ক্ৰিয়াৰ মূল ৰূপকে ধাতু বোলে।
অসমীয়া ধাতু (ক্ৰিয়াৰ মূলৰূপ) বোৰক মুঠতে দুটা ভাগত ভাগ কৰা হৈছে-
(১) মৌলিক বা সিদ্ধ ধাতু
(২) যৌগিক ধাতু বা সাধিত ধাতু
(১)মৌলিক বা সিদ্ধ ধাতু -যিবোৰ ধাতু স্বয়ংসিদ্ধ বা আদি ৰূপৰ ৰূপান্তৰ ঘটা নাই সেইবোৰ ধাতুকে মৌলিক বা সিদ্ধ ধাতু বোলে। যেনে – পূজ, ৰচ, লিখ, কৰ, পঢ়
(২) যৌগিক ধাতু বা সাধিত ধাতু মৌলিক ধাতু বা শব্দৰ শেষত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক যৌগিক ধাতু বোলে। যেনে পঢ়ুৱা, কৰায়, ফুলা, গোৱা
যৌগিক বা সাধিত ধাতু চাৰিটা ভাগত ভাগ কৰিব পাৰি-
(ক) পাঁচনী ধাতু
(খ) নাম ধাতু
(গ) ধ্বন্যাত্মক ধাতু
(ঘ) মিশ্ৰ বা সংযোগমূলক ধাতু
(ক) পাঁচনী ধাতু
আনৰ দ্বাৰা কাম কৰোৱা অৰ্থত মূল ধাতুৰ পিছত আ,ওৱা,উৱা প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক পাঁচনী ধাতু বোলে।যেনেঃ কৰ — কৰা , ধৰা- ধৰোৱা, পঢ় —-পঢ়ুৱা ইত্যাদি।
(খ) নাম ধাতু
বিষেশ্য বা বিশেষণ পদৰ পিছত ‘আ’, ‘ইয়া’ বা ‘উৱা’ প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুকে নাম ধাতু বোলে। যেনেঃ চৰ — চৰা, ভুকু- ভুকুৱা , ডাবি — ডবিয়া ইত্যাদি।
(গ) ধ্বন্যাত্মক ধাতু
কোনো শব্দ অনুকৰণ কৰি সাধিত হোৱা ধাতুকে ধ্বন্যাত্মক ধাতু বোলে। যেনেঃ কলকলা, গিৰগিৰা, কিনকিনা, গুণগুণা
ঘ)মিশ্ৰ বা সংযোগমূলক ধাতু
মৌলিক ধাতুৰ সৈতে বিশেষ্য, বিশেষণ, ধনাত্মক শব্দ যোগ হৈ সাধিত হোৱা ধাতুক মিশ্ৰ বা সংযোগমূলক ধাতু বোলে। উদাহৰণ– ভিক্ষাকৰ, ৰক্ষাকৰ, মনকৰ, ক্ষতিকৰ, লাভকৰ, ইত্যাদি।