jonali

উদ্যোগী  হওঁ আহাঁ

১।

উত্তৰঃ- প্ৰকাশ গোস্বামী

উত্তৰঃ- “এজন  ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী  ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে”

উত্তৰঃ- এলাহ

উত্তৰঃ- ধৈর্য্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি

উত্তৰঃ-  ‘Eat cricket, sleep cricket, dream cricket, drink cricket’

উত্তৰঃ- নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী।

উত্তৰঃ- বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়।

উত্তৰঃ- প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব

উত্তৰঃ- টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল,- ”মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০,০০০ ধৰণে ই কাম নকৰে”।

উত্তৰঃ-এজন উদ্যোগী পুৰুষ  সিংহৰ সমান হ’ব লাগিব। তেওঁৰ শক্তি, সাহস, আত্মবিশ্বাস, ধৈর্য্য,  একাগ্ৰতা আৰু হাৰ নমনা মনোবৃত্তি  থাকিব লাগিব। বাৰে বাৰে বিফল হোৱাৰ পিছতো যিজনে  উদ্যম নেহেৰুৱাই সফল নোহোৱালৈকে কাম এটাত লাগি থাকিব পাৰে তেনে ব্যক্তিয়েহে  সফল উদ্যোগী  হ’ব পাৰে।  এজন উদ্যোগী  আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ’ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ’ল এজন উদ্যোগী বা আন্ট্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। কিন্তু আটাইতকৈ কঠিন কাম হ’ল এজন সফল উদ্যোগী হোৱা। সফল উদ্যোগী এজনে এলাহক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। অসমীয়াত এষাৰ কথা আছে  – “উদ্যোগী  পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচাৰ।”                      

উত্তৰঃ-এজন সফল উদ্যোগী হ’বলৈ লাগিব ধৈর্য্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। বাৰে বাৰে বিফল হোৱাৰ পিছতো যিজনে  উদ্যম নেহেৰুৱাই সফল নোহোৱালৈকে কাম এটাত লাগি থাকিব পাৰে তেনে ব্যক্তিয়েহে  সফল উদ্যোগী  হ’ব পাৰে। সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ প্ৰক্ৰিয়াটোক চাইকেল চলাবলৈ শিকাৰ প্ৰক্ৰিয়াৰ লগত তুলনা কৰিব পাৰি।  চাইকেল চলাবলৈ শিকাতে সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়,কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছাল-বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল-বাকলি  এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি ‘হাফ-পেদেল’ মাৰি চলাব পৰা হয় আৰু এদিন ‘ফুল-পেদেল’ মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্যোগী হ’বলৈ  যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে  একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হ’লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী  হয়গৈ।

উত্তৰঃ-উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়। নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একো একোজন উদ্যোগী । সেই হিচাপত জুবিন, পাপনৰ দৰে একোজন শিল্পী, এখন ৰেষ্টোৰা বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱেই একো একো গৰাকী উদ্যোগী।

উত্তৰঃ- ইন্‌ফচিচ  কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তী।

       নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী।  কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আছিল।  অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি এৰি দি Softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু ডেৰ বছৰৰ পাছতে কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্ত্তীয়ে পুনৰ চাকৰিত যোগদান কৰে যদিও  চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি Infosys নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই দিছিল। সেই দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিচ কোম্পানীটোৱে প্ৰথম অৱস্থাত বহুতো বাধা-বিঘিনি , ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’ব লগা হৈছিল। নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইন্‌ফচিচৰ  হাতলৈ বহুতো সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ’ল। ধৈৰ্য্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ  শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্যোগী।

উত্তৰঃ- এই প্ৰশ্নটো প্ৰীতমে সুধিছিল।

        তাৰ উত্তৰত শিক্ষকজনে কোৱা কথাখিনিৰ সাৰমৰ্ম এনেধৰণৰ一এজন উদ্যোগী হ’বৰ বাবে বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে । কিন্তু যিটো দিশত উদ্যোগী হ’বলৈ বিচৰা হয়  তাত কৃতকাৰ্য্যতা লাভ কৰিবৰ বাবে সেই দিশটোৰ বিষয়ত জ্ঞান, কৌশল আৰু বুদ্ধিৰ প্ৰয়োজন হয়। অৱশ্যে কেতবোৰ বিশেষ দিশত উদ্যোগী হ’বলৈ সেই দিশত শিক্ষাগত অৰ্হতা থকাটো প্ৰয়োজন । এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ’বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্ত এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান আদি খু-লিবৰ বাবে নিজৰ সেই কামৰ কৌশল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য্যতা লাভ কৰিব নোৱাৰি ।বৰ্তমান সময় প্ৰযুক্তি, তথ্যপ্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ’ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেকট্রনিক্স ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্যপ্রযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্য্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে। এখন হস্পিতেল বা নাৰ্ছিং হোম প্রতিষ্ঠা কৰিবৰ বাবে নিজে এজন ডাক্তৰ বা MBBS ডিগ্রীধাৰী হোৱাটো প্রয়োজন।

উত্তৰঃ- এজন উদ্যোগী  হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।      

   এজন সফল উদ্যোগী হবৰ বাবে লাগে ধৈর্য্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ সকলোৰে নাথাকে। বাৰে বাৰে বিফল হোৱাৰ পিছতো যিজনে  উদ্যম নেহেৰুৱাই সফল নোহোৱালৈকে কাম এটাত লাগি থাকিব পাৰে তেনে ব্যক্তিয়েহে  সফল উদ্যোগী  হ’ব পাৰে। সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ প্ৰক্ৰিয়াটোক চাইকেল চলাবলৈ শিকাৰ প্ৰক্ৰিয়াৰ লগত তুলনা কৰিব পাৰি।  চাইকেল চলাবলৈ শিকাতে  আৰম্ভণিৰ সময়ত বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়, কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছাল-বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল-বাকলি  এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, তেওঁলোকেহে লাহে লাহে  চলাব পৰা হয়।  এজন উদ্যোগী হ’বলৈ  যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে  একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হ’লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী  হয়।

