jonali

লিঙ্গ

লিঙ্গ শব্দই ব্যাকৰণত পুৰুষ, স্ত্ৰী প্ৰভেদমূলক চিহ্ন বুজায়।

স্ত্রী বুজোৱা শব্দক স্ত্রীলিঙ্গৰ শব্দ, পুৰুষ বুজোৱা শব্দক পুংলিঙ্গৰ শব্দ ,পুৰুষ-স্ত্রী ভেদ নুবুজোৱা শব্দক ক্লীব লিঙ্গৰ শব্দ বোলে। কিছুমান শব্দই পুৰুষ-স্ত্রী উভয়কে বুজায়। সেইবোৰক উভয় লিঙ্গৰ শব্দ বোলে।

যেনে :

পুংলিঙ্গ : ল’ৰা, পুৰুষ, ষাঁড়, পিতা ইত্যাদি।

স্ত্রীলিঙ্গ : তিৰোতা, ছোৱালী, আই ইত্যাদি।

ক্লীব লিঙ্গ : ঘৰ, গছ,  ফল, ফুল ইত্যাদি ।

উভয় লিঙ্গ:  আমি, আপুনি, মানুহ, গৰু ইত্যাদি।

পুংলিঙ্গৰ শব্দত স্ত্রী প্রত্যয়(আ, ঈ আৰু অনী) যোগ কৰি স্ত্ৰীলিঙ্গ শব্দলৈ পৰিৱৰ্তন কৰা হয়।

যেনেঃ হৰিণ – হৰিণী, নাতি -নাতিনী

তাৰ বাহিৰেও পুংলিঙ্গ আৰু স্ত্রীলিঙ্গত সম্পূৰ্ণ পৃথক বহুতো শব্দ অসমীয়া ভাষাত আছে। তলত উদাহৰণ দিয়া হ’ল:

ল’ৰাছোৱালী
পুৰুষস্ত্ৰী, মহিলা,নাৰী
শহুৰশাহু
মতামাইকি ,তিৰোতা
ডেকাগাভৰু
ভাইভনী, বোৱাৰী
দেওৰজা, ননদ
ককাইবাই, বৌ
গোহাঁই, গগৈআইচু
ককাআইতা
পিতাআই
গোলামবান্দী
কোৱাকাউৰী
পৈঘৈণী
পতিপত্নী
দঁতাল, মখনামাখুন্দী
মুনিহতিৰোতা
শৰভেলেঙ্গী
বোন্দাজাঁই
বোপাইআই
সিতাই
বাইদেউ ভিনিহি
দদাইখুৰী
এই
চাহাবমেম
পোজী, বোৱাৰী
বিয়ৈবিয়নী
জেঠাজেঠাই
পেহাপেহী
আতাআবু
মোমাইমামী,
দৰা, বৰকন্যা
ৰজাৰাণী
বলধ, ষাঁড়গাই
দমৰাচেঁউৰী, কাঢ়লী
নবাববেগম
বন্দীবেটী
ঘঁৰিয়ালজলগুঁই
তাৱৈআমৈ
ৰান্ধনিৰান্ধনী
শিপিনিশিপিনী

*অসমীয়া ভাষাৰ তলৰ শব্দবোৰ স্ত্রীলিঙ্গৰ। ইহঁতৰ পুংলিঙ্গৰ শব্দ নাই। যেনে : নামতী, লাহতী, আয়তী, ৰচকী, নাচনী, পোৱতী, পোহাৰী, ফুলতী, বোৱতী, ৰোৱণী ইত্যাদি।

লিঙ্গ Read More »

তদ্ধিত প্রত্যয়

প্রতিপাদিকৰ পাছত যিবোৰ প্ৰত্যয় চিন যোগ হৈ নতুন শব্দ সৃষ্টি কৰে তাক তদ্ধিত প্রত্যয় বোলে।   

