jonali

বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে…..)

১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল ।

২। শংকৰদেৱ  আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?

উত্তৰঃ শংকৰদেৱ  আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয় ।

৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?

উত্তৰঃ ‘নামঘোষা’ক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়।

৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?

উত্তৰঃ মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল ।

৫। উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?

উত্তৰঃ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো ‘কৌ’ ৰাগত বন্ধা ।

১। বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা

উত্তৰঃ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা শাস্ত্ৰীয় ৰাগ-তাল যুক্ত উচ্চ আধ্যাত্মিক ভাৱৰ আৰু বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক এক বিশেষ শ্ৰেণীৰ ভক্তিমূলক গীতক বৰগীত বোলে।       

বৰগীতৰ বিষয়বস্তুক ছয় ভাগত ভগাব পাৰি । সেইবোৰ হ’লঃ

(ক) লীলা

(খ) বিৰহ

(গ) বিৰক্তি

(গ) পৰমাৰ্থ 

(ঙ) চোৰ

(চ) চাতুৰি।

২। ডবাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?

উত্তৰঃ বৰগীতমহাপুৰুষ দুজনাৰ অন্যতম অভিনৱ অৱদান। বিষয়বস্তুৰ মহত্ব,ৰচনাভংগীৰ সৌষ্ঠৱ, শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে এই গীতসমূহক সমসাময়িক আন গীতৰ পৰা পৃথক কৰিছে আৰু এই কাৰণেইমহাপুৰুষ দুজনে ৰচনা কৰা এই মহত্বপূৰ্ণ গীতবোৰক সাধাৰণ গীতৰ বিপৰীতে ‘বৰগীত’ আখ্যা দিয়া হয়। বৰগীত সমূহৰ ৰাগ,তাল,সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্রৱাহ লক্ষ্য কৰা যায় ।  সেইবাবে ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’ বুলি কৈছে।

৩। মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাবৰ প্ৰাধান্য। মাধৱদেৱে দাস্য আৰু বাৎসল্য এই দুয়োটা ভাবৰেই বৰগীত ৰচনা কৰিছে যদিও বাৎসল্য ভাবৰ গীতেই অধিক। মাধৱদেৱে বালকৃষ্ণৰ চুৰি-চাতুৰি, খেলা,নৃত্য, জাগৰণ আৰু চলনৰ বৰগীত বেছি সংখ্যক ৰচনা কৰিছে। মাধৱদেৱৰ বৰগীতত শিশুকৃষ্ণই প্ৰাধান্য লাভ কৰিছে। তেখেতে শিশুকৃষ্ণৰ বাল জীৱনৰ ৰঙ-বিৰঙৰ চিত্ৰ বৰগীত বোৰৰ মাজেৰে তুলি ধৰিছে।

৪। সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?

উত্তৰঃ ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি মাতৃ যশোদাই পুত্র  কৃষ্ণক কৈছে। যশোদাই পুত্ৰৰূপত যিজনক  বুকুত বান্ধি, কোলাত লৈ বাৰে বাৰে চুমা খাইছে, যিজনে পুত্ৰৰূপত একান্ত ভক্তা যশোদাৰ মনোকামনা পূৰণ কৰিছে সেই কৃষ্ণ পৰমপুৰুষ, পৰমব্ৰহ্ম, পৰমানন্দ , তেওঁ জগতঈশ্বৰ । তেৱেঁই ত্ৰিজগতৰ পতি। তেওঁ সকলোৰে আৰাধ্য। সেয়ে যশোদাই কৃষ্ণক সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কৈছে

৫। ‘সিদ্ধ মুনিগণে           চিন্তিয়া নপাৱে 

        সো হৰি যশোৱা কোলে।-সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে  পালে  বুজাই লিখা

উত্তৰঃ -সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই একান্ত ভক্তিৰ বলত পুত্রৰূপে  পাইছে। 

একান্ত ভক্তিৰ বলত ভক্তই ভগৱানকো বশ কৰিব পাৰে। যশোদা আছিল একান্ত ভক্তা, সমগ্ৰ সত্ত্বাকে কৃষ্ণ প্ৰেমত নিমগ্ন কৰি যশোদাই একান্ত চিত্তে কৃষ্ণৰেই সান্নিধ্য বিচাৰিছিল। যশোদাৰ কৃষ্ণপ্ৰেমৰ গভীৰতাই যশোদাৰ অন্তৰৰ মাতৃস্নেহক ললায়িত কৰিছিল আৰু পুত্ৰৰূপত কৃষ্ণক বিচাৰিছিল । ভক্ত বৎসল ভগৱানেও পুত্ৰ ৰূপত যশোদাৰ আগত ধৰা দিছিল আৰু যশোদাক পৰম আনন্দ প্ৰদান  কৰিছিল। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছিল পৰম ভক্তিৰ ফলত।

  • মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো জাগৰণৰ গীত। বাৎসল্য ভাৱৰ  এই বৰগীতটিত মাধৱদেৱে ভক্ত আৰু ভগৱানৰ নিবিড় সম্পৰ্ক প্ৰকাশ কৰিছে। বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা বিষ্ণু বা কৃষ্ণ। এইকৃষ্ণই জগত ঈশ্বৰ । এইকৃষ্ণক লাভ কৰাৰ একমাত্ৰ উপায় হৈছে ভক্তি। একান্ত ভক্তিৰে যিজনে ভগৱানক আৰাধনা কৰে, তেনে ভক্তৰ অধীন হৈ  ভগৱানে ভক্তৰ মনোকামনা পূৰ্ণ কৰে । একান্ত ভক্তিৰে ভক্তই ভগনাৱক বশ কৰিব পাৰে।  যশোদা আছিল একান্ত ভক্তা, যশোদাই একান্ত ভক্তিৰে কৃষ্ণৰেই সান্নিধ্য বিচাৰিছিল। যশোদাই পুত্ৰৰূপত কৃষ্ণক বিচাৰিছিল আৰু  ভক্ত বৎসল  ভগৱানেও পুত্ৰ ৰূপত যশোদাৰ আগত ধৰা দিছিল আৰু ভক্তা যশোদাক পৰমানন্দ প্ৰদান  কৰিছিল। পুত্ৰৰূপত  ভগৱান কৃষ্ণই মাতৃ যশোদাৰ ওচৰত সাধাৰণ শিশুৰ দৰেই আচৰণ কৰিছে আৰু মাতৃ যশোদায়ো জগত ঈশ্বৰ কৃষ্ণক সাধাৰণ সন্তান জ্ঞান কৰিয়েই প্ৰেম নিবেদন কৰিছে। বাৎসল্য প্ৰেমৰ তেনে এখন ছবিয়েই মাধৱদেৱে বৰগীতটোত দাঙি ধৰিছে।এই বৰগীতটিত  যশোদাই পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই ৰাতিপুৱা শুই আছে আৰু যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি মৰমৰ সম্বোধনেৰে কৃষ্ণক টোপনিৰ পৰা জগাইছে। সকলো পুৰুষৰ শিৰৰ ভূষণ,সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। সিদ্ধ মুনি- ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছিল পৰম ভক্তিৰ ফলত।

বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে…..) Read More »

উভতি নহাৰ কবিতা

১। উভতি নহাৰ কবিতাপাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্রহ কৰা হৈছে।

২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘ককাদেউতাৰ হাড়’ নামৰ উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ  এটি পার্থক্য লিখা

৪। উভতি নহাৰ কবিতা’ কোন শ্রেণীৰ কবিতা?