উত্তৰঃ – ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ  কৰ্মনিষ্ঠাৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ হেপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ  সিদান্ত লয়।  ব্যৱসায়ৰ বাবে তেওঁৰ হাতত মূলধন নাছিল। সেয়ে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিব ধৰিলে।। মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ পথত বাধা হ’ব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী, আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ “ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন” স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত “ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ” হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল- “নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগত ভাবা। ” উদ্যোগী হোৱাৰ গুণ জন্মগত নহয়, উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰোচনৰ দ্বাৰা এজন ব্যক্তিয়ে নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল লাগিব আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন।  

উত্তৰঃ-ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰিবলৈ,   ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ আৰু এই দিশত সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়তে উদ্যোগী কোষ গঠন কৰা হৈছে । এই কোষসমূহে নিয়মিত ভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰখা উচিত। জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভৱ। প্ৰতি দহজন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চৰকাৰী চাকৰি পাব, কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্যকে কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা আৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে নিজকে মানসিক ভাৱে প্ৰস্তুত কৰি তাৰ বাবে সাজু হ’লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক।

উত্তৰঃ

প্ৰভাত 一 ৰাতিপুৱা

কঠিন 一 টান

ডাঙৰ 一 বৰ

চেষ্টা 一 প্ৰয়াস

লগৰীয়া 一 বন্ধু

লক্ষ্য় 一 উদ্দেশ্য়

হাবিয়াস 一 ইচ্ছা, আগ্ৰহ

সপোন 一 স্বপ্ন

উত্তৰঃ

নতুন 一 পুৰণি

ক্ষুদ্ৰ 一 ডাঙৰ

সফল 一 বিফল

কৰ্মহীন 一 কৰ্মস্থ

এলেহুৱা 一 পৰিশ্ৰমী

সহজ 一 টান 

সপোন 一 দিঠক

সুবিধা 一 অসুবিধা

আৰম্ভ 一 শেষ

জন্ম 一 মৃত্য়ু

সমান 一 অসমান

উত্তৰঃ

শিক্ষক 一 শিক্ষয়িত্ৰী

ছাৰ 一 বাইদেউ

ছাত্ৰ 一 ছাত্ৰী

পুৰুষ 一 মহিলা

বন্ধু 一 বান্ধৱী 

উদ্যোগী  হওঁ আহাঁ Read More »

বচন

ব্যাকৰণত বচন এটা সংখ্যাবোধক পদ। এটাক বুজালে একবচন আৰু দুটা বা অধিক বুজালে বহুবচন।

অসমীয়াত বিলাক, বোৰ, হঁত, সকল, লোক আদি ব্যৱহাৰ কৰি একবচনৰ পদক বহুবচনলৈ নিয়া হয়। সংখ্যাবাচক শব্দ, বহুত আদি ব্যৱহাৰ কৰিও বহুবচন কৰা হয় ৷ মখা, গণ, জাক, দল, থোক, থোপা, থুপি আদি সমষ্টি বুজাবলৈ ব্যৱহাৰ কৰা হয়। তলত কেতবোৰ উদাহৰণ দিয়া হ’ল-

বিলাক : মানুহবিলাক, ল’ৰাবিলাক, ছোৱালীবিলাক, ছাত্রবিলাক, অসমীয়াবিলাক ইত্যাদি।

বোৰ : মানুহবোৰ, ল’ৰাবোৰ, চোৰবোৰ, গৰুবোৰ, হাঁহবোৰ, ফুলবোৰ পানীবোৰ, গাখীৰবোৰ, চেনিবোৰ, চাউলবোৰ ইত্যাদি।

হঁতঃ ল’ৰাহঁত, ইহঁত, সিহঁত, তহঁত, খৰিকটীয়াহঁত, কমাৰহঁত ইত্যাদি ।

সকল : প্রভুসকল, সভাসদসকল, বন্ধুসকল, আইসকল, ভাইসকল, দেউতাসকল, তেখেতসকল, এখেতসকল, আপোনসকল ইত্যাদি।

লোক : আমালোক, তোমালোক, তেওঁলোক, এওঁলোক ইত্যাদি।

জাক : গজাক, হাঁহজাক, বৰষুণজাক আদি ।

মখা: সান্দহমখা, ল’ৰামখা, বান্দৰমখা আদি

থোপাঃ আমথোপা, তেঁতেলিথোপা, আঙ্গুৰথোপা, মণিথোপা আদি ।

গণ : মুনিগণ, দেবতাগণ, পাৰিষদগণ আদি।

দল : সৈন্যদল, ছাত্রদল, যুবকদল আদি।

থোক : কলথোক, নাবিকলথোক, তামোলথোক আদি।

থুপি : ফুলথুপি ।

পাল : গৰুপাল, ভেড়াপাল, হাতীপাল আদি ।

পুঞ্জ : দ্বীপপুঞ্জ, জাতিপুঞ্জ আদি।

বৰ্গ : শিষ্যবর্গ, পাৰিষদবর্গ, বন্ধুবৰ্গ, পৰিয়ালবৰ্গ আদি।

বৃন্দ, বৃন্দা : ভক্তবৃন্দ, সুধীবৃন্দ, ছাত্রবৃন্দ, ছাত্রীবৃন্দা আদি।

মালা : পর্বতমালা, আগ্নেয়মালা, গিৰিমালা আদি ।

মণ্ডলী : বিদ্বানমণ্ডলী, মন্ত্রীমণ্ডলী, পণ্ডিতমণ্ডলী আদি।

ৰাজি : গ্ৰন্থৰাজি, বৃক্ষৰাজি, পুষ্পৰাজি আদি।

শ্রেণী : পর্বতশ্রেণী, শাসকশ্রেণী, ব্যৱসায়শ্রেণী আদি ।

লানি : বক্তৃতালানি, মাছলানি, সোঁতলানি আদি।

  • কেতিয়াবা বাক্য শুৱলা কৰিবৰ কাৰণে বিশেষণৰ দ্বিরুক্তি কৰিও বহুবচন বুজোৱা হয়। যেনে : ডাঙৰ ডাঙৰ মানুহ,শাৰী শাৰী ফুল, সুন্দৰ সুন্দৰ ফুল ইত্যাদি।
  •  সংখ্যাবাচক শব্দৰ যোগতো বহুবচন কৰা হয়। যেনে : দুটা মানুহ, দহটা গৰু, হাজাৰ ফুল, লাখ টকা ইত্যাদি।