  যেনে- বন + অনি = বননি

              অসম + ঈয়া = অসমীয়া

1অনিবন + অনি = বননি
ধান + অনি = ধাননি
ফুল + অনি = ফুলনি
কাঠ + অনি = কাঠনি
নাহৰ + অনি = নাহৰনি
গছ + অনি = গছনি
নৰা + অনি = নৰানি
উলু + অনি = উলুৱনি
চুৱাপাত+ অনি = চুৱাপাতনি
2অনীয়াআঁঠু +অনীয়া = আঠুৱনীয়া,
কৰংগন+ অনীয়া= কৰংগনীয়া
3অকবুদ্ধি + অক = বুধিয়ক
ফন্দি + অক = ফন্দিয়ক
খেতি + অক =খেতিয়ক
4অৰিভাল + অৰি = ভালৰি
লাহ + অৰি = লাহৰি
ফুল + অৰি = ফুলৰি
5অৰীলগ + অৰী = লগৰী
বন + অৰী = বনৰী
6অৰীয়ানগৰ + অৰীয়া= নগৰীয়া
চহৰ + অৰীয়া = চহৰীয়
নাওঁ + অৰীয়া = নাৱৰীয়া
বন + অৰীয়া = বনৰীয়া
7অতিবাপ + অতি = বাপতি
সর্ব + অতি = সৰ্বতি
পাঁচ + অতি পাঁচতি
8অতীলাহ+ অতী = লাহতী
নাম + অতী =নামতী
 ফুল + অতী =ফুলতী।
9অতীয়াশেষ+ অতীয়া = শেহতীয়া
আগ+অতীয়া আগতীয়া
পাচ+ অতীয়া = পাচতীয়া
বাপ+অতীয়া =বাপতীয়া
10অলীয়াগাঁও +অলীয়া= গাঁৱলীয়া
বাৰী + অলীয়া =বাৰীঅলীয়া
গাজ + অলীয়া =গজলীয়া
মাজ+ অলীয়া =মজলীয়া
মিছা + অলীয়া= মিছলীয়া
মত+ অলীয়া= মতলীয়া
11অৰুৱাবাট + অৰুৱা = বাটৰুৱা
হাট + অৰুৱা = হাটৰুৱা
12জাবৰ+  আ= জব্ ৰা
ভোবৰ + আ = ভোবৰা
 জাপৰ+  আ= জপৰা
13আলখং + আল = খঙাল
নোম + আল= নোমাল
দয়া + আল = দয়াল
পেট +আল= পেটাল
নেজ+ আল নেজাল
তেজ +আল = তেজাল
বিষ + আল = বিষাল
মুখ + আল = মুখাল
নদী + আল = নদীয়াল
চাপৰি + আল = চাপৰিয়াল
চাকৰি + আল = চাকৰিয়াল
হাবি + আল = হাবিয়াল
চকী + আল – চকীয়াল
গো + আল = গোৱাল
14আলিচতুৰ + আলি = চতুৰালি
বেজ + আলি = বেজালি
পণ্ডিত + আলি = পণ্ডিতালি
টেঙৰ + আলি = টেঙৰালি
আকোৰগোঁজ +আলি= আকোৰগোঁজালি
দুষ্ট + আলি = দুষ্টালি।  
15চাকৰ + ই = চাকৰি
মাষ্টৰ + ই = মাষ্টৰি
ডাক্তৰ + ই = ডাক্তৰি    
16  ইয়াচৰু + ইয়া = চৰিয়া
পুৰা + ইয়া = পুৰিয়া
মাজ + ইয়া= মজিয়া
17ইয়ালমৰম + ইয়াল = মৰমিয়াল
সাহ + ইয়াল = সাহিয়াল
ৰং + ইয়াল= ৰঙিয়াল
ৰাগ+ইয়াল=  ৰাগিয়াল
18ইলাকাম + ইলা = কামিলা
19ইলৰং + ইল= ৰঙিল
20ইলিমাহ + ইলি = মাহিলি
21বাঁহ+ ঈ =বাঁহী
কাঁহ + ঈ =কাঁহী
কপাহ + ঈ =কপাহী
পিতল +ঈ =পিতালী
 ধন +ঈ = ধনী
মান+ঈ = মানী
সুখ+ ঈ = সুখী
ৰোগ+ ঈ= ৰোগী
যোগ+ ঈ= যোগী
দাম + ঈ = দামী
দান + ঈ = দানী
 মৌজাদাৰ+ ঈ = মৌজাদাৰী
মাষ্টৰ + ঈ = মাষ্টৰী
জাপান + ঈ = জাপানী
নেপাল + ঈ = নেপালী
মাদ্রাজ + ঈ =মাদ্রাজী
আকাশ+ ঈ = আকাশী
গোলাপ+ ঈ =গোলাপী
বাদাম+ ঈ = বাদামী
বহাগ + ঈ =  বহাগী
মাঘ + ঈ = মাঘী      
22ঈয়াপানী +ঈয়া= পনীয়া
নাল +ঈয়া= নলীয়া
লোণ +ঈয়া= লুণীয়া
মাটি+ ঈয়া=  মাটীয়া
কপাল +ঈয়া= কপলীয়া
কুকুৰনেজ +ঈয়া= কুকুৰনেজীয়া
গাঁও + ঈয়া =গঞা
তেল + ঈয়া= তেলীয়া
কালি + ঈয়া =কালীয়া
ঢোল+ ঈয়া =ঢুলীয়া
খোল +ঈয়া= খুলীয়া
তাল + ঈয়া =তালীয়া
উজনি + ঈয়া =উজনীয়া
ভাটি + ঈয়া =ভটীয়া
পশ্চিম+ ঈয়া =পশ্চিমীয়া
সোমবাৰ ঈয়া= সোমবৰীয়া
মাহেক+ ঈয়া =মাহেকীয়া
পষেক + ঈয়া = পষেকীয়া
বছৰেক + ঈয়া= বছৰেকীয়া
  নগৰ + ঈয়া = নগৰীয়া
ভাদ +ঈয়া=  ভদীয়া
গোলাঘাট + ঈয়া = গোলাঘটীয়া
পাহাৰ + ঈয়া = পাহাৰীয়া  
23উৱাঘৰ + উৱা =  ঘৰুৱা
বজাৰ+ উৱা =  বজৰুৱা
পথাৰ+ উৱা = পথৰুৱা
সাৰ+ উৱা =  সাৰুৱা
পেট + উৱা = পেটুৱা
বিহু + উৱা = বিহুৱা
সমাজ+ উৱা =  সমজুৱা
ৰণ+ উৱা=  ৰণুৱা
এলাহ+ উৱা= এলেহুৱা
জাবৰ+ উৱা=  জাবৰুৱা / জবৰুৱা
ধাৰ+ উৱা =ধৰুৱা
ভাত + উৱা = ভতুৱা
চকু + উৱা= চকুৱা
মাছ+ উৱা =মাছুৱা
24উৱালপাহ + উৱাল = পাহুৱাল
ভিতৰ + উৱাল = ভিতৰুৱাল
25উকালাজ +উকা =লাজুকা
লেহ+ উকা= লেহুকা
26উকিভাব+ উকি= ভাবুকি
27উৰাদন্দ+ উৰা= দন্দুৰা
কাহ+ উৰা= কাহুৰা  
28উৰিমাথা+ উৰি=মথাউৰি
29উলাপেট + উলা = পেটুলা
ঠেহ + উলা = ঠেহুলা
30উৱৈমাছ + উৱৈ = মাছুৱৈ
পঢ় + উৱৈ = পঢ়ুৱৈ
ঘাট + উৱে = ঘাটুৱৈ
জাল + উৱৈ = জালুৱৈ
খেল + উৱৈ = খেলুৱৈ  
31ওৱাহাল + ওৱা = হালোৱা
জাল + ওৱা = জালোৱা
ভাৰ + ওৱা =ভাৰোৱা।  
32এতীয়াতেল + এতীয়া = তেলেতীয়া  
33কুৰিবাট + কুৰি = বাটকুৰি
দহ + কুৰি = দহোকুৰি।
34কুৰীয়ালাজ + কুৰীয়া = লাজকুৰীয়া  
35তলীবিহু+তলী= বিহুতলী
36ময়জুই+ময় =জুইময়
37থলীৰণ+থলী =ৰণথলী
38শালঢেঁকী+শাল= ঢেঁকীশাল
39বাৰীআম+বাৰী= আমবাৰী

তদ্ধিত প্রত্যয় Read More »

প্ৰতিশব্দ বা সমাৰ্থক শব্দঃ

ঈশ্বৰঃ ভগৱান, বিধি, বিধাতা, জগতপতি, জগদীশ, ধাতা, ঈশ, পৰমেশ, প্ৰভূ, পৰমেশ্বৰ

পৃথিৱীঃ ধৰা, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী, বসুধা, ধৰণী, মহী, মেদিনী,ক্ষিতি, অৱনী, ভূ

আকাশঃ গগন, শূন্য, ব্যোম, অম্বৰ, নীলিমা

নদীঃ নৈ, তটিনী,তৰংগিণী, প্ৰবাহিনী, সৰিত, স্ৰোতস্বিনী, স্ৰোতৱতী

সূৰ্যঃ বেলি, দিবাকৰ, দিননাথ,ৰবি,ভানু, ভাস্কৰ, মাৰ্কণ্ড, মিহিৰ, অৰুণ, তপন, আদিত্য, অংশুমালী, প্ৰভাকৰ, সবিতা, দিনকৰ, দিনবন্ধু

চন্দ্ৰঃ জোন, জোনবাই, চন্দ্ৰমা, নিশাপতি, নিশাকৰ, সুধাকৰ, সুধাংশু, সিতাংশু, শশধৰ, শশাংক, শশী

অগ্নিঃ অনল, জুই, বহ্নি, পাৱক, হুতাশন

বায়ুঃ বতাহ, অনিল, পৱন, সমীৰ, সমীৰণ

মেঘঃ জলদ,জলধৰ, ডাৱৰ, অম্বুদ, নীৰদ,বাৰিদ

দিনঃ দিবা,দিবস

ৰাতিঃ নিশা, ৰজনী,যামিনী,ক্ষমা, ক্ষণদা,ত্ৰিযামা

পদুমঃ পদ্ম,উতপল, কমল,শতদল,শতপত্ৰ, পংকজ, সৰোজ, সৰসিজ,অৰবিন্দ, নলিন,নলিনী, নিৰজ

হাতীঃ হস্তী, কৰী, গজ,মাতঙ্গ, দ্বিপ, দ্বিৰদ, কুঞ্জৰ,ঐৰাৱত

ৰজাঃ নৃপতি, ৰাজন, মহীপাল, ক্ষিতিপাল, ভূপতি, মহীপতি, ক্ষিতীশ, ক্ষিতিপতি, নৰপাল,নৰপতি, নৰেশ্বৰ

