jonali

CBSE ASSAMESE (CODE014) GRAMMAR SYLLABUS, 2022-23 for class X

ASSAMESE (CODE014) COURSE STRUCTURE

UNITSTOPICSTOTAL MARKS
UNIT-1 READINGবোধ পৰীক্ষণ15
UNIT-2 WRITINGলিখন কলা25
UNIT-3 GRAMMARব্যাকৰণ20
UNIT-4 TEXTBOOKগদ্যাংশ10
UNIT-5 TEXTBOOKপদ্যাংশ10
  80

SYLLABUS FOR UNIT -3  GRAMMAR (ব্যাকৰণ)

TOTAL MARKS :20

SL.NOTOPICTYPE OF QUESTIONNO OF QUESTIONWEIGHTAGE
1উপসৰ্গ (অকল সংস্কৃত উপসৰ্গ )VSA21X2=2
2অনুসৰ্গVSA21X2=2
3ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিVSA41X4=4
4বাক্য পৰিবর্তন ( সৰল বাক্য,যৌগিক বাক্য আৰু জটিল বাক্য )VSA21X2=2
5সমাৰ্থক শব্দ        VSA41X4=4
6তদ্ধিৎ প্ৰত্যয়       VSA21X2=2
7বিপৰীতাৰ্থক শব্দ         VSA21X2=2
8লিংগ(সংস্কৃত স্ত্ৰী প্ৰত্যয়ক বাদ দি)VSA41X4=4
                              TOTAL20

CBSE ASSAMESE (CODE014) GRAMMAR SYLLABUS, 2022-23 for class X Read More »

মানৱ বন্দনা

মানৱ বন্দনা

চন্দ্ৰকুমাৰ আগৰৱালা

 1.   মূলপাঠঃ

আহিছে মানুহ             গইছে মানুহ

মানুহ ময়পী জীৱ,

মানুহ সোঁতৰ              অন্ত নাইকিয়া

বুলিলে মৰত কিয়?

মানৱী জনম               দিয়া উটুৱাই

মানৱী কৰম সোঁতে,

মানুহৰ মৰম           বুজিবা মানুহে

ধৰম যে মৰমতে।

মানুহেই লগ           মানুহেই সংগ

মানুহেই পৰাৎপৰ,

এই যে পৃথিৱী            স্বৰ্গতো অধিক

মানুহৰ নিজাপী ঘৰ।

মানুহেই দেৱ              মানুহেই সেৱ

মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা            পাদ্য অৰ্ঘ্য লই

জয় জয় মানৱ দেৱ।

2.শব্দ অৰ্থঃ

অৰ্ঘ্য-    পূজাৰ উপকৰণ

কেৱ-    কেও, কোনো

ধৰম-    ধৰ্ম

নিজাপী-   সম্পূৰ্ণ  নিজৰ

পৰাৎপৰ-  শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, পৰম সত্য

ময়পী-   মায়া,মোহ ,ভ্ৰান্তি উপজোৱা জীৱ

পাদ্য-   ভৰি  ধুবলৈ দিয়া পানী

পাঠবোধঃ মানৱ বন্দনা কবিতাটোত কবিয়ে  মানৱ-প্ৰেম মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ-সেৱাক মানুহৰ শ্ৰেষ্ঠ কৰ্ম হিচাপে অভিহিত কৰিছে। মানুহৰ পাৰস্পৰিক মৰম-চেনেহে এই পৃথিৱীলৈ সৰগৰ সুখ কঢ়িয়াব বুলি কবিয়ে বিশ্বাস কৰে । সেয়ে কবিয়ে প্ৰতিজন মানুহকেই মানৱ-প্ৰেম আকোৱালি লৈ মানৱৰ কল্যানৰ কামত ব্ৰতী হবলৈ আহ্বান জনাইছে।

3. প্ৰশ্নোত্তৰঃ

 Part -1: অতি চমু উত্তৰৰ প্ৰশ্ন( 1 mark )

. মানৱ বন্দনা কবিতাটোৰ কবি কোন ?

 উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা

.চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ: ১৮৬৭ চনত

. চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়?

উত্তৰ:  প্ৰতিমাৰ খনিকৰ

.চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি বোৰৰ নাম লিখা

উত্তৰ: প্ৰতিমা,  বীণবৰাগী, চন্দ্ৰামৃত

. .চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি?

উত্তৰ: প্ৰতিমা

.জোনাকী কাকতৰ প্ৰথম  সম্পাদক কোন?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা

. জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন?

 উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী

. অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক সাহিত্যৰ ঢল কোনে বোৱাই আনিছিল?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামীয়ে জোনাকীৰ যোগেদি অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক সাহিত্যৰ ঢল  বোৱাই আনিছিল।

. কোনখন কবিতা পুথিৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বোলা হয়?

উত্তৰ:চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথি ‘প্ৰতিমা’ ৰ বাবে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বোলা হয়।

১০.চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা কাকত –আলোচনী কেইখনৰ নাম কি?

উত্তৰ: জোনাকী, সাদিনীয়া অসমীয়া

১১. চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ ১৯৩৮  চনত

১২.মানৱ বন্দনা কবিতাটো কি কবিতা ?

উত্তৰঃ মানৱ বন্দনা কবিতাটো এটা ৰোমাণ্টিক (মানৱতাবাদী)কবিতা।

Part 2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )

১. মানুহেই পৰাৎপৰ‘  বোলা কথাষাৰৰ অৰ্থ কি?

উত্তৰঃ পৰাৎপৰ শব্দটোৰ অৰ্থ হৈছে শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ। যিজন শ্ৰেষ্ঠককৈয়ো শ্ৰেষ্ঠ তেৱেই পৰম সত্য, তেৱেই  ঈশ্বৰ। মানৱতাবাদী কবিজনাৰ মতে এই জগতত মানুহেই আটাইতকৈ শ্ৰেষ্ঠ, মানুহেই একমাত্ৰ সত্য। অৰ্থাৎ মানুহেই পৰাৎপৰ, মানুহেই পৰমেশ্বৰ ।

২. মানুহক ময়াপী জীৱ বোলাৰ অথ কি?

উত্তৰঃ অনন্ত  কাল যুৰি অন্তহীন গতিত এই সংসাৰলৈ মানুহৰ অহা –যোৱা চলি আছে । এই সংসাৰত মানুহ  জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে, কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। অথচ কিবা এটি মায়াৰ আৱৰ্তত বন্দী হৈ যেন মানুহে নিৰন্তৰ সংসাৰলৈ   অহা –যোৱা কৰিছে। সেয়েহে কবিয়ে মানুহক মায়াপী জীৱ বুলিছে।

৩. পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?

