অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

১.শব্দ- অৰ্থ

  • আঁহফলা নীতি : বিভেদকামী মনোভাৱ
  • উপভাষা : মূল ভাষাৰ আঞ্চলিক ৰূপ
  • জাতি: কুল, বংশ
  • জাহ যোৱা : জীন যোৱা, মিলি যোৱা
  • তান্ত্রিক ধর্ম : প্রাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধর্ম
  • নিগাজী : স্থায়ী
  • প্ৰব্ৰজন : এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বাস কৰা কাৰ্য
  • বৌদ্ধ ধর্ম : গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্ম
  • স্বকীয়তা : নিজস্বতা

2. পাঠবোধঃ

অসমীয়া জাতিটো এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি। বিভিন্ন জাতি ,উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈছে অসমীয়া জাতি। অসম , অসমীয়া – এই চিনাকি গঢ় লোৱাৰ কেইবাহেজাৰ বছৰৰো আগতেই অসমত স্বকীয় বৈশিষ্ট্যসম্পন্ন সংস্কৃতি গঢ় লৈ বিকাশ লাভ কৰিছিল। ইদলৰ পাছত সিদলকৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক অসমলৈ আহিছিল । ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল  মংগোলীয় গোষ্ঠীৰ এদললোক । তাৰো আগতে অসমত  বাস কৰিছিল কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন জনগোষ্ঠীৰ লোক। এই অনাৰ্য জনগোষ্ঠীৰ লোকসকলে অসমলৈ আহি  নিজৰ নিজৰ  সাংস্কৃতিক বৈশিষ্ট্যক ধাৰণ কৰিয়ে বসবাস কৰিবলৈ লৈছিল যদিও কালক্ৰমত বিভিন্ন জনগোষ্ঠী আৰু  সংস্কৃতি পাৰস্পৰিক সংস্পৰ্শলৈ আহিছিল আৰু সমন্বয় সাধিত হৈছিল । অনাৰ্য জনগোষ্ঠীৰ লোকসকলে  গ্ৰহণ-বৰ্জনৰ চিৰাচৰিত নীতি অনুসৰি আৰ্য সাংস্কৃতিৰে সমম্বয় সাধন কৰি এক অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল। বাৰে বৰনীয়া সংস্কৃতিৰ  ভিন ভিন জনগোষ্ঠীবোৰক বা্ন্ধি ৰখা এনাজৰীডাল আছিল অসমীয়া ভাষা। অনাৰ্য জনগোষ্ঠীৰ লোকসকলে  অসমলৈ আহোতে নিজ নিজ ভাষা, নিজ নিজ ধৰ্ম , নিজ নিজ সাংস্কৃতিক বৈশিষ্ট্য কঢ়িয়াই আনিছিল যদিও অসমৰ আৰ্যমূলীয় ভাষা অসমীয়া ভাষাক অসমৰ জাতীয় সংস্কৃতিৰ বাহক হিচাপে গ্ৰহণ কৰি অসমীয়া ভাষাক আপোন কৰি লৈছিল।পৰৱৰ্তী স্তৰত বিভিন্ন  কাৰণত অসমলৈ অহা মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া আদি লোক সকলেও সংস্কৃতিৰ জাহ যোৱাৰ  নীতি অনুসৰি  অসমীয়া সংস্কৃতিৰে সমম্বয় সাধন কৰিছিল আৰু অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল।।এনেদৰেই বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান সংমিশ্ৰিত হৈ  বহুযুগৰ ক্ৰমবিৱৰ্তনত  অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। অসমীয়া সংস্কৃতিৰ মাজত এই উপাদানবোৰ আজি এনেদৰে জাহ গৈ আছে যে তাক পৃথকাই চাব বা ভাবিব নোৱাৰি। তাক পৃথকাই চাব বা ভাবিব গলেই অসমৰ জাতীয় সংহতি আৰু সম্প্ৰীতি ব্যাহত হ’ব।

৩)অতি চমু উত্তৰ

  • অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটোৰ লিখক কোন ?

উত্তৰ: আব্দুছ ছাত্তাৰ

  • আব্দুছ ছাত্তাৰে কলৈ শিক্ষকতা কৰিবলৈ গৈছিল ?

উত্তৰ: আব্দুছ ছাত্তাৰে আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ গৈছিল।

  • আব্দুছ ছাত্তাৰৰ ক’ত জন্ম হৈছিল ?

উত্তৰ: তিতাবৰত

  • আব্দুছ ছাত্তাৰৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰ: ১৯২২ চনত

  • আব্দুছ ছাত্তাৰৰ কেতিয়া মৃত্যু হৈছিল ?

উত্তৰ: ১৯৮৭ চনত

  • ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?

উত্তৰ: মংগোলীয় গোষ্ঠী।

  • প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

  • কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰ:- ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

  • সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

  • অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰ: অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।

  • প্ৰাচীন কালৰে পৰা অসম দেশত কি ধৰ্ম প্ৰচলিত আছিল ?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশত হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল

  • বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি ?

উত্তৰ: অহিংসাই পৰম ধৰ্ম

  • ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

উত্তৰ: ১৮২৬ চনত

  • ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ: মানৰজা আৰু বৃটিছৰ মাজত

৪. চমু উত্তৰ লিখা (2 marks)

  • অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰ: অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমত অতীজৰে পৰা বাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জন-জাতীয় গোষ্ঠীক  বুজায়।

  • কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

  • চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক কৰ কৰ পৰা অসমলৈ আহিছিল?

