Class X Unit IV গদ্যাংশ

উদ্যোগী  হওঁ আহাঁ

১।

উত্তৰঃ- প্ৰকাশ গোস্বামী

উত্তৰঃ- “এজন  ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী  ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে”

উত্তৰঃ- এলাহ

উত্তৰঃ- ধৈর্য্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি

উত্তৰঃ-  ‘Eat cricket, sleep cricket, dream cricket, drink cricket’

উত্তৰঃ- নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী।

উত্তৰঃ- বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়।

উত্তৰঃ- প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব

উত্তৰঃ- টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল,- ”মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০,০০০ ধৰণে ই কাম নকৰে”।

উত্তৰঃ-এজন উদ্যোগী পুৰুষ  সিংহৰ সমান হ’ব লাগিব। তেওঁৰ শক্তি, সাহস, আত্মবিশ্বাস, ধৈর্য্য,  একাগ্ৰতা আৰু হাৰ নমনা মনোবৃত্তি  থাকিব লাগিব। বাৰে বাৰে বিফল হোৱাৰ পিছতো যিজনে  উদ্যম নেহেৰুৱাই সফল নোহোৱালৈকে কাম এটাত লাগি থাকিব পাৰে তেনে ব্যক্তিয়েহে  সফল উদ্যোগী  হ’ব পাৰে।  এজন উদ্যোগী  আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ’ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ’ল এজন উদ্যোগী বা আন্ট্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। কিন্তু আটাইতকৈ কঠিন কাম হ’ল এজন সফল উদ্যোগী হোৱা। সফল উদ্যোগী এজনে এলাহক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। অসমীয়াত এষাৰ কথা আছে  – “উদ্যোগী  পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচাৰ।”                      

উত্তৰঃ-এজন সফল উদ্যোগী হ’বলৈ লাগিব ধৈর্য্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। বাৰে বাৰে বিফল হোৱাৰ পিছতো যিজনে  উদ্যম নেহেৰুৱাই সফল নোহোৱালৈকে কাম এটাত লাগি থাকিব পাৰে তেনে ব্যক্তিয়েহে  সফল উদ্যোগী  হ’ব পাৰে। সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ প্ৰক্ৰিয়াটোক চাইকেল চলাবলৈ শিকাৰ প্ৰক্ৰিয়াৰ লগত তুলনা কৰিব পাৰি।  চাইকেল চলাবলৈ শিকাতে সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়,কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছাল-বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল-বাকলি  এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি ‘হাফ-পেদেল’ মাৰি চলাব পৰা হয় আৰু এদিন ‘ফুল-পেদেল’ মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্যোগী হ’বলৈ  যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে  একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হ’লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী  হয়গৈ।

উত্তৰঃ-উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একো একোজন উদ্যোগী । সেই হিচাপত জুবিন, পাপনৰ দৰে একোজন শিল্পী, এখন ৰেষ্টোৰা বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱেই একো একো গৰাকী উদ্যোগী।

উত্তৰঃ- ইন্‌ফচিচ  কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তী।

       নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী।  কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আছিল।  অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি এৰি দি Softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু ডেৰ বছৰৰ পাছতে কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্ত্তীয়ে পুনৰ চাকৰিত যোগদান কৰে যদিও  চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি Infosys নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই দিছিল। সেই দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিচ কোম্পানীটোৱে প্ৰথম অৱস্থাত বহুতো বাধা-বিঘিনি , ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’ব লগা হৈছিল। নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইন্‌ফচিচৰ  হাতলৈ বহুতো সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ’ল। ধৈৰ্য্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ  শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী।