উত্তৰঃ কবিৰ মতে এই জগতত মানুহেই পৰম সত্য , মানুহেই পৰম ঈশ্বৰ, মানৱ সেৱা মানুহৰ শ্ৰেষ্ঠ কৰ্ম  আৰু  মানৱ প্ৰেম মানুহৰ শ্ৰেষ্ঠ ধৰ্ম।পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ হৈছে নিস্বাৰ্থ মানৱ প্ৰেম  হৃদয়ৰ লৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাত ব্ৰতী হোৱা ।

৪. চমুটোকা লিখাঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ৰোমাণ্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। তেখেত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। তেখেত জোনাকী কাকতৰ প্ৰথম  সম্পাদক আছিল। প্ৰতিমা,  বীণবৰাগী, চন্দ্ৰামৃত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি ‘প্ৰতিমা’ ৰ বাবে তেখেতক প্ৰতিমাৰ খনিকৰ বোলা হয়। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা তেখেতৰ ‘বনকুঁৱৰী’  প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা।

Part -3  দীঘল উত্তৰৰ প্ৰশ্ন( 4 mark  )

১. মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

উত্তৰঃ মানৱ প্ৰেমক বিষয়বস্তু হিচাপে লৈ লিখা চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ’মানৱ বন্দনা’ এটি শ্ৰেষ্ঠ মানৱতাবাদী কবিতা । মানৱতাবাদৰ লক্ষ্য বা আদৰ্শ হৈছে মানৱৰ অন্তৰ্নিহিত মহা-মহত্বক উপলব্ধি কৰা আৰু ইয়াৰ বিকাশৰ জৰিয়তে মানৱৰ কল্যান সাধন কৰা।এই লক্ষ্য বা আদৰ্শ আগত লৈয়েই ’মানৱ বন্দনা’ কবিতাটো ৰচিত হৈছে। অনন্ত  কাল জুৰি অন্তহীন গতিত এই পৃথিৱীলৈ মানুহ আহিছে আৰু গৈছে। কিবা যেন এটা মায়াৰ দ্বাৰাহে  পৰিচালিত মানুহৰ জীৱন, মানুহৰ এই অহা –যোৱা । সংসাৰত চামে চামে মানুহ  জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে , কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। মানুহৰ বাবে জ্ঞাত মাথো জন্মৰ পিছত দেখা এই পৃথিৱীখন আৰু এই পৃথিৱীত লগপোৱা মানুহবোৰ। কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ মানুহেই মানুহৰ সংগ,মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য।এই পৃথিৱীখনেই মানুহৰ স্বৰ্গ, ইয়াত মানুহেই মানুহৰ  ঈশ্বৰ, মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই  মানুহৰ শ্ৰেষ্ঠ কৰ্ম ।কবিয়ে মানুহক মানুহৰ এই শ্ৰেষ্ঠ ধৰ্মত দিক্ষিত হৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাৰ জৰিয়তে মানৱৰ মহা-মহত্বক উপলব্ধি কৰিবলৈ আহ্ৱান জনাইছে।

২. এই যে পৃথিৱী স্বগতো অধিক

মানুহৰ নিজাপী ঘৰ।

কথাষাৰৰ অথ বুজাই লিখা।

উত্তৰঃ কবিতাফাঁকিৰে মানৱতাবাদী কবিজনাই মানুহৰ বাবে এই  পৃথিৱীখনৰ যি মহত্ব তাক প্ৰকাশ কৰিছে। অনন্ত  কাল জুৰি অন্তহীন গতিত এই পৃথিৱীলৈ মানুহ আহিছে আৰু গৈছে। সংসাৰত চামে চামে মানুহ  জন্মিছে আৰু মৃত্যুৰ জৰিয়তে এই সংসাৰৰ পৰা আঁতৰি গৈছে। ক’ৰ পৰা আহিছে, কিয় আহিছে, ক’লৈ আঁতৰি গৈছে, কিয় আঁতৰি গৈছে এই বিষয়ে প্ৰতিজন মানুহেই অজ্ঞ। মানুহৰ বাবে জ্ঞাত মাথো জন্মৰ পিছত দেখা এই পৃথিৱীখন আৰু জন্মৰ পৰা মৃত্যুলৈ এই সময়খিনিত এই পৃথিৱীখনত মানুহৰ অস্তিত্ব। সেয়ে মানুহৰ বাবে এই পৃথিৱীখন আৰু ইয়াৰ মানুহবোৰেই একমাত্ৰ সত্য, এই পৃথিৱীখনেই   মানুহৰ বাবে স্বৰ্গতকৈয়ো মৰমৰ  আৰু হেপাহৰ আপোন ঘৰ।

৩. তাৎপৰ্য বাখ্যা কৰাঃ

      (ক) মানৱী জনম             দিয়া উটুৱাই

                    মানৱী কৰম সোঁতে,

            মানুহৰ মৰম             বুজিবা মানুহে

                      ধৰম যে মৰমতে।

উত্তৰঃ    প্ৰশ্নত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ`মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

       কবিয়ে কবিতাফাঁকিৰ জৰিয়তে  মানৱ প্ৰেম আৰু মানৱ সেৱাৰ জৰিয়তে  বিশ্ব মানৱক মানৱ জীৱন সাৰ্থক কৰিবলৈ উপদেশ দিছে।

        কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সংগ, মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য । ইয়াত মানুহেই মানুহৰ  ঈশ্বৰ, মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই  মানুহৰ শ্ৰেষ্ঠ কৰ্ম । বিশ্বৰ প্ৰতিজন মানুহেই যেতিয়া মানুহক  পৰমশ্ৰেষ্ঠ ঈশ্বৰ জ্ঞান কৰিব আৰু মানৱ প্ৰেমক ধৰ্ম হিচাপে লৈ মানৱ সেৱাত নিজকে নিয়োগ কৰিব তেতিয়া পৃথিৱীত স্বৰ্গীয় সুখৰ নিজৰা ব’ব। সেয়েহে কবিয়ে বিশ্বৰ প্ৰতিজন মানুহক মানৱ প্ৰেম হৃদয়ত লৈ মানৱ সেৱাত ব্ৰতী হ’বলৈ  উপদেশ দিছে।   

৪. তাৎপৰ্য বাখ্যা কৰাঃ

         মানুহেই দেৱ                মানুহেই সেৱ

             মানুহ বিনে নাই কোৱ,

    কৰা কৰা পূজা            পাদ্য অঘ্য লই

            জয় জয় জয় মানৱ দেৱ।

উত্তৰ :  প্ৰশ্নত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ`মানব বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

    কবিয়ে মানুহক মানুহৰ  শ্ৰেষ্ঠ ধৰ্ম মানৱ প্ৰেমত দিক্ষিত হৈ মানুহৰ শ্ৰেষ্ঠ কৰ্ম মানৱ সেৱাৰ জৰিয়তে মানৱৰ মহা-মহত্বক উপলব্ধি কৰিবলৈ আহ্ৱান জনাইছে।

    কবিৰ মতে এই পৃথিৱীখন মানুহৰ নিজৰ ঘৰ, ইয়াত মানুহেই মানুহৰ লগ,  মানুহেই মানুহৰ সংগ, মানুহেই মানুহৰ বাবে একমাত্ৰ সত্য। এই পৃথিৱীখনেই মানুহৰ স্বৰ্গ, ইয়াত মানুহেই মানুহৰ  ঈশ্বৰ। মানুহৰ এই পৃথিৱীখনত মানৱ প্ৰেমেই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম আৰু মানৱ সেৱাই  মানুহৰ শ্ৰেষ্ঠ কৰ্ম । বিশ্বৰ প্ৰতিজন মানুহেই যেতিয়া মানুহক  পৰমশ্ৰেষ্ঠ ঈশ্বৰ জ্ঞান কৰিব আৰু মানৱ প্ৰেমক ধৰ্ম হিচাপে লৈ মানৱ সেৱাত নিজকে নিয়োগ কৰিব তেতিয়া পৃথিৱীত স্বৰ্গীয় সুখৰ নিজৰা ব’ব। সেয়েহে কবিয়ে মানুহক মানৱ প্ৰেম হৃদয়ত লৈ মানৱ সেৱাৰ দ্বাৰা মানৱৰ মহত্বক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছে ।

Part –4 পাঠত থকা ভাষা বিষয়ক প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ বাবে 1 MARK থাকিব)

