তদ্ধিত প্রত্যয়

প্রতিপাদিকৰ পাছত যিবোৰ প্ৰত্যয় চিন যোগ হৈ নতুন শব্দ সৃষ্টি কৰে তাক তদ্ধিত প্রত্যয় বোলে।   

  যেনে- বন + অনি = বননি

              অসম + ঈয়া = অসমীয়া

1অনিবন + অনি = বননি
ধান + অনি = ধাননি
ফুল + অনি = ফুলনি
কাঠ + অনি = কাঠনি
নাহৰ + অনি = নাহৰনি
গছ + অনি = গছনি
নৰা + অনি = নৰানি
উলু + অনি = উলুৱনি
চুৱাপাত+ অনি = চুৱাপাতনি
2অনীয়াআঁঠু +অনীয়া = আঠুৱনীয়া,
কৰংগন+ অনীয়া= কৰংগনীয়া
3অকবুদ্ধি + অক = বুধিয়ক
ফন্দি + অক = ফন্দিয়ক
খেতি + অক =খেতিয়ক
4অৰিভাল + অৰি = ভালৰি
লাহ + অৰি = লাহৰি
ফুল + অৰি = ফুলৰি
5অৰীলগ + অৰী = লগৰী
বন + অৰী = বনৰী
6অৰীয়ানগৰ + অৰীয়া= নগৰীয়া
চহৰ + অৰীয়া = চহৰীয়
নাওঁ + অৰীয়া = নাৱৰীয়া
বন + অৰীয়া = বনৰীয়া
7অতিবাপ + অতি = বাপতি
সর্ব + অতি = সৰ্বতি
পাঁচ + অতি পাঁচতি
8অতীলাহ+ অতী = লাহতী
নাম + অতী =নামতী
 ফুল + অতী =ফুলতী।
9অতীয়াশেষ+ অতীয়া = শেহতীয়া
আগ+অতীয়া আগতীয়া
পাচ+ অতীয়া = পাচতীয়া
বাপ+অতীয়া =বাপতীয়া
10অলীয়াগাঁও +অলীয়া= গাঁৱলীয়া
বাৰী + অলীয়া =বাৰীঅলীয়া
গাজ + অলীয়া =গজলীয়া
মাজ+ অলীয়া =মজলীয়া
মিছা + অলীয়া= মিছলীয়া
মত+ অলীয়া= মতলীয়া
11অৰুৱাবাট + অৰুৱা = বাটৰুৱা
হাট + অৰুৱা = হাটৰুৱা
12জাবৰ+  আ= জব্ ৰা
ভোবৰ + আ = ভোবৰা
 জাপৰ+  আ= জপৰা
13আলখং + আল = খঙাল
নোম + আল= নোমাল
দয়া + আল = দয়াল
পেট +আল= পেটাল
নেজ+ আল নেজাল
তেজ +আল = তেজাল
বিষ + আল = বিষাল
মুখ + আল = মুখাল
নদী + আল = নদীয়াল
চাপৰি + আল = চাপৰিয়াল
চাকৰি + আল = চাকৰিয়াল
হাবি + আল = হাবিয়াল
চকী + আল – চকীয়াল
গো + আল = গোৱাল
14আলিচতুৰ + আলি = চতুৰালি
বেজ + আলি = বেজালি
পণ্ডিত + আলি = পণ্ডিতালি
টেঙৰ + আলি = টেঙৰালি
আকোৰগোঁজ +আলি= আকোৰগোঁজালি
দুষ্ট + আলি = দুষ্টালি।  
15চাকৰ + ই = চাকৰি
মাষ্টৰ + ই = মাষ্টৰি
ডাক্তৰ + ই = ডাক্তৰি    
16  ইয়াচৰু + ইয়া = চৰিয়া
পুৰা + ইয়া = পুৰিয়া
মাজ + ইয়া= মজিয়া
17ইয়ালমৰম + ইয়াল = মৰমিয়াল
সাহ + ইয়াল = সাহিয়াল
ৰং + ইয়াল= ৰঙিয়াল
ৰাগ+ইয়াল=  ৰাগিয়াল
18ইলাকাম + ইলা = কামিলা
19ইলৰং + ইল= ৰঙিল