উত্তৰঃ  আধুনিক কবিতা।

৫। ‘তামীঘৰা’ শব্দটিৰ অর্থ লিখা

উত্তৰঃ ‘তামীঘৰা’ শব্দটিৰ অর্থ হ’ল ‘তম্বু’।

১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা

উত্তৰঃ ‘হে অৰণ্য হে মহানগৰ’ ,’ৰত্নাকৰ’,আৰু ‘মোৰ আৰু পৃথিৱীৰ’।

২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা

উত্তৰঃ ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।

৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা

উত্তৰঃ ‘আখৰৰ জখলা’ আৰু ‘শিয়ালী পালেগৈ ৰতনপুৰ’।

৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?

উত্তৰঃ কবিৰ জীয়াই থকাৰ মন্ত্ৰ হ’ল ‘যন্ত্ৰণা’ । ‘জীয়াই থকাৰ ধেমালিটো’কবিয়ে এবাৰেই খেলিছে ।

৫। কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼ?

উত্তৰঃ কবিয়ে যেনেদৰে এই পৃথিৱীলৈ আহিছে কবিৰ মৃত্যুৰ পিছত  তেনেদৰেই আন মানুহো আহিব। সেই মানুহ হব ‘নতুন মানুহ’। তেওঁলোকৰ কাম কাজ,  চিন্তাধাৰা,  ধ্যান-ধাৰণাত থাকিব নতুনত্ব । এই পৰিৱৰ্তনে আনিব নতুন দিন, নতুন সময়।  কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন তাত নাথাকিব ।

  • কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উত্তৰঃ আধুনিক কবিয়ে পুনৰজনমত বিশ্বাস নকৰে, আধুনিক কবিয়ে ভাবে যে এই পৃথিবীৰ পৰা এবাৰ গুচি গ’লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। নৱকান্ত বৰুৱা আধুনিক কবি। আধুনিক কবি হিচাপে তেখেতে বিশ্বাস কৰে যে মৃত্যুতেই জীৱনৰ সমাপ্তি । মৃত্যুৰ লগে লগে জীৱন আৰু জগতৰ লগত মানুহৰ সম্পৰ্কৰ  চিৰ সমাপ্তি ঘটে। মৃত্যুৰ পিছত কোনো আৰু উভতি নাহে। মৃত্যুৰ জৰিয়তে এবাৰ এই পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ পিছত কোনো মানুহেই পৃথিৱীলৈ আৰু প্ৰত্যাৱৰ্তন নকৰে, কৰিব নোৱাৰে।মানুহে এবাৰেই এই পৃথিৱীত  জন্ম লয়, এবাৰেই এই পৃথিৱীৰ সুখ-দুখক আকোৱালি জীৱন অতিবাহিত কৰে আৰু এদিন মৃত্যুৱে মানুহক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰাই লৈ যায়। কবিয়েও এই পৃথিৱীত জন্ম লৈছে, সুখ-দুখ, হাঁহি-কান্দোনেৰে জীৱনটো অতিবাহিত কৰিছে। জীৱনৰ দুখ-যন্ত্ৰণাতো  জীৱনৰ সুবাস বিচাৰিছে। জীৱনকালত তেওঁ পৃথিৱীখনক  প্ৰাণভৰি ভাল পাইছে।পৃথিৱীৰ প্ৰতি তেওঁৰ অফুৰন্ত ভালপোৱা তেওঁ কৰ্মৰে ,শব্দৰে বহুবাৰ প্ৰকাশ কৰিছে। তেওঁৰ যিদিনা মৃত্যু হ’ব সেইদিনা তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাব, তেওঁ আৰু কেতিযাওঁ ঘূৰি আহিব নোৱাৰে। কবিয়ে জানে পৃথিৱীৰ প্ৰতি থকা তেওঁৰ হেজাৰ ভালপোৱায়ো মৃত্যৰ পিছত তেওঁক উভতাই আনিব নোৱাৰে । জন্ম-মৃত্যুৰ এই চিৰন্তন ধাৰাৰেই, জীৱনৰ সেই একেটি সুৰতেই আন কোনো আহিব-সেই মানুহ হব ‘নতুন মানুহ’।  কবিৰ মৃত্যুৰ লগে লগে পৃথিৱীৰ লগত থকা তেওঁৰ সকলো সম্পৰ্কৰ ইতি পৰিব। সেয়ে তেওঁ পৃথিৱীলৈ আৰু  উভতি নাহে বুলি কবিতাটোত উল্লেখ কৰিছে।

  • উভতি নহাৰ কবিতাটিৰ মূলভাৱ লিখা ।

উত্তৰঃ নৱকান্ত বৰুৱা আধুনিক কবি। আধুনিক কবিসকল বাস্তৱবাদী । আধুনিক কবিয়ে পুনৰজনমত বিশ্বাস নকৰে, আধুনিক কবিয়ে ভাবে যে এই পৃথিবীৰ পৰা এবাৰ গুচি গ’লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। ‘উভতি নহাৰ কবিতা’টিত কবিয়ে আধুনিক কবিতাৰ এই দৰ্শনটোৱে দাঙি ধৰিছে। মৃত্যুয়ে জীৱনৰ সমাপ্তি । মৃত্যুৰ পিছত কোনো আৰু উভতি নাহে। মৃত্যুৰ জৰিয়তে এবাৰ এই পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ পিছত কোনো মানুহেই পৃথিৱীলৈ আৰু প্ৰত্যাৱৰ্তন নকৰে , কৰিব নোৱাৰে।মানুহে এবাৰেই এই পৃথিৱীত  জন্ম লয়, এবাৰেই এই পৃথিৱীৰ সুখ-দুখক আকোৱালি জীৱন অতিবাহিত কৰে আৰু এদিন মৃত্যুৱে মানুহক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰাই লৈ যায়। কবিয়েও এই পৃথিৱীলৈ আহিছে। জীৱনকালত তেওঁ পৃথিৱীখনক  প্ৰাণভৰি ভাল পাইছে , দুখ-যন্ত্ৰণাময় জীৱনটোতো জীৱনৰ সুবাস বিচাৰি পাইছে । পৃথিৱীৰ প্ৰতি তেওঁৰ অফুৰন্ত ভালপোৱা তেওঁ কৰ্মৰে ,শব্দৰে বহুবাৰ প্ৰকাশ কৰিছে। তেওঁৰ যিদিনা মৃত্যু হব সেইদিনা তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাব,তেওঁ আৰু কেতিযাওঁ ঘূৰি আহিব নোৱাৰে।কবিয়ে যেনেদৰে এই পৃথিৱীলৈ আহিছে কবিৰ মৃত্যুৰ পিছত  তেনেদৰেই আন মানুহো আহিব, কবিৰ দৰেই জীয়াই থকাৰ ধেমালিটো  কৰি যাব। সেই মানুহ হব ‘নতুন মানুহ’। তেওঁলোকৰ কাম কাজ,  চিন্তাধাৰা,  ধ্যান-ধাৰণাত থাকিব নতুনত্ব । এই পৰিৱৰ্তনে আনিব নতুন দিন, নতুন সময়।  কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন তাত নাথাকিব। কবিয়ে জানে পৃথিৱীৰ প্ৰতি থকা তেওঁৰ হেজাৰ ভালপোৱায়ো মৃত্যৰ পিছত তেওঁক উভতাই আনিব নোৱাৰে ।