উত্তৰঃ- এই প্ৰশ্নটো প্ৰীতমে সুধিছিল।

        তাৰ উত্তৰত শিক্ষকজনে কোৱা কথাখিনিৰ সাৰমৰ্ম এনেধৰণৰ一এজন উদ্যোগী হ’বৰ বাবে বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে । কিন্তু যিটো দিশত উদ্যোগী হ’বলৈ বিচৰা হয়  তাত কৃতকাৰ্য্যতা লাভ কৰিবৰ বাবে সেই দিশটোৰ বিষয়ত জ্ঞান, কৌশল আৰু বুদ্ধিৰ প্ৰয়োজন হয়। অৱশ্যে কেতবোৰ বিশেষ দিশত উদ্যোগী হ’বলৈ সেই দিশত শিক্ষাগত অৰ্হতা থকাটো প্ৰয়োজন । এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ’বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্ত এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান আদি খু-লিবৰ বাবে নিজৰ সেই কামৰ কৌশল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য্যতা লাভ কৰিব নোৱাৰি ।বৰ্তমান সময় প্ৰযুক্তি, তথ্যপ্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ’ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেকট্রনিক্স ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্যপ্রযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্য্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে। এখন হস্পিতেল বা নাৰ্ছিং হোম প্রতিষ্ঠা কৰিবৰ বাবে নিজে এজন ডাক্তৰ বা MBBS ডিগ্রীধাৰী হোৱাটো প্রয়োজন।

উত্তৰঃ- এজন উদ্যোগী  হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।      

   এজন সফল উদ্যোগী হবৰ বাবে লাগে ধৈর্য্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ সকলোৰে নাথাকে। বাৰে বাৰে বিফল হোৱাৰ পিছতো যিজনে  উদ্যম নেহেৰুৱাই সফল নোহোৱালৈকে কাম এটাত লাগি থাকিব পাৰে তেনে ব্যক্তিয়েহে  সফল উদ্যোগী  হ’ব পাৰে। সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ প্ৰক্ৰিয়াটোক চাইকেল চলাবলৈ শিকাৰ প্ৰক্ৰিয়াৰ লগত তুলনা কৰিব পাৰি।  চাইকেল চলাবলৈ শিকাতে  আৰম্ভণিৰ সময়ত বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়, কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছাল-বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল-বাকলি  এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, তেওঁলোকেহে লাহে লাহে  চলাব পৰা হয়।  এজন উদ্যোগী হ’বলৈ  যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে  একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হ’লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী  হয়।

উত্তৰঃ – ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ  কৰ্মনিষ্ঠাৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ হেপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ  সিদান্ত লয়।  ব্যৱসায়ৰ বাবে তেওঁৰ হাতত মূলধন নাছিল। সেয়ে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিব ধৰিলে।। মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ পথত বাধা হ’ব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী, আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ “ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন” স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত “ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ” হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল- “নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগত ভাবা। ” উদ্যোগী হোৱাৰ গুণ জন্মগত নহয়, উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰোচনৰ দ্বাৰা এজন ব্যক্তিয়ে নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল লাগিব আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন।  

উত্তৰঃ-ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰিবলৈ,   ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ আৰু এই দিশত সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তে উদ্যোগী কোষ গঠন কৰা হৈছে । এই কোষসমূহে নিয়মিত ভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰখা উচিত। জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভৱ। প্ৰতি দহজন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চৰকাৰী চাকৰি পাব, কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্যকে কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা আৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে নিজকে মানসিক ভাৱে প্ৰস্তুত কৰি তাৰ বাবে সাজু হ’লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক।

উত্তৰঃ

প্ৰভাত 一 ৰাতিপুৱা

কঠিন 一 টান

ডাঙৰ 一 বৰ

চেষ্টা 一 প্ৰয়াস

লগৰীয়া 一 বন্ধু

লক্ষ্য় 一 উদ্দেশ্য়

হাবিয়াস 一 ইচ্ছা, আগ্ৰহ

সপোন 一 স্বপ্ন

উত্তৰঃ

নতুন 一 পুৰণি

ক্ষুদ্ৰ 一 ডাঙৰ

সফল 一 বিফল

কৰ্মহীন 一 কৰ্মস্থ

এলেহুৱা 一 পৰিশ্ৰমী

সহজ 一 টান 

সপোন 一 দিঠক

সুবিধা 一 অসুবিধা

আৰম্ভ 一 শেষ

জন্ম 一 মৃত্য়ু

সমান 一 অসমান

উত্তৰঃ

শিক্ষক 一 শিক্ষয়িত্ৰী

ছাৰ 一 বাইদেউ

ছাত্ৰ 一 ছাত্ৰী

পুৰুষ 一 মহিলা

বন্ধু 一 বান্ধৱী 

উদ্যোগী  হওঁ আহাঁ Read More »