বচন Read More »

ধাতু

ক্ৰিয়াৰ মূল ৰূপকে ধাতু বোলে।

অসমীয়া ধাতু (ক্ৰিয়াৰ মূলৰূপ) বোৰক মুঠতে দুটা ভাগত ভাগ কৰা হৈছে-

(১) মৌলিক বা সিদ্ধ ধাতু

 (২) যৌগিক ধাতু বা সাধিত ধাতু

(১)মৌলিক বা সিদ্ধ ধাতু -যিবোৰ ধাতু স্বয়ংসিদ্ধ বা আদি ৰূপৰ ৰূপান্তৰ ঘটা নাই সেইবোৰ ধাতুকে মৌলিক বা সিদ্ধ ধাতু বোলে। যেনে – পূজ, ৰচ, লিখ, কৰ, পঢ়

(২) যৌগিক ধাতু বা সাধিত ধাতু মৌলিক ধাতু বা শব্দৰ শেষত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক যৌগিক ধাতু বোলে।  যেনে পঢ়ুৱা, কৰায়, ফুলা, গোৱা

যৌগিক বা সাধিত ধাতু চাৰিটা ভাগত ভাগ কৰিব পাৰি-

(ক) পাঁচনী ধাতু

(খ) নাম ধাতু

(গ) ধ্বন্যাত্মক ধাতু

(ঘ) মিশ্ৰ বা সংযোগমূলক ধাতু

(ক) পাঁচনী ধাতু

আনৰ দ্বাৰা কাম কৰোৱা অৰ্থত মূল ধাতুৰ পিছত আ,ওৱা,উৱা প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক পাঁচনী ধাতু বোলে।যেনেঃ  কৰ — কৰা  , ধৰা- ধৰোৱা, পঢ় —-পঢ়ুৱা  ইত্যাদি।

(খ) নাম ধাতু

বিষেশ্য বা বিশেষণ পদৰ পিছত ‘আ’, ‘ইয়া’ বা ‘উৱা’ প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুকে নাম ধাতু বোলে। যেনেঃ  চৰ — চৰা, ভুকু- ভুকুৱা , ডাবি — ডবিয়া ইত্যাদি।

(গ) ধ্বন্যাত্মক ধাতু

কোনো শব্দ অনুকৰণ কৰি সাধিত হোৱা ধাতুকে ধ্বন্যাত্মক ধাতু বোলে।  যেনেঃ  কলকলা,  গিৰগিৰা, কিনকিনা, গুণগুণা

ঘ)মিশ্ৰ বা সংযোগমূলক ধাতু

মৌলিক ধাতুৰ সৈতে বিশেষ্য, বিশেষণ, ধনাত্মক শব্দ যোগ হৈ সাধিত হোৱা ধাতুক মিশ্ৰ বা সংযোগমূলক ধাতু বোলে। উদাহৰণ– ভিক্ষাকৰ,  ৰক্ষাকৰ, মনকৰ, ক্ষতিকৰ,  লাভকৰ, ইত্যাদি।

ধাতু Read More »

কাল

যি সময়ত ক্রিয়া সম্পাদন হয়, সেই সময়ক কাল বোলে ।

প্রধান কাল তিনিটা –

১। বর্তমান কাল

২। অতীত কাল

৩। ভৱিষ্যৎ কাল

১। বর্তমান কাল : চলিত সময়, স্বভাৱ, অভ্যাস আদিৰ নিত্য ভাৱ বুজোৱা ক্ৰিয়াৰ কালক বর্তমান কাল বোলে ।

বর্তমান কাল দুবিধ :

(ক) নিত্য বর্তমান

(খ) স্বৰূপ বৰ্তমান

(ক) নিত্য বর্তমান: যি ক্রিয়াই নিয়ম, অভ্যাস বা চলিত বর্তমান আদি বুজায়, তাৰ কালক নিত্যবর্তমান কাল বোলে।

যেনে : ৰাতি আকাশত তৰা ওলায়।

     বহাগ মাহত কপৌ ফুল ফুলে।

     পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।

    মই স্কুললৈ যাওঁ।

  • ঐতিহাসিক ঘটনা, অতীত ঘটনা আদি বুজোৱা অতীত কালৰ ক্ৰিয়া পদক নিত্য-বর্তমান কালত ব্যৱহাৰ কৰা হয়। যেনেঃ ১৫৫৬ খ্ৰীষ্টাব্দত পাণিপথৰ যুদ্ধ হয়। শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ খ্ৰীষ্টাব্দত আৱির্ভার হয় ইত্যাদি।
  • চিৰন্তন সত্যবোৰ সদায় নিত্য বর্তমান কালত ব্যৱহাৰ হয়। যেনে : বেলি পূৱ ফালে উদয় হয়, পশ্চিম ফালে মাৰ যায়। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। জীৱ মাত্রেই মৰে ইত্যাদি।

নিত্যবর্তমান কাল তিনি ধৰণে ব্যৱহাৰ হয়-

১)নির্দেশক -যেনে: মই খাওঁ। আমি খাওঁ।তুমি খোৱা। সি খায়।

২)অনুজ্ঞা -যেনে: আপুনি খাওঁক। তুমি খোৱা। তই খা।

৩)সম্ভাব্য– যেনে: যদি মই কৰোঁ , যদি আমি  কৰোঁ , যদি সি কৰে আদি

(খ) স্বৰূপ বৰ্তমান : যি ক্ৰিয়াৰ কাম শেষ হৈছে বা পূৰ্ণ হৈছে, কিন্তু ভাৱ ফল বা প্রভাৱ এতিয়াও আছে, নাইবা কামটো চলি আছে, এনে ভাৱ প্ৰকাশক ক্ৰিয়াৰ কালক স্বৰূপ বর্তমান কাল বোলে। যেনেঃ মই ভাত খাইছোঁ। মই পঢ়ি আছোঁ।