উভতি নহাৰ কবিতা Read More »

পাঠঃ ভাৰতীয় আদৰ্শত বৈৰাগ্য

১। ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ?

উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।

২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ বেদ 

৩। কর্ম কৰা কৌশলক ভগৱদ্‌গীতাত কি যোগ বুলি কৈছে?

উত্তৰঃ কর্মযোগ

৪। তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি ?

উত্তৰঃ কামসেন্দূৰ

৫। তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি ?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হ’ল ‘সত্য’ আৰু ‘ধর্ম’। অর্থাৎ সত্য ক’বা আৰু ধর্ম আচৰণ কৰিবা ।

১। ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?

উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে স্ব-উপার্জিত ধন-সম্পদ  সমানে বিতৰণ কৰি  ভোগ কৰাৰ কথা সূচাইছে। দৰাচলতে থকাখিনিক সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্ গতি ঘটোৱাকে ভাৰতীয় আদর্শত ত্যাগ বুলি কোৱা হয়।

২। ‘শ্ৰদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম্’ মানে কি?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ মতে  শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক দান কিভাৱে কৰিব লাগে সেই বিষয়ে গুৰুৱে উপদেশ দিছিল- ‘শ্ৰদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম্’। ‘শ্ৰদ্ধয়া দেয়ম্’ মানে হ’ল শ্ৰদ্ধাৰে দান কৰা আৰু ‘অশ্রদ্ধয়া অদেয়ম্’ মানে হ’ল অশ্রদ্ধাযুক্ত মন লৈ, নিদিলে নহয় এনেভাৱে দান কৰিব নালাগে, এনে ভাৱত দান কৰা -নকৰা সমান।

৩। প্রকৃত ত্যাগ মানে কি বুজা?

উত্তৰঃ প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত ,পৰাজয় বৰণৰ তুল্য। থাকিও সংযত ভাৱে ভোগ কৰা আৰু সংবিভাজনৰ  দ্বাৰা সমৃদ্ধিৰ  সদ্‌গতি ঘটোৱাহে প্ৰকৃত ত্যাগ।

৪। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?

উত্তৰঃ ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত বিধিবাক্য হিচাপে আছে ‘ভূঞ্জীথাঃ’, নিষেধ বাক্য মা গৃধঃ। ইয়াত ‘ভূঞ্জীথাঃ’ৰ অৰ্থ হ’ল ভোগ কৰা ।তেন ত্যক্তেন-ভূঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধনম্। অৰ্থাৎ ভোগ কৰা, কিন্তু সাৱধান, ত্যাগ কৰিহে ভোগ কৰা।নিজে ত্যাগৰ ভাৱত থাকি আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ  কৰাটোৱেই উপনিষদৰ বিধান।

৫। ‘অতিথি দেৱো ভৱ’ মানে কি?

উত্তৰঃ উপনিষদত আছে- ‘মাতৃ দেৱো ভৱ’ ‘আচার্য দেৱো ভৱ’ আৰু ‘অতিথি দেৱো ভৱ’। ইয়াৰ জৰিয়তে ব্যক্তিৰ দ্বায়িত্বৰ পৰিধি যে ক্ৰমাৎ নিজৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ বিস্তৃত সেই কথা সোঁৱৰাই দিয়া হৈছে। ইয়াত ‘অতিথি দেবো ভৱ’ই অতিথিৰ প্রতি সেৱা অর্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া ব্যক্তিৰ দায়িত্বৰ কথা সূচাইছে।ব্যক্তিয়ে যেতিয়া উপাৰ্জন কৰিবলৈ লয় সেয়া অকল তেওঁৰ নিজৰ বা পৰিয়ালৰ বাবেই নহয়, সেই উপাৰ্জনেৰে তেওঁ আচার্য আৰু ‘অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনলৈয়ো সেৱা প্ৰদান কৰা প্ৰয়োজন।

  • চাৰি আশ্ৰম বুলিলে কি বুজা?

উত্তৰঃ ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে- ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে  জ্ঞান আহৰণৰ সময়। এই সময়চোৱাবিদ্যাৰ্থী ৰূপত গুৰুৰপৰাজ্ঞান আৰু  কৌশল আয়ত্ব কৰাৰ সময়।এইচোৱা সময় মূলতঃ শৰীৰ, মন আৰু আত্মাৰ বিকাশৰ বাবে উৎসৰ্গা কৰা হয়। দ্বিতীয়টো স্তৰ হৈছে গাৰ্হস্থ্য ।অধ্যয়ন সমাপ্ত কৰি গুৰুৰ আশীৰ্বাদ আৰু উপদেশ গ্ৰহ কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰা হয়।এই সময়চোৱাপাৰিবাৰিক, আৰ্থিক আৰু সামাজিৰ দায়বদ্ধতা পালন কৰাৰ সময়।ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন  কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। বানপ্ৰস্থত  এজন ব্যক্তিয়ে  নিজৰ পাৰিবাৰিক, আৰ্থিক আৰু সামাজিক দায়িত্বসমূহ পৰৱৰ্তী প্ৰজন্মক গতাই দি অৰণ্যত নিজকে উৎসৰ্গা কৰে আৰু আধ্যাত্মিক অনুশীলনত মনোযোগ দিয়ে। শেষৰ স্তৰটো হৈছে সন্ন্যাস।এই পৰ্যায়টোৱেই হ’ল চূড়ান্ত পৰ্যায়, য’ত ব্যক্তিয়ে নিজৰ সকলো ভৌতিককাম-কাজ ত্যাগ কৰি আত্ম-উপলব্ধিৰ জৰিয়তে পৰমেশ্বৰৰ লগত বিলীন হোৱাৰ প্ৰয়াস কৰে।এইয়াই হৈছেভাৰতীয় আদর্শৰ চাৰি আশ্ৰমৰ মূল।

  • বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা কৈছে?

