অসম সাহিত্য সভা

অসম সাহিত্য সভা

অসম সাহিত্য সভা অসমৰ আটাইতকৈ পুৰণি সাহিত্য আৰু সাংস্কৃতিক সংগঠন। অসম সাহিত্য সভাৰ জন্ম হৈছিল ১৯১৭ খ্ৰীষ্টাব্দত।ঊনৈছ শতিকাৰ শেষৰফালে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দেহেকেহে খাটিছিল। অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কথা মনত ৰাখিয়েই তেওঁলোকে ১৮৮৮ চনৰ ২৫ আগষ্টত “অসমীয়া ভাষা উন্নতি সাধিনী সভা” প্ৰতিষ্ঠা কৰে। ইয়াৰ লগত জড়িত ব্যক্তিসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমলচন্দ্ৰ শৰ্মা ইত্যাদি। লাহে লাহে ইয়াৰ সদস্যসংখ্যা বাঢ়িবলৈ ধৰিলে। অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে। বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু শৰৎচন্দ্ৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ যথাক্ৰমে প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। সভাৰ প্ৰধান কাৰ্যালয় যোৰহাটত আৰু আন ন টা আঞ্চলিক কাৰ্যালয় গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত অৱস্থিত। সভাৰ জিলা সাহিত্য সভাৰ সংখ্যা বত্ৰিছখন। এই জিলা সাহিত্য সভাসমূহৰ অধীনত সভাৰ এহাজাৰৰো অধিক শাখা সাহিত্য সভা আছে। ভাৰতবৰ্ষ আৰু বিদেশতো বিভিন্ন ঠাইত সভাৰ শাখা আছে। এইবোৰ হ’ল – ক’হিমা, আইজল, ছিলং, পাছিঘাট, কামেং,নতুন দিল্লী, মুম্বাই, লণ্ডন, উত্তৰ আমেৰিকা আৰু ছিংগাপুৰ।

অসম সাহিত্য সভাৰ সংবিধানত ইয়াৰ উদ্দেশ্য এনে ধৰণে উল্লেখ কৰা হৈছে-

“অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰাই এই সভাৰ ঘাই উদ্দেশ্য, লগতে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাও সভাৰ অন্যতম উদ্দেশ্য হ’ব। সেই উদ্দেশ্যে তলত দিয়া ধৰণে কাৰ্য কৰিবলৈ সভা যত্নপৰ হ’ব :

১. অভিধান, ব্যাকৰণ আৰু অন্যান্য গ্ৰন্থৰ সংকলন আৰু প্ৰকাশ কৰা

২. প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ কৰা

৩. অসমীয়া সাহিত্যত যি যি বিষয়ৰ পুথিৰ অভাৱ, সেই অভাৱ দূৰ কৰা

৪.প্ৰকাশিত গ্ৰন্থৰ ভিতৰত উপযুক্ত গ্ৰন্থৰ গ্ৰন্থকাৰক বঁটা আৰু সামৰ্থহীন সাহিত্যিকক সাহায্য প্ৰদান কৰা

৫ .সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা

৬. সভাৰ এখন মুখপত্ৰ আৰু প্ৰচাৰপত্ৰ প্ৰকাশ কৰা

৭.ভাষা আৰু সাহিত্যৰ প্ৰচাৰ-পত্ৰাদি প্ৰকাশ কৰা

৮.ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা

৯.সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা

১০.অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দুৰ কৰা

১১.অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ অৰ্থে আন আন কাৰ্য্য কৰা

অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নঃ

অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীক চিহ্নটো ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল। এই প্ৰতীকটো যুগল দাস নামৰ শিল্পী এজনে অংকন কৰিছিল। অসম সাহিত্য সভাৰ ৰঙীন প্ৰতীকটো ১৯৯৮-৯৯ চনৰ আৰু বৰ্তমানো এই প্রতীকটোৱেই ব্যৱহাৰ কৰি থকা হৈছে।