স্বৰূপ বৰ্তমান কাল তিনি ধৰণে ব্যৱহাৰ হয়-

নিৰ্দ্দেশক— যেনেঃ মই খেলিছোঁ, আমি খেলিছোঁ,  তুমি খেলিছা  ইত্যাদি।

চলমান যেনেঃ মই খেলি আছোঁ।  আমি খেলি আছোঁ।  তুমি খেলি আছা।

ঘটমান যেনে: মই পঢ়িব ধৰিছোঁ . আমি পঢ়িব ধৰিছোঁ।

২। অতীত কালঃ যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ গ’ল, তাক অতীত বা ভূত কাল বোলে।

অতীত কাল তিনি বিধ-

(ক) স্বৰূপ ভূত বা সামীপ্য ভূত বা সাধাৰণ ভূত কাল।

(খ) অপূর্ণ ভূত বা নিত্য ভূত বা পৰোক্ষ ভূত কাল

(গ) সম্ভাব্য ভূত কাল

(ক) স্বৰূপ ভূতঃ যি ক্ৰিয়াৰ কাৰ্য আগতে শেষ হৈ গৈছে তেনে ক্ৰিয়াৰ কালক স্বৰূপ ভূত কাল বোলে। যেনে : মই খালোঁ। আমি খালোঁ।  ইত্যাদি।

(খ) অপূৰ্ণ ভূতঃ যি ক্ৰিয়াৰ কাৰ্য অতীতত হৈ যোৱা কোনো এটা কাৰ্যৰ আগৰ কালত হোৱা বুজায়, তেনে ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত কাল বোলে। যেনেঃ তেওঁ যাওঁতে মই ভাত খাই আছিলো। মই আহোঁতে সি কাম কৰিছিল।

অপূর্ণ ভূত কাল তিনি ধৰণে ব্যৱহাৰ হয়-

চলমান অৰ্থত অপূর্ণ ভূত কাল : মই খাই আছিলো, তুমি খাই আছিলা। ইত্যাদি।

ঘটমান অৰ্থত অপূর্ব ভূত কাল : ম‍ই খাব ধৰিছিলো, তুমি খাব ধৰিছিলা ,ইত্যাদি।

(গ) সম্ভাব্য ভূত কাল : অতীতত কোনো কাৰ্য হোৱাৰ সম্ভাৱনা আছিল কিন্তু কাৰ্য নোহোৱাকৈ ক্রিয়া শেষ হ’ল, তেনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূত কাল বোলে। যেনে : ম‍ই কৰিলোঁহেতেন, তুমি কৰিলাহেঁতেন, তেওঁ কৰিলেহেঁতেন, ইত্যাদি ।

৩। ভৱিষ্যৎ কালঃ ভৱিষ্যতে কোনো কাৰ্য সম্পাদন কৰা হ’ব এনে ভাৱ বুজোৱা ক্ৰিয়াৰ কালক ভৱিষ্যৎ কাল বোলে। যেনে : মই ভাত খাম। মই ফুটবল খেলিম। ইত্যাদি

ভৱিষ্যৎ কালৰ ব্যৱহাৰ তিনি ধৰণৰ-

সাধাৰণ নিৰ্দ্দেশক ৰূপেঃ আমি ঘৰলৈ যাম, তুমি সভালৈ আহিবা, তেওঁ স্কুললৈ যাব ইত্যাদি ।

অনুজ্ঞা ৰূপে : (আদেশ, অনুৰোধ, উপদেশ, নির্দ্দেশ, প্রার্থনা, প্রতিজ্ঞা, আশীর্বাদ আদি বুজোৱা অৰ্থত) তই আজিয়েই ঘৰলৈ যাবি; তুমি আমালৈ নাপাহৰিবা; নিয়মিতভাৱে পঢ়া-শুনা কৰিবা ; ভগৱানে তোমাৰ মঙ্গল কৰিব ; ম‍ই পৰীক্ষাত পাছ কৰিমেই ইত্যাদি।

ঘটমান অৰ্থতঃ আমি গৈ থাকিম, তুমি আহি থাকিবা। তুমি কামটো কৰি থাকিবা, মই চাই খাকিম।

কাল Read More »

অব্যয়

অব্যয় যিবোৰ শব্দৰ লিঙ্গ, বচন, বিভক্তি আদিত কোনো পৰিৱৰ্তন নহয়, তাক অব্যয় শব্দ বোলে।

অব্যয় শব্দ সাত প্ৰকাৰৰ :

১) সংযোজক বা যোজক অব্যয়

২) বিয়োজক অব্যয়

৩) ভাববোধক অব্যয়

৪) সম্বোধনবোধক অব্যয়

৫) প্রশ্নবোধক অব্যয়

৬) সমিধানৰোধক অব্যয় আৰু

৭) আনুষঙ্গিক অব্যয়।

১। সংযোজক বা যোজক অব্যয় : যি অব্যয়ে দুটা বা তাতকৈ বেছি পদ বা বাক্যক যোগ কৰে, তাকে যোজক অব্যয় বোলে।

যেনে : আৰু, এতেকে, কাৰণ, কাৰণে আদি।

২। বিয়োজক অব্যয় : যি অব্যয়ে দুটা পদ বা বাক্যক পৃথক কৰে তাকে বিয়োজক অব্যয় বোলে ।

যেনে : বা, নাইবা, নতুবা, তথাপি, কিন্তু ইত্যাদি।

৩।ভাববোধক অব্যয়ঃ যি অব্যয়ে মানুহৰ মনৰ নানা ভাব প্রকাশ কৰে, তাক ভাববোধক অব্যয় বোলে।

যেনেঃ আহা, আঃ, উস, ইস, বাঃ বাঃ বেচ বেচ, চাবাচ ইত্যাদি।

৪। সম্বোধনবোধক অব্যয়ঃ যিবোৰ অব্যয় সম্বোধন কৰোতে ব্যৱহাৰ কৰা হয়, সিহঁতক সম্বোধনবোধক অব্যয় বোলে।

যেনেঃ অ, ঐ, ঔ, হেৰ, হেৰা, হেৰি, হেৰি, হেৰৌ, হে, হ’য়ে হ’য়েবা ইত্যাদি।

৫।প্রশ্নবোধক অব্যয়ঃ কোনো কথা সোধাত বা প্রশ্ন কৰাত যিবোৰ অব্যয় ব্যৱহাৰ হয়, সেইবোৰক প্রশ্নবোধক অব্যয় বোলে। যেনেঃ নে, নেকি, কি, জানো, কোনে, বোলে, ইত্যাদি।