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

১.শব্দ- অৰ্থ

  • আঁহফলা নীতি : বিভেদকামী মনোভাৱ
  • উপভাষা : মূল ভাষাৰ আঞ্চলিক ৰূপ
  • জাতি: কুল, বংশ
  • জাহ যোৱা : জীন যোৱা, মিলি যোৱা
  • তান্ত্রিক ধর্ম : প্রাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধর্ম
  • নিগাজী : স্থায়ী
  • প্ৰব্ৰজন : এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বাস কৰা কাৰ্য
  • বৌদ্ধ ধর্ম : গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্ম
  • স্বকীয়তা : নিজস্বতা

2. পাঠবোধঃ

অসমীয়া জাতিটো এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি। বিভিন্ন জাতি ,উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈছে অসমীয়া জাতি। অসম , অসমীয়া – এই চিনাকি গঢ় লোৱাৰ কেইবাহেজাৰ বছৰৰো আগতেই অসমত স্বকীয় বৈশিষ্ট্যসম্পন্ন সংস্কৃতি গঢ় লৈ বিকাশ লাভ কৰিছিল। ইদলৰ পাছত সিদলকৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক অসমলৈ আহিছিল । ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল  মংগোলীয় গোষ্ঠীৰ এদললোক । তাৰো আগতে অসমত  বাস কৰিছিল কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন জনগোষ্ঠীৰ লোক। এই অনাৰ্য জনগোষ্ঠীৰ লোকসকলে অসমলৈ আহি  নিজৰ নিজৰ  সাংস্কৃতিক বৈশিষ্ট্যক ধাৰণ কৰিয়ে বসবাস কৰিবলৈ লৈছিল যদিও কালক্ৰমত বিভিন্ন জনগোষ্ঠী আৰু  সংস্কৃতি পাৰস্পৰিক সংস্পৰ্শলৈ আহিছিল আৰু সমন্বয় সাধিত হৈছিল । অনাৰ্য জনগোষ্ঠীৰ লোকসকলে  গ্ৰহণ-বৰ্জনৰ চিৰাচৰিত নীতি অনুসৰি আৰ্য সাংস্কৃতিৰে সমম্বয় সাধন কৰি এক অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল। বাৰে বৰনীয়া সংস্কৃতিৰ  ভিন ভিন জনগোষ্ঠীবোৰক বা্ন্ধি ৰখা এনাজৰীডাল আছিল অসমীয়া ভাষা। অনাৰ্য জনগোষ্ঠীৰ লোকসকলে  অসমলৈ আহোতে নিজ নিজ ভাষা, নিজ নিজ ধৰ্ম , নিজ নিজ সাংস্কৃতিক বৈশিষ্ট্য কঢ়িয়াই আনিছিল যদিও অসমৰ আৰ্যমূলীয় ভাষা অসমীয়া ভাষাক অসমৰ জাতীয় সংস্কৃতিৰ বাহক হিচাপে গ্ৰহণ কৰি অসমীয়া ভাষাক আপোন কৰি লৈছিল।পৰৱৰ্তী স্তৰত বিভিন্ন  কাৰণত অসমলৈ অহা মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া আদি লোক সকলেও সংস্কৃতিৰ জাহ যোৱাৰ  নীতি অনুসৰি  অসমীয়া সংস্কৃতিৰে সমম্বয় সাধন কৰিছিল আৰু অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল।।এনেদৰেই বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান সংমিশ্ৰিত হৈ  বহুযুগৰ ক্ৰমবিৱৰ্তনত  অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। অসমীয়া সংস্কৃতিৰ মাজত এই উপাদানবোৰ আজি এনেদৰে জাহ গৈ আছে যে তাক পৃথকাই চাব বা ভাবিব নোৱাৰি। তাক পৃথকাই চাব বা ভাবিব গলেই অসমৰ জাতীয় সংহতি আৰু সম্প্ৰীতি ব্যাহত হ’ব।

৩)অতি চমু উত্তৰ

  • অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটোৰ লিখক কোন ?