সাহিত্য সভাৰ আদৰণি গীত

গীতিকাৰঃ মিত্ৰদেৱ মহন্ত অধিকাৰ।

স্বৰলিপিঃ  ইন্দ্ৰেশ্বৰ শৰ্মাৰ।

চিৰ চেনেহী মোৰ ভাষা জননী।

ধন্যে পুণ্যে হৃত পাৱনী, আই॥

প্ৰকৃতি পৰশ ৰসে অমল কমল

চঞ্চল হৃদি জলে ঢালে পৰিমল

কোমল চম্পাৰ কলি

ঢৌৱে ঢৌৱে ঢৌৱে তুলি

ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ

হিয়াত বিলীন হয় হিয়াভৰা গান

কাৰ নিচুকনি শুনা

শুনি বাণী ব্যথা পমা

চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ

ৰসনা শিতানে বহি সিঁচা শতধাৰ

হে’ মোৰ মধুৰননা

মাগিছোঁ মাধুৰী কণা

দিয়া দিয়া দিয়া আই মধু ভাষিণী॥

অসম সাহিত্য সভাৰ সভাপতিসকল

চনসভাপতিঅধিবেশন
১৯১৭পদ্মনাথ গোহাঞিবৰুৱাশিৱসাগৰ
১৯১৮চন্দ্ৰধৰ বৰুৱাগোৱালপাৰা
১৯১৯কালিৰাম মেধিবৰপেটা
১৯২০হেমচন্দ্ৰ গোস্বামীতেজপুৰ
১৯২৩অমৃতভূষণ দেৱ অধিকাৰীযোৰহাট
১৯২৪কনকলাল বৰুৱাডিব্ৰুগড়
১৯২৪লক্ষ্মীনাথ বেজবৰুৱাগুৱাহাটী
১৯২৫ৰজনীকান্ত বৰদলৈনগাঁও
১৯২৬বেণুধৰ ৰাজখোৱাধুবুৰী
১৯২৭তৰুণৰাম ফুকনগোৱালপাৰা
১৯২৯কমলাকান্ত ভট্টাচাৰ্য্যযোৰহাট
১৯৩০মফিজুদ্দিন আহমদ হাজৰিকাগোলাঘাট
১৯৩১নগেন্দ্ৰ নাৰায়ণ চৌধুৰীশিৱসাগৰ
১৯৩৩জ্ঞানদাভিৰাম বৰুৱাউত্তৰ লখিমপুৰ
১৯৩৪আনন্দ চন্দ্ৰ আগৰৱালামঙ্গলদৈ
১৯৩৬ৰঘুনাথ চৌধাৰীতেজপুৰ
১৯৩৭কৃষ্ণকান্ত সন্দিকৈগুৱাহাটী
১৯৪০ময়িদুল ইছলাম বৰাযোৰহাট
১৯৪৪নীলমণি ফুকনশিৱসাগৰ
১৯৪৭নীলমণি ফুকনডিব্ৰুগড়
১৯৫০অম্বিকাগিৰী ৰায়চৌধুৰীমাৰ্ঘেৰিটা
১৯৫৩সূৰ্য্যকুমাৰ ভূঞাশ্বিলং
১৯৫৪নলিনীবালা দেৱীযোৰহাট
১৯৫৫যতীন্দ্ৰনাথ দুৱৰাগুৱাহাটী
১৯৫৬বেণুধৰ শৰ্মাধুবুৰী
১৯৫৮পদ্মধৰ চলিহাতিনিচুকীয়া
১৯৫৯অতুল চন্দ্ৰ হাজৰিকানগাঁও
১৯৬০ত্ৰৈলোক্যনাথ গোস্বামীপলাশবাৰী
১৯৬১ত্ৰৈলোক্যনাথ গোস্বামীগোৱালপাৰা
১৯৬৩ৰত্নকান্ত বৰকাকতীনাজিৰা
১৯৬৪মিত্ৰদেৱ মহন্তডিগবৈ
১৯৬৫ডিম্বেশ্বৰ নেওগনলবাৰী