ইচ্ছাঃ আকাঙ্ক্ষা, অভিলাষ, অভিপ্ৰায়, কামনা, বাঞ্ছা, স্পৃহা, অনুৰাগ, বাসনা

ঐশ্বৰ্যঃ বিভূতি,বিভৱ, ধন, সম্পত্তি, বৈভৱ, সম্পদ

ঘৰঃ ভৱন, আবাস, গৃহ, আলয়, নিলয়

চকুঃ অক্ষি, নয়ন, নেত্ৰ, লোচন, চক্ষু, আঁখি

কপালঃ ললাট, নচিব, দৈৱ,দশা, ভাগ্য, অদৃষ্ট

জিভাঃ জিহ্বা, ৰসনা

প্ৰতিশব্দ বা সমাৰ্থক শব্দঃ Read More »

বিপৰীত শব্দ

চল -অচল

খাদ্য – অখাদ্য

ধৰ্ম  – অধৰ্ম

ন্যায় – অন্যায়

পৱিত্ৰ – অপৱিত্ৰ

পৰিমিত – অপৰিমিত

পৰিষ্কাৰ – অপৰিষ্কাৰ

চেতন – অচেতন

চিনাকি – অচিনাকি

বিদ্যা – অবিদ্যা

বিধি – অবিধি

বৈধ – অবৈধ

সাধু – অসাধু

শান্ত – অশান্ত

শুভ – অশুভ

সজ – অসজ

সভ্য – অসভ্য

শুদ্ধ – অশুদ্ধ

সুৰ  –  অসুৰ

সুবিধা – অসুবিধা

স্থিৰ – অস্থিৰ

সুস্থ – অসুস্থ

সাধু – অসাধু

মিতব্যয়ী- অমিতব্যয়ী

জ্ঞানী – অজ্ঞানী

জোখ – অজোখ

গভীৰ- অগভীৰ

প্ৰকৃত – অপ্ৰকৃত

হিংসা – অহিংসা

ইষ্ট অনিষ্ট

ইচ্ছা – অনিচ্ছা

উক্ত – অনুক্ত

আশা – নিৰাশা

গুণী – নিৰ্গুণী

দোষী – নিৰ্দোষী

জয় – পৰাজয়

বাদী – বিবাদী,প্ৰতিবাদী

জোখ  –  বিজোখ

আগমন – প্ৰত্যাগমন

আৰোহণ – অৱৰোহণ

উৰ্বৰ – অনুৰ্বৰ

উচিত – অনুচিত

আনন্দ – নিৰানন্দ

অনুগ্ৰহ – নিগ্ৰহ

অনুৰাগ – বিৰাগ

অনুকূল – প্ৰতিকূল

অহংকাৰ – নিৰহংকাৰ

অতিবৃষ্টি – অনাবৃষ্টি

অসীম – সসীম

আদান – প্ৰদান

অৰ্বাচীন – প্ৰাচীন

ইহলোক – পৰলোক

উত্তম – অধম

উত্তমৰ্ণ – অধমৰ্ণ

উৎকৃষ্ট – নিকৃষ্ট

উপকাৰ  – অপকাৰ

আকৰ্ষণ – বিকৰ্ষণ

আৱিৰ্ভাৱ – তিৰোভাৱ

আয় – ব্যয়

আচাৰ –  অনাচাৰ

আদৰ – অনাদৰ

আস্তিক – নাস্তিক

কৃতঘ্ন -কৃতজ্ঞ

গৰিষ্ঠ – লঘিষ্ঠ

চৰম – নৰম

উপস্থিত – অনুপস্থিত

উন্নতি – অৱনতি

উপযুক্ত – অনুপযুক্ত

এতিয়া – তেতিয়া

সাকাৰ – নিৰাকাৰ

বিখ্যাত -অখ্যাত,কুখ্যাত

সফলতা – বিফলতা

পুৰস্কাৰ – তিৰস্কাৰ

প্ৰত্যক্ষ – পৰোক্ষ

সংযোগ – বিয়োগ

উত্থান – পতন

আস্থা – অনাস্থা

উৰ্বৰ – অনুৰ্বৰ

সহযোগী – প্ৰতিযোগী

সজীৱ – নিৰ্জীৱ

সুগম – দুৰ্গম

সুচল – অচল

সুযোগ – দুৰ্যোগ

সুশ্ৰী – কুশ্ৰী, বিশ্ৰী

সুকৃতি – দুষ্কৃতি

সুখ্যাতি – অখ্যাতি

সুগন্ধ – দুৰ্গন্ধ

অনু – বৃহৎ

অলপ – বেছি

অমৃত – গৰল

অন্তৰ –  বাহিৰ

অভাৱ – উভৈনদী

অন্ধ  – চাক্ষুষ

আচল – নকল

আন্ধাৰ – পোহৰ

আকাশ – পাতাল

আৱাহন –  বিসৰ্জন

উত্তৰ – দক্ষিণ

উৰ্দ্ধ – অধঃ

উচ্চ – নীচ

আদি – অন্ত,শেষ

আগ – গুৰি ,পাছ

আপোন – পৰ

আশীৰ্বাদ – অভিশাপ

আয়তী – বিধবা

আচামী – ফৰিয়াদী

আৰম্ভ – শেষ, সমাপ্ত

গ্ৰহণ – বৰ্জন

গৃহস্থী – সন্ন্যাসী

গধূৰ – পাতল

তৰাং – গভীৰ

গহীন – চঞ্চল

গোচৰীয়া – পদকীয়া

গোপন – প্ৰকাশ

ঘন – পাতল

ঘৰচীয়া – বনৰীয়া

চহকী – দুখীয়া

উদাৰ – সংকীৰ্ণ

উদয় – অস্ত

ওপৰত – তলত

ওখ  -চাপৰ

কোমল – কঠিন

কৃশ – স্থুল

খাল – বাম

গুৰু – শিষ্য

গুণ – দোষ

দ্ৰুত – মন্থৰ

দেশপ্ৰেমিক – দেশদ্ৰোহী

ধনী – দুখীয়া

নতুন-  পুৰণি

নিৰ্মল –  মলিন

নিৰাপদ – বিপদজনক

নিৰ্ভীক-  ভীৰু

পণ্ডিত –  মূৰ্খ

লেতেৰা -পৰিষ্কাৰ

এলেহুৱা – পৰিশ্ৰমী

পাতল – গধুৰ,ডাঠ

জড় – চেতন

জমা – খৰচ

জন্ম – মৃত্যু

জাগৰণ –  নিদ্ৰা

জ্ঞানী – মূৰ্খ

জীৱন – মৰণ

ডেকা – বুঢ়া

ডাঠ – পাতল

তপত – চেঁচা

দ’ – বাম

দয়ালু – নিৰ্দয়, নিষ্ঠুৰ

দাতা – কৃপণ

দিন – ৰাতি

দীঘল – চুটি

দীৰ্ঘ – হ্ৰস্ব

দেৱতা – অসুৰ

বাজ – ভিতৰ

বিশ্বাসী – বিশ্বাসঘাতক

বিৰহ – মিলন

বিপদ – সম্পদ

বিস্তৃত – সংক্ষিপ্ত

বিনীত – উদ্ধত

বিনয় – গৰ্ব

ভক্তি – ঘৃণা

ভাল – বেয়া

ভীৰু – সাহসী, নিৰ্ভীক

পুণ্য – পাপ

প্ৰভূ – ভৃত্য

পুৱা – সন্ধ্যা,গধূলি

কাল্পনিক – প্ৰকৃত

প্ৰচুৰ – অল্প

প্ৰৱেশ – প্ৰস্থান

প্ৰশ্ন – উত্তৰ

প্ৰাচ্য – পাশ্চাত্য

গোপন – প্ৰকাশ

প্ৰাচীন – নবীন