উত্তৰঃবৈৰাগ্যমানে হৈছে  সংসাৰৰ মায়া-মোহ ত্যাগ কৰা। জাগতিক মোহ আৰু আসক্তিৰ পৰা নিজকে আঁতৰাই আনি  পৰম সত্যৰ সন্ধান কৰিবলৈ আগবঢ়া অৱস্থাই হৈছে বৈৰাগ্য।বৈৰাগ্য অৰ্থাত বিষয়বা ইন্দ্ৰিয়ৰপ্ৰতি অনাসক্তিভাৰতীয় আদর্শৰ এক বিশেষ ধাৰা।

অতি প্ৰাচীন কালৰে পৰাভাৰতীয় আদর্শত ত্যাগ আৰু বৈৰাগ্যই প্ৰধান স্থান লাভ কৰিছে । ভাৰতীয় আদর্শৰ এই ত্যাগ আৰু বৈৰাগ্য নোহোৱাৰ নালাগে বোলা ত্যাগ বা নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়।প্রকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এক বিশেষ মনোধর্ম। নিষ্কর্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজতপৰাজয় বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্ৰকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য।আকাংক্ষিত বস্তু পোৱাৰ পাছতো তাৰ প্রতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোৱেইবৈৰাগ্য।ভাৰতীয় আদর্শ মতে কৰ্মই ধৰ্ম।জীৱনৰ কৰনীয় সকলো কৰ্ম কৰিও নিৰাসক্তভাৱে থাকি মানুহে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। এয়ে ভাৰতীয় আদর্শৰ বৈৰাগ্য।

  • গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ?
উত্তৰঃ  উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে গার্হস্থ্য ধৰ্ম কেনেদৰে পালন কৰিব লাগে সেই বিষয়ে বিভিন্ন  উপদেশ দিছিল । গুৰুৰ   প্ৰথম উপদেশ হৈছে সত্য আৰু ধর্ম। সত্য পথত থাকিব লাগে আৰু ধর্ম আচৰণ কৰিব লাগে।  গার্হস্থ্য জীৱনতো প্রত্যেক ব্যক্তিয়ে অধ্যয়নৰ পৰা বিচ্যুত হ’ব নালাগে। আচার্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিব লাগে।  গুৰুৱে শিষ্যক নিজৰ,পৰিয়ালৰ আৰু সমাজৰ মংগলৰ কাৰণে সৎ পথত থাকি ধন-সম্পদ সংগ্ৰহ ৰূপ মংগলজনক কৰ্ম কৰিবলৈ উপদেশ দিছে। কৰ্ম সাধন কৰাটোৱে ব্যক্তিৰ অন্যতম ধৰ্ম। সত্য আৰু ধৰ্ম পথত থাকি নিৰাসক্ত কৰ্মৰ জৰিয়তে সমৃদ্ধি সাধন কৰি ত্যাগৰ ভাবেৰে  আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰিবলৈ গুৰুৱে উপদেশ দিছে।
    ‘মাতৃ দেৱো ভৱ’, ‘আচর্য দেৱো ভৱ’ আৰু ‘অতিথি দেবো ভৱ’-গুৰুৰ এই উপদেশে ব্যক্তিৰ জীৱন,কৰ্ম, তেওঁ অৰ্জন কৰা ধন-সম্পদ যে নিজৰ আৰু পৰিয়ালৰ লগতে আচার্য আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও সেই কথা  সোঁৱৰাই দিছে।  উপার্জিত ধন, সম্পদ কিদৰে শ্ৰদ্ধাভাৱত সমভাৱে বিতৰণ কৰি বা দান কৰি  সংযতভাৱে ভোগ কৰিব লাগে তাৰো উপদেশ গুৰুৱে দিছে, ।
     যিবোৰ অনিন্দীয় কাম সেইবোৰ কৰিব লাগে আৰু ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে। উপনিষদৰ যুগত বিদ্যার্থীৰ সন্মুখত কর্মময় জীৱনৰ চিত্ৰ এটা এনে উপদেশ-বাণীৰে গুৰুৱে  দাঙি  ধৰিছিল।
  • ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ  মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।

উত্তৰঃ ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ নামৰ পাঠটিত তীৰ্থনাথ শৰ্মাদেৱে ভাৰতীয় সভ্যতা সংস্কৃতিৰ মূলাধাৰ বেদ-উপনিষদ আদি গ্ৰন্থৰ আধাৰত ভাৰতীয় আদর্শত বৈৰাগ্যনো কি তাৰ বৰ্ণনা দাঙি ধৰিছে ।

      ভাৰতীয় আদর্শত  ত্যাগ আৰু বৈৰাগ্যক প্ৰধান স্থান দিয়া হৈছে।ভাৰতীয় আদর্শৰ এই ত্যাগ আৰু বৈৰাগ্য নোহোৱাৰ নালাগে বোলা ত্যাগ বা নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্ৰকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য।ভাৰতীয় আদর্শ মতে কৰ্মই ধৰ্ম। জীৱনৰ কৰনীয় সকলো কৰ্ম কৰিও নিৰাসক্ত ভাৱে থাকি মানুহে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। এয়ে ভাৰতীয় আদর্শৰ বৈৰাগ্য।

উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে ত্যাগ বা বৈৰাগ্য এই মহান আদৰ্শক আগত ৰাখি  গার্হস্থ্য ধৰ্ম কেনেদৰে পালন কৰিব লাগে সেই বিষয়ে বিভিন্ন  উপদেশ দিছিল । সত্য আৰু ধৰ্ম পথত থাকি নিৰাসক্ত কৰ্মৰ জৰিয়তে ধন-সম্পদ সংগ্ৰহ আৰু অৰ্থবৃদ্ধি কৰি নিজৰ লগতে পৰিয়াল আৰু  সমাজৰ সুখ আৰু সমৃদ্ধি  সাধন কৰি ব্যক্তিগত আৰু সামাজিক উত্তৰ দায়িত্ব পালন কৰা,স্ব-উপার্জিত ধন- সম্পদ সংবিভাজনৰ দ্বাৰা সমানে শ্ৰদ্ধা আৰু  ত্যাগৰ ভাবেৰে  বিতৰণ কৰা  আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান ।নিৰাসক্ত হৈ কর্মময় জীৱন যাপন কৰাই হৈছে ভাৰতীয় আদর্শত এক সমৃদ্ধিময় জীৱন ।এয়াই ভাৰতীয় আদর্শত ত্যাগ বা বৈৰাগ্য।

  • ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ নামৰ পাঠটিৰ লিখক কোন ?