৬।সমিধানবোধক অব্যয়ঃ কথাৰ বা প্রশ্নৰ উত্তৰ দিওঁতে ব্যৱহাৰ হোৱা অব্যয়ক সমিধানবোধক অব্যয় বোলে।

যেনেঃ ওঁ, ওঁহো, এৰা, হয়, বাৰু ইত্যাদি।

৭।আনুষঙ্গিক অব্যয়ঃ যিবোৰ অব্যয় অন্য পদৰ পাছত যোগ হৈ সিহঁতৰ অৰ্থ বেলেগ, কৰে, সেইবোৰক আনুষঙ্গিক অব্যয় বোলে।

যেনেঃ এ, এই, ও, হি, হে, তা, দেই ইত্যাদি।

অব্যয় Read More »

ক্ৰিয়া পদ

যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া পদ বোলে। ।

ক্ৰিয়া পদৰ ভাগ:

  • বাক্য সম্পূৰ্ণকৈ শেষ হোৱা নোহোৱাক লৈ ক্ৰিয়া পদক দুটা ভাগত ভগোৱা হৈছে –

ক) সমাপিকা ক্ৰিয়া

খ) অসমাপিকা ক্ৰিয়া

ক)সমাপিকা ক্ৰিয়া : যিবোৰ ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে  তাক সমাপিকা ক্ৰিয়া বোলে । যেনে : ৰামে ভাত খাইছে ।ইয়াত ‘খাইছে’ ক্ৰিয়াই বাক্য অৰ্থ সম্পূৰ্ণ কৰিছে । গতিকে ‘খাইছে’ সমাপিকা ক্ৰিয়া ।

খ)অসমাপিকা ক্ৰিয়া : যি ক্ৰিয়াৰ বাক্য অসম্পূৰ্ণ হৈ থাকে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে ।যেনে : ৰামে ভাত খাই স্কুললৈ গ’ল ।ইয়াত ‘খাই’ ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰিব পৰা নাই । ‘গ’ল’ ক্ৰিয়াৰ সহায়ত বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰা হৈছে । সেয়ে ‘খাই’ অসমাপিকা ক্ৰিয়া ।

  • কৰ্ম থকা নথকাক লৈ ক্ৰিয়াক আৰু দুটা ভাগত ভগাব পাৰি ।

ক) অকৰ্মক ক্ৰিয়া

খ) সকৰ্মক ক্ৰিয়া

ক)অকৰ্মক ক্ৰিয়া : যি ক্ৰিয়াৰ কৰ্ম নাথাকে,তাকেই অকৰ্মক ক্ৰিয়া বোলে ।যেনে : ৰামে হাঁহিছে । ছোৱালীজনীয়ে নাচিছে। ইয়াত হাঁহিছে, নাচিছে আদি ক্ৰিয়াৰ  কৰ্ম নাই । গতিকে ইহঁত অকৰ্মক ক্ৰিয়া ।

খ)সকৰ্মক ক্ৰিয়া : যিবোৰ ক্ৰিয়াৰ কৰ্ম থাকে, তাকেই সকৰ্মক ক্ৰিয়া বোলে । যেনে :মই ভাত খাওঁ। তাই চিঠি লিখিছে । ইয়াত ভাত আৰু  চিঠি যথাক্ৰমে খাওঁ আৰু লিখিছে ক্ৰিয়াৰ কৰ্ম। গতিকে  খাওঁ আৰু লিখিছে সকৰ্মক ক্ৰিয়া ।

কিছুমান সকৰ্মক ক্ৰিয়াৰ এটা কৰ্ম থাকে । সেইবোৰক এককৰ্মক ক্ৰিয়া বোলে ।যেনেঃ তাই কিতাপ পঢ়িছে।

কিছুমান সকৰ্মক ক্ৰিয়াৰ দুটা কৰ্ম থাকে । সেইবোৰক দ্বিকৰ্মক ক্ৰিয়া বোলে ।যেনেঃ তাই ৰীণাক কিতাপখন দিলে।

  • লগৰীয়া বা সহকাৰী (সহায়কাৰী) ক্রিয়াঃ যি কৰ্ত্তাৰ ক্ৰিয়াই আন এটা ক্ৰিয়াৰ অৰ্থ প্ৰৱলকৈ বুজাবলৈ সহায়ক হিচাপে ব্যৱহাৰ  হয় তাক লগৰীয়া বা সহকাৰী ক্রিয়া বোলে।“মই আমটো খাই পেলালোঁ।”— ইয়াত “খাই” মূল ক্রিয়া। তাৰ অৰ্থ প্ৰৱলকৈ বুজাবলৈ “পেলালোঁ”— ক্রিয়া ব্যৱহাৰ কৰা হৈছে। গতিকে “পেলালোঁ”— লগৰীয়া বা সহকাৰী ক্রিয়া
  • অনিয়মিত ক্রিয়াঃ যিবোৰ ক্ৰিয়াৰ সকলো কাল আৰু সকলো পুৰুষতে ৰূপ নহয়, তেনে ক্রিয়াক অনিয়মিত ক্রিয়া বোলে। অনিয়মিত ক্রিয়া চাৰিটা : নাই, আছ, থাক, ব’ল ।
  • পাঁচনী ক্রিয়াঃ  যি ক্রিয়াই আনক পাঁচি বা আনৰ হতুৱাই কোনো কাৰ্য সম্পাদন কৰোৱা বুজায়, তাক পাঁচনী ক্রিয়া বোলে। যেনেঃ সাধাৰণ ক্ৰিয়া : ম‍ই কিতাপ পঢ়িছোঁ। পাঁচনী ক্রিয়া : মই তাক কিতাপ পঢ়াইছোঁ।

ক্ৰিয়া পদ Read More »

সৰ্বনাম পদ

বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয়, তাক সৰ্বনাম পদ বোলে। যেনে : নয়ন এজন ভাল ল’ৰা। তেওঁ ডাঙৰক সন্মান কৰে।