৫। সমাৰ্থক শব্দ লিখাঃ

      মানুহ  -মানৱ, মানুহ

      সংগ  – লগ, বন্ধু

      পৃথিৱী –  ধৰা,  ভূ

      সোঁত  – ঢৌ, লহৰ

      স্বৰ্গ   –  সৰগ

      দেৱ   – দেৱতা

৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উপত্তি হৈছে। এনে  কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।

ধৰ্ম ——— ধৰম

কৰ্ম ———- কৰম

মত্য ———  মৰত

দেৱ ———- দেৱতা

মানৱ বন্দনা Read More »

বৰগীত

বৰগীত   

ৰাগঃ বসন্ত 

শ্ৰী শ্ৰীমাধৱদেৱ

1. মূলপাঠঃ

হৰি হেৰৰে বাপ পশিললা শৰণে ।

নেৰিবা বান্ধৱ মোক জীৱনে মৰণে । ।

সনক সনন্দ যোগী যাহাকু ধিয়ায় ।

সকল নিগমে যাক বিচাৰি নপায় । ।

সহস্র বয়নে যাৰ নপাৱন্ত সীমা । ।

অধমে জানিবো কেনে তোমাৰ মহিমা । ।

আতুৰ ভৈলোহে হৰি বিষয় বিকলে ।

কৰিয়ে উদ্ধাৰ মোক চৰণ কমলে । ।

তোমাৰ চৰণ দুই মোৰ মহা ধন ।

ভকত জনেৰ নিজ তুমিসে জীৱন । ।

কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ ।

কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ । ।

কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ ।

কহয় মাধৱ হৰি দাসকু দাস । ।

2. বৰগীতটোৰ সৰল অনুবাদঃ

হে বাপ হৰি ,মই তোমাৰ শৰণ লৈছো।হে বান্ধৱ ,তুমি মোক জীৱনে- মৰণে নেৰিবা।সনক ,সনন্দ আদি যোগীয়ে যাক ধ্যান কৰে, সমস্ত নিগম শাস্ত্ৰৰ বৰ্ণনাই যাক বিচাৰি নাপায়,অনন্তই সহস্ৰ মুখেৰে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে,তেনে অপাৰ মহিমাৰ  গৰাকী হৰিৰ মহিমা মই অধমেনো কেনেকৈ জানিম মই সংসাৰৰ বিষয় বাসনাত আতুৰ হৈছো, তোমাৰ চৰণত ঠাই দি  মোক উদ্ধাৰ কৰা।তোমাৰ চৰণযুগলেই মোৰ বাবে পৰম ধন ।ভকতৰ বাবে তুমিয়েই জীৱনস্বৰূপ।হে কৃপাৰ সাগৰ , তুমি মোক কৃপা কৰা ,তোমাৰ শৰণলৈ আহি তোমাক কাতৰে কাকুতি কৰিছো । হৰিৰ দাসৰো দাস মাধৱে তোমাক মিনতি কৰিছো –হে নাৰায়ণ,  কৃপা কৰি মোক সংসাৰৰ মোহপাশৰ পৰা মুক্ত কৰা।

3.পাঠবোধঃ

পাঠটোত মাধৱদেৱে ভক্তিভাৱেৰে হৰিৰ চৰণত শৰণ লৈছে আৰু হৰিৰ কৃপা ভিক্ষা মাগিছে। হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ পথ।মহা মহা যোগীয়েও যাৰ মহিমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, সহস্ৰবয়নে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে সেই অপাৰ মহিমাৰ হৰিক হৰিৰ কৃপা অবিহনে সাধাৰণ জীৱই বিচাৰি পোৱাটো তেনেই অসাধ্য। সেয়ে কবিয়ে জীৱ-জগতৰ স্বৰূপ হৰিৰ চৰণত শৰণ লৈ হৰিৰ কৃপাৰ বাবে কাকূতি কৰিছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ হৰিক প্ৰাৰ্থনা কৰিছে।

4.শব্দ-অৰ্থঃ

ছোড় – ছিঙি দিয়া

ধিয়ায় – ধ্যান কৰে।

নিগম – নিগম শাস্ত্ৰ।

বিষয় বিকলে – সাংসাৰিক দুখ,বিষয় বাসনাত কাতৰ

শৰণ – আশ্ৰয়

চৰণ-ভৰি

মোহ পাশ – মায়াৰ বন্ধন

যাহাকু – যিজনক

5. প্ৰশ্নোত্তৰ

 Part -1: অতি চমু উত্তৰৰ প্ৰশ্ন ( 1 mark )

(A) ( কবি বিষয়ক)

১)তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ ৰচক কোন ?

  উত্তৰ:  শ্ৰী শ্ৰী মাধৱদেৱ

২)মাধৱদেৱৰ জন্মস্থান ক’ত ?

উত্তৰ: লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ  লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল।

৩)মাধৱদেৱৰ পিতৃৰ নাম কি ?

উত্তৰ: মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰী    ভূঞা

৪) মাধৱদেৱৰ মাতৃৰ নাম কি ?

উত্তৰ: মাধৱদেৱৰ মাতৃৰ নাম মনোৰমা

৫)মাধৱদেৱে কি কি ঠাইত ধৰ্মপ্ৰচাৰ কৰিছিল ?

 উত্তৰ: বাৰাদি ,গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদি ঠাইত মাধৱদেৱে ধৰ্মপ্ৰচাৰ কৰিছিল।

৬)মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ  বুলিলে কোনখন পুথিক বুজায়/মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি ?

উত্তৰ: মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা

৭)নামঘোষাক আৰু কি নামেৰে জনা যায় ?

উত্তৰ : নামঘোষাক হেজাৰী ঘোষা নামেৰে জনা যায় ।

৮)নামঘোষাত কিমানটা ঘোষা আছে ?

উত্তৰ: নামঘোষাত এহেজাৰটা ঘোষা আছে।

৯) মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা   কিমান ?

উত্তৰ: মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা ১৯১ টা

১০)শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা  কিমান?

উত্তৰ : শ্ৰীমন্ত শংকৰদেৱে বাৰকুৰি বৰগীত ৰচিছিল যদিও একুৰি চৈধ্যটা বৰগীতহে পোৱা গৈছে।

১১) মাধৱদেৱৰ ভণিতা থকা বৰগীতৰ সংখ্যা   কিমান ?

উত্তৰ: মাধৱদেৱৰ ভণিতা থকা বৰগীতৰ সংখ্যা ১৫৭ টা

১২)মাধৱদেৱৰ গুৰু কোন ?

উত্তৰ: মাধৱদেৱৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ

১৩)শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়শিষ্য কোন আছিল ?

উত্তৰ : শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ

 ১৪)তোমাৰ পাঠত থকা মাধৱদেৱৰ বৰগীতটোৰ মূল ভাৱ কি ?

 উত্তৰ: পাঠত থকা মাধৱদেৱৰ বৰগীতটোৰ মূল ভাৱ দাস্য ভক্তি ভাৱ

১৫)মাধৱদেৱৰ বৰগীতবোৰৰ মূল ভাৱ কি ?

 উত্তৰ : মাধৱদেৱৰ বৰগীতবোৰৰ মূল ভাৱ দাস্য আৰু বাৎসল্য  ভাৱ

১৬)তোমাৰ পাঠত থকা মাধৱদেৱৰ  বৰগীতটি কি ৰাগত বন্ধা আছে ?

উত্তৰ: পাঠত থকা মাধৱদেৱৰ  বৰগীতটি বসন্ত ৰাগত ৰাগত বন্ধা।

১৭)মাধৱদেৱৰ দ্বাৰা ৰচিত নাট সমূহক কি বোলা হয় ?