উত্তৰঃ তীর্থনাথ শর্মা 

  • তীর্থনাথ শৰ্মা দেৱৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯১১ চনত

  • তীর্থনাথ শর্মা  অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ ১৯৭১ চনত অনুষ্ঠিত হোৱা মাকুম অধিবেশনৰ সভাপতি  আছিল।

  • তীর্থনাথ শৰ্মা কোন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল

উত্তৰঃ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ

  • তীর্থনাথ শর্মাৰ দুখন আলোচনা গ্ৰন্থৰ নাম লিখা

উত্তৰঃ মহাত্মাৰ বাণী, ভক্তিবাদ ।

  • তীর্থনাথ শর্মাই লিখা  কবিতাপুথি খনৰ নাম লিখা

উত্তৰঃকামসেন্দুৰ

  • তৈত্তিৰীয় উপনিষদৰ মতে গুৰুৱে বিদ্যাৰ্থীক দিয়া প্ৰথম উপদেশ কি

উত্তৰঃতৈত্তিৰীয় উপনিষদৰ মতে গুৰুৱে বিদ্যাৰ্থীক দিয়া প্ৰথম উপদেশ হৈছ সত্য আৰু ধৰ্ম। ‘সত্য কবা আৰু ধৰ্ম আচৰণ কৰিবা’ ।

  • ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ বেদ

  • ভাৰতীয় আদর্শত কিহৰ পিছত বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে ?

উত্তৰঃ ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।

  • কি বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত হনালাগে

উত্তৰঃ দেৱকার্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্থ নহ’ব কৈছে।

  • বেদ কেইখন আৰু কি কি ?

উত্তৰঃ বেদ চাৰিখন। সেইকেইখন হ’ল -ঋক্ বেদ, যজুঃ ৰ্বেদ, সামবেদ আৰু অথর্ববেদ।

  • চাৰি আশ্ৰম কি কি ?

উত্তৰঃ চাৰি আশ্ৰম হ’ল -ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস

  • ভগৱদ্‌গীতাৰ মূল বাণী কি ?

উত্তৰঃ কর্মই ধর্ম’-এয়ে  ভগৱদ্‌গীতাৰ মূল বাণী ।

  • কৰ্ম কৰাৰ কৌশলক ভাগৱত গীতাত কি বুলি অভিহিত কৰা হৈছে ?

উত্তৰঃ কৰ্মযোগ

  • ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত বিধি বাক্য কি ?

উত্তৰঃ‘ভুঞ্জীথাঃ’, –মানে ভোগ কৰা।

  • ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত নিষেধ বাক্য কি ?

উত্তৰঃ‘মা গৃধঃ’, –লোভ  নকৰিবা।

  • ঈশোপনিষদৰ প্ৰথম মন্ত্রটি কি ?

উত্তৰঃতেন ত্যক্তেন-ভুঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধনম্। -ভোগ কাৰ ,কিন্তু  ত্যাগ কৰিহে ভোগ কৰা, লোভ নকৰিবা । ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা বা নকৰাকৈ ভোগ কৰা।

  • সমাজ আৰু বাক্তি দুয়োটাৰে  জীবন কল্যাণকৰ আৰু সুখদায়ক হ’বলৈ আৰু পাৰত্রিক শ্রেয়ঃ লাভ কৰিবলৈ যি দুটা মহৎ গুণৰ কৰ্ষণ সমাজৰ প্রত্যেক ব্যক্তিয়ে কৰিব লাগে, সেই কর্ষণীয় গুণ দুটা কি ?

উত্তৰঃ সত্য আৰু ধর্ম

  • যি দুটা মহৎ গুণৰ কৰ্ষণ নকৰিলে ব্যক্তি জীবন আৰু লগে লগে সমাজ জীবন দুঃখদায়ক, পাড়াজনক আৰু বিশশৃংখল হয়, সেই কর্ষণীয় গুণ দুটা কি ?

উত্তৰঃসত্য আৰু ধর্ম।

  • চাৰি আশ্ৰম কি কি ?

উত্তৰঃ চাৰি আশ্ৰম হ’ল -ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

  • ‘অন্নং ন নিন্দ্যাৎ, অন্নং বহুকুৰ্বীত তদ্রতম্।’-এই বাক্যষাৰৰ অৰ্থ কি ?

উত্তৰঃঅন্ন বা খাদ্যক নিন্দা কৰিব নালাগে। অন্ন যিমান পাৰি বঢ়াব লাগে।এই অন্ন বৃদ্ধি কাৰ্য এটা ব্ৰত।

  • দুখন উপনিষদৰ নাম লিখা

উত্তৰ: তৈত্তিৰীয় উপনিষদ আৰু ঈশোপনিষদ

  • মাতৃ দেৱো ভৱ’, ‘আচর্য দেৱো ভৱ’ আৰু ‘অতিথি দেবো ভৱ’। – ইয়াত মাতৃয়ে কি সূচাইছে ?

উত্তৰ: ইয়াত ‘মাতৃ’য়ে পৰিয়ালৰ প্ৰতি থকা দায়িত্বৰ কথা সূচাইছে।

  • মাতৃ দেৱো ভৱ’, ‘আচর্য দেৱো ভৱ’ আৰু ‘অতিথি দেবো ভৱ’।–ইয়াত আচর্য আৰু ‘অতিথিয়ে কি সূচাইছে ?

উত্তৰ: ইয়াত আচাৰ্য’ আৰু ‘অতিথি’য়ে সমাজৰ প্ৰতি থকা দায়িত্বৰ কথা সূচাইছে।

পাঠঃ ভাৰতীয় আদৰ্শত বৈৰাগ্য Read More »

অনুৰূপ শব্দ আৰু অনুকাৰ শব্দ (4 marks)

আচল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আচল শব্দৰ আগত বা পিছত একে নিচিনা অথচ অর্থশূন্য যিবোৰ শব্দ ব্যৱহাৰ কৰা হয়, সেই শব্দবোৰক অনুৰূপ শব্দ বোলে। যেনেঃ মাছ-তাছ, চাহ-তাহ, ডা-ডাঙৰীয়া, ভাত-চাত, ঘৰ-চৰ ইত্যাদি।

  অনুৰূপ শব্দ তিনি প্রকাৰৰঃ

(ক) অনুকাৰ অনুৰূপঃ  মূল শব্দৰ পিছত প্ৰায় একে নিচিনা অথচ অর্থশূন্য যিবোৰ শব্দ যোগ কৰা হয়, সেইবোৰক অনুকাৰ অনুৰূপ শব্দ বোলে। যেনেঃ মাছ-তাছ, ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ, পুথি-চুথি ইত্যাদি।

