Class X Unit II

ফকৰা-যোজনা

ফকৰা-যোজনা হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা। এই বোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়।ফকৰা-যোজনাবোৰ ভাষাৰ সম্পদ।এই বোৰে ভাষা এটাক চহকী কৰাৰ লগতে ভাষাটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰতিটো ফকৰা-যোজনাৰে একোটা অন্তৰ্নিহিত অৰ্থ থাকে, ইহঁত একোটা বিশেষ ভাবৰ নিৰ্দেশক আৰু বাহক।

ইন্দ্ৰ সভাত ফেঁচাৰ কুৰুলি।

গম্ভীৰ পৰিৱেশত চলি থকা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ মাজত অপ্ৰাসংগিক তৰল মন্তব্য দিয়া।

    ধৰ্মীয় আখ্যান মতে দেৱৰাজ ইন্দ্ৰ স্বৰ্গৰ ৰজা। সুখ-শান্তি, সৌন্দৰ্য–বিভূতি আৰু  অমৰত্বৰে মহিমাময়ী স্বৰ্গ দেৱতাসকলৰ বাসস্থান। শুভ আৰু মংগলকামী চিন্তা কাৰ্যৰে সদা মুখৰিত স্বৰ্গ ৰাজ্য।  স্বৰ্গৰ  ৰাজসভাত দেৱৰাজ ইন্দ্ৰই ত্ৰিজগতৰ কল্যানৰ হেতু  দেৱতাসকলৰ সৈতে নানা গুৰুত্বপূর্ণ বিষয়   আলোচনা কৰে। ইন্দ্ৰৰ ৰাজসভা গাম্ভীৰ্যপূৰ্ণ । তাত গুণী-জ্ঞানী দেৱতাসকলে নিজৰ নিজৰ দৈৱিক শক্তিৰে ত্ৰিজগতৰ মংগল সাধন কৰাৰ পৰিকল্পনা কৰে।  আনহাতে  ফেঁচাৰ কুৰুলিক লোকসমাজে অমংগলীয়া আৰু অশুভ হিচাপে গন্য কৰে। ফেঁচাই কুৰুলিয়ালে বিপদ আহে। সেয়ে ফেঁচাৰ কুৰুলি সকলোৰে বাবে অবাঞ্ছনীয়। শুভ চিন্তা-চৰ্চাৰ স্থল  দেৱ সভাত অমংগলীয়া আৰু অশুভ ফেঁচাৰ কুৰুলি কোনো কালেই বাঞ্ছনীয় নহয়, বৰঞ্চ ই অশোভনীয়, হাস্যাস্পদ আৰু নিন্দনীয়। ঠিক একেদৰেই কোনো গম্ভীৰ আৰু মৰ্য্যাদাপূৰ্ণ আলোচনাৰ মাজত  তৰল চিন্তাৰ অপদাৰ্থ ব্যক্তিৰ উপস্থিতি আৰু তেওঁলোকৰ ঋণাত্মক আৰু অহিতকাৰী মন্তব্য সকলোৰে বাবে অবাঞ্ছনীয়।ই ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলিৰ লেখীয়া কথা।

অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহো কৰিলো নষ্ট । 

যিজনে জ্ঞানৰ মোল নুবুজে তেনে লোকক জ্ঞান দিবলৈ গ’লে কেতিয়াবা নিজৰহে অনিষ্ট সাধন হয়।

প্ৰচলিত লোক গাথাৰ এটি কাহিনী এনে ধৰণৰ – এদিন এজাক বান্দৰে বৰষুণত তিতি-বুৰি জৰুলি জুপুৰি হৈ কষ্ট পোৱা দেখি টোকোৰা চৰাইয়ে নিজৰ উদাহৰণ দেখুৱাই বান্দৰক বাহ সাজি ল’বলৈ উপদেশ দিছিল।কিন্তু মূৰ্খ বান্দৰবোৰে টোকোৰা চৰাইয়ে সিহঁতক বিদ্রুপ কৰা বুলি ভাবিলে আৰু খঙতে টোকোৰা চৰাইৰ  বাহবোৰ ভাঙি পেলালে আৰু বাহত থকা কণীবোৰো নষ্ট কৰিলে। সজ উপদেশ দিবলৈ গৈ বেচেৰা টোকোৰা চৰাইয়ে নিজৰহে অনিষ্ট কৰিলে। এই কাহিনীটোত বৰ্ণনা কৰাৰ দৰেই অনেক সময়ত বহু  মানুহে সজ উদ্দেশ্যলৈ আনক সহায় কৰে নাইবা পৰামৰ্শ দিয়ে। কিন্তু যিজন অজ্ঞানী তেওঁ মানুহজনৰ সজ উদ্দেশ্য বুজি নাপায় আৰু ওলোটাই মানুহজনৰ অপকাৰহে কৰে। সেয়ে  আমি কাৰোবাক কিবা উপদেশ দিবলৈ  নাইবা কোনো বিষয়ত জ্ঞান দিবলৈ যোৱাৰ আগতে তেনে লোকৰ সেই উপদেশ বা সেই বিষয়ত জ্ঞান গ্ৰহণৰ যোগ্যতা আছেনে তাক জানি লোৱা উচিত। অজ্ঞানী বা মূৰ্খজনে  উপকাৰৰ মূল্য দিব নাজানে।