সৰ্বনাম চাৰি প্ৰকাৰৰঃ

 (১) ব্যক্তিবাচক সৰ্বনাম

 (২) স্থানবাচক সৰ্বনাম

 (৩) কালবাচক সৰ্বনাম

 (৪) বিশেষণ সৰ্বনাম

১। ব্যক্তিবাচক সৰ্বনামঃ ব্যক্তি, জাতি, বা বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক ব্যক্তিবাচক সৰ্বনামপদ বোলে। যেনেঃ মই, আমি, তুমি, তেওঁ, তেখেত, কোন ইত্যাদি।

২। স্থানবাচক সৰ্বনামঃ ঠাইৰ নামৰ সলনি ব্যৱহাৰ হোৱা পদক স্থানবাচক সৰ্বনাম পদ বোলে। যেনেঃ কত, য’ত, ইয়াত, তাত, ইয়ালৈ, তালৈ, য’লৈ ইত্যাদি

৩। কালবাচক সৰ্বনামঃ কাল বা সময়ৰ মানৰ সলনি ব্যৱহাৰ হোৱা পদক কালবাচক সর্বনাম পদ বোলে। যেনেঃ আজি, কালি, এতিয়া, তেতিয়া, যেতিয়া, কাহানি, তাহানি, ইত্যাদি।

৪। বিশেষণ সৰ্বনামঃ যিবিলাক সৰ্বনাম পদ, অন্য সংজ্ঞা পদৰ আগত বহি অৱস্থা, গুণ আদি নিৰ্ণয় কৰে, তাক বিশেষণ সৰ্বনাম বোলে। যেনেঃ এনেকুৱা, তেনেকুৱা, ইমান, তিমান, সৌ, সৌৱা ইত্যাদি।

সৰ্বনাম পদ Read More »

বিশেষণ পদ

যি পদে আন পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষণ বোলে। যেনেঃ ভাল ল’ৰা. ধুনীয়া ছোৱালী

বিশেষণ পদবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে-

(১) বিশেষ্যৰ বিশেষণ

(২) বিশেষণীয় বিশেষণ

(৩) ক্ৰিয়া বিশেষণ 

বিশেষ্যৰ বিশেষণঃ যি পদে বিশেষ্য পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষ্যৰ বিশেষণ  বোলে। যেনেঃ শুৱলা সংগীত,  বিশাল আকাশ, পৱিত্ৰ গ্ৰন্থ  ইত্যাদি।

বিশেষণীয় বিশেষণঃ যি বিশেষণ পদে আন বিশেষণ পদক বিশেষকৈ দেখুৱায়,তাক বিশেষণীয় বিশেষণ বোলে।  যেনেঃঅ তি চতুৰ ল’ৰা, বৰ ডাঙৰ ঘৰ, অনিন্দ্য সুন্দৰ প্ৰকৃতি,  ইত্যাদি।

ক্ৰিয়া বিশেষণঃ যি বিশেষণ পদে ক্ৰিয়াৰ  ধৰণ , অৱস্থা আদি বুজায় তাক ক্ৰিয়া-বিশেষণ বোলে।  যেনেঃ লাহে লাহে আহা, খৰচি মাৰি পঢ়িবা, বেগাই যোৱা, ইত্যাদি।

বিশেষণ পদ Read More »

পদ ( i) বিশেষ্য

পদ

ধাতু আৰু প্রাতিপদিকৰ পিছত বিভক্তি যুক্ত হৈ পদ হয় । পদ প্ৰকৃততে চাৰি প্ৰকাৰৰ।

বিশেষ্য

বিশেষণ

সর্বনাম

ক্ৰিয়া

অব্যয়ৰ লগত বিভক্তি যুক্ত নহয়, সেইবাবে অব্যয়ক পদ বুলি ধৰা নহয়। কিন্তু অব্যয়ৰ ব্যৱহাৰ বিশাল । সেয়েহে বহুতো ব্যাকৰণত অব্যয়কো পদ বুলি ধৰা দেখা যায় ৷

বিশেষ্য

যি পদে কোনো নাম  বুজায়, সেই পদক  বিশেষ্য পদ বোলে। যেনেঃ ৰাম ,হৰি , বাঘ ,সিংহ আদি

বিশেষ্য পদবোৰক মুঠতে পাঁচ ভাগত ভাগ কৰা হৈছে। যেনেঃ

১.জাতিবাচক বিশেষ্য  

২.সংজ্ঞা বা নামবাচক বিশেষ্য   

৩.বস্তুবাচক বিশেষ্য  

৪.গুণবাচক বিশেষ্য

৫.ক্ৰিয়াবাচক বিশেষ্য

১.জাতিবাচক বিশেষ্যঃ যি বিশেষ্য পদে কোনো জাতিৰ নাম বুজায় তাকে জাতিবাচক বিশেষ্য বোলে। জাতিবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে –

(ক) প্ৰাণীবাচক জাতিবাচক বিশেষ্য। যেনে -গৰু, মানুহ, বাঘ, চৰাই, মাছ, সিংহ, ভালুক ইত্যাদি।

(খ) অপ্ৰাণীবাচক জাতিবাচক বিশেষ্য। যেনে -পাহাৰ, পবৰ্বত, গছ, ফল, ফুল ইত্যাদি।

২.সংজ্ঞা বা নামবাচক বিশেষ্যঃ যি বিশেষ্য পদে কোনো ব্যক্তি বা আন কোনো নাম বুজায়, তাক সংজ্ঞা বা নামবাচক বিশেষ্য পদ বোলে। সংজ্ঞা বা নামবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে –

(ক) প্ৰাণীবাচক নামবাচক বিশেষ্য। যেনে–ৰাম, হৰি, যদু, গংগা, যমুনা ইত্যাদি।

(খ) অপ্ৰাণীবাচক নামবাচক বিশেষ্য।   যেনেনগাঁও, ভাৰত, অসম, জোন ইত্যাদি।

৩.বস্তুবাচক বিশেষ্যঃ বস্তু বা পদাৰ্থৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য পদ বোলে।  যেনে- সোণ,ৰূপ, কচু, মূলা, ধান, মাহ, কয়লা ইত্যাদি।