(খ) দ্বিৰুক্ত অনুৰূপঃকেতিয়াবা মূল শব্দৰ আদিধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্তি কৰা হয়, এনে অনুৰূপ শব্দক দ্বিৰুক্ত অনুৰূপ শব্দ বোলে। যেনেঃ জা-জলপান, পা-পইচা, বা-বাতৰি, ডা-ডাঙৰীয়া ইত্যাদি।

(গ) যুৰীয়া বা অনিয়মিত অনুৰূপঃকেতিয়াবা বেলেগ উচ্চাৰণযুক্ত যুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়। এইবোৰক যুৰীয়া বা অনিয়মিত অনুৰূপ বোলে। যেনেঃ চাকৰ নাকৰ, তেল-কুৰ, ৰূপ-বান ইত্যাদি।

কোনো ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয়, তাক অনুকাৰ শব্দ বোলে। 

যেনেঃ কেৰ কেৰ, মেৰ মেৰ, হিৰ হিৰ, কা কা, টং টং, ফোঁচ্ ফোঁচ ইত্যাদি।

অনুৰূপ শব্দ আৰু অনুকাৰ শব্দ (4 marks) Read More »

Mock Test on Nattwa Bidhi

Mock Test on Nattwa Bidhi

1 / 10

1. বেণু শব্দত ণ স্বাভাৱিকতে হোৱা

2 / 10

2. তলৰ কোনটো শব্দত ণ স্বাভাৱিকতে হৈছে

3 / 10

3. তলৰ কোনটো শব্দ ণত্ব বিধিৰ  নিয়মমতে সিদ্ধ

4 / 10

4. কোনটো বর্গৰ বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্দ্ধন্য ণ হয়

5 / 10

5. একেটা পদতে থকা কোনবোৰ বৰ্ণৰ পিছত থকা দন্ত্য ন, মূৰ্দ্ধন্য ণ হয়।

6 / 10

6. প্র, পূর্ব, অপৰ আদিৰ পিছত থকা কোনটো শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

7 / 10

7. তলৰ কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ অয়ন ন মূৰ্দ্ধন্য ণ হয়

8 / 10

8. তলৰ কোনটো শুদ্ধ

9 / 10

9. তলৰ কোনটো শব্দ অশুদ্ধ

10 / 10

10. তলৰ কোনটো শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হৈছে

Your score is

The average score is 58%

0%

Mock Test on Nattwa Bidhi Read More »

MCQ on Nattwa Bidhi

MCQ on Nattwa Bidhi

1 / 10

1. তলৰ কোনটো শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হৈছে

2 / 10

2. তলৰ কোনটো শব্দ অশুদ্ধ

3 / 10

3. তলৰ কোনটো শুদ্ধ

4 / 10

4. তলৰ কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ অয়ন ন মূৰ্দ্ধন্য ণ হয়

5 / 10

5. প্র, পূর্ব, অপৰ আদিৰ পিছত থকা কোনটো শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

6 / 10

6. একেটা পদতে থকা কোনবোৰ বৰ্ণৰ পিছত থকা দন্ত্য ন, মূৰ্দ্ধন্য ণ হয়।

7 / 10

7. কোনটো বর্গৰ বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্দ্ধন্য ণ হয়

8 / 10

8. তলৰ কোনটো শব্দ ণত্ব বিধিৰ  নিয়মমতে সিদ্ধ

9 / 10

9. তলৰ কোনটো শব্দত ণ স্বাভাৱিকতে হৈছে

10 / 10

10. বেণু শব্দত ণ স্বাভাৱিকতে হোৱা

Your score is

The average score is 27%

0%

MCQ on Nattwa Bidhi Read More »

অসমীয়া কবি-সাহিত্যিক সকলৰ ছদ্ম নাম

আচল নাম                                                  

  1. আনন্দ ৰাম ঢেকিয়াল ফুকন          
  2. আনন্দ চন্দ্ৰ আগৰৱালা                           
  3. ড০ইন্দিৰা গোস্বামী                          
  4. উমাকান্ত শর্মা                                     
  5. কমলাকান্ত ভট্টাচার্য           
  6. কিশোৰ কুমাৰ শর্মা                           
  7. কীর্তিনাথ হাজৰিকা                               
  8. গুণাভিৰাম বৰুৱা                              
  9. চৈয়দ আব্দুল মালিক                   
  10. তীর্থনাথ শর্মা                                
  11. দীনেশ চন্দ্র গোস্বামী:                      
  12. ড°  নগেন দত্ত                               
  13. নৱকান্ত বৰুৱা                           
  14. নির্মল প্রভা বৰদলৈ                  
  15. পবিত্র কুমাৰ ডেকা                 
  16. পার্বতি প্রসাদ বৰুৱা                    
  17. প্রণৱ তামুলী                              
  18. প্রমোদ চন্দ্র তামুলী                         
  19. প্রমোদ কুমাৰ বৰদলৈ       
  20. ড° বাণীকান্ত কাকতি       
  21. ড° বিৰিঞ্চি কুমাৰ বৰুৱা     
  22. বিনন্দ চন্দ্র বৰুৱা                               
  23. বিষ্ণুপ্ৰসাদ ৰাভা –    
  24. বেণুধৰ শর্মা                                                
  25. বৈকুন্ঠ নাথ ভট্টাচার্য                                     
  26. ভুবন মোহন বৰুৱা                                        
  27. ড০ভৱেন্দ্র নাথ শইকীয়া                  
  28. মহিম বৰা                                                 
  29. মহেন্দ্র নাথ ডেকা ফুকন                        
  30. মুনীন বৰকটকী            
  31. যতীন্দ্র নাথ দুৱৰা                                            
  32. ৰত্নকান্ত বৰকটকী                                        
  33. ৰবীন দে                                                       
  34. ৰত্নেশ্বৰ মহন্ত                                         
  35. ৰেৱতী মোহন দত্ত চৌধুৰী                       
  36. লক্ষ্মীনাথ বেজবৰুৱা                            
  37. লম্বোদৰ বৰা                                           
  38. শৰৎ চন্দ্র গোস্বামী                             
  39. সত্যনাথ বৰা                                       
  40. ড° সূর্যকুমাৰ ভূঞা          
  41. সুৰেন্দ্র নাথ মেধি                                  
  42. হলিৰাম ডেকা                                   
  43. ড° হীৰেন গোহাঁই                                   
  44. হেমেন কুমাৰ শৰ্মা                               
  45. হেমচন্দ্র বৰুৱা                                      