প্ৰেৰণা – নিৰুৎসাহ

বগা – ক’লা

বহল – ঠেক

বন্ধু – শত্ৰু

শকত – ক্ষীণ

শুক্ল – কৃষ্ণ

সঁচা – মিছা

সদয় – নিৰ্দয়

সম্পদ – বিপদ

সন্ধি – বিগ্ৰহ

সধবা – বিধবা

সৰল – জটিল

সশ্ৰম – বিনাশ্ৰম

সঞ্চয় – অপচয়

ভূত – ভৱিষ্যত

ভোতা – চোকা

মান –  অপমান

মুখ্য – গৌণ

মুক্ত – বন্ধ

যশ – অপযশ

ৰজা – প্ৰজা

যোগ – বিয়োগ

মিত্ৰ – শত্ৰু

ৰোগী –  নিৰোগী

লঘু –  গুৰু

লাভ – লোকচান

ক্ষতি –  লাভ

যত্ন – আওকাণ,অযত্ন

স্বাধীন – পৰাধীন

স্থাৱৰ –  জংগম , অস্থাৱৰ

সুখ – দুখ

সুন্দৰ – কুৎসিত

সৃষ্টি – প্ৰলয়, ধ্বংস

সোঁ – বাওঁ

হঁহা – কন্দা

হৰণ – পূৰণ

হৰ্ষ – বিষাদ

স্বৰ্গ – মৰ্ত্ত্য, নৰক

দুৰ্জন – সাধু

হৰা – জিকা

হিংসা – প্ৰেম ,অহিংসা

ক্ষমা – প্ৰতিশোধ

হ্ৰাস – বৃদ্ধি

ক্ষয় – বৃদ্ধি

হাঁহি – কান্দোন

বিপৰীত শব্দ Read More »

সন্ধিঃ বিসৰ্গ সন্ধি আৰু অসমীয়া সন্ধি

১. বিসৰ্গ সন্ধি

ব্যঞ্জন বৰ্ণ অথবা স্বৰবৰ্ণৰ লগত বিসৰ্গৰ সন্ধি হ’লে তাক বিসৰ্গ সন্ধি বোলে ।

উদাহৰণ:

নিঃ + অৱধি = নিৰৱধি

নিঃ + অৱচ্ছিন্ন = নিৰৱচ্ছিন্ন

নিঃ + আকাৰ = নিৰাকাৰ

নিঃ + নয় = নিৰ্ণয়

নিঃ + চয় = নিশ্চয়

নিঃ + চিত = নিশ্চিত

নিঃ + চিন্ত = নিশ্চিন্ত

নিঃ + তেজ = নিস্তেজ

নিঃ + তাৰ = নিস্তাৰ

নিঃ + ঠুৰ = নিষ্ঠুৰ

নিঃ + পাপ = নিষ্পাপ

নিঃ + ফল = নিষ্ফল

নিঃ + কলংক = নিষ্কলংক

নিঃ + ৰব = নীৰৱ

নিঃ + ৰস = নীৰস

নিঃ + ৰোগ = নিৰোগ

দুঃ + গতি  = দুৰ্গতি

দুঃ + নীতি  = দুৰ্নীতি

দুঃ + মতি  = দুৰ্মতি

দুঃ + গম  = দুৰ্গম

দুঃ + ঘোৰ  = দুৰ্ঘোৰ

দুঃ + অৱস্থা=দুৰৱস্থা

দুঃ + চিন্তা  = দুশ্চিন্তা

দুঃ + তৰ  = দুস্তৰ

দুঃ + প্ৰাপ্য  = দুষ্প্ৰাপ্য

দুঃ + কৰ  = দুষ্কৰ

ভাঃ+ কৰ  = ভাস্কৰ

মনঃ + যোগ = মনোযোগ

মনঃ + ৰম = মনোৰম

মনঃ + হৰ = মনোহৰ

মনঃ + তাপ = মনস্তাপ

নমঃ + কাৰ = নমস্কাৰ

তিৰঃ + কাৰ = তিৰস্কাৰ

পুৰঃ + কাৰ = পুৰস্কাৰ

বনঃ + পতি = বনস্পতি

বাচঃ + পতি = বাচস্পতি

আৱিঃ + কাৰ = আৱিষ্কাৰ

বহিঃ + কাৰ = বহিষ্কাৰ

শিৰঃ + চ্ছেদ = শিৰচ্ছেদ

ইতঃ + ততঃ = ইতস্ততঃ

আশীঃ + বাদ = আশীৰ্বাদ

অহঃ + নিশা =অহৰ্নিশ

অহঃ + ৰাত্ৰ =অহোৰাত্ৰ

প্ৰাতঃ + উত্থান = প্ৰাতৰুত্থান

ততঃ + অধিক = ততোধিক

বয়ঃ + অধিক = বয়োধিক

সৰঃ + বৰ =সৰোবৰ

তপঃ + বন =তপোবন

পুৰঃ + হিত =পুৰোহিত

পুনঃ+ ৰপি =পুনৰপি

২) অসমীয়া সন্ধি

অসমীয়া ভাষাত সন্ধিৰ ব্যৱহাৰ কম। যি অলপ ব্যৱহাৰ হয় সেইবোৰ সংস্কৃত সন্ধিহে। শব্দ আৰু ধাতুৰ পাছত বিভক্তি আৰু প্ৰত্যয় আদি যোগ হৈ নতুন পদ গঠিত হওঁতে ধ্বনিৰ পৰিৱৰ্তন হোৱা বাবে সেইবোৰকো বহু ব্যাকৰণিকে সন্ধি বুলি গণ্য কৰে। অসমীয়া ভাষাৰ তেনে সন্ধি কেতবোৰ সন্ধি তলত দাঙি ধৰা হল

শত + এক = শতেক,

 অর্দ্ধ + এক = অৰ্দ্ধেক,

পষ + এক = পষেক,

 মাহ + এক = মাহেক,

 বছৰ + এক = বছৰেক,

 ঘৰ + অত = ঘৰত,

 গছ + অত = গছত,

 হাত + এৰে = হাতেৰে,

ন + আছিল= নাছিল,

ন + আহে = নাহে,

ন + ওপজে – নোপজে,

মানুহ । তাক = মানুহক,

মানুহ + এ = মানুহে

দহ + ওটা (ও+টা) = দহোটা,

পাঁচ + ওটা (ও+টা) = পাচোটা ইত্যাদি।

দা + এবে =দাবে,

 কটাৰী + এৰে =কটাৰীৰে,

লাউ + এবে =লাউৰে,

ধনু + এৰে = ধনুৰে,

সন্ধি + এৰে = সন্ধিৰে

হাবি+ অনি =  হাবিয়নি,

মৰি + অনি = মৰিয়নি,

খেতি + অক = খেতিয়ক,

বুধি + অক =বুধিয়ক,

ফন্দি + অক = ফন্দিয়ক,

 দি + অক = দিয়ক,

নি + অক = নিয়ক,

নদী + আল-নদীয়াল,

ফাকি + আল = ফাকিয়াল,

জাগি +আল = জাগিয়াল

আলু + অনি = আলুৱনি,

 কচু + অনি = কচুৱনি,

উলু + অনি = উলুৱনি,

 গাঁও + অলীয়া = গাঁৱলীয়া,

নাও অৰীয়া = নাৱৰীয়া,

কৰো + আ = কৰোৱা,

গৰু + আ = গৰুৱা ইত্যাদি।

সন্ধিঃ বিসৰ্গ সন্ধি আৰু অসমীয়া সন্ধি Read More »