৪.গুণবাচক বিশেষ্যঃ যি বিশেষ্য পদে গুণ অৱস্থা আদিৰ নাম বুজায় তাক গুণবাচক বিশেষ্য পদ বোলে।   যেনে- সাধুতা, নম্ৰতা, সৌন্দৰ্য, দয়া, হিংসা ইত্যাদি।

৫.ক্ৰিয়াবাচক বিশেষ্যঃ যি বিশেষ্য পদে ক্ৰিয়া বা কোনো কামৰ নাম বুজায়, তাক ক্ৰিয়াবাচক বিশেষ্য পদ বোলে।  যেনে-খাৱন, শয়ন, লিখন, ভ্ৰমণ, কান্দন, ইত্যাদি।

( ইয়াৰ বাহিৰেও সময়ৰ নাম বুজোৱা পদ বিলাকক আজিকালি সুকীয়াকৈ কালবোধক বিশেষ্য নাম দিয়া হৈছে ।যেনে-দিন ,ৰাতি, পুৱা , মাহ, বছৰ ইত্যাদি।)

পদ ( i) বিশেষ্য Read More »

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

১.শব্দ- অৰ্থ

  • আঁহফলা নীতি : বিভেদকামী মনোভাৱ
  • উপভাষা : মূল ভাষাৰ আঞ্চলিক ৰূপ
  • জাতি: কুল, বংশ
  • জাহ যোৱা : জীন যোৱা, মিলি যোৱা
  • তান্ত্রিক ধর্ম : প্রাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধর্ম
  • নিগাজী : স্থায়ী
  • প্ৰব্ৰজন : এখন ঠাইৰ পৰা আন এখন ঠাইলৈ আহি বাস কৰা কাৰ্য
  • বৌদ্ধ ধর্ম : গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্ম
  • স্বকীয়তা : নিজস্বতা

2. পাঠবোধঃ

অসমীয়া জাতিটো এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি। বিভিন্ন জাতি ,উপজাতি আৰু জনজাতীয় জনগোষ্ঠীৰ সমন্বয়ত গঢ় লৈছে অসমীয়া জাতি। অসম , অসমীয়া – এই চিনাকি গঢ় লোৱাৰ কেইবাহেজাৰ বছৰৰো আগতেই অসমত স্বকীয় বৈশিষ্ট্যসম্পন্ন সংস্কৃতি গঢ় লৈ বিকাশ লাভ কৰিছিল। ইদলৰ পাছত সিদলকৈ বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক অসমলৈ আহিছিল । ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল  মংগোলীয় গোষ্ঠীৰ এদললোক । তাৰো আগতে অসমত  বাস কৰিছিল কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন জনগোষ্ঠীৰ লোক। এই অনাৰ্য জনগোষ্ঠীৰ লোকসকলে অসমলৈ আহি  নিজৰ নিজৰ  সাংস্কৃতিক বৈশিষ্ট্যক ধাৰণ কৰিয়ে বসবাস কৰিবলৈ লৈছিল যদিও কালক্ৰমত বিভিন্ন জনগোষ্ঠী আৰু  সংস্কৃতি পাৰস্পৰিক সংস্পৰ্শলৈ আহিছিল আৰু সমন্বয় সাধিত হৈছিল । অনাৰ্য জনগোষ্ঠীৰ লোকসকলে  গ্ৰহণ-বৰ্জনৰ চিৰাচৰিত নীতি অনুসৰি আৰ্য সাংস্কৃতিৰে সমম্বয় সাধন কৰি এক অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল। বাৰে বৰনীয়া সংস্কৃতিৰ  ভিন ভিন জনগোষ্ঠীবোৰক বা্ন্ধি ৰখা এনাজৰীডাল আছিল অসমীয়া ভাষা। অনাৰ্য জনগোষ্ঠীৰ লোকসকলে  অসমলৈ আহোতে নিজ নিজ ভাষা, নিজ নিজ ধৰ্ম , নিজ নিজ সাংস্কৃতিক বৈশিষ্ট্য কঢ়িয়াই আনিছিল যদিও অসমৰ আৰ্যমূলীয় ভাষা অসমীয়া ভাষাক অসমৰ জাতীয় সংস্কৃতিৰ বাহক হিচাপে গ্ৰহণ কৰি অসমীয়া ভাষাক আপোন কৰি লৈছিল।পৰৱৰ্তী স্তৰত বিভিন্ন  কাৰণত অসমলৈ অহা মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া আদি লোক সকলেও সংস্কৃতিৰ জাহ যোৱাৰ  নীতি অনুসৰি  অসমীয়া সংস্কৃতিৰে সমম্বয় সাধন কৰিছিল আৰু অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল।।এনেদৰেই বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান সংমিশ্ৰিত হৈ  বহুযুগৰ ক্ৰমবিৱৰ্তনত  অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। অসমীয়া সংস্কৃতিৰ মাজত এই উপাদানবোৰ আজি এনেদৰে জাহ গৈ আছে যে তাক পৃথকাই চাব বা ভাবিব নোৱাৰি। তাক পৃথকাই চাব বা ভাবিব গলেই অসমৰ জাতীয় সংহতি আৰু সম্প্ৰীতি ব্যাহত হ’ব।

৩)অতি চমু উত্তৰ

  • অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটোৰ লিখক কোন ?

উত্তৰ: আব্দুছ ছাত্তাৰ

  • আব্দুছ ছাত্তাৰে কলৈ শিক্ষকতা কৰিবলৈ গৈছিল ?

উত্তৰ: আব্দুছ ছাত্তাৰে আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ গৈছিল।

  • আব্দুছ ছাত্তাৰৰ ক’ত জন্ম হৈছিল ?

উত্তৰ: তিতাবৰত

  • আব্দুছ ছাত্তাৰৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰ: ১৯২২ চনত

  • আব্দুছ ছাত্তাৰৰ কেতিয়া মৃত্যু হৈছিল ?

উত্তৰ: ১৯৮৭ চনত

  • ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?

উত্তৰ: মংগোলীয় গোষ্ঠী।

  • প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশ যাদু- মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

  • কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰ:- ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

  • সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

  • অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰ: অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।

  • প্ৰাচীন কালৰে পৰা অসম দেশত কি ধৰ্ম প্ৰচলিত আছিল ?