ছদ্ম নাম

  1. এ নেটিভ 
  2. শ্রীহর্ষ
  3. মামণি ৰয়চম গোস্বামী
  4. পশুপতি ভৰদ্বাজ
  5. অস্তবক্ৰ
  6. কুমাৰ কিশোৰ
  7. দাদাই
  8. গুৰু দত্ত
  9. অজগৰ,স্বামী অভাগানন্দ
  10. নির্মলা দেৱী
  11. চাৰু দত্ত
  12. এন্ডি খুড়া
  13. এখুদ ককাইদেউ,সীমা দত্ত
  14. নীলা বৰদলৈ
  15. ৰসেশ্বৰ হাজৰিকা
  16. হয়বৰ অভয়াপুৰীয়া
  17. ৰত্না তামুলী
  18. শান্তনু তামুলী
  19. অঘৰী
  20. ভৱানন্দ পাঠক
  21. বীণা বৰুৱা,ৰাস্না বৰুৱা
  22. কেৰপাই শৰ্মা
  23. বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া
  24. বিহগুটি বৰা
  25. ভট্টদেৱ
  26. কাঞ্চন বৰুৱা 
  27. প্রিয় বন্ধু, সত্যপ্রিয় পাঠক
  28. ধনবৰ কাই
  29. মনাই বৈৰাগী
  30. অনিৰুদ্ধ কটকী
  31. যদু
  32. নতুন কৃপাবৰ
  33. ৰংমন
  34. ৰাম দাস গোস্বামী
  35. শীলভদ্র
  36. কৃপাবৰ বৰুৱা
  37. সদানন্দ
  38. ৰূপচন্দ্র ভাগৱতী
  39. এজন অসমীয়া
  40. ভানুনন্দন
  41. সৌৰভ কুমাৰ চলিহা
  42. চিত্রসেন জখৰীয়া
  43. নিৰঞ্জন ফুকন
  44. নীলিম কুমাৰ
  45. সোণাৰাম চান্দ

অসমীয়া কবি-সাহিত্যিক সকলৰ ছদ্ম নাম Read More »

                              ণত্ব বিধি আৰু ষত্ব বিধি (4 marks)

ণত্ব বিধি

যি বিধি মতে দন্ত্য ন-ই মূৰ্দ্ধন্য ণ-ৰ ৰূপ লয়, তাকে ণত্ব বিধি বোলে।

ণত্ব বিধিৰ প্রধান নিয়মবোৰ।

  • একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন, মূৰ্দ্ধন্য ণ হয়।

যেনেঃ ঋণ, তৃণ, বর্ণ, কর্ণ, কৃষ্ণ, বিষ্ণু, জীর্ণ, বৰষুণ ইত্যাদি।

  • একেটা পদতে থকা ঋ, ৰ, ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বর্গ বা প-বর্গৰ কোনো বর্ণ বা য,ৱ আৰুহ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

যেনেঃ কৃপণ, ৰাৱণ, ৰুক্মিণী, গ্রহণ, পাষাণ, কৰুণ ইত্যাদি।

  •  ট-বর্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

 যেনেঃ ঘণ্টা, কণ্টক, পিশু, কণ্ঠ, বিষন্ন, অণ্ড, দণ্ড ইত্যাদি।

  • উত্তৰ, দক্ষিণ, চান্দ্র, পৰা, নাৰ, ৰাম, আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

 উত্তৰায়ণ, চান্দ্রায়ণ, পৰায়ণ, ৰামায়ণ ইত্যাদি।

  •  প্র, পূর্ব, অপৰ আদিৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।

যেনেঃ প্রাহ্ণ, পূর্বাহ্ণ, অপৰাহ্ণ আদি।

  • অক্ষ শব্দৰ পিছত থকা ঊহিনী শব্দৰ দন্ত্য ন আৰু শূর্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন, মূর্ধন্য ণ হয়।

যেনে : অক্ষৌহিণী, শূর্পণখা ।

  • কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়।

যেনেঃ বাণিজ্য, বণিক, বাণী, বীণা, বেণু, বাণ, কণিকা, কংকণ, অণু, গৌণ, তৃণ, ফণা, নিপুণ, পাণি, কল্যাণ, লৱণ, মণি, মাণিক্য, কোণ, গুণ, চিকুণ, শোণিত, গণ, পণ, চাণক্য, ঘুণ, কণ, পূণ্য ইত্যাদি।

ত্ব বিধি: যি বিধি মতে দন্ত্য স মূৰ্দ্ধন্যষ হয়, সেই বিধিকে ত্ব বিধি বোলে।

ষত্ব বিধিৰ প্রধান নিয়মবোৰঃ

  • অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্রত্যয়ৰ স মূৰ্দ্ধন্য ষ হয়।

যেনেঃ ঋষি, শ্রীচৰণেষু, মুমূর্ষু, ভৱিষ্যৎ, শুশ্রূষা।

  • ট-বৰ্গৰ বর্ণৰ লগত যুক্ত দন্ত্য স মূৰ্দ্ধন্য ষ হয়।

যেনেঃ কষ্ট, দুষ্ট, ওষ্ঠ, মিষ্ট ইত্যাদি।

  • ই-কাৰান্ত আৰু উ-কাৰান্ত উপসর্গৰ পাছত থকা স্থা, সিধ্, সিচ্, লস্ আদি ধাতুৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়।

যেনেঃ নিষেধ, বিষাদ, প্রতিষ্ঠা, অভিলাষ, অনুষ্ঠান, নিষাদ, অভিষেক আদি।

  • ভূমি, গো, অংশু শব্দৰ পিছত থকা স্থা শব্দৰ স আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়।

যেনে: ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ।

  • সু আৰু বি উপসর্গৰ পিছত থকা সম শব্দৰ স মূৰ্দ্ধন্য ষ হয়।

যেনেঃ সুষম, সুষমা, বিষম।

  • প্রত্যয় যোগ হ’লে হবিস্ আৰু চাক্ষুস্ শব্দৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়।

যেনেঃ হবিষা, চাক্ষুষ।

  • কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ষ হয়।

যেনেঃ ভাষা, বর্ষা, হর্ষ, দোষ, বিষাণ, বিষয়, শোষণ, তোষণ, পোষণ, ভূষণ, ৰোষ, ৰোষণ, পুৰুষ, কৃষক, ঔষধ, পুষ্প, ভীষ্ম, গ্রীষ্ম, বিশেষ, বিশেষ্য, বিশেষণ, কর্ষণ, বর্ষণ, ঘর্ষণ, ষোড়শ, পাষণ্ড, দোষ, বৃষ, তোষ, বিষ, পাষাণ, তৃষা, কলুষ ইত্যাদি।

                              ণত্ব বিধি আৰু ষত্ব বিধি (4 marks) Read More »

অসমীয়া সাধাৰণ জ্ঞান

অসমীয়া সাধাৰণ জ্ঞানঃ অসমীয়া কবি-সাহিত্যিক /শিল্পীসকলৰ উপাধি/কাক কি বুলি কোৱা হয়