উত্তৰ : মাধৱদেৱৰ দ্বাৰা ৰচিত নাট সমূহক ঝুমুৰা বোলা হয়

১৮) মাধৱদেৱৰ দ্বাৰা ৰচিত কোনখন নাটক ঝুমুৰা বোলা নহয় ?

উত্তৰ: অৰ্জুন ভঞ্জন বা দধিমথন

১৯) বৰগীতৰ ভাষা কি?

উত্তৰ: বৰগীতৰ ভাষা ব্ৰজাৱলী

২০)বৰগীতবোৰ  কি গীত ?

উত্তৰ: বৰগীতবোৰ ভক্তিমূলক গীত

২১)বৰগীতবোৰ কাৰ ৰচনা ?

উত্তৰ: বৰগীতবোৰ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনা

২২) বৰগীতবোৰত কাৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে?

উত্তৰ: বৰগীতবোৰত ভগৱান বিষ্ণু বা  শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে।

২৩)কি উদ্দেশ্যেৰে বৰগীতবোৰ ৰচনাকৰা হৈছিল ?

উত্তৰ: একশৰণ নাম ধৰ্মৰ প্ৰচাৰৰ বাবে বৰগীতবোৰ ৰচনাকৰা হৈছিল ।

২৪)বৰগীতবোৰৰ প্ৰধান ৰস কি?

উত্তৰ : বৰগীতবোৰৰ প্ৰধান ৰস ভক্তিৰস যদিও এইবোৰত দাস্য, বাৎসল্য,শান্ত আদি ৰসৰো সমাবেশ ঘটিছে।

২৫) মাধৱদেৱৰ বৰগীতবোৰ কি বিষয়ক?

উত্তৰ: মাধৱদেৱৰ বৰগীতবোৰ মূলতঃ শিশুকৃষ্ণৰ লীলা বিষয়ক

২৬) ব্ৰজাৱলী ভাষাৰ মূল ভেটি  কি?

উত্তৰ: ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী

২৭)নামঘোষাক হেজাৰী ঘোষা বুলি কিয় কোৱা হয়?

উত্তৰ: নামঘোষাত এহেজাৰটা ঘোষা আছে বাবে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়।

২৮) মাধৱদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল ?

উত্তৰ: মাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্ম ধৰ্ম প্ৰচাৰ কৰিছিল।

  • ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ টোকাঃ

তলৰ ৰচনাবোৰ মাধৱদেৱৰ। এইবোৰৰ যিকোনো এখন ৰচনা তুলি দি কাৰ ৰচনা বুলি প্ৰশ্ন কৰা হ’ব পাৰে।

যেনেঃ ৰাজসূয় কাব্য কাৰ ৰচনা বা ৰাজসূয় কাব্যৰ ৰচক কোন?

সেয়ে তলৰ প্ৰতিখন ৰচনাৰ নাম মনত ৰাখিবৰ যত্ন কৰা।

  • আখ্যানমূলক ৰচনাঃ

ৰাজসূয় কাব্য,

আদিকাণ্ড ৰামায়ণ( অনুবাদ)

  • তত্ত্বমূলক ৰচনা:

নামঘোষা

জন্মৰহস্য

ভক্তি ৰত্নাৱলী

নামমালিকা

  • নাট :

অৰ্জুন ভঞ্জন বা দধিমথন

  • ঝুমুৰা:

চোৰধৰা,পিম্পৰা গুচোৱা, ভোজন বিহাৰ ,ভূমি লেটোৱা

  • অন্যান্য ৰচনা:

ৰাস ঝুমুৰা

(B) (পাঠ বিষয়ক)

১. হৰি হেৰৰে বাপ, পশিলোঁ শৰণে।– ইয়াত বাপ বুলি কাক কোৱা হৈছে  ?

উত্তৰ: ইয়াত বাপ বুলি ভগৱান শ্ৰীকৃষ্ণক কোৱা হৈছে।

২) “—নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”__কবিয়ে জীৱনে মৰণে  নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে  ?

উত্তৰ: কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱান  শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে।

৩)সনক সনন্দ যোগী যাহাকু ধিয়ায়।- সনক, সনন্দ আদি যোগীসকলে  কাক ধ্যান কৰে বুলি কৈছে ?

উত্তৰ: সনক, সনন্দ আদি যোগীসকলে ভগৱান  শ্ৰীকৃষ্ণক  ধ্যান কৰে বুলি কৈছে।

৪)কবি কিহত আতুৰ হোৱা বুলি কৈছে ?

উত্তৰ: কবিয়ে সাংসাৰৰ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।

৫)কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰ: কবিয়ে ‘বান্ধৱ’ বুলি ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে।

৬) ‘মোহ-পাশ’ মানে কি ?

উত্তৰ: ‘মোহ-পাশ’ মানে মায়াৰ বন্ধন

৭) “কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ”—– “ছোড়” শব্দৰ অৰ্থ লিখা।

 উত্তৰ : “ছোড়” মানে ত্যাগ কৰা

৭) ’কাতৰ কৰিয়া লৈলোঁ শৰণ তোমাৰ।’–ইয়াত কোনে কাৰ শৰণ লৈছে ?

উত্তৰ:ইয়াত মাধৱ দেৱে ভগৱান শ্ৰীকৃষ্ণৰ শৰণ লৈছে ।

৮)’তোমাৰ চৰণ দুই মোৰ মহাধন’—-ইয়াত কাৰ চৰণৰ কথা কোৱা হৈছে ?

উত্তৰ:ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ কথা কোৱা হৈছে।

৯)চৰণ আৰু শৰণ শব্দ দুটাৰ অৰ্থ লিখা

উত্তৰ : চৰণ  মানে ভৰি,  শৰণ মানে আশ্ৰয়

Part 2: চমু উত্তৰৰ প্ৰশ্ন( 2 mark )

১) চমু পৰিচয় দিয়া – শ্ৰী শ্ৰী মাধৱদেৱ

উত্তৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুত জন্ম হৈছিল । অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক এইজনা মহাপুৰুষে তেখেতৰ অসাধাৰণ প্ৰতিভাৰে অসমৰ ধৰ্মীয় আৰু সামাজিক জীৱনৰ লগতে অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনো সুন্দৰকৈ সজাই থৈ গৈছে। ‘নামঘোষা’ তেখেতৰ অমৰ সৃষ্টি। তেখেতে তত্বমূলক গ্ৰন্থ, একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা)আদি ৰচনা কৰিছিল। মাধৱদেৱ  অসমৰ ধৰ্ম, ভাষা, সাহিত্য আৰু সংস্কৃতিৰ জগতৰ চিৰ নমস্য ব্যক্তি।

২. বৰগীত কাক বোলে ? বৰগীতৰ এটা লক্ষণ লিখা।

উত্তৰ :অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা, শাস্ত্ৰীয় ৰাগ-তাল যুক্ত, উচ্চ আধ্যাত্মিক ভাৱৰ আৰু বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক এক বিশেষ শ্ৰেণীৰ ভক্তিমূলক গীতক বৰগীত বোলে।

বৰগীতৰ এটা লক্ষণঃ

বৰগীতৰ ভাষা ব্ৰজাৱলী ।

৩. বৰগীতৰ দুটা লক্ষণ লিখা।

১. বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত বিষ্ণুৰ মাহাত্ম্যপ্ৰকাশক ভক্তিমূলক গীত।

২. বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত ।

৪. চমুটোকা লিখাঃ ব্ৰজাৱলী ভাষা 

উত্তৰ: ব্ৰজাৱলী কোনো অঞ্চলৰ কথিত ভাষা নহয় । ব্ৰজাৱলী ভাষা  নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে সৃষ্টি কৰা এটা কৃত্ৰিম সাহিত্যিক ভাষা । ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী।তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। শ্ৰীমন্ত শংকৰদেৱকে আদি কৰি আন আন বৈষ্ণৱ ধৰ্ম গুৰু আৰু প্ৰচাৰক সকলে এই ভাষাৰ মাধ্যমত বিষ্ণুক লীলা বিষয়ক গীত-পদ ৰচনা কৰিছিল।

৫)কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ ।

  কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ ।।

ইয়াত কৃপাৰ সাগৰ বুলি কাক কৈছে ? ইয়াত কোনে কাৰ ওচৰত আৰু কিয় শৰণ লৈছে ?

