জিকিৰ

1. মূলপাঠঃ            জিকিৰ

                                     আজান ফকিৰ

ঘোষাঃ   ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ ।

          যদি কৰা দৰিয়াৰ পাৰ  ।।

চিন্তো হেৰা মোৰ মন আল্লাৰ নামত।

ভজো হেৰা মোৰ মন গুৰুৰে পাৱত।।

পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।

খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত ।।

খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।

মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ ।।

মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি ।।

মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

আচমানৰ কুটুব তৰা আদমৰ জাত ৷

সজাত মইনা আছে ঘনে লগায় মাত।।

সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি ।।

দেও মাৰি পাৰ হৈ জীৱই আছে চাই।

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।

2. শব্দ – অৰ্থ

আচমান – আকাশ

আদম – আদি মানৱ, আল্লাৰ সৃষ্ট প্রথম মানুহ

কুটুব – ধ্ৰুৱ নক্ষত্র

তিৰবেণী – ত্রিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল

দৰিয়া  – সাগৰ; নদী

বেহাব – বেপাৰ কৰিব

মোমিন – বিশ্বাসী, মুছলমান

ৰচুল – দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত

ৰহম – দয়া

বান্দা – ভৃত্য

সঞ্চাৰ –  তলা; সঁচাৰ

3. Part -1: অতি চমু উত্তৰৰ প্ৰশ্ন ( 1 mark )

১) জিকিৰৰ ৰচক কোন?

উত্তৰ: আজান ফকীৰ।

২) আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল?

উত্তৰ: হজৰত শ্বাহ মিলন।

৩) আজান ফকীৰ কোন ৰজাৰ দিনত অসমলৈ অহা বুলি অনুমান কৰা হয় ?

উত্তৰ : আহোম  ৰজা  গদাধৰ সিংহৰ দিনত ।

৪) আজান ফকীৰ কেতিয়া অসমলৈ অহা বুলি অনুমান কৰা হয় ?

উত্তৰ : খ্ৰীষ্টীয় সপ্তদশ শতিকাত

৫) আজান ফকিৰৰ মৃত্যু ক’ত হৈছিল?

উওৰ : দিখৌমুখৰ সৰাগুৰি চাপৰিত মৃত্যু হৈছিল।

৬) জিকিৰ শব্দৰ অৰ্থ কি?

উত্তৰ: জিকিৰ শব্দৰ অৰ্থ হৈছে ঘনে ঘনে উচ্চাৰণ কৰা।

৭) মোমিনৰ অৰ্থ কি?

উত্তৰ: মোমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান।

৮) জিকিৰ বোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰ : জিকিৰ বোৰক বৈষ্ণৱ ধৰ্মৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত  তুলনা কৰিব পাৰি।

৯) জিকিৰ গীত কোন ধৰ্মৰ ভক্তিমূলক গীত ?

উত্তৰ: জিকিৰ গীত ইছলাম ধৰ্মৰ ভক্তিমূলক গীত।

১০) জিকিৰবোৰ কি গীত?

উত্তৰ: জিকিৰবোৰ ইছলাম ধৰ্মৰ ভক্তিমূলক গীত।

১১) জিকিৰবোৰ কি ভাষাত ৰচিত ?

উত্তৰ: জিকিৰবোৰ অসমীয়া ভাষাত ৰচিত।

১২) মক্কা কি ?

উত্তৰ : মক্কা হৈছে মুছলমান সকলৰ পৱিত্ৰ স্হান।

১৩) জিকিৰ কি ?

উত্তৰ : জিকিৰবোৰ হৈছে সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাব-চিন্তা প্ৰকাশক ভক্তিমূলক গীত।

১৪) ৰহম শব্দৰ  অৰ্থ কি?

উত্তৰঃ ৰহম শব্দৰ অৰ্থ হৈছে দয়া।

১৫) ৰছুল শব্দৰ  অৰ্থ কি?

উত্তৰঃ ৰছুল শব্দৰ অৰ্থ হৈছে দেৱদূত বা আল্লাৰ দূত।

১৬) কুটুব শব্দৰ  অৰ্থ কি?

উত্তৰঃ কুটুব শব্দৰ অৰ্থ হৈছে ধ্ৰুৱ নক্ষত্ৰ।

১৭) বান্দা  শব্দৰ  অৰ্থ কি?

