অৰণ্য যাত্ৰা

শব্দাৰ্থ
কাতি : এঢলীয়া, এফালে ওখ এফালে চাপৰ
গির্জনি : বহুত মানুহে একেলগে হঁহাৰ শব্দ
চন্তৰী : প্ৰহৰী
টুলুং-ভুটুং : থৰক-বৰক কৰা
ডুবাৰু : পানীত বুৰ মৰাত পাকৈত
প্ৰশ্নোত্তৰ
Part 1: অতি চমু উত্তৰ প্ৰশ্ন ( 1 mark)
A (লিখক সম্বন্ধীয়)
১.অৰণ্য যাত্ৰা পাঠটোৰ লিখক কোন ?
উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী
২.অনুৰাধা শৰ্মা পূজাৰী কোনখন সাপ্তাহিক কাকতৰ সম্পাদক আছিল ?
উত্তৰঃ ‘সাদিন” নামৰ সাপ্তাহিক কাকতখনৰ
৩.অনুৰাধা শৰ্মা পূজাৰী কোনখন মাহেকীয়া আলোচনীৰ সম্পাদক আছিল ?
উত্তৰঃ ‘সাতসৰী’ নামৰ মাহেকীয়া আলোচনীৰ
৪.অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন কিতাপৰ বাবে কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে ?
উত্তৰঃ ‘চাহেবপুৰাৰ বৰষুণ’ নামৰ উপন্যাসখনৰ বাবে
৫.কিমান চনত অনুৰাধা শৰ্মা পূজাৰীয়ে ৰেনেছাঁ অসম বঁটা লাভ কৰে ?
উত্তৰঃ ২০১৩ চনত
৬.কিমান চনত অনুৰাধা শৰ্মা পূজাৰীয়ে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে ?
উত্তৰঃ ২০০৩ চনত
৭.অনুৰাধা শৰ্মা পূজাৰী কোনখন কাকতৰ সাংবাদিক আছিল ?
উত্তৰঃ ‘আমাৰ অসম ‘ নামৰ কাকতখনৰ
ছাত্ৰীৰ বাবে বিশেষ টোকাঃ
তলৰ ৰচনাবোৰ অনুৰাধা শৰ্মা পূজাৰীৰ। এইবোৰৰ যিকোনো এখন ৰচনা তুলি দি কাৰ ৰচনা বুলি প্ৰশ্ন কৰা হ’ব পাৰে।
যেনেঃ ‘নাহৰৰ নিৰিবিলি ছাঁ’নামৰ উপন্যাসখনৰ ৰচক কোন?
সেয়ে তলৰ প্ৰতিখন ৰচনাৰ নাম মনত ৰাখিবৰ যত্ন কৰা।
উপন্যাসঃ
- হৃদয় এক বিজ্ঞাপন
- চাহেব পূৰাৰ বৰষুণ
- কাঞ্চন
- নাহৰৰ নিৰিবিলি ছাঁ
- ব’ৰাগী নদীৰ ঘাট
- মেৰেং
- সোণ হৰিণৰ চেকুৰ
গল্প-সংকলন
- বসন্তৰ গান
- এজন অসামাজিক কবিৰ বায়গ্ৰাফী
- কেথেৰীণাৰ সৈতে এটি নির্জন দুপৰীয়া
- ন’ মেনছ লেণ্ড
আত্মজীৱনীমূলক প্ৰৱন্ধ-সংকলন
- কলিকতাৰ চিঠি
- ডায়েৰি
- অট’গ্ৰাফ
(B) (পাঠ সম্বন্ধীয়)
১. বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ?
উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।
২. পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে ?
উত্তৰ: পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
৩. লৰ্ড কাৰ্জন কোন ?
উত্তৰ: বৃটিছ ভাইচৰয়।
৪. মহীচন্দ্ৰ মিৰি কোন ?
উত্তৰ: মহীচন্দ্ৰ মিৰি হ’ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া।
৫.নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ?
উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা।
৬. বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰাই দিয়া প্ৰথম ব্যক্তি জন কোন আছিল ?
উত্তৰ: বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনে হ’ল মহীচন্দ্ৰ মিৰি।
৭. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?
উত্তৰ: ১৮২৬ চনত
৮. নিগনা চিকাৰীয়ে কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল ?
উত্তৰ: নিগনা চিকাৰীয়ে লেডী কাৰ্জন প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।
৯. লেডী কার্জন কোন আছিল ?
উত্তৰ: লেডী কার্জন আছিল ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী।
১০. কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিবী বিখ্যাত ?
উত্তৰ: কাজিৰঙা অভয়াৰণ্য এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।
১১. পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল ?
উত্তৰ: পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল।
১২. পাহিহঁতৰ বিদ্যালয়ৰ পৰা কোন শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী অৰণ্যযাত্ৰাৰ দলটোত আছিল ?
উত্তৰ: অষ্টম আৰু নৱম শ্ৰেণীৰ
১৩. বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ কাক দায়িত্ব দিয়া হৈছিল ?
উত্তৰ: পাহি আৰু বিদিশাক
১৪. খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ কাক দায়িত্ব দিয়া হৈছিল ?