উত্তৰ: ইয়াত কৃপাৰ সাগৰ বুলি হৰিক কৈছে। ইয়াত হৰিভক্ত মাধৱদেৱে হৰিৰ  চৰণত শৰণ লৈছে। মাধৱদেৱে সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্তহৈ পৰমানন্দ হৰিক লাভ কৰিব বিচাৰিছে। মাধৱদেৱে জানিছে যে হৰিৰ কৃপা অবিহনে কোনো জীৱই সংসাৰৰ মায়া বন্ধনৰ পৰা মুক্তি পাব নোৱাৰে। সেয়ে হৰিৰ কৃপা বিচাৰি মাধৱদেৱে হৰিৰ  চৰণত শৰণ লৈছে।

৬) তোমাৰ পাঠত থকা মাধৱদেৱৰ বৰগীতটোৰ মূল ভাৱটি চমুকৈ লিখা। 

উত্তৰ: হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ পথ।মহা মহা যোগীয়েও যাৰ মহিমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, অনন্তই সহস্ৰবয়নেৰে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে সেই অপাৰ মহিমাৰ হৰিক হৰিৰ কৃপা অবিহনে সাধাৰণ জীৱই বিচাৰি নাপায়। সেয়ে কবিয়ে একান্ত ভক্তিৰে হৰিৰ চৰণত শৰণ লৈ হৰিৰ কৃপাৰ বাবে কাকূতি কৰিছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ হৰিক কাতৰে মিনতি কৰিছে।

Part -3  দীঘল উত্তৰৰ প্ৰশ্ন( 4 mark  )

১)বৰগীতটিৰ মূলভাৱ লিখা। (4 MARK)

উত্তৰঃ আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মাধৱদেৱৰ দ্বাৰা বিৰচিত বসন্তৰাগৰ বৰগীতটোত কবিয়ে দাস্যভক্তিভাৱেৰে কৃষ্ণতত্ত্ব বা ঈশ্বৰতত্ত্বক স্মৰণ, কীৰ্তন, বন্দন কৰিছে আৰু হৰি বা কৃষ্ণৰ কৃপা লাভ কৰি যাতে বিষয়বন্ধনৰ পৰা মুক্ত হৈ পৰমাআনন্দ লাভ কৰিব পাৰে তাৰ বাবে কৃষ্ণৰ চৰণত শৰণ লৈছে। হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ উপায়।সনক, সনন্দ আদি মহাসিদ্ধ যোগীয়ে যাৰ মহিমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, অনন্তই সহস্ৰবয়নেৰে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে, সেই অপাৰ মহিমাৰ হৰিক সাধাৰণ জীৱই বিচাৰি পোৱাটো অতি কষ্টসাধ্য । সেয়ে হৰিভক্ত মাধৱদেৱে হৰিকেই জীৱ-জগতৰ স্বৰূপ মানি, হৰিভক্তিকেই মুক্তিৰ উপায় মানি, হৰিৰ চৰণকেই পৰমধন মানি হৰিত শৰণ লৈ হৰিৰ কৃপা ভিক্ষা খুজিছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ হৰিক কাতৰে মিনতি কৰিছে।

২) ব্যাখ্যা কৰাঃ

(ক) সহজে বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।

উত্তৰঃ প্ৰশ্নোক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত ‘বৰগীত’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সাধাৰণ জীৱৰ বাবে হৰিৰ মহিমাক উপলব্ধি কৰা যে অত্যন্ত কঠিন কাম সেই কথা কবলৈ গৈ কবিয়ে কবিতাফাকি লিখিছে।

হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ পথ।কিন্তু এই পথ সহজ নহয়। কাৰণ হৰিৰ মহিমা অনন্ত,অপাৰ।।সনক, সনন্দ আদি যোগীয়ে যাৰ মহিমা বিচাৰি নাপায়, নিগম শাস্ত্ৰই যাৰ মহিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে, অনন্তই সহস্ৰবয়নেৰে যাৰ মহিমাৰ গুন গাই অন্ত কৰিব নোৱাৰে, সেই অপাৰ মহিমাৰ হৰিক সাধাৰণ জীৱই বিচাৰি পোৱাটো অতি কষ্টসাধ্য । হৰিৰ কৃপা অবিহনে জীৱই হৰিক লাভ কৰিব নোৱাৰে। কবিয়ে এই কথা উপলব্ধি কৰিছে আৰু হৰিৰ কৃপা ভিক্ষা মাগিছে।

৩) আতুৰ ভৈলোহি হৰি বিষয় বিকলে ।

  কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ।

—কথাষাৰ বুজাই লিখা।

উত্তৰঃ হৰিয়ে জীৱৰ ভক্তি আৰু মুক্তিৰ একমাত্ৰ পথ। সংসাৰৰ মায়ামোহৰ বন্ধনত আৱদ্ধ হৈ থকা বাবে জীৱই এই পথ দেখা নাপায় আৰু সংসাৰৰ দুখ-যন্ত্ৰণা ভোগ কৰিব লগীয়া হয়।য়েতিয়াই জীৱই সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰিব পাৰিব তেতিয়াই জীৱই হৰিক উপলব্ধি কৰিব পাৰিব আৰু সাংসাৰৰ দুখ-যন্ত্ৰণাৰ পৰা মুক্তি পাব।কিন্তু হৰিৰ কৃপা অবিহনে এই কাম সম্ভৱ নহয় আৰু হৰি ভক্তিৰ জৰিয়তেহে জীৱই হৰিৰ কৃপা লাভ কৰিব পাৰে।কবিয়ে এই পৰমসত্য জানিছে কিন্তু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰিব পৰা নাই বাবে পৰমানন্দ বা মুক্তি লাভ কৰিব পৰা নাই।সেয়ে কবিয়ে হৰিভক্তি হৃদয়ত লৈ হৰিৰ কৃপা বিচাৰি হৰিৰ চৰণত শৰণ লৈছে আৰু সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ হৰিক কাতৰে মিনতি কৰিছে।