উত্তৰ:- চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

  • পাঠটিত থকা খাদ্য- বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: পাঠটিত থকা খাদ্য-বস্তুৰ  তালিকা খন এনেধৰণৰ- পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে’ক-বিস্কুত, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ড’চা, চাম্বাৰ, ইডলি।

  • অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অনাদি কালৰে পৰা অসমীয়া মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য, ডাকৰ বচন আদি অলিখিত সাহিত্য সমূহ।

৫.উত্তৰ লিখা (4 marks)

  • `অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।

উত্তৰঃ অসমীয়া সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ।ইয়াৰ কাৰন হৈছে অসমীয়া সংস্কৃতি কোনো নিৰ্দিষ্ট জনগোষ্ঠীৰ সংস্কৃতি নহয়। অসমত অতীজৰে পৰা বাস কৰা আৰ্য আৰু অনাৰ্যমূলীয় বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰণৰ বহুযুগৰ ক্ৰমবিৱৰ্তনৰ ফলস্বৰূপে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।অতি প্ৰাচীন কালৰে পৰাই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। ত্ৰয়োদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা মংগোলীয় গোষ্ঠীৰ লোকসকল আহিছিল আৰু অসমত স্থিতি লৈছিল।এইসকল অহাৰ আগতে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোক বিভিন্ন সময়ত অসমলৈ আহি নিজৰ নিজৰ সংস্কৃতিক বৈশিষ্ট্য ৰক্ষা কৰি অসমৰ আৰ্য জনগোষ্ঠীৰ লগতে অসম ভূমিত বসবাস কৰিছিল। পৰৱৰ্তী কালত ভিন ভিন কাৰণত অসমলৈ মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া , ভাৰতৰ আন আন ৰাজ্যৰ লোকৰো আগমন ঘটিল আৰু  অসমৰ জনগোষ্ঠীৰ থুপত থুপ খাই ৰ’ল। এনেদৰেই বিভিন্ন জাতি-জনজাতিৰ সংমিশ্ৰণত আৰু সাংস্কৃতিক সমন্বয়ত অসমীয়া জাতিৰ সৃষ্টি হৈছে ।

  • `বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।‘ – ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে – পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰ:- ইয়াত অসমৰ বৃটিছ ঔদ্যোগিক আবেষ্টনী কথা কোৱা হৈছে আৰু  এই আবেষ্টনীৰ মাজত বাস কৰা চাহ জনগোষ্ঠীৰ লোক সকলৰ বিষয়ে কোৱা হৈছে।     

ইয়াণ্ডাবু সন্ধিৰ পাছত  বৃটিছসকল অসমলৈ আহিছিল আৰু  অসমত চাহ উদ্যোগ গঢ়ি তুলিছিল ।অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে  এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙ্গা, মোছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক অসমলৈ আহি অসমৰ চাহ উদ্যোগ বোৰৰ আশে পাশে বাস কৰিবলৈ লৈছিল। কালক্ৰমত এই সকল লোকো অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। এওঁলোকে নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰিছিল যদিও অসমীয়া মাত-কথা, অসমীয়া থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰিছিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰৈছিল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাতো এওঁলোকৰ যথেষ্ট পলম  ।বৃটিছ ঔদ্যোগিক আবেষ্টনীত এই চাহ উদ্যোগবোৰৰ বনুৱা সকলৰ মাজত গঢ় লোৱা বিশেষ জীৱন শৈলীয়ে এক সুকীয়া সংস্কৃতিৰ জন্ম দিছিল আৰু  এওঁলোক অসমৰ থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিছিল।

  • “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তর্কৰ অবকাশ নাই।” – ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। “নুই কৰাৰ কোনো যুক্তিতর্কৰ অৱকাশ নাই।” বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।

উত্তৰ:- ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে।  অসমীয়া জাতিটো কেৱল মাত্র এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই। অসমত অতীজৰে পৰা বাস কৰা আৰ্য আৰু অনাৰ্যমূলীয় বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমম্বয়ত অসমীয়া জাতিটো সৃষ্টি হৈছে। অতি প্ৰাচীন কালৰে পৰাই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল।ত্ৰয়োদশ শতিকাত অসমলৈ অহা মংগোলীয় গোষ্ঠীৰ লোক, তাৰো আগতে অসমত বাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোক, পৰৱৰ্তী স্তৰত বিভিন্ন  কাৰণত অসমলৈ অহা মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া আদি লোক সকলে গ্ৰহণ-বৰ্জনৰ চিৰাচৰিত নীতি অনুসৰি আৰ্য সাংস্কৃতিৰে সমম্বয় সাধন কৰি এক অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল। বহু জাতি জনজাতিৰ সংমিশ্ৰণত আৰু সাংস্কৃতিক সমন্বয়ত সৃষ্টিহোৱা অসমীয়া জাতিটোযে  এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি সেই কথা সৰ্বজনস্বীকৃত।সেয়ে লিখকে তাক নুই কৰাৰ কোনো যুক্তি তর্কৰ অবকাশ নাই বুলি কৈছে।