উপাধি/কি বুলি জনা যায়           

  1. অসম কেশৰী
  2. অসম গৌৰৱ 
  3. অপ্রমাদী কবি   
  4. অগ্নিকবি 
  5. অতিন্দ্রীয়বাদী কবি
  6. অভিনয়াচার্য                         
  7. অসম গৌৰৱ                        
  8. উপন্যাস সম্রাট                  
  9. ককা                                              
  10. কবিৰত্ন             
  11. কবিতা কোঁৱৰ                          
  12. কলাগুৰু                                        
  13. কথা শিল্পী                             
  14. কর্মবীৰ                                       
  15. কলংপৰীয়া কবি                         
  16. কাব্যভানু                                     
  17. খৰিকাজাঁইৰ কবি               
  18. গল্প-সম্রাট            
  19. গীতিকবি                     
  20. জগতগুৰু            
  21. জ্ঞান-মালিনীৰ কবি      
  22. তপোবনৰ কবি         
  23. ত্যাগৰীৰ             
  24. দানবীৰ             
  25. দেশপ্রাণ              
  26. দেশভক্ত             
  27. ধ্বনি কবি            
  28. নটসূর্য              
  29. নিজৰাৰ কবি           
  30. নাট্য প্রভাকৰ         
  31. নৃত্যাচাৰ্য            
  32. পথাৰৰ কবি          
  33. পাপৰিৰ কবি           
  34. প্রতিমাৰ খনিকৰ         
  35. প্রাচ্যৰ পণ্ডিত         
  36. প্রেমৰ কবি            
  37. প্রেম আৰু ৰ’দালিৰ কবি 
  38. ফুলনিৰ কবি         
  39. বন ফুলৰ কবি       
  40. বন কোঁৱৰ        
  41. বঢ়াৰ পো          
  42. বকুল বনৰ কবি      
  43. বিদ্রোহী কবি         
  44. বাগ্মীবৰ             
  45. বিহগী কবি           
  46. বীৰৱালা            
  47. ভট্টদেৱ              
  48. ভাগৱত ভট্টাচাৰ্য       
  49. ভাঙনি কোঁৱৰ         
  50. মৰমী কবি          
  51. ৰসাল কবি         
  52. লুইত কোঁৱৰ        
  53. লোকনায়ক         
  54. লোকপ্রাণ           
  55. লৌহ মানৱ        
  56. শেৱালি কবি        
  57. শোণিত কোঁৱৰ      
  58. সদস্য মহীয়ান       
  59. সদস্য মহীয়ান       
  60. সৰস্বতী             
  61. সংগীতাচার্য           
  62. সংগীত সূর্য,সুধাকণ্ঠ   
  63. সাহিত্য ৰত্ন           
  64. সিংহ পুৰুষ            
  65. সুগন্ধি পখিলাৰ কবি      
  66. সেউজ কোঁৱৰ 
  1. অম্বিকাগিৰি ৰায়চৌধুৰী
  2. হেম বৰুৱা
  3. মাধৱ কন্দলী
  4. কমলাকান্ত ভট্টাচার্য
  5. নলিনীবালা দেৱী
  6. ব্রজনাথ শর্মা
  7. হেম বৰুৱা
  8. ৰজনীকান্ত বৰদলৈ
  9. নীলমণি ফুকন
  10. বৈকুণ্ঠনাথ ভট্টাচার্য   
  11. অন্বেশ্বৰ চেতিয়া ফুকন
  12. বিষ্ণুপ্ৰসাদ ৰাভা
  13. চৈয়দ আব্দুল মালিক
  14. নবীন চন্দ্র বৰদলৈ
  15. দেৱকান্ত বৰুৱা
  16. হেম বৰুৱা
  17. ভবানন্দ ৰাজখোৱা
  18. চৈয়দ আব্দুল মালিক
  19. পার্বতি প্রসাদ বৰুৱা  
  20. শ্ৰীমন্ত শংকৰদেৱ 
  21. মফিজুদ্দিন আহমদ হাজৰিকা
  22. অতুল চন্দ্র হাজৰিকা
  23. হেমচন্দ্র বৰুৱা
  24. ৰাধানাথ সন্দিকৈ 
  25. লক্ষ্মীধৰ শর্মা
  26. তৰুণৰাম ফুকন
  27. বিনন্দ চন্দ্র বৰুৱা
  28. ফণী শর্মা
  29. শৈলধৰ ৰাজখোৱা
  30. সত্যপ্রসাদ বৰুৱা
  31. যতীন গোস্বামী 
  32. ৰাম গগৈ
  33. গণেশ চন্দ্র গগৈ
  34. চন্দ্ৰকুমাৰ আগৰৱালা
  35. কৃষ্ণকান্ত সন্দিকৈ
  36. লক্ষ্মীনাথ ফুকন
  37. হীৰেন ভট্টাচার্য
  38. পদ্মধৰ চলিহা
  39. যতীন্দ্ৰ নাথ দুৱৰা
  40. আনন্দিৰাম দাস
  41. মাধৱ দেৱ
  42. আনন্দ চন্দ্র বৰুৱা
  43. প্রসন্নলাল চৌধুৰী
  44. নীলমণি ফুকন
  45. ৰঘুনাথ চৌধাৰী
  46. কনকলতা
  47. বৈকুণ্ঠনাথ ভট্টাচার্য
  48. বৈকুণ্ঠনাথ ভট্টাচার্য
  49. আনন্দ চন্দ্র আগৰৱালা
  50. দুর্গেশ্বৰ শৰ্মা
  51. দণ্ডিনাথ কলিতা
  52. ৰূদ্ৰ বৰুৱা
  53. অমিয় কুমাৰ দাস
  54. মতিৰাম বৰা
  55. বিষ্ণুৰাম মেধি
  56. ৰত্নকান্ত বৰকাকতি
  57. গজেন বৰুৱা
  58. মহেশ্বৰ নেওগ
  59. কৃষ্ণকান্ত সন্দিকৈ
  60. নিৰ্মলপ্রভা বৰদলৈ
  61. লক্ষ্মীৰাম বৰুৱা
  62. ভুপেন হাজৰিকা
  63. চন্দ্ৰধৰ বৰুৱা
  64. ৰাধাগোবিন্দ বৰুৱা
  65. হীৰেন ভট্টাচার্য
  66. পৰাগধৰ চলিহা

অসমীয়া সাধাৰণ জ্ঞানঃ অসমীয়া কবি-সাহিত্যিক /শিল্পীসকলৰ উপাধি/কাক কি বুলি কোৱা হয় Read More »

অসমৰ ৰাজ্যিক চিহ্নসমূহ

ৰাজ্যিক নৃত্য   –             বিহু নৃত্য

ৰাজ্যিক চৰাই  –             দেও হাঁহ

অসমৰ ৰাজ্যিক চিহ্নসমূহ Read More »