৪)বৰগীতৰ বিষয়ে এটি চমুটোকা লিখা ।

উত্তৰ :অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা, শাস্ত্ৰীয় ৰাগ-তাল যুক্ত, উচ্চ আধ্যাত্মিক ভাৱৰ আৰু বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক এক বিশেষ শ্ৰেণীৰ ভক্তিমূলক গীতক বৰগীত বোলে। বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত । বৰগীতসমূহৰ বিষয় কৃষ্ণ ভক্তি। ভগৱান কৃষ্ণৰ মহিমা বৰ্ণন, কৃষ্ণৰ মহিমা উপলব্ধিৰ বাবে তত্ত্বজ্ঞানৰ উপদেশ তথা ভগৱন্তৰ লীলাবৰ্ণন এই তিনিটাই বৰগীতৰ মুখ্য বিষয় । বৰগীতসমূহৰ মুখ্য ৰস ভক্তি ৰস ।ইয়াত শান্ত, দাস্য, বাৎসল্য ৰসৰ সমাবেশ ঘটিছে । শ্ৰীমন্ত শংকৰদেৱে বাৰকুৰি বৰগীত ৰচিছিল যদিও একুৰি চৈধ্যটা বৰগীতহে পোৱা গৈছে। মাধৱদেৱৰ ৰচনা কৰা বৰগীতৰ সংখ্যা   ১৯১ বুলি অনুমান কৰা হৈছে যদিও মাধৱদেৱৰ ভণিতা থকা ১৫৭ টা বৰগীতহে এতিয়ালৈকে পোৱা গৈছে।এই বৰগীতসমূহ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ।

৫) বৰগীতৰ চাৰিটা লক্ষণ লিখা।

i) বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত বিষ্ণুৰ মাহাত্ম্যপ্ৰকাশক ভক্তিমূলক গীত। অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে এই গীতবোৰ ৰচনা কৰা হৈছিল।

 ii) বৰগীতৰ ভাষা ব্ৰজাৱলী ।

iii) বৰগীতসমূহ শাস্ত্রীয় ৰাগ-তালযুক্ত গীত ।

iv) বৰগীতসমূহৰ মুখ্য ৰস ভক্তি ৰস। ইয়াত শান্ত, দাস্য, বাৎসল্য ৰসৰ সমাবেশ ঘটি

বৰগীত Read More »

উপসৰ্গ

উপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। বেলেগ বেলেগ উপসৰ্গযুক্ত হৈ একেটা ধাতুৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰে।

সংস্কৃত ভাষাত উপসৰ্গ কুৰি (২০)টা –

প্ৰ, পৰা, অপ, সম, অনু, অৱ, নিৰ, দুৰ, অধি, বি, অভি, সু, উৎ, পৰি, প্ৰতি, অপি, নি, অতি, উপ, আ

