰ, অতিৰঞ্জিত, অতিক্ৰম, অত্যাচাৰ, অতিৰঞ্জন, অত্যাশ্চাৰ্য, অত্যুষ্ণ, অতিবৃষ্টি, অতিমানৱ, অতীন্দ্ৰিয়, অতিবুদ্ধি, অতিপ্ৰাকৃত,  অত্যুগ্ৰ, অত্যল্প, অত্যুচ্চ, অত্যাৱশ্যক  ইত্যাদি।
১৯উপঅপ্রধান,বিশেষ আদি অৰ্থতউপকণ্ঠ, উপদ্বীপ, উপগ্রহ, উপকথা, উপপতি, উপস্থিত, উপকাৰ, উপদেশ, উপমন্ত্রী, উপচাৰ, উপবাস, উপশম, উপৱেশন, উপদ্ৰৱ, উপকৰণ, উপকূল ইত্যাদি।
২০পৰ্যন্ত, পুনৰ, অলপ, সম্যক, ঈষৎ, সীমা, সম্পূৰ্ণ আদি অৰ্থতআৰম্ভ, আদান, আবাহন, আবাস, আধাৰ, আৰাধনা, আব্রহ্ম, আঘাত, আঘ্ৰাণ, আৰদ্ধ, আলম্বন, আহলাদ, আভা, আকূল, আহৰণ, আৰোহণ, আমৰণ, আশ্লেষ, আৱৰণ, আভৰণ, আকৰ্ণ, আসমুদ্ৰ, আবালবৃদ্ধ, আনয়ন, আকাৰ, আহাৰ, আকাশ, আবাস, আলাপ, আৰাম, আদায়, আগ্ৰহ, আক্ষেপ, আজন্ম, আমৃত্যু, আগম, আগমন, আনন্দ, আদৰ্শ, আকণ্ঠ, আচ্ছাদন, আৰক্ত, আক্ৰমণ,  আবেশ, আদেশ, আবেদন ইত্যাদি।

উপসৰ্গবোৰৰ ব্যৱহাৰ-

*প্ৰশ্নৰ আৰ্হিঃ

১. উপসৰ্গ কি সংস্কৃত ভাষাত উপসৰ্গ কেইটা আৰু কি কি

উত্তৰঃউপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। সংস্কৃত ভাষাত উপসৰ্গ কুৰি (২০)টা।

সেইবোৰ হলঃ প্ৰ, পৰা, অপ, সম্ , অনু, অৱ, নিৰ্ , দুৰ্ , অধি, বি, অভি, সু, উৎ, পৰি, প্ৰতি, অপি, নি, অতি, উপ, আ

২.উপসৰ্গ কি উপসৰ্গ সংযুক্ত হৈ নিষ্পন্ন হোৱা পদবোৰ কি পদ

উপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। উপসৰ্গ সংযুক্ত হৈ নিষ্পন্ন হোৱা পদবোৰ বিশেষ্য বা বিশেষণ হয়

৩. তলৰ পদবোৰৰ উপসৰ্গ ভাঙি দেখুওৱাঃ

পৰাধীন, প্রতিঘাত

উত্তৰ পৰাধীন – পৰ + অধীন (উপসৰ্গ-পৰ)

    প্রতিঘাত _ প্ৰতি + ঘাত (উপসৰ্গ- প্ৰতি)

৪. তলৰ উপসৰ্গ দুটাৰ ব্যৱহাৰ দেখুওৱা

  প্ৰ, উপ

উত্তৰ  প্ৰ –  প্ৰনাম, প্ৰণয়  

    উপ –  উপকাৰ, উপকূল

*CLASS X CBSE BOARD EXAMINATION  ত অহা উপসৰ্গ বিষয়ক প্ৰশ্ন(উত্তৰৰ সৈতে)

 ১.উপসৰ্গ বাচি উলিয়াই লিখা (2020)

অভিনয়, নিৰাকাৰ

উত্তৰঃ অভিনয়– অভি + নয় (উপসৰ্গ-অভি)

    নিৰাকাৰ– নিৰ + আকাৰ (উপসৰ্গ-নিৰ)

২.পৰিনাম শব্দটোত থকা উপসৰ্গ বাচি উলিয়াই লিখা(2019)

উত্তৰঃ  পৰিনাম – পৰি + নাম (উপসৰ্গ-পৰি)

৩.অনুসন্ধান শব্দটোত থকা উপসৰ্গ বাচি উলিয়াই লিখা(2018)

উত্তৰঃ  অনুসন্ধানঅনু + সন্ধান (উপসৰ্গ- অনু)

error: Content is protected !!