উত্তৰ: সৌৰভ আৰু আফতাবক
১৫.“শিক্ষকৰ লগ নেৰিবা, যি কথা কয়, সেইমতে চলিবা। মই খবৰ লৈ থাকিম।” কথাষাৰ কোনে কৈছিল ?
উত্তৰ: পল আৰু পাহিৰ দেউতাকে
১৬.“তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা, অৰণ্যৰপৰা শিকিব লগা বহুত কথা আছে। যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবা।”– কথাষাৰ কোনে কৈছিল ?
উত্তৰ: পল আৰু পাহিৰ মাকে
১৭.পাহি আৰু পলে কাৰ ভৰি চুই আশীর্বাদ ল’লে ?
উত্তৰ: মাক-দেউতাকৰ
১৮.পল আফতাব হঁতক বিপদৰ পৰা কোনে ৰক্ষা কৰিছিল ?
উত্তৰ: দীপালী, ৰুমী, শেৱালি, জিনা আৰু লক্ষী নামৰ স্থানীয় ছোৱালী কেইজনীয়ে
১৯. পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল ?
উত্তৰ: সৰা-মচা, বাচন-বৰ্তন,কাপোৰ-কানি ধোৱা, ঘৰৰ বয়-বস্তুবোৰ চাফ-চিকুণকৈ সজাই-পৰাই ৰখা আদি কামবোৰ
২০.কোনে মনে মনে জপনা বগাই পাৰ হৈ বিলৰ পাৰলৈ ওলাই গৈছিল ?
উত্তৰ: পল, সৌৰভ আৰু আফতাবে
Part -2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )
১. মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰ: বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনেই হ’ল মহীচন্দ্ৰ মিৰি।তেওঁ কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া আছিল । তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতক প্ৰথম জনাইছিল।
২.নিগনা চিকাৰীৰ প্ৰকৃত নাম কি ? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল ?
উত্তৰ: নিগনা চিকাৰীৰ প্ৰকৃত নাম হ’ল বাপীৰাম হাজৰিকা। তেওঁ বৃটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী লেডী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।
Part -3 : দীঘল উত্তৰৰ প্ৰশ্ন( 4 mark )
১। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ?
উত্তৰ: পাহিয়ে গছ, লতা, ফুলে ভৰা প্ৰকৃতিৰ সৌন্দৰ্য, প্ৰকৃতিৰ সকলোবোৰ উপাদানৰ মাজত থকা মিলাপ্ৰীতি দেখি বৰ ভাল পায়। ওখ ওখ গছবোৰ দেখি পাহিৰ বৰ ভাল লাগে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ লগত আম গছজোপাৰ চেহেৰাৰ মিল নাই, অথচ দুয়োজোপা গছে ওচৰা-ওচৰিকৈ মিলাপ্ৰীতিৰে থাকে। আকৌ, কল গছএজোপাৰ কাষতে থকা নেমু গছএজোপাৰ কাঁইটে কল গছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰকৃতিৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।
১. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?
২. কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?
উত্তৰ: পল-পাহিহঁতৰ দলটোৰ কাজিৰঙালৈ কৰা যাত্ৰা আছিল এটি শিক্ষামূলক ভ্ৰমণ।এই যাত্ৰাত শিক্ষাৰ্থীসকলে লাভ কৰা শিক্ষা সমূহ হ’ল-
১) নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে।
২) গছ হ’ল বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু। গছ নহ’লে মানুহ আৰু জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে।
৩) ল’ৰা আৰু ছোৱালী সকলো সমান।
৪) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।
৫) দলত থাকিলে দলীয় অনুশাসন মানি চলিব লাগে।
৩. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাব কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহতক কোনে উদ্ধাৰ কৰিছিল ?
উত্তৰ:- শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ ভ্ৰমণৰ দলটো কাজিৰঙা গৈ পোৱাৰ পিছত সকলোৱে দুপৰীয়াৰ আহাৰ খাই বৈ উঠি নিৰ্দিষ্ট কোঠাবোৰত জিৰণি লৈ আছিল। সেই চেগতে পল, সৌৰভ আৰু আফতাবে ক’ত কি আছে তাক আগতীয়াকৈ চোৱাৰ মানসেৰে আনে গম নোপোৱাকৈ তেওঁলোকে থকা আলহীঘৰৰ পিছফালে থকা জপনা খন পাৰ হৈ মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ। সিহঁতে বিলৰ কাষত খুটিত বান্ধি থোৱা নাও এখন দেখি নাওত উঠি খুটিৰ পৰা নাওখন খুলি দিলে আৰু বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখনত পানী সোমাবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে।ইফালে ফুটাটোৰে নাওখনত পানী সোমায়ে থাকিল। তিনিওজনে প্ৰাণপণে চিঞৰিব ধৰিলে। হঠাৎ নাওখন কাটি হৈ গ’ল আৰু পল পানীত পৰিল।
আন এখন বিলত মাছ মাৰি অহা স্থানীয় কেইজনীমান ছোৱালীয়ে সিঁহতক দেখা পাই দৌৰি আহিল। ছোৱালীকেইজনীৰ নাম আছিল দীপালী, ৰুমী,শেৱালি, জিনা আৰু লক্ষী। ছোৱালীকেইজনীয়ে তত্ক্ষনাত বিলৰ পানীত নামি পল, আফতাব আৰু সৌৰভক পানীৰ পৰা উদ্ধাৰ কৰিলে।