 উপসৰ্গব্যৱহাৰউদাহৰণ
প্ৰভাল, বেছি, আৰম্ভ, খ্যাতি,উৎকৰ্ষ,গতি, উৎপত্তি,দক্ষতা আদি  অৰ্থতপ্ৰকাৰ, প্ৰকৰণ, প্ৰকাশ, প্ৰকৃতি, প্ৰকৃষ্ট, প্ৰকোপ, প্ৰগতি, প্ৰচাৰ, প্ৰজনন, প্ৰজ্ঞা, প্ৰজলিত, প্ৰণৱ, প্ৰণয়, প্ৰণাম, প্ৰণীত, প্ৰদান, প্ৰবঞ্চক, প্ৰবাস, প্ৰবাহ, প্ৰকাণ্ড, প্রবৃত্তি, প্রবোধ, প্রভাৱ, প্রভেদ, প্রমোদ, প্রয়োগ, প্রলাপ, প্রশংসা, প্রসৱ, প্রস্থান, প্রক্ষিপ্ত, প্ৰবাহ ইত্যাদি
পৰাপ্ৰাধান্য, ব্যতিক্ৰম, অনাদৰ, তিৰস্কাৰ, বিক্রম, অনাদৰ,বিৰুদ্ধ  আদি অৰ্থতপৰাক্ৰম, পৰাজয়, পৰাভৱ, পৰাভূত, পৰাধীন,পৰামৰ্শ, পৰাংমুখ, পৰায়ণ, পৰাগ, পৰাকাষ্ঠা,পৰাগ, ইত্যাদি
অপঅনাদৰ, ত্যাগ, কুৎসিত, বিকৃতি, অপমান, বেয়া, বিপৰীত আদি অৰ্থতঅপকর্ম, অপকাৰ, অপঘাত, অপচয়, অপব্যয়, অপবাদ, অপভ্রংশ, অপমৃত্যু, অপলাপ, অপহৰণ, অপৰাধ, অপতৃণ,  অপপ্ৰচাৰ, অপদেৱতা, অপসৰণ, অপৰূপ, অপমান, অপযশ, , অপৰাধ ইত্যাদি।
সম্সমীপ, সঙ্গত, সম্যক, উত্তম, অবিশ্ৰাম, একেলগে আদি অৰ্থতসংকট, সংশয়, সম্পতি, সম্পদ, সংসাৰ, সংস্কাৰ, সৎলাপ, সন্মান,  সংক্ৰমণ, সংগ্ৰহ, সমাদৰ, সম্ভোগ, সংস্কৃতি,  সংস্কৃত, সম্ভেদ, সম্ভাষণ,  সমাস, সংগম, সংজ্ঞা, সম্পৃক্ত,  সম্ভৱ, সংকলন, সন্তাপ, সন্তোষ, সন্মিলন, সম্ভাৰ, সংকীৰ্ণ, সম্পূৰ্ণ, সংঘাত, সম্পৰ্ক, সমীপ, সংগত, সম্যক, সন্মুখ, সংবাদ,  সংগীত, সংযোগ, সংহাৰ, সঞ্চয়, সমাৱৰ্তন ইত্যাদি।
অনুপাছত, তুল্য, হীন, সাদৃশ্য, নিকৃষ্ট আদি অৰ্থতঅনুকৰণ,  অনুৰাগ, অনুপাত, অনুসাৰ, অনুদ্বেষ, অনুসৰ্গ, অনুৰূপ, অনুকাৰ, অনুপান, অনুৰোধ, অনুচৰ, অনুজ, অনুগ্ৰহ, অনুগত, অনুতাপ, অনুকুল, অনুনয়, অনুবাদ, অনুপ্ৰাস, অনুৰণন, অনুকৰণ, অনুসৰণ,  অনুশাসন, অনুসন্ধান, অন্বেষণ, অনুমতি, অনুপ্ৰৱেশ, অনুমান,  ইত্যাদি।
অৱবিস্তাৰ, নিশ্চয়, ঘৃণা, নিন্দা, অভাৱ আদি অৰ্থতঅৱজ্ঞা, অৱৰোধ, অৱগতি, অৱমাননা, অৱনতি, অৱতাৰ, অৱস্থিত, অৱতৰণ, অৱতীৰ্ণ, অৱনত, অৱধান, অৱলম্বন, অৱলোকন, অৱশিষ্ট, অৱসাদ, অৱসৰ,  অৱচেতন,অৱক্ষয়,  অৱৰোহণ, অৱগাহন, অৱস্থা ইত্যাদি।
নিৰবাহিৰ, সমীপ,  বিনা, নিশ্চয়, অভাৱ, নিষেধ আদি অৰ্থতনির্গত, নির্ণয়, নির্ধাৰণ, নির্ভয়, নির্মাণ,  নিৰ্মল,নিৰ্ভৰ, নিৰ্মম, নিৰাকাৰ, নিৰ্ধাৰণ, নিৰ্ণয়, নিৰঞ্জন, নির্বাচন, নির্বাহক, নির্বাসন, নিৰ্বাণ, নিশ্চয়, নিৰ্দয়, নিৰ্ধন, নিঃসঙ্গ, নিৰ্মুক্ত, নিঃশব্দ, নিৰ্যাস, নিৰ্জন, নির্বোধ, নিৰীক্ষণ, নিৰ্ঘাত, নিৰপৰাধ, নিৰন্তৰ, নিৰ্লিপ্ত, নিৰূপণ, নিৰ্জীৱ, নিৰাময়, নিৰতিশয়, নিঃসম্বল, নিসংকোচ, নিৰস্ত, নিৰঞ্জন, নিৰ্যান, নিৰ্যাতন, নিষ্প্ৰভ
দুৰনিন্দা, বাধা, নিষেধ, দুখ, ক্লেশ, অভাৱ,  আদি অৰ্থতদুর্বল, দুৰ্ঘটনা,  দুৰ্মতি, দুৰাশা, দুভিক্ষ, দুৰ্নিবাৰ, দুৰন্ত, দুর্বিপাক, দুৰ্যশ, দুঃসাধ্য, দুৰ্দ্দম, দুৰ্ভাৱনা, দুবৰ্বল, দুষ্ট, দুগন্ধ, দুঃখ, দুৰ্নাম, দুৰ্গম, দুঃসাহস, দুৰ্ভাগ্য, দুৰ্জন, দুৰ্দিন, দুৰ্গতি, দৰন্ত, দুৰ্মদ, দৰ্দ্দান্ত, দুৰ্নীতি, দুৰ্বাৰ, দুৰাচাৰ, দুৰাশয়, দুঃশীল, দুৰ্জয়, দুঃস্বপ্ন,  দুঃশাসন, দুনিৰ্ভৰ, দুঃসহ, দুষ্পাপ্য, দুৰ্গত, দুঃসময়, দুৰ্যোগ, দুর্ব্যৱহাৰ, দুৰ্ভাগ্য, দুৰ্মুখ, দুষ্কৃতি,দুৰভিসন্ধি, দুৰাকাংক্ষা ইত্যাদি।
অধিপ্ৰধান, গতি, গৰাকী, ওপৰ, কৰ্তৃত্ব  আদি অৰ্থত অধিপতি, অধিবাস, অধিকাৰ, অধিষ্ঠান, অধ্যয়ন,  অধ্যাপনা,  অধ্যায়,  অধ্যক্ষ,  অধ্যাৱসায়, অধ্যাত্ম,  অধ্যুষিত, অধিগত, অধিবাসী, অধিগম্য অধিষ্ঠাতা, অধিৰোহণ, অধিবাসী, অধিৰাজ, অধিপতি, অধিনিয়ম, অধিকৰণ, , অধিবেশন, অধিত্যকা, অধিনায়ক, অধিকাৰ, অধীশ্বৰ, অধীন, অধিগত ইত্যাদি
১০বিঅভাৱ, হীন,  বাহিৰ, বিকাশ, বিশেষ, বিশিষ্ট, আদি অৰ্থবিষয়, বিনয়, বিশেষ,বিশেষণ,বিকল, বিবাদ, বিৰাগ, বিজ্ঞান, বিজ্ঞ, বিধান, বিৱৰণ, বিফল, বিয়োগ, বিপৰ্যয়, বিৰূপ, বিলাপ, বিক্ষোপ, বিগত, বিজিত, বিজ্ঞাপন, বিদিত, বিতৰণ, বিচৰণ, বিবচন, বিদায়, বিকট, বিকাশ, বিজয়, বিবৰ্ণ, বিশুদ্ধ, বিন্যাস, বিচ্ছিন্ন, বিভৱ, বিসৰ্জন, বিজন, বিৰোধ, বিস্মৃতি, বিতৃষ্ণা, বিশিষ্ট, বিসদৃশ, বিশাল, বিলয়, বিহীন, বিৰুদ্ধ, বিশিষ্ট, বিষাদ, বিমৰ্ষ, বিয়োগ, বিপদ, বিষম, বিবাহ, বিপৰীত, বিখ্যাত,  বিচাৰ ইত্যাদি।
১১অভিউত্তম, প্ৰতি, প্ৰধান, উন্নতি, , প্ৰশংসা, বিৰুদ্ধ, সমীপ, সন্মুখ আদি অৰ্থতঅভিমান, অভিযান, অভিলাষ, অভিজাত, অভিনয়, অভিবাদন, অভিৰুচি, অভীষ্ট, অভীপ্সা,  অভিনেতা, অভিযোগ, অভ্যন্তৰ, অভিপ্রেত, অভিনন্দন,  অভিজ্ঞান, অভিজ্ঞ, অভিসম্পাত,  ইত্যাদি।
১২সুঅতিশয়, প্ৰশংসা, মঙ্গল, উজু. উত্তম আদি অৰ্থতসুন্দৰ, সুশোভন, সুজন, সুকুমাৰ, সুকৃতি, সুদৰ্শন, সুশ্ৰী, সুগম, সুকোমল, সুশোভিত, সুবাস, সুশ্ৰাব্য, সুকণ্ঠ, সুনাম, সুদৃশ্য, সুদিন, সুনীতি, সুজলা, সুতীক্ষ্ণ, সুস্বাদ, সুস্থ, সুভাস, সুভাসিত, স্বস্তি, স্বাগতম, সুবোধ, সুধীৰ, সুদৃঢ়, সুচিন্তা,  সুদূৰ, সুহৃদ, সুশান্ত, সুজন,  সুকীৰ্তি ইত্যাদি
১৩উৎশ্রেষ্ঠ, বিৰুদ্ধ, বিপৰীত, অতিশয়, উৰ্দ্ধ  আদি অৰ্থতউন্নত, উন্নতি, উদাহৰণ, উৎসৰ্গ, উৎকৰ্ণ, উৎপত্তি, উত্তপ্ত, উন্মুখ, উদগ্ৰীৱ, উৎপাদন, উৎপাটন, উৎপাদক, উন্নয়ন, উত্থান, উজ্জ্বল, উত্তীর্ণ, উৎকৰ্ষ, উৎসৱ, উদ্যত, উদ্ধাৰ, উচ্ছাস, উচ্ছৃংখল, উদ্বাহু, উল্লাস, উল্লাসিত, উল্লিখিত, উদ্ভিদ, উৎখাত,  উন্মনা, উত্তম, উচ্ছল, উন্মেষ, উৎক্ষেপন, উদ্‌গীৰণ, উৎসুক, উদ্ভাসিত, উচ্চাৰণ, উৎক্ষেপ, উৎকণ্ঠ, উদ্বেল, উদ্ধত, উদ্দাম, উদ্‌গতি, উদ্যোগ, উৎপত্তি, উদ্যম, উদ্বোধন,  উদ্বেগ, উদ্দীপনা, উৎসাহ, উত্তাল ইত্যাদি।
১৪পৰিত্যাগ, অতিশয়, সম্পূৰ্ণতা, বিৰুদ্ধতা, অনাদৰ আদি অৰ্থতপৰিভাষা, পৰিণাম, পৰিপক পৰিস্থিতি, পৰিষদ, পৰিসৰ, পৰিত্যাগ, পৰিৱেশ, পৰিজন, পৰিগ্ৰহ, পৰিচ্ছেদ, পৰিচ্ছদ, পৰিপন্থী, পৰিহাস, পৰীক্ষা, পৰিৱৰ্তন, পৰিণতি, পৰিশিষ্ট, পৰিহাৰ, পৰিধান, পৰিক্ৰমা, পৰিচালক, পৰিপাক, পৰিচালনা, পৰিপূৰ্ণ, পৰিতৃপ্ত, পৰিসীমা, পৰিবেষ্টন , পৰিপুষ্ট, পৰিতাপ, পৰিদৰ্শন, পৰিশ্ৰম, পৰিষ্কাৰ, পৰিপাটি, পৰিচৰ্যা, পৰিমিত, পৰিত্ৰাণ, পৰিপক্ক, পৰিমালা, পৰিচয়, পৰিণত, পৰিণয়, পৰিশোধ  ইত্যাদি।
১৫প্ৰতিসমীপ, সাদৃশ্য, সন্মুখ, অনুৰূপ, বিৰোধ, বিপৰীত আদি অৰ্থতপ্রতিদান, প্রতিদিন, প্রতিফল, প্রতিধ্বনি,  প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বী, প্ৰতিশ্ৰুতি, প্ৰতিবাদ, প্ৰতিমা, প্ৰতিপাদন, প্ৰতিঘাত, প্ৰতিবাসী, প্ৰতিনিধি, প্ৰতিভূ, প্ৰতিপাল, প্ৰত্যুত্তৰ, প্ৰতিপদ, প্ৰতিধবনি, প্ৰতিজ্ঞা, প্ৰতিক্ৰিয়া, প্ৰতিফল, প্ৰতিতী, প্ৰত্যাখ্যান, প্ৰতিফলন, প্ৰত্যায়ন, প্ৰতিকূল, প্ৰতিকাৰ, প্ৰতিশোধ, প্ৰতিপন্ন, প্ৰতিশব্দ,  প্ৰতিমূৰ্তি, প্ৰতিৰূপ, প্ৰতিৱেশী, প্ৰতিবাদী, প্ৰতিবিধান, প্ৰতিহিংসা, প্রতিষ্ঠান, প্ৰতিস্থাপন, প্ৰতিৰক্ষা, প্ৰত্যাশা, প্ৰত্যহ, প্ৰত্যুৎপকাৰ, প্ৰত্যাৰ্পণ, প্ৰত্যাগমন, প্ৰতিৰোধ, প্ৰতিভা, প্ৰতিকৃতি ইত্যাদি।
১৬অপিওচৰ, ওপৰ, নিশ্চয়, সম্ভাৱনা আদি অৰ্থতঅপিনদ্ধ, অপিশুন, অপিগীৰ্ণ, অপিচ, অপিতু, অপিধান ইত্যাদি
১৭নিসমীপ, সম্যক,অন্তৰ,নিষেধ আদি অৰ্থতনিদ্রা নিষেধ, নিবাস, নিপাত, নিমাত, নিকৃষ্ট, নিমগ্ন, নিক্ষেপ, নিবিষ্ট, নিমজ্জন, নিমজ্জিত, নিদাৰুণ, নিকৰুণ, নিশকতীয়া, নিবেদন, নিবৃতি, নিযুক্ত,  নিদৰ্শন, নিগম, নিদান, নিগ্ৰহ, নিকট, নিষাদ, নিবাৰণ, নিকাৰ, নিৰোধ ইত্যাদি।
১৮অতিঅতিৰিক্ত, অতিশয়, অধিক আদি অৰ্থতঅত্যুজ্জ্বল, অত্যুৎকৃষ্ট, অতীত, অতীব, অতিৰিক্ত, অতিশয়, অতিকায়, অত্যধিক, অত্যন্ত, অত্যুক্তি, অতিবাহিত, অতিমাত্ৰ, অতিৰঞ্জিত, অতিক্ৰম, অত্যাচাৰ, অতিৰঞ্জন, অত্যাশ্চাৰ্য, অত্যুষ্ণ, অতিবৃষ্টি, অতিমানৱ, অতীন্দ্ৰিয়, অতিবুদ্ধি, অতিপ্ৰাকৃত,  অত্যুগ্ৰ, অত্যল্প, অত্যুচ্চ, অত্যাৱশ্যক  ইত্যাদি।
১৯উপঅপ্রধান,বিশেষ আদি অৰ্থতউপকণ্ঠ, উপদ্বীপ, উপগ্রহ, উপকথা, উপপতি, উপস্থিত, উপকাৰ, উপদেশ, উপমন্ত্রী, উপচাৰ, উপবাস, উপশম, উপৱেশন, উপদ্ৰৱ, উপকৰণ, উপকূল ইত্যাদি।
২০পৰ্যন্ত, পুনৰ, অলপ, সম্যক, ঈষৎ, সীমা, সম্পূৰ্ণ আদি অৰ্থতআৰম্ভ, আদান, আবাহন, আবাস, আধাৰ, আৰাধনা, আব্রহ্ম, আঘাত, আঘ্ৰাণ, আৰদ্ধ, আলম্বন, আহলাদ, আভা, আকূল, আহৰণ, আৰোহণ, আমৰণ, আশ্লেষ, আৱৰণ, আভৰণ, আকৰ্ণ, আসমুদ্ৰ, আবালবৃদ্ধ, আনয়ন, আকাৰ, আহাৰ, আকাশ, আবাস, আলাপ, আৰাম, আদায়, আগ্ৰহ, আক্ষেপ, আজন্ম, আমৃত্যু, আগম, আগমন, আনন্দ, আদৰ্শ, আকণ্ঠ, আচ্ছাদন, আৰক্ত, আক্ৰমণ,  আবেশ, আদেশ, আবেদন ইত্যাদি।