উত্তৰ: আব্দুছ ছাত্তাৰ

  • আব্দুছ ছাত্তাৰে কলৈ শিক্ষকতা কৰিবলৈ গৈছিল ?

উত্তৰ: আব্দুছ ছাত্তাৰে আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ গৈছিল।

  • আব্দুছ ছাত্তাৰৰ ক’ত জন্ম হৈছিল ?

উত্তৰ: তিতাবৰত

  • আব্দুছ ছাত্তাৰৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰ: ১৯২২ চনত

  • আব্দুছ ছাত্তাৰৰ কেতিয়া মৃত্যু হৈছিল ?

উত্তৰ: ১৯৮৭ চনত

  • ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?

উত্তৰ: মংগোলীয় গোষ্ঠী।

  • প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

  • কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰ:- ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

  • সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

  • অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰ: অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।

  • প্ৰাচীন কালৰে পৰা অসম দেশত কি ধৰ্ম প্ৰচলিত আছিল ?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশত হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল

  • বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি ?

উত্তৰ: অহিংসাই পৰম ধৰ্ম

  • ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

উত্তৰ: ১৮২৬ চনত

  • ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ: মানৰজা আৰু বৃটিছৰ মাজত

৪. চমু উত্তৰ লিখা (2 marks)

  • অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰ: অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমত অতীজৰে পৰা বাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জন-জাতীয় গোষ্ঠীক  বুজায়।

  • কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

  • চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক কৰ কৰ পৰা অসমলৈ আহিছিল?

উত্তৰ:- চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

  • পাঠটিত থকা খাদ্য- বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: পাঠটিত থকা খাদ্য-বস্তুৰ  তালিকা খন এনেধৰণৰ- পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে’ক-বিস্কুত, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ড’চা, চাম্বাৰ, ইডলি।

  • অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অনাদি কালৰে পৰা অসমীয়া মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য, ডাকৰ বচন আদি অলিখিত সাহিত্য সমূহ।

৫.উত্তৰ লিখা (4 marks)

  • `অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।

উত্তৰঃ অসমীয়া সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ।ইয়াৰ কাৰন হৈছে অসমীয়া সংস্কৃতি কোনো নিৰ্দিষ্ট জনগোষ্ঠীৰ সংস্কৃতি নহয়। অসমত অতীজৰে পৰা বাস কৰা আৰ্য আৰু অনাৰ্যমূলীয় বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰণৰ বহুযুগৰ ক্ৰমবিৱৰ্তনৰ ফলস্বৰূপে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।অতি প্ৰাচীন কালৰে পৰাই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। ত্ৰয়োদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা মংগোলীয় গোষ্ঠীৰ লোকসকল আহিছিল আৰু অসমত স্থিতি লৈছিল।এইসকল অহাৰ আগতে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোক বিভিন্ন সময়ত অসমলৈ আহি নিজৰ নিজৰ সংস্কৃতিক বৈশিষ্ট্য ৰক্ষা কৰি অসমৰ আৰ্য জনগোষ্ঠীৰ লগতে অসম ভূমিত বসবাস কৰিছিল। পৰৱৰ্তী কালত ভিন ভিন কাৰণত অসমলৈ মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া , ভাৰতৰ আন আন ৰাজ্যৰ লোকৰো আগমন ঘটিল আৰু  অসমৰ জনগোষ্ঠীৰ থুপত থুপ খাই ৰ’ল। এনেদৰেই বিভিন্ন জাতি-জনজাতিৰ সংমিশ্ৰণত আৰু সাংস্কৃতিক সমন্বয়ত অসমীয়া জাতিৰ সৃষ্টি হৈছে ।

  • `বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।‘ – ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে – পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰ:- ইয়াত অসমৰ বৃটিছ ঔদ্যোগিক আবেষ্টনী কথা কোৱা হৈছে আৰু  এই আবেষ্টনীৰ মাজত বাস কৰা চাহ জনগোষ্ঠীৰ লোক সকলৰ বিষয়ে কোৱা হৈছে।     