উত্তৰঃ বান্দা শব্দৰ অৰ্থ হৈছে ভৃত্য।

১৮) মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে ?

উত্তৰঃ ত্ৰিবেণী(তিৰ্ বেণীৰ) ঘাটৰ কথা কোৱা হৈছে।

১৯) তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে?

উত্তৰঃ তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে ।    

২০) জিকিৰত উল্লেখ থকা আদম  কোন?

উত্তৰ: জিকিৰত উল্লেখ থকা আদম  হৈছে আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম মানৱ।

২১) জিকিৰ শব্দটো কৰ পৰা অহা?

উত্তৰ: জিকিৰ শব্দটো আৰবী জিক্ ৰ  শব্দৰ অসমীয়া ৰূপ ।

২২) আজান ফকীৰে দিখৌমুখৰ সৰাগুৰি চাপৰিত কিমানজন ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰিছিল ?

উত্তৰ : ছকুৰি ভকতৰ সৈতে

4. Part -2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )

১) ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ ।

          যদি কৰা দৰিয়াৰ পাৰ  ।।

   ইয়াত ৰহমৰ গিৰিহঁত বুলি কবিয়ে কাক কৈছে আৰু কি অনুৰোধ কৰিছে ?

উত্তৰঃ  ৰহমৰ গিৰিহঁত বুলি কবিয়ে আল্লাক কৈছে। ৰহমৰ গিৰিহঁত মানে হৈছে দয়াৰ আঁকৰ বা দয়াৰ গৰাকী।

  সংসাৰ  এখন মায়াৰ সাগৰ। আল্লাৰ দয়া হ’লেহে জীৱই সংসাৰৰ মায়াবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে । সেয়ে কবিয়ে আল্লাক দয়া কৰি সংসাৰ সাগৰ পাৰ কৰাই দিবলৈ অনুৰোধ কৰিছে ।

২) ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

     যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।’

     — উল্লিখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰঃ মক্কা হ’ল এক পৱিত্ৰ তীৰ্থস্থান। আল্লাৰ কৃপা বিচাৰি বহুতেই মক্কালৈ যায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়। কিয়নো জীৱকালত যিসকলে এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দি সৎ জীৱন যাপন কৰা নাই তেওঁলোকে মক্কালৈ গলেও আল্লাৰ কৃপা নাপায়।  আল্লাই নিৰ্দেশ কৰা পথেৰে খোজ কাঢ়ি সৎ জীৱন যাপন কৰা বিশ্বাসী মুছলমানজনৰ অন্তৰতহে আল্লা লুকাই থাকে। তেওঁলোকেহে মক্কালৈ গলে আল্লাৰ কৃপা পায়। মক্কাৰ দুৱাৰত বিশ্বাসী মুছলমানৰ লগত আল্লাক অন্তৰত ধাৰণ নকৰা মুছলমানৰ অৱস্থিতি  শাল শ’লৰ লগত দৰিকাৰ টপালি যেন হয়।

৩)    পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।

       খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।

          –— উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰঃ জীৱৰ অন্তৰতে আল্লা লুকাই থাকে । নিজৰ আত্মাত বাস কৰা  আল্লাৰ অৱস্থিতি উপলব্ধি কৰি সৎকর্ম আৰু সৎ জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰা প্ৰকৃত ভক্তইহে আল্লাৰ কৃপা লাভ কৰিব পাৰে। তাকে নকৰি গোটেই জীৱন সংসাৰৰ বিষয় বাসনাত মজি থকা জনে আল্লাৰ কৃপা লাভ কৰিব নোৱাৰে। নিজৰ আত্মাত লুকাই থকা আল্লাৰ স্বৰূপ উপলব্ধি কৰিব নোৱাৰি  তীৰ্থস্থানে তীৰ্থস্থানে আল্লাৰ কৃপা বিচৰা জীৱৰ অৱস্থাটোক পানী পিয়াহত মৰা আৰু  অগ্নি জাৰত মৰা উপমাৰে ৰিজাব পাৰি।