১৯৬৬বিনন্দ চন্দ্ৰ বৰুৱাউত্তৰ লক্ষিমপুৰ
১৯৬৭নকুলচন্দ্ৰ ভূঞাডিব্ৰুগড়
১৯৬৮জ্ঞাননাথ বৰাতেজপুৰ
১৯৬৯আনন্দ চন্দ্ৰ বৰুৱাবৰপেটা
১৯৭০উপেন্দ্ৰচন্দ্ৰ লেখাৰুধিং
১৯৭১তীৰ্থনাথ শৰ্মামাকুম
১৯৭২হেম বৰুৱাধুবুৰী
১৯৭৩গিৰিধৰ শৰ্মাৰঙিয়া
১৯৭৪মহেশ্বৰ নেওগমঙ্গলদৈ
১৯৭৫সত্যেন্দ্ৰনাথ শৰ্মাতিতাবৰ
১৯৭৬যজ্ঞেশ্বৰ শৰ্মাটিহু
১৯৭৭চৈয়দ আব্দুল মালিকঅভয়াপুৰী
১৯৭৮প্ৰসন্নলাল চৌধুৰীগোলাঘাট
১৯৭৯অতুল চন্দ্ৰ বৰুৱাশুৱালকুছি
১৯৮০যতীন্দ্ৰনাথ গোস্বামীৰহা
১৯৮১সীতানাথ ব্ৰহ্মচৌধুৰীতিনিচুকীয়া
১৯৮২সীতানাথ ব্ৰহ্মচৌধুৰীডিফু
১৯৮৩বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবঙাইগাঁও
১৯৮৫যোগেশ দাসবিহপুৰীয়া
১৯৮৬বীৰেণ বৰকটকীকামপুৰ
১৯৮৭মহেন্দ্ৰ বৰাপাঠশালা
১৯৮৮কীৰ্তিনাথ হাজৰিকাহাইলাকান্দি
১৯৮৯মহিম বৰাডুমডুমা
১৯৯০নৱকান্ত বৰুৱাবিশ্বনাথ চাৰিআলি
১৯৯১নিৰ্মলপ্ৰভা বৰদলৈদুধনৈ
১৯৯২লক্ষ্যধৰ চৌধুৰীগোৰেশ্বৰ
১৯৯৩ভূপেন হাজৰিকাশিৱসাগৰ
১৯৯৪লীলা গগৈমৰিগাঁও
১৯৯৫হিতেশ ডেকাসৰ্থেবাৰী
১৯৯৬লক্ষ্মীনন্দন বৰাবোকাখাত
১৯৯৭নগেন শইকীয়াবিলাসীপাৰা
১৯৯৮নগেন শইকীয়াহাওৰাঘাট
১৯৯৯চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াহাজো
২০০০চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াযোৰহাট
২০০১হোমেন বৰগোহাঞিডিব্ৰুগড়
২০০২হোমেন বৰগোহাঞিকলগাছিয়া
২০০৩বীৰেন্দ্ৰনাথ দত্তউত্তৰ লখিমপুৰ
২০০৪বীৰেন্দ্ৰনাথ দত্তহোজাই
২০০৫কনকসেন ডেকাছিপাঝাৰ
২০০৬কনকসেন ডেকাবেলশৰ
২০০৭কনকসেন ডেকাচাপৰ
২০০৯ৰংবং তেৰাংধেমাজি
২০১০ৰংবং তেৰাংদেৰগাঁও
২০১৩ইমৰাণ শ্বাহবৰপেটা ৰোড
২০১৫ডাঃ ধ্ৰুৱজ্যোতি বৰাকলিয়াবৰ
২০১৭লক্ষ্মীনন্দন বৰাশিৱসাগৰ,শতবৰ্ষ অধিবেশন
২০১৮পৰমানন্দ ৰাজবংশীবৰডুমচা
২০২০কুল শইকীয়াশুৱালকুছি, কামৰূপ
২০২২ড°সূৰ্যকান্ত হাজৰিকানাৰায়ণপুৰ (২০২৩)
error: Content is protected !!