ইয়াণ্ডাবু সন্ধিৰ পাছত  বৃটিছসকল অসমলৈ আহিছিল আৰু  অসমত চাহ উদ্যোগ গঢ়ি তুলিছিল ।অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে  এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙ্গা, মোছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক অসমলৈ আহি অসমৰ চাহ উদ্যোগ বোৰৰ আশে পাশে বাস কৰিবলৈ লৈছিল। কালক্ৰমত এই সকল লোকো অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। এওঁলোকে নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰিছিল যদিও অসমীয়া মাত-কথা, অসমীয়া থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰিছিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰৈছিল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাতো এওঁলোকৰ যথেষ্ট পলম  ।বৃটিছ ঔদ্যোগিক আবেষ্টনীত এই চাহ উদ্যোগবোৰৰ বনুৱা সকলৰ মাজত গঢ় লোৱা বিশেষ জীৱন শৈলীয়ে এক সুকীয়া সংস্কৃতিৰ জন্ম দিছিল আৰু  এওঁলোক অসমৰ থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিছিল।

  • “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তর্কৰ অবকাশ নাই।” – ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। “নুই কৰাৰ কোনো যুক্তিতর্কৰ অৱকাশ নাই।” বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।

উত্তৰ:- ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে।  অসমীয়া জাতিটো কেৱল মাত্র এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই। অসমত অতীজৰে পৰা বাস কৰা আৰ্য আৰু অনাৰ্যমূলীয় বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমম্বয়ত অসমীয়া জাতিটো সৃষ্টি হৈছে। অতি প্ৰাচীন কালৰে পৰাই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল।ত্ৰয়োদশ শতিকাত অসমলৈ অহা মংগোলীয় গোষ্ঠীৰ লোক, তাৰো আগতে অসমত বাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোক, পৰৱৰ্তী স্তৰত বিভিন্ন  কাৰণত অসমলৈ অহা মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া আদি লোক সকলে গ্ৰহণ-বৰ্জনৰ চিৰাচৰিত নীতি অনুসৰি আৰ্য সাংস্কৃতিৰে সমম্বয় সাধন কৰি এক অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল। বহু জাতি জনজাতিৰ সংমিশ্ৰণত আৰু সাংস্কৃতিক সমন্বয়ত সৃষ্টিহোৱা অসমীয়া জাতিটোযে  এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি সেই কথা সৰ্বজনস্বীকৃত।সেয়ে লিখকে তাক নুই কৰাৰ কোনো যুক্তি তর্কৰ অবকাশ নাই বুলি কৈছে।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Read More »

অৰণ্য যাত্ৰা

শব্দাৰ্থ

কাতি     :  এঢলীয়া, এফালে ওখ এফালে চাপৰ

গির্জনি    :  বহুত মানুহে একেলগে হঁহাৰ শব্দ

চন্তৰী      :  প্ৰহৰী

টুলুং-ভুটুং  :  থৰক-বৰক কৰা

ডুবাৰু     : পানীত বুৰ মৰাত পাকৈত

 প্ৰশ্নোত্তৰ

Part 1:  অতি চমু উত্তৰ প্ৰশ্ন ( 1 mark)

A (লিখক সম্বন্ধীয়)

১.অৰণ্য যাত্ৰা পাঠটোৰ লিখক কোন ?

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী

২.অনুৰাধা শৰ্মা পূজাৰী কোনখন সাপ্তাহিক কাকতৰ সম্পাদক আছিল ?

উত্তৰঃ ‘সাদিন” নামৰ সাপ্তাহিক কাকতখনৰ

৩.অনুৰাধা শৰ্মা পূজাৰী কোনখন মাহেকীয়া আলোচনীৰ সম্পাদক আছিল ?

উত্তৰঃ ‘সাতসৰী’ নামৰ মাহেকীয়া আলোচনীৰ

৪.অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন কিতাপৰ বাবে কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে ?

উত্তৰঃ ‘চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসখনৰ বাবে

৫.কিমান চনত অনুৰাধা শৰ্মা পূজাৰীয়ে ৰেনেছাঁ অসম বঁটা লাভ কৰে ?

উত্তৰঃ ২০১৩ চনত

৬.কিমান চনত অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে ?