জানো আহা(২)

বিভিন্ন ক্ষেত্ৰত  প্ৰথম অসমীয়া

প্রথম অসমীয়া ঔপন্যাসিক  পদ্মনাথ গোহাঞি বৰুৱাৰ
অসমীয়া ভাষাৰ প্রথম গদ্য ৰচকভট্টদেৱ
অসমীয় ভাষাৰ প্রথম চুটি গল্পৰ লেখকলক্ষ্মীনাথ বেজবৰুৱা
প্ৰথম  অসমীয়া চলচিত্ৰ নিৰ্মাতাজ্যোতিপ্ৰসাদ আগৰৱালা
জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়া° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়াযতীন্দ্ৰ নাথ দুৱৰা
প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়াআনন্দৰাম বৰুৱা
দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়াড০ ভূপেন হাজৰিকা
অসমীয়া বোলছবি জগতৰ  প্ৰথম অভিনেত্ৰীআইদেউ সন্দিকৈ
বিলাতত শিক্ষা লাভ প্ৰথমজন অসমীয়াৰ নামআনন্দৰাম ঢেকিয়ালফুকন
স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন  অসমীয়াৰাধানাথ ফুকন
সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী  অসমীয়া মহিলানলিনীবালা দেৱী
প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচয়িতাযতীন্দ্ৰনাথ দুৱৰা
জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লেখিকামামণি ৰয়ছম গোস্বামী
সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়ালক্ষ্মীনন্দন বৰা

ক্ৰমশঃ

জানো আহা(২) Read More »

অনুসৰ্গ

১.যিবোৰ বৰ্ণ সমষ্টি ক্ৰিয়া বা অন্য পদৰ পিছত বহি সিহঁতৰ অৰ্থ বিশেষভাবে দেখুৱায়, সেইবোৰক অনুসৰ্গ  বোলা হয়।

২. অনুসৰ্গক স্বাৰ্থিক প্ৰত্যয় নাইবা ক্ৰিয়াবাচক পৰসৰ্গও বোলা হয়।

৩.

অনুসৰ্গব্যৱহাৰউদাহৰণ
হঁকবহুবচনত অনুৰোধ অৰ্থত       আমি খেলোঁহঁক।
তোদৃঢ়তা অৰ্থত               মইতো যামেই।
বলা     অনিশ্চয়তা অৰ্থত          সি তালৈ গৈছিল হ’বলা।
চোনআদেশ,               তুমি এতিয়াই আহাচোন।
 অনুৰোধতুমি কামটো কৰি দিব পাৰিবা নেকি চাবাচোন।
 আশ্বৰ্য বুজোৱা অৰ্থত   তুমিচোন এতিয়াই আহিলা !
সত্বেও অৰ্থত    তুমি নাহিলেও মই যাম ।  
হে   দৃঢ়তা, নিশ্চয়তা অৰ্থত  সিহে যাব।
দৃঢ়তা অৰ্থতমই কামটো কৰিমেই।
(য়ে)দৃঢ়তা অৰ্থতমোৰ কিতাপখন সিয়ে নিছে।

৪.আন কেতবোৰ অনুসৰ্গৰ ব্যৱহাৰঃ

কে় (লৈকে)সি আজিলৈকে সঁচা কথাটো নকলে
এই (য়েই, ৱেই)তুমিয়েই কামটো কৰা
গৈমই গুৱাহাটীৰ পৰা আহিলোঁগৈ
হিসি কেতিয়াবাই ঘৰ পালেহি
নোতুমিনো কি ভাবি থাকা ?
দে তুমি ইয়াতে থাকা দে
দেইতুমি কাইলৈ আহিবা দেই
দেখোনসি গলেই দেখোন
একাতাৰ স্বভাৱ ভাল নহয় একা
পায়তাৰ যিহে খং, মাতিবই নোৱাৰো পায়
দেওকেনেনো অঘাইটং লৰা দেও
লেমই হলে সভাত উপস্থিত থাকিব নোৱাৰিম

৫. অনুসৰ্গ কেতবোৰ আৰ্হি প্ৰশ্ন

১. ‘ই ‘ অনুসৰ্গটো কি অৰ্থত ব্যৱহাৰ হয় ?

উত্তৰঃ দৃঢ়তা অৰ্থত

২. ‘পায়’ অনুসৰ্গটো ব্যৱহাৰ কৰি এটি বাক্য লিখা ।

উত্তৰঃ তাৰ যিহে খং, মাতিবই নোৱাৰো পায়।

৩.  ‘বলা’  অনুসৰ্গটোৰ ব্যৱহাৰ দেখুওৱা

উত্তৰঃ সি তালৈ গৈছিল হবলা

৪.  কেনেনো অঘাইটং লৰা দেও

  এই বাক্যটোত দেও কি (সৰ্গ)

উত্তৰঃ অনুসৰ্গ

অনুসৰ্গ Read More »

পাঠঃ অন্যৰ প্ৰতি ব্যৱহাৰ ( লিখক-সত্যনাথ বৰা )

পাঠত থকা প্ৰশ্নাৱলীৰ উত্তৰ

ভাব-বিষয়ক

১.অতি চমু প্ৰশ্নৰ উত্তৰ

ক) `সাৰথি’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ `সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ?

উত্তৰঃ আমাৰ লগত সম্বন্ধ থকা বা আমাৰ সমাজত বাস কৰা কোনজন মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেই কথা নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়।

গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ?

উত্তৰঃ যি সকল লোকে অবাবত কেটেৰা মাত বা কঠুৱা মাত  মাতে তেনে শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

ঘ) সজ ব্যৱহাৰৰ অনুপান কি ?

উত্তৰঃ নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।

ঙ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক কি কৰা হয়?

উত্তৰঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হলে মানুহক ছল কৰা হয়।

চ) `এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল’। – ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

উত্তৰঃ যিবোৰ মানুহে লগ-লগৰীয়াক হঁহুৱাবলৈ আনৰ গোপন কথা সদৰী কৰে তেনে শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি কোৱা হৈছে।

ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?

উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।

জ) `বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

উত্তৰঃ `বহল ব্যাকৰণ’ সত্যনাথ বৰাৰ ৰচনা।

২। চমুকৈ বুজাই লিখা:

ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি ?