৪) মক্কাৰ দুৱাৰত চাহাব তিৰ্ বেণীৰ ঘাট।

      বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

          — উল্লিখিত কবিতাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰঃ  তিৰবেণী মানে ত্ৰিৱেণী। গংগা, যমুনা, আৰু সৰস্বতী নদীয়ে বাৰানসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইখিনিয়ে হৈছে ত্ৰিৱেণী ঘাট । ত্ৰিৱেণী  হিন্দু সকলৰ পবিত্ৰ তীৰ্থস্থান। এই ত্ৰিৱেণীত স্নান কৰিলে  সকলোঁ পাপৰ খণ্ডন হয় বুলি হিন্দু সকলে বিশ্বাস কৰে। কবিয়ে পবিত্ৰ মক্কাৰ দুৱাৰতো ত্ৰিৱেণীৰ ঘাট আছে বুলি কৈছে। মক্কালৈ গৈ আল্লক লগ পাবলৈ হলে জীৱই ত্ৰিৱেণীৰ ঘাট পাৰ হব লাগিব অৰ্থাত সংসাৰৰ মায়া মোহৰ পৰা মুক্ত হৈ আল্লাক জানিব লাগিব আৰু আৰু আল্লাই নিৰ্দেশ কৰা সৎ পথত চলি পুণ্য অৰ্জন ৰকিব লাগিব। যিজনে নিজৰ অন্তৰত থকা আল্লাক উপলব্ধি কৰিব নোৱাৰে  সংসাৰৰ মায়াই তেওঁক মক্কালৈ গলেওঁ আল্লাৰ কৃপাৰ পৰা লাভৰ পৰা

৫) ‘জিকিৰ’ কৱিতাটোৰ মূলভাৱ লিখা

জিকিৰ’ কৱিতাটোত কবিয়ে মানুহক সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভৰ বাবে জিকিৰৰ জৰিয়তে আল্লাৰ কৃপা লাভ কৰিবলৈ উপদেশ দিছে।এই সংসাৰখন মায়াৰে আৱৰি থকা এখন সাগৰৰ দৰে। আল্লাৰ কৃপাতহে জীৱই এই সংসাৰৰ মায়াবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে । আল্লাৰ কৃপা লাভ কৰাৰ একমাত্ৰ পথ হৈছে আল্লাৰ উপাসনা। আল্লা বাস কৰে প্ৰতিজন মানুহৰ  আত্মাত। আল্লাৰ উপাসনাৰ জৰিয়তেহে মানুহে মায়াৰ আৱৰণ ভেদি নিজৰ আত্মাত বাস কৰা আল্লাক জানিব পাৰে। কিন্তু মানুহে দেহৰ মায়াত আৱদ্ধ হৈ পৰে আৰু  আত্মাৰ কথা পাহৰি যায়।  দেহ আৰু আত্মাৰ সম্পর্ক সঁজা আৰু মইনাৰ সম্পৰ্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহৰো একেই অৱস্থা। দেহৰ মায়াত আৱদ্ধ  জীৱই এই কথা উপলব্ধি কৰিব নোৱাৰে। ওৰে জীৱন দেহৰ মায়াত আৱদ্ধ  হৈ বৈষয়িক সুখত নিমজ্জিত থাকি জীৱনৰ শেষ বয়সত বহুতেই আল্লাক বিচাৰি পৱিত্ৰ তীর্থ মক্কালৈ যায়। মানুহৰ এই কাৰ্য  পানীয়ে পিয়াহত আৰু অগ্নিয়ে  জাৰত মৰাৰ লেখীয়া কাৰ্য । জীৱই নিজ আত্মাত বসবাস কৰা আল্লাক উপলব্ধি কৰিব নোৱাৰে অথচ আল্লাক বিচাৰি মক্কালৈ যায়। যিজনে কোনোদিন নিজৰ আত্মাত বাস কৰা আল্লাক উপলব্ধি কৰা নাই, আল্লাই নির্দেশ কৰা বাটেৰে খোজ দিয়া নাই তেওঁ মক্কালৈ গৈও আল্লাক বিচাৰি নাপায়।নিজৰ অন্তৰত থকা আল্লাৰ অস্তিত্ব অনুভৱ কৰি আল্লাক বাৰে বাৰে  স্মৰণ কৰি  সৎকর্ম আৰু সৎ জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰা মানুহেহে আল্লাৰ কৃপা লাভ কৰে । সেয়ে কবিয়ে মানুহক আল্লাৰ নাম স্মৰণ কৰি অৰ্থাৎ জিকিৰ কৰি আল্লাৰ কৃপা লাভ কৰিবলৈ উপদেশ দিছে।