উত্তৰঃ ২০০৩ চনত

৭.অনুৰাধা শৰ্মা পূজাৰী কোনখন  কাকতৰ সাংবাদিক আছিল ?

উত্তৰঃ ‘আমাৰ অসম ‘ নামৰ কাকতখনৰ

ছাত্ৰীৰ বাবে বিশেষ টোকাঃ

তলৰ ৰচনাবোৰ অনুৰাধা শৰ্মা পূজাৰীৰ। এইবোৰৰ যিকোনো এখন ৰচনা তুলি দি কাৰ ৰচনা বুলি প্ৰশ্ন কৰা হ’ব পাৰে।

যেনেঃ  ‘নাহৰৰ নিৰিবিলি ছাঁ’নামৰ উপন্যাসখনৰ ৰচক কোন?

সেয়ে তলৰ প্ৰতিখন ৰচনাৰ নাম মনত ৰাখিবৰ যত্ন কৰা।

উপন্যাসঃ

  • হৃদয় এক বিজ্ঞাপন
  • চাহেব পূৰাৰ বৰষুণ
  • কাঞ্চন
  • নাহৰৰ নিৰিবিলি ছাঁ
  • ব’ৰাগী নদীৰ ঘাট
  • মেৰেং
  • সোণ হৰিণৰ চেকুৰ

গল্প-সংকলন

  • বসন্তৰ গান
  • এজন অসামাজিক কবিৰ বায়গ্ৰাফী
  • কেথেৰীণাৰ সৈতে এটি নির্জন দুপৰীয়া
  •  ন’ মেনছ লেণ্ড

আত্মজীৱনীমূলক প্ৰৱন্ধ-সংকলন

  • কলিকতাৰ চিঠি
  • ডায়েৰি
  • অট’গ্ৰাফ

(B) (পাঠ সম্বন্ধীয়)

১. বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ?

উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।

২. পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে ?

উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।

৩. লৰ্ড কাৰ্জন কোন ?

উত্তৰ: বৃটিছ ভাইচৰয়।

৪. মহীচন্দ্ৰ মিৰি কোন ?

উত্তৰ: মহীচন্দ্ৰ মিৰি হ’ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া।

৫.নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ?

উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা।

৬. বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰাই দিয়া প্ৰথম ব্যক্তি জন কোন আছিল ?

উত্তৰ: বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনে হ’ল মহীচন্দ্ৰ মিৰি।

. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

উত্তৰ: ১৮২৬ চনত

৮. নিগনা চিকাৰীয়ে কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল ?

উত্তৰ: নিগনা চিকাৰীয়ে লেডী কাৰ্জন প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।

৯. লেডী কার্জন কোন আছিল ?

উত্তৰ:  লেডী কার্জন আছিল ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী।

১০. কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিবী বিখ্যাত ?

উত্তৰ: কাজিৰঙা অভয়াৰণ্য এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।

১১. পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল ?

উত্তৰ: পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল।

১২. পাহিহঁতৰ বিদ্যালয়ৰ পৰা কোন শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী অৰণ্যযাত্ৰাৰ দলটোত আছিল ?

উত্তৰ: অষ্টম আৰু নৱম শ্ৰেণীৰ

১৩. বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ কাক দায়িত্ব দিয়া হৈছিল ?

উত্তৰ: পাহি আৰু বিদিশাক

১৪. খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ কাক দায়িত্ব দিয়া হৈছিল ?

উত্তৰ: সৌৰভ আৰু আফতাবক

১৫.“শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে চলিবা। ম‍ই খবৰ লৈ থাকিম।” কথাষাৰ কোনে কৈছিল ?

উত্তৰ: পল আৰু পাহিৰ দেউতাকে

১৬.“তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে। যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবা। কথাষাৰ কোনে কৈছিল ?

উত্তৰ: পল আৰু পাহিৰ মাকে

১৭.পাহি আৰু পলে কাৰ ভৰি চুই আশীর্বাদ ল’লে ?

উত্তৰ: মাক-দেউতাকৰ

৮.পল আফতাব হঁতক বিপদৰ পৰা কোনে ৰক্ষা কৰিছিল ?

উত্তৰ: দীপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষী নামৰ স্থানীয় ছোৱালী কেইজনীয়ে

১৯. পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল ?