উত্তৰঃ সামাজিক জীৱ মানুহৰ সফলতা আৰু সুখ নিৰ্ভৰ কৰে নিজৰ ব্যৱহাৰৰ ওপৰত। আমি আনৰ প্ৰতি কৰা ব্যৱহাৰে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনৰ প্ৰতি আমাৰ ব্যৱহাৰ সদায় সজ হোৱা উচিত। সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ তথাপি বহুসময়ত সজ চৰিত্ৰৰ মানুহেও নিজৰ ব্যৱহাৰৰ দোষত আনৰ অপ্ৰিয় হোৱা দেখা যায় আৰু অসজ চৰিত্ৰৰ মানুহেও নিজৰ ব্যৱহাৰৰ গুণত আনৰ প্ৰিয়পাত্ৰ হয়।  কাক, কত, কেনেদৰে, কি ব্যৱহাৰ কৰিব লাগে তাক জনাতো অত্যন্ত জৰুৰী।সেয়ে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই নিদি  আমি তাক মন দি শিকা উচিত।

খ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে ?

উত্তৰঃ মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। মিঠা মাতে আনৰ অন্তৰত মৰম আৰু শ্ৰদ্ধা জগায়।আনে ভাল নোপোৱা কথা এটাও যদি মিঠা মাতেৰে কোৱা হয় সেই কথাটোৱে কওঁতাক অপ্ৰিয় কৰি নোতোঁলে। কিন্তু কেতেৰা বা তিতা মাতেৰে যদি  ভাল কথা এটাও কোৱা হয় সেই কথাটোৱে নিজৰ গৰিমা হেৰুৱায়। খিংখিঙীয়া বা হুটা কথাৰে যদি আনৰ হিত সাধন কৰা হয় তাকো আনে গ্ৰহণ কৰিবলৈ টান পায়। কঠুৱা মাতেৰে কৰা উপকাৰক মানুহে শ্ৰদ্ধা নকৰে। দানৰ দৰে মহান কাৰ্য এটাও যদি হুতা মাতেৰে বা দাম্ভিকতাৰে কৰা হয় সেই কাৰ্যও মূল্যহীন হৈ পৰে।সেয়ে জ্ঞানীসকলে দান কৰোতে সদায় বিনয় ভাবত দান কৰিব লাগে বুলি কৈছে। তেনে কৰিলেহে  দানৰ মহত্ব বৰ্তী থাকে।

প্ৰশ্ন ৩। তাৎপৰ্য বাখ্যা কৰাঃ

ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।

উত্তৰঃ `অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিত লেখক সত্যনাথ বৰা দেৱে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি কৈছে। সজ ব্যৱহাৰৰ এক অপৰিহাৰ্য উপাদান হৈছে নম্ৰতা । আন আন বিশিষ্ট উপাদান বোৰ হৈছে সজ চৰিত্ৰ, মিঠা মাত, ধনাত্মক দৃষ্টি, প্ৰশংসাসূচক মন্তব্য, আনৰ লগত বিশ্বাসযোগ্য আচৰণ আদি। আনৰ লগত ব্যৱহাৰ কৰোতে আমি খিংখিঙীয়া স্বভাৱ, হুটা বা কেটেৰা মাত,দম্ভালি,চাতুকাৰৰ স্বভাৱ,বিশ্বাসঘাটকতা,পাতল আচৰণ,আনৰ দোষ বিচৰা স্বভাৱ, উপলুঙা, ভেঙুচালি, পৰনিন্দা আদি বোৰ এৰাই চলিব লাগে। নম্ৰতা এটি মহত্ গুণ। যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে ; সেইদৰেই ব্যৱহাৰত নম্ৰতা থাকিলে ই আমাৰ আচৰণক আৰু ব্যক্তিত্বক অধিক আকৰ্ষণীয় আৰু প্ৰভাৱশালী কৰি তোলে। নম্ৰতা এটা মনৰ গুণ, মিঠা মাত তাৰ ফল। মনত নম্ৰতা ভাৱ থাকিলে, মুখেৰে আপোনা- আপুনি মিঠা মাত ওলায়। নম্ৰতা ভাৱ থাকিলে সহজে আনৰ অন্তৰ জয় কৰিব পাৰি আৰু আনৰ প্ৰিয়পাত্ৰ হব পাৰি। নম্ৰতাৰ পৰা মানুহৰ মনৰ উচ্চতা প্ৰকাশ পায়। দম্ভালি মাৰি কথা কলে সমাজত অপ্ৰিয় হোৱা দেখা যায়। সেইকাৰণে আনৰ লগত ব্যৱহাৰ কৰোতে আমি সদায় নম্ৰ হোৱা উচিত।

খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰঃ সোণ এবিধ বহুমূলীয়া ধাতু। সোণৰ বৰণ উজ্জ্বল। সোণৰ উজ্জ্বলতাই সকলোকে আকৰ্ষিত কৰে। এই বহুমূলীয়া উজ্জ্বল ৰত্ন সোণৰ অলংকাৰ সকলোৱে পিন্ধিবলৈ ইচ্ছা কৰে। কিন্তু ইয়াৰ মূল্য অধিক হোৱা বাবে সকলোৱে সোণ কিনিব নোৱাৰে। তাৰ বাবে যদি কোনোবাই সোণক অমান্য কৰিব খোজে, নাইবা কোনোবাই যদি ইয়াৰ মূল্য নুবুজি তাৰ গুৰুত্ব নিদি অনাদৰ কৰি পেলায় থয় ,তথাপিও কিন্তু সোণৰ উজ্জ্বলতা ম্লান পৰি নাযায়। ঠিক একেদৰেই জ্ঞানী বা মান্যৱন্ত লোকক অমান্য কৰিলেও তেওঁলোকৰ মান নকমে।তাকে নাজানি কেতবোৰ মানুহে কিছুমান সমাজত থকা জ্ঞানী বা সন্মানীয় ব্যক্তিক অসন্মান কৰি, বা জ্ঞানক অমান্য কৰে । তেনে কৰিলে সিহঁতে পুৰুষালি কৰা যেন পায়, সেই দেখি ছল পালে অসন্মান কৰিবলৈ নেৰে। কিন্তু সিহঁতে ভাবি নাচায় যে মান্যবন্ত বা সন্মানীয়জনক অমান্য কৰি সন্মান কমাব নোৱাৰি।

ভাষা-বিষয়কঃ

৪) বিপৰীত শব্দ লিখাঃ

সুখ –    দুখ

সন্তোষ –  অসন্তোষ

সজ –    অসজ

চৰিত্ৰবন্ত – চৰিত্ৰহীন

কপটীয়া – সৰল

মিঠা –   তিতা

বিনয় –   উগ্ৰ

নম্ৰতা –  উগ্ৰতা

লঘু –   গুৰু

উচ্চ –   নীচ

নিন্দা –  প্ৰশংসা

গুপ্ত –   সদৰী

দোষ –   গুণ

গহীন –   চঞ্চল

আঢ়্যৱন্ত –  দৰিদ্ৰ

৫) বাক্য ৰচনা কৰাঃ

চকুৰ কুটা : (অপ্ৰিয় লোক)মই তাৰ একো অপকাৰ কৰা নাই, অথচ সি মোক চকুৰ কুটা জ্ঞান কৰে।

পেটত কথা ৰাখ :(মনৰ কথা লুকাই ৰখা) সি পেটত কথা ৰাখিব নোৱাৰে, তাক সকলো কথা কৈ দি বিপদ চপাই নল’বা ।

পাঠঃ অন্যৰ প্ৰতি ব্যৱহাৰ ( লিখক-সত্যনাথ বৰা ) Read More »