উত্তৰ: প্ৰাচীন কালৰে পৰা অসম দেশত হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল

  • বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি ?

উত্তৰ: অহিংসাই পৰম ধৰ্ম

  • ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

উত্তৰ: ১৮২৬ চনত

  • ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ: মানৰজা আৰু বৃটিছৰ মাজত

৪. চমু উত্তৰ লিখা (2 marks)

  • অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰ: অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমত অতীজৰে পৰা বাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জন-জাতীয় গোষ্ঠীক  বুজায়।

  • কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

  • চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক কৰ কৰ পৰা অসমলৈ আহিছিল?

উত্তৰ:- চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙ্গা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

  • পাঠটিত থকা খাদ্য- বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: পাঠটিত থকা খাদ্য-বস্তুৰ  তালিকা খন এনেধৰণৰ- পাৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে’ক-বিস্কুত, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ড’চা, চাম্বাৰ, ইডলি।

  • অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰ: অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অনাদি কালৰে পৰা অসমীয়া মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য, ডাকৰ বচন আদি অলিখিত সাহিত্য সমূহ।

৫.উত্তৰ লিখা (4 marks)

  • `অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’- কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা।

উত্তৰঃ অসমীয়া সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ।ইয়াৰ কাৰন হৈছে অসমীয়া সংস্কৃতি কোনো নিৰ্দিষ্ট জনগোষ্ঠীৰ সংস্কৃতি নহয়। অসমত অতীজৰে পৰা বাস কৰা আৰ্য আৰু অনাৰ্যমূলীয় বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ সংমিশ্ৰণৰ বহুযুগৰ ক্ৰমবিৱৰ্তনৰ ফলস্বৰূপে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।অতি প্ৰাচীন কালৰে পৰাই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। ত্ৰয়োদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা মংগোলীয় গোষ্ঠীৰ লোকসকল আহিছিল আৰু অসমত স্থিতি লৈছিল।এইসকল অহাৰ আগতে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোক বিভিন্ন সময়ত অসমলৈ আহি নিজৰ নিজৰ সংস্কৃতিক বৈশিষ্ট্য ৰক্ষা কৰি অসমৰ আৰ্য জনগোষ্ঠীৰ লগতে অসম ভূমিত বসবাস কৰিছিল। পৰৱৰ্তী কালত ভিন ভিন কাৰণত অসমলৈ মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া , ভাৰতৰ আন আন ৰাজ্যৰ লোকৰো আগমন ঘটিল আৰু  অসমৰ জনগোষ্ঠীৰ থুপত থুপ খাই ৰ’ল। এনেদৰেই বিভিন্ন জাতি-জনজাতিৰ সংমিশ্ৰণত আৰু সাংস্কৃতিক সমন্বয়ত অসমীয়া জাতিৰ সৃষ্টি হৈছে ।

  • `বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।‘ – ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে – পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰ:- ইয়াত অসমৰ বৃটিছ ঔদ্যোগিক আবেষ্টনী কথা কোৱা হৈছে আৰু  এই আবেষ্টনীৰ মাজত বাস কৰা চাহ জনগোষ্ঠীৰ লোক সকলৰ বিষয়ে কোৱা হৈছে।     

ইয়াণ্ডাবু সন্ধিৰ পাছত  বৃটিছসকল অসমলৈ আহিছিল আৰু  অসমত চাহ উদ্যোগ গঢ়ি তুলিছিল ।অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে  এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙ্গা, মোছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক অসমলৈ আহি অসমৰ চাহ উদ্যোগ বোৰৰ আশে পাশে বাস কৰিবলৈ লৈছিল। কালক্ৰমত এই সকল লোকো অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। এওঁলোকে নিজৰ কৃষ্টি-সংস্কৃতি কিছু সংৰক্ষণ কৰিছিল যদিও অসমীয়া মাত-কথা, অসমীয়া থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰিছিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰৈছিল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাতো এওঁলোকৰ যথেষ্ট পলম  ।বৃটিছ ঔদ্যোগিক আবেষ্টনীত এই চাহ উদ্যোগবোৰৰ বনুৱা সকলৰ মাজত গঢ় লোৱা বিশেষ জীৱন শৈলীয়ে এক সুকীয়া সংস্কৃতিৰ জন্ম দিছিল আৰু  এওঁলোক অসমৰ থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিছিল।

  • “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তর্কৰ অবকাশ নাই।” – ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। “নুই কৰাৰ কোনো যুক্তিতর্কৰ অৱকাশ নাই।” বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।

উত্তৰ:- ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে।  অসমীয়া জাতিটো কেৱল মাত্র এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই। অসমত অতীজৰে পৰা বাস কৰা আৰ্য আৰু অনাৰ্যমূলীয় বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমম্বয়ত অসমীয়া জাতিটো সৃষ্টি হৈছে। অতি প্ৰাচীন কালৰে পৰাই অসমলৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল।ত্ৰয়োদশ শতিকাত অসমলৈ অহা মংগোলীয় গোষ্ঠীৰ লোক, তাৰো আগতে অসমত বাস কৰা কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি ,অকা, ডফলা, আবৰ, মিছিমি আদি বিভিন্ন অনাৰ্য জনগোষ্ঠীৰ লোক, পৰৱৰ্তী স্তৰত বিভিন্ন  কাৰণত অসমলৈ অহা মোগল -পাঠান, চাহ বাগিছাৰ বনুৱা, মৈমনসিঙীয়া আদি লোক সকলে গ্ৰহণ-বৰ্জনৰ চিৰাচৰিত নীতি অনুসৰি আৰ্য সাংস্কৃতিৰে সমম্বয় সাধন কৰি এক অসমীয়া জাতি হিচাপে পৰিচয় বহন কৰিছিল। বহু জাতি জনজাতিৰ সংমিশ্ৰণত আৰু সাংস্কৃতিক সমন্বয়ত সৃষ্টিহোৱা অসমীয়া জাতিটোযে  এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি সেই কথা সৰ্বজনস্বীকৃত।সেয়ে লিখকে তাক নুই কৰাৰ কোনো যুক্তি তর্কৰ অবকাশ নাই বুলি কৈছে।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Read More »