20ইলিমাহ + ইলি = মাহিলি
21বাঁহ+ ঈ =বাঁহী
কাঁহ + ঈ =কাঁহী
কপাহ + ঈ =কপাহী
পিতল +ঈ =পিতালী
 ধন +ঈ = ধনী
মান+ঈ = মানী
সুখ+ ঈ = সুখী
ৰোগ+ ঈ= ৰোগী
যোগ+ ঈ= যোগী
দাম + ঈ = দামী
দান + ঈ = দানী
 মৌজাদাৰ+ ঈ = মৌজাদাৰী
মাষ্টৰ + ঈ = মাষ্টৰী
জাপান + ঈ = জাপানী
নেপাল + ঈ = নেপালী
মাদ্রাজ + ঈ =মাদ্রাজী
আকাশ+ ঈ = আকাশী
গোলাপ+ ঈ =গোলাপী
বাদাম+ ঈ = বাদামী
বহাগ + ঈ =  বহাগী
মাঘ + ঈ = মাঘী      
22ঈয়াপানী +ঈয়া= পনীয়া
নাল +ঈয়া= নলীয়া
লোণ +ঈয়া= লুণীয়া
মাটি+ ঈয়া=  মাটীয়া
কপাল +ঈয়া= কপলীয়া
কুকুৰনেজ +ঈয়া= কুকুৰনেজীয়া
গাঁও + ঈয়া =গঞা
তেল + ঈয়া= তেলীয়া
কালি + ঈয়া =কালীয়া
ঢোল+ ঈয়া =ঢুলীয়া
খোল +ঈয়া= খুলীয়া
তাল + ঈয়া =তালীয়া
উজনি + ঈয়া =উজনীয়া
ভাটি + ঈয়া =ভটীয়া
পশ্চিম+ ঈয়া =পশ্চিমীয়া
সোমবাৰ ঈয়া= সোমবৰীয়া
মাহেক+ ঈয়া =মাহেকীয়া
পষেক + ঈয়া = পষেকীয়া
বছৰেক + ঈয়া= বছৰেকীয়া
  নগৰ + ঈয়া = নগৰীয়া
ভাদ +ঈয়া=  ভদীয়া
গোলাঘাট + ঈয়া = গোলাঘটীয়া
পাহাৰ + ঈয়া = পাহাৰীয়া  
23উৱাঘৰ + উৱা =  ঘৰুৱা
বজাৰ+ উৱা =  বজৰুৱা
পথাৰ+ উৱা = পথৰুৱা
সাৰ+ উৱা =  সাৰুৱা
পেট + উৱা = পেটুৱা
বিহু + উৱা = বিহুৱা
সমাজ+ উৱা =  সমজুৱা
ৰণ+ উৱা=  ৰণুৱা
এলাহ+ উৱা= এলেহুৱা
জাবৰ+ উৱা=  জাবৰুৱা / জবৰুৱা
ধাৰ+ উৱা =ধৰুৱা
ভাত + উৱা = ভতুৱা
চকু + উৱা= চকুৱা
মাছ+ উৱা =মাছুৱা
24উৱালপাহ + উৱাল = পাহুৱাল
ভিতৰ + উৱাল = ভিতৰুৱাল
25উকালাজ +উকা =লাজুকা
লেহ+ উকা= লেহুকা
26উকিভাব+ উকি= ভাবুকি
27উৰাদন্দ+ উৰা= দন্দুৰা
কাহ+ উৰা= কাহুৰা  
28উৰিমাথা+ উৰি=মথাউৰি
29উলাপেট + উলা = পেটুলা
ঠেহ + উলা = ঠেহুলা
30উৱৈমাছ + উৱৈ = মাছুৱৈ
পঢ় + উৱৈ = পঢ়ুৱৈ
ঘাট + উৱে = ঘাটুৱৈ
জাল + উৱৈ = জালুৱৈ
খেল + উৱৈ = খেলুৱৈ  
31ওৱাহাল + ওৱা = হালোৱা
জাল + ওৱা = জালোৱা
ভাৰ + ওৱা =ভাৰোৱা।  
32এতীয়াতেল + এতীয়া = তেলেতীয়া  
33কুৰিবাট + কুৰি = বাটকুৰি
দহ + কুৰি = দহোকুৰি।
34কুৰীয়ালাজ + কুৰীয়া = লাজকুৰীয়া  
35তলীবিহু+তলী= বিহুতলী
36ময়জুই+ময় =জুইময়
37থলীৰণ+থলী =ৰণথলী
38শালঢেঁকী+শাল= ঢেঁকীশাল
39বাৰীআম+বাৰী= আমবাৰী