CBSE ASSAMESE (CODE014) GRAMMAR SYLLABUS, 2022-23 for class X

ASSAMESE (CODE014) COURSE STRUCTURE

UNITSTOPICSTOTAL MARKS
UNIT-1 READINGবোধ পৰীক্ষণ15
UNIT-2 WRITINGলিখন কলা25
UNIT-3 GRAMMARব্যাকৰণ20
UNIT-4 TEXTBOOKগদ্যাংশ10
UNIT-5 TEXTBOOKপদ্যাংশ10
  80

SYLLABUS FOR UNIT -3  GRAMMAR (ব্যাকৰণ)

TOTAL MARKS :20

SL.NOTOPICTYPE OF QUESTIONNO OF QUESTIONWEIGHTAGE
1উপসৰ্গ (অকল সংস্কৃত উপসৰ্গ )VSA21X2=2
2অনুসৰ্গVSA21X2=2
3ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিVSA41X4=4
4বাক্য পৰিবর্তন ( সৰল বাক্য,যৌগিক বাক্য আৰু জটিল বাক্য )VSA21X2=2
5সমাৰ্থক শব্দ        VSA41X4=4
6তদ্ধিৎ প্ৰত্যয়       VSA21X2=2
7বিপৰীতাৰ্থক শব্দ         VSA21X2=2
8লিংগ(সংস্কৃত স্ত্ৰী প্ৰত্যয়ক বাদ দি)VSA41X4=4
                              TOTAL20

CBSE ASSAMESE (CODE014) GRAMMAR SYLLABUS, 2022-23 for class X Read More »

মানৱ বন্দনা

মানৱ বন্দনা

চন্দ্ৰকুমাৰ আগৰৱালা

 1.   মূলপাঠঃ

আহিছে মানুহ             গইছে মানুহ

মানুহ ময়পী জীৱ,

মানুহ সোঁতৰ              অন্ত নাইকিয়া

বুলিলে মৰত কিয়?

মানৱী জনম               দিয়া উটুৱাই

মানৱী কৰম সোঁতে,

মানুহৰ মৰম           বুজিবা মানুহে

ধৰম যে মৰমতে।

মানুহেই লগ           মানুহেই সংগ

মানুহেই পৰাৎপৰ,

এই যে পৃথিৱী            স্বৰ্গতো অধিক

মানুহৰ নিজাপী ঘৰ।

মানুহেই দেৱ              মানুহেই সেৱ

মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা            পাদ্য অৰ্ঘ্য লই

জয় জয় মানৱ দেৱ।

2.শব্দ অৰ্থঃ

অৰ্ঘ্য-    পূজাৰ উপকৰণ

কেৱ-    কেও, কোনো

ধৰম-    ধৰ্ম

নিজাপী-   সম্পূৰ্ণ  নিজৰ

পৰাৎপৰ-  শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, পৰম সত্য

ময়পী-   মায়া,মোহ ,ভ্ৰান্তি উপজোৱা জীৱ

পাদ্য-   ভৰি  ধুবলৈ দিয়া পানী

পাঠবোধঃ মানৱ বন্দনা কবিতাটোত কবিয়ে  মানৱ-প্ৰেম মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ-সেৱাক মানুহৰ শ্ৰেষ্ঠ কৰ্ম হিচাপে অভিহিত কৰিছে। মানুহৰ পাৰস্পৰিক মৰম-চেনেহে এই পৃথিৱীলৈ সৰগৰ সুখ কঢ়িয়াব বুলি কবিয়ে বিশ্বাস কৰে । সেয়ে কবিয়ে প্ৰতিজন মানুহকেই মানৱ-প্ৰেম আকোৱালি লৈ মানৱৰ কল্যানৰ কামত ব্ৰতী হবলৈ আহ্বান জনাইছে।

3. প্ৰশ্নোত্তৰঃ

 Part -1: অতি চমু উত্তৰৰ প্ৰশ্ন( 1 mark )

. মানৱ বন্দনা কবিতাটোৰ কবি কোন ?

 উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা

.চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ: ১৮৬৭ চনত

. চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়?

উত্তৰ:  প্ৰতিমাৰ খনিকৰ

.চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি বোৰৰ নাম লিখা

উত্তৰ: প্ৰতিমা,  বীণবৰাগী, চন্দ্ৰামৃত

. .চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?

উত্তৰ: প্ৰতিমা

.জোনাকী কাকতৰ প্ৰথম  সম্পাদক কোন?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা

. জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন?

 উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী

. অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক সাহিত্যৰ ঢল কোনে বোৱাই আনিছিল?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীয়ে জোনাকীৰ যোগেদি অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক সাহিত্যৰ ঢল  বোৱাই আনিছিল।

. কোনখন কবিতা পুথিৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বোলা হয়?

উত্তৰ:চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথি ‘প্ৰতিমা’ ৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বোলা হয়।

১০.চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকত –আলোচনী কেইখনৰ নাম কি?

উত্তৰ: জোনাকী, সাদিনীয়া অসমীয়া

১১. চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ ১৯৩৮  চনত

১২.মানৱ বন্দনা কবিতাটো কি কবিতা ?

উত্তৰঃ মানৱ বন্দনা কবিতাটো এটা ৰোমাণ্টিক (মানৱতাবাদী)কবিতা।

Part 2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )

১. মানুহেই পৰাৎপৰ‘  বোলা কথাষাৰৰ অৰ্থ কি?

উত্তৰঃ পৰাৎপৰ শব্দটোৰ অৰ্থ হৈছে শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ। যিজন শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ তেৱেই পৰম সত্য, তেৱেই  ঈশ্বৰ। মানৱতাবাদী কবিজনাৰ মতে এই জগতত মানুহেই আটাইতকৈ শ্ৰেষ্ঠ, মানুহেই একমাত্ৰ সত্য। অৰ্থাৎ মানুহেই পৰাৎপৰ, মানুহেই পৰমেশ্বৰ ।

২. মানুহক ময়াপী জীৱ বোলাৰ অথ কি?

উত্তৰঃ অনন্ত  কাল যুৰি অন্তহীন গতিত এই সংসাৰলৈ মানুহৰ অহা –যোৱা চলি আছে । এই সংসাৰত মানুহ  জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে, কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। অথচ কিবা এটি মায়াৰ আৱৰ্তত বন্দী হৈ যেন মানুহে নিৰন্তৰ সংসাৰলৈ   অহা –যোৱা কৰিছে। সেয়েহে কবিয়ে মানুহক মায়াপী জীৱ বুলিছে।

৩. পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?