উপসৰ্গবোৰৰ ব্যৱহাৰ-

*প্ৰশ্নৰ আৰ্হিঃ

১. উপসৰ্গ কি সংস্কৃত ভাষাত উপসৰ্গ কেইটা আৰু কি কি

উত্তৰঃউপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। সংস্কৃত ভাষাত উপসৰ্গ কুৰি (২০)টা।

সেইবোৰ হলঃ প্ৰ, পৰা, অপ, সম্ , অনু, অৱ, নিৰ্ , দুৰ্ , অধি, বি, অভি, সু, উৎ, পৰি, প্ৰতি, অপি, নি, অতি, উপ, আ

২.উপসৰ্গ কি উপসৰ্গ সংযুক্ত হৈ নিষ্পন্ন হোৱা পদবোৰ কি পদ

উপসৰ্গ এবিধ অব্যয়। ইহঁতে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে। উপসৰ্গ সংযুক্ত হৈ নিষ্পন্ন হোৱা পদবোৰ বিশেষ্য বা বিশেষণ হয়

৩. তলৰ পদবোৰৰ উপসৰ্গ ভাঙি দেখুওৱাঃ

পৰাধীন, প্রতিঘাত

উত্তৰ পৰাধীন – পৰ + অধীন (উপসৰ্গ-পৰ)

    প্রতিঘাত _ প্ৰতি + ঘাত (উপসৰ্গ- প্ৰতি)

৪. তলৰ উপসৰ্গ দুটাৰ ব্যৱহাৰ দেখুওৱা

  প্ৰ, উপ

উত্তৰ  প্ৰ –  প্ৰনাম, প্ৰণয়  

    উপ –  উপকাৰ, উপকূল

*CLASS X CBSE BOARD EXAMINATION  ত অহা উপসৰ্গ বিষয়ক প্ৰশ্ন(উত্তৰৰ সৈতে)

 ১.উপসৰ্গ বাচি উলিয়াই লিখা (2020)

অভিনয়, নিৰাকাৰ

উত্তৰঃ অভিনয়– অভি + নয় (উপসৰ্গ-অভি)

    নিৰাকাৰ– নিৰ + আকাৰ (উপসৰ্গ-নিৰ)

২.পৰিনাম শব্দটোত থকা উপসৰ্গ বাচি উলিয়াই লিখা(2019)

উত্তৰঃ  পৰিনাম – পৰি + নাম (উপসৰ্গ-পৰি)

৩.অনুসন্ধান শব্দটোত থকা উপসৰ্গ বাচি উলিয়াই লিখা(2018)

উত্তৰঃ  অনুসন্ধানঅনু + সন্ধান (উপসৰ্গ- অনু)

উপসৰ্গ Read More »