উত্তৰ: সৰা-মচা, বাচন-বৰ্তন,কাপোৰ-কানি ধোৱা, ঘৰৰ বয়-বস্তুবোৰ চাফ-চিকুণকৈ সজাই-পৰাই ৰখা আদি কামবোৰ

২০.কোনে মনে মনে জপনা বগাই পাৰ হৈ বিলৰ পাৰলৈ ওলাই গৈছিল ?

উত্তৰ: পল, সৌৰভ আৰু আফতাবে

Part -2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )

১. মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

উত্তৰ: বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনেই হ’ল মহীচন্দ্ৰ মিৰি।তেওঁ কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া আছিল । তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতক প্ৰথম জনাইছিল।

২.নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল ?

উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা। তেওঁ বৃটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।

Part -3 : দীঘল উত্তৰৰ প্ৰশ্ন( 4 mark )

১। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?

উত্তৰ: পাহিয়ে গছ, লতা, ফুলে ভৰা প্ৰকৃতিৰ সৌন্দৰ্য, প্ৰকৃতিৰ সকলোবোৰ উপাদানৰ মাজত থকা  মিলাপ্ৰীতি দেখি বৰ ভাল পায়। ওখ ওখ গছবোৰ দেখি পাহিৰ বৰ ভাল লাগে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ লগত আম গছজোপাৰ চেহেৰাৰ মিল নাই,  অথচ দুয়োজোপা গছে ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ, কল গছএজোপাৰ কাষতে থকা নেমু গছএজোপাৰ  কাঁইটে কল গছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰকৃতিৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।

১. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ  কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?

২. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ  কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?

উত্তৰ: পল-পাহিহঁতৰ দলটোৰ কাজিৰঙালৈ কৰা যাত্ৰা আছিল এটি শিক্ষামূলক ভ্ৰমণ।এই যাত্ৰাত শিক্ষাৰ্থীসকলে লাভ  কৰা শিক্ষা সমূহ হ’ল-

১) নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে।

২) গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু। গছ নহ’লে মানুহ আৰু জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে।

৩) ল’ৰা আৰু ছোৱালী সকলো সমান।

৪) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।

৫) দলত থাকিলে দলীয়  অনুশাসন মানি চলিব লাগে।

৩. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাব কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহতক কোনে উদ্ধাৰ কৰিছিল ?

উত্তৰ:- শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ ভ্ৰমণৰ দলটো কাজিৰঙা গৈ পোৱাৰ পিছত সকলোৱে দুপৰীয়াৰ আহাৰ খাই বৈ উঠি নিৰ্দিষ্ট কোঠাবোৰত জিৰণি লৈ আছিল। সেই চেগতে পল, সৌৰভ আৰু আফতাবে ক’ত কি আছে তাক আগতীয়াকৈ চোৱাৰ মানসেৰে আনে গম নোপোৱাকৈ তেওঁলোকে থকা আলহীঘৰৰ পিছফালে থকা জপনা খন পাৰ হৈ মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ। সিহঁতে বিলৰ কাষত খুটিত বান্ধি  থোৱা নাও এখন দেখি নাওত উঠি খুটিৰ পৰা নাওখন খুলি দিলে আৰু বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখনত পানী সোমাবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে।ইফালে ফুটাটোৰে নাওখনত পানী সোমায়ে থাকিল। তিনিওজনে প্ৰাণপণে চিঞৰিব ধৰিলে। হঠাৎ নাওখন কাটি হৈ গ’ল আৰু পল পানীত পৰিল।

    আন এখন বিলত মাছ মাৰি অহা স্থানীয় কেইজনীমান ছোৱালীয়ে সিঁহতক দেখা পাই দৌৰি আহিল। ছোৱালীকেইজনীৰ নাম আছিল দীপালী, ৰুমী,শেৱালি, জিনা আৰু লক্ষী। ছোৱালীকেইজনীয়ে তত্ক্ষনাত বিলৰ পানীত নামি পল, আফতাব আৰু সৌৰভক পানীৰ পৰা উদ্ধাৰ কৰিলে।

অৰণ্য যাত্ৰা Read More »

error: Content is protected !!