উত্তৰঃ কবিৰ মতে এই জগতত মানুহেই পৰম সত্য , মানুহেই পৰম ঈশ্বৰ, মানৱ সেৱা মানুহৰ শ্ৰেষ্ঠ কৰ্ম  আৰু  মানৱ প্ৰেম মানুহৰ শ্ৰেষ্ঠ ধৰ্ম।পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ হৈছে নিস্বাৰ্থ মানৱ প্ৰেম  হৃদয়ৰ লৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাত ব্ৰতী হোৱা ।

৪. চমুটোকা লিখাঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৰোমাণ্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। তেখেত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। তেখেত জোনাকী কাকতৰ প্ৰথম  সম্পাদক আছিল। প্ৰতিমা,  বীণবৰাগী, চন্দ্ৰামৃত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি ‘প্ৰতিমা’ ৰ বাবে তেখেতক প্ৰতিমাৰ খনিকৰ বোলা হয়। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা তেখেতৰ ‘বনকুঁৱৰী’  প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা।

Part -3  দীঘল উত্তৰৰ প্ৰশ্ন( 4 mark  )

১. মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

উত্তৰঃ মানৱ প্ৰেমক বিষয়বস্তু হিচাপে লৈ লিখা চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ’মানৱ বন্দনা’ এটি শ্ৰেষ্ঠ মানৱতাবাদী কবিতা । মানৱতাবাদৰ লক্ষ্য বা আদৰ্শ হৈছে মানৱৰ অন্তৰ্নিহিত মহা-মহত্বক উপলব্ধি কৰা আৰু ইয়াৰ বিকাশৰ জৰিয়তে মানৱৰ কল্যান সাধন কৰা।এই লক্ষ্য বা আদৰ্শ আগত লৈয়েই ’মানৱ বন্দনা’ কবিতাটো ৰচিত হৈছে। অনন্ত  কাল জুৰি অন্তহীন গতিত এই পৃথিৱীলৈ মানুহ আহিছে আৰু গৈছে। কিবা যেন এটা মায়াৰ দ্বাৰাহে  পৰিচালিত মানুহৰ জীৱন, মানুহৰ এই অহা –যোৱা । সংসাৰত চামে চামে মানুহ  জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে , কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। মানুহৰ বাবে জ্ঞাত মাথো জন্মৰ পিছত দেখা এই পৃথিৱীখন আৰু এই পৃথিৱীত লগপোৱা মানুহবোৰ। কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ মানুহেই মানুহৰ সংগ,মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য।এই পৃথিৱীখনেই মানুহৰ স্বৰ্গ, ইয়াত মানুহেই মানুহৰ  ঈশ্বৰ, মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই  মানুহৰ শ্ৰেষ্ঠ কৰ্ম ।কবিয়ে মানুহক মানুহৰ এই শ্ৰেষ্ঠ ধৰ্মত দিক্ষিত হৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাৰ জৰিয়তে মানৱৰ মহা-মহত্বক উপলব্ধি কৰিবলৈ আহ্ৱান জনাইছে।

২. এই যে পৃথিৱী স্বগতো অধিক

মানুহৰ নিজাপী ঘৰ।

কথাষাৰৰ অথ বুজাই লিখা।

উত্তৰঃ কবিতাফাঁকিৰে মানৱতাবাদী কবিজনাই মানুহৰ বাবে এই  পৃথিৱীখনৰ যি মহত্ব তাক প্ৰকাশ কৰিছে। অনন্ত  কাল জুৰি অন্তহীন গতিত এই পৃথিৱীলৈ মানুহ আহিছে আৰু গৈছে। সংসাৰত চামে চামে মানুহ  জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে, কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। মানুহৰ বাবে জ্ঞাত মাথো জন্মৰ পিছত দেখা এই পৃথিৱীখন আৰু জন্মৰ পৰা মৃত্যুলৈ এই সময়খিনিত এই পৃথিৱীখনত মানুহৰ অস্তিত্ব। সেয়ে মানুহৰ বাবে এই পৃথিৱীখন আৰু ইয়াৰ মানুহবোৰেই একমাত্ৰ সত্য, এই পৃথিৱীখনেই   মানুহৰ বাবে স্বৰ্গতকৈয়ো মৰমৰ  আৰু হেপাহৰ আপোন ঘৰ।

৩. তাৎপৰ্য বাখ্যা কৰাঃ

      (ক) মানৱী জনম             দিয়া উটুৱাই

                    মানৱী কৰম সোঁতে,

            মানুহৰ মৰম             বুজিবা মানুহে

                      ধৰম যে মৰমতে।

উত্তৰঃ    প্ৰশ্নত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ`মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

       কবিয়ে কবিতাফাঁকিৰ জৰিয়তে  মানৱ প্ৰেম আৰু মানৱ সেৱাৰ জৰিয়তে  বিশ্ব মানৱক মানৱ জীৱন সাৰ্থক কৰিবলৈ উপদেশ দিছে।

        কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সংগ, মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য । ইয়াত মানুহেই মানুহৰ  ঈশ্বৰ, মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই  মানুহৰ শ্ৰেষ্ঠ কৰ্ম । বিশ্বৰ প্ৰতিজন মানুহেই যেতিয়া মানুহক  পৰমশ্ৰেষ্ঠ ঈশ্বৰ জ্ঞান কৰিব আৰু মানৱ প্ৰেমক ধৰ্ম হিচাপে লৈ মানৱ সেৱাত নিজকে নিয়োগ কৰিব তেতিয়া পৃথিৱীত স্বৰ্গীয় সুখৰ নিজৰা ব’ব। সেয়েহে কবিয়ে বিশ্বৰ প্ৰতিজন মানুহক মানৱ প্ৰেম হৃদয়ত লৈ মানৱ সেৱাত ব্ৰতী হ’বলৈ  উপদেশ দিছে।   

৪. তাৎপৰ্য বাখ্যা কৰাঃ

         মানুহেই দেৱ                মানুহেই সেৱ

             মানুহ বিনে নাই কোৱ,

    কৰা কৰা পূজা            পাদ্য অঘ্য লই

            জয় জয় জয় মানৱ দেৱ।

উত্তৰ :  প্ৰশ্নত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ`মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

    কবিয়ে মানুহক মানুহৰ  শ্ৰেষ্ঠ ধৰ্ম মানৱ প্ৰেমত দিক্ষিত হৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাৰ জৰিয়তে মানৱৰ মহা-মহত্বক উপলব্ধি কৰিবলৈ আহ্ৱান জনাইছে।

    কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ,  মানুহেই মানুহৰ সংগ, মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য। এই পৃথিৱীখনেই মানুহৰ স্বৰ্গ, ইয়াত মানুহেই মানুহৰ  ঈশ্বৰ। মানুহৰ এই পৃথিৱীখনত মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই  মানুহৰ শ্ৰেষ্ঠ কৰ্ম । বিশ্বৰ প্ৰতিজন মানুহেই যেতিয়া মানুহক  পৰমশ্ৰেষ্ঠ ঈশ্বৰ জ্ঞান কৰিব আৰু মানৱ প্ৰেমক ধৰ্ম হিচাপে লৈ মানৱ সেৱাত নিজকে নিয়োগ কৰিব তেতিয়া পৃথিৱীত স্বৰ্গীয় সুখৰ নিজৰা ব’ব। সেয়েহে কবিয়ে মানুহক মানৱ প্ৰেম হৃদয়ত লৈ মানৱ সেৱাৰ দ্বাৰা মানৱৰ মহত্বক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে ।

Part –4 পাঠত থকা ভাষা বিষয়ক প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ বাবে 1 MARK থাকিব)

৫। সমাৰ্থক শব্দ লিখাঃ

      মানুহ  -মানৱ, মানুহ

      সংগ  – লগ, বন্ধু

      পৃথিৱী –  ধৰা,  ভূ

      সোঁত  – ঢৌ, লহৰ

      স্বৰ্গ   –  সৰগ

      দেৱ   – দেৱতা

৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে  কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।

ধৰ্ম ——— ধৰম

কৰ্ম ———- কৰম

মত্য ———  মৰত

দেৱ ———- দেৱতা

মানৱ বন্দনা Read More »