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।

অভ্যাসৰ জৰিয়তে অসাধ্যও সাধন কৰিব পাৰি।

  অভ্যাসৰ জৰিয়তে অসাধ্যও সাধন কৰিব পাৰি। কোনো এটা কাম কৰিবলৈ সেই কামটোৰ বিষয়ে জ্ঞান আৰু তাক কৰাৰ কৌশল জনাটো প্ৰয়োজন। আৰু  সেই কামটোত সম্পূৰ্ণ পাৰদৰ্শিতা আয়ত্ব কৰিবলৈ  অভ্যাসৰ প্ৰয়োজন। অভ্যাস নকৰিলে আমাৰ জ্ঞান আৰু কৌশল দুয়োটাতেই মামৰে ধৰে। জ্ঞান আৰু তাক কৰাৰ কৌশল জানিলে আমি কামটো কৰিব পাৰিম সঁচা, কিন্তু কামটো অভ্যাস কৰি থাকিলেহে তাক নিখুঁত ভাৱে কৰাৰ দক্ষতা আহৰণ কৰিব পাৰিম। অভ্যাসে যে কামটোৰ বাবে আমাক অকল দক্ষতায়ে দিয়ে তেনে নহয়, ই আমাৰ কামটোক এক অসাধাৰন স্তৰলৈ লৈ যায়।  অভ্যাসৰ জৰিয়তে দুঃসাধ্য যেন লগা কঠিন কামো সহজসাধ্য কৰি তুলিব পাৰি। অভ্যাসৰ জৰিয়তে এজন ধনুৰ্ধৰে তিৰোতা মানুহৰ কেৰু পিন্ধা কাণৰ নিচেই সৰু ফুটাইদিও  শৰ সৰকাই পঠোৱাৰ দৰে অসাধ্য শৰ সন্ধানো কৰিবলৈ সমৰ্থ হব পাৰে।  কোনো কাম কঠিন বুলি, কৰিব নোৱাৰো বুলি নাইবা কামটোত এবাৰতে কৃতকাৰ্যতা লাভ  কৰিব নোৱৰিলে কামটো কৰিবলৈ এৰি দিব নালাগে।  কামটো কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিব লাগে।বাৰে বাৰে চেষ্টা কৰিলে এদিন কামটোলৈ কৃতকাৰ্যতা অহাটো নিশ্চিত। অকাগ্ৰ চিত্তে কৰা অভ্যাস কৃতকাৰ্যতাৰ মূল চাবিকাঠী।

এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া।

কৰি ভাল পোৱা কাম কৰিবলৈ অপৰ্যাপ্ত সুযোগ পাই আনন্দত আত্মহাৰা হোৱা।

   নাতিনীসকল বুঢ়ীমাকসকলৰ বৰ হেঁপাহৰ আৰু বৰ আদৰৰ। নাতিনীসকলৰ বিয়া বুঢ়ীমাকসকলৰ বাবে তাতোকৈ আনন্দৰ কথা। নাতিনীৰ বিয়াত  বুঢ়ীমাকসকল আনন্দত আত্মহাৰা হৈ পৰে। প্ৰতিগৰাকী বুঢ়ীমাকৰ বাবে নাতিনীৰ বিয়া অফুৰন্ত সুখ, হাঁহি-ধেমালী, ৰং-ৰহইছ ,হিয়াৰ বহুতো আবেগ-হেপাহ আৰু আশীৰ্বাদেৰে ভৰি থকা এটি পাৰিবাৰিক অনুষ্ঠান। জীৱনৰ বিয়লি পৰত বুঢ়ীমাকসকলে এই অনুষ্ঠানটিত হেপাহ পলুৱাই ফুৰ্তি কৰে।  আনন্দতে কি কৰিব কি নকৰিব সেই ভাবি তেওঁলোকৰ দেহ মন নাচি উঠে। তাতে যদি বুঢ়ীমাকজনী  নাচনী হয় বা ধেমেলীয়া স্বভাৱৰ হয় তেতিয়া নাতিনীয়েকৰ বিয়াত তেওঁক আৰু কোনে পায় নাতিনীয়েকৰ বিয়াত তেওঁ অন্তৰ উজাৰি নাচিবৰ বা ধেমালী কৰিবৰ অৱকাশ পায় আৰু তাকে কৰি তেওঁ আনন্দত আত্মহাৰা হৈ পৰে। আমি যেতিয়া মনে বিচৰা কাম এটা নাইবা বহুদিন কৰিবলৈ আশা পালি থকা কাম এটা কৰাৰ সুযোগ পাওঁ তেতিয়া আমাৰ আনন্দৰ সীমা নোহোৱা হয়, সীমাহীন আনন্দই আমাক অধীৰ কৰি তোলে।

এশ গৰু মাৰিলে বাঘৰো মৰণ

বেয়া কাম কৰি কোনো সাৰি যাব নোৱাৰে ।বেয়া কামৰ কুফল কৰোতাজনে এদিন ভোগ কৰিবই।  

   বাঘ অতিশয় হিংস্র জন্তু; ইহঁত মাংসভোজী। খাদ্যৰ বাবে ইহঁতে আন জন্তুৰ লগতে নিৰীহ গৰুও বধ কৰে। গো-বধ মহাপাপ। অধিক গৰু বধ কৰিলে, বাঘৰো মহাপাপ হয়; তাৰ ফলত তাৰ আয়ুস টুটে।  বাঘে গৰু মৰা শুনিলে মানুহেও বাঘক বধ কৰিবলৈ সষ্টম হয় আৰু গৰুক বাঘৰ পৰা বচাবলৈ মানুহে বিভিন্ন ফান্দ পাতি  বাঘ বধ কৰে। যিমানেই শক্তিশালী নহওক কিয় অত্যাচাৰ বাঢ়িলে মৰণো ওচৰ চাপি আহে। গতিকেই বাঘৰো মৰণ হয়। ঠিক একেদৰেই মানুহ যিমানেই প্ৰতাপী বা শক্তিশালী নহওক কিয় বেয়া কাম কৰিলে বেয়া কামৰ পৰিণাম এদিন ভোগ কৰিবই লাগিব।   সেয়ে মানুহে অসৎ কামৰ পৰা সদায় বিৰত থকা উচিত; অসৎ কামৰ কুফলে মানুহৰ জীৱন দুৰ্বিসহ কৰি তোলে।

কিনা হাঁহৰ ঠোটলৈকে মঙহ।

ধন ভাঙি কিনি অনা বস্তুক  যথেষ্ট মূল্য দিয়া হয়।

    এনেয়ে পোৱা বস্তুতকৈ ধন ভাঙি কিনি অনা বস্তুক  মানুহে বেছি মূল্য দিয়ে।ধন ভাঙি কিনি অনা বস্তুৰ ক্ষূদ্ৰাতিক্ষূদ্ৰ অংশ এটাকো অথলে যাব দিয়া নহয়। আনকি ধন ভাঙি কিনি অনা বস্তুৰ অদৰ্কাৰী অংশ এটাকো পেলাই দিবলৈ মানুহে টান পায়। ধন দি কিনি অনা হাঁহ এটাৰ ঠোঁটৰ মাজতো যেন মঙহ থাকে , হাঁহটোৰ  মঙহ এনেভাৱে বাছি কুটি উলিওৱা হয়  যে খাব পৰা এটি  সৰু অংশও  বাদ পৰি নাযায়। হাঁহটোৰ আন  অংশটো বাদেই   ঠোঁটটোৰ গুৰিলৈকে মঙহ এনেদৰে বিচৰা হয় যে  খাব পৰা হ’লে যেন ঠোঁটটোকে খালেহেঁতেন । দৰাচলতে মূল্য দি অনা যিকোনো বস্তুৰ  সামান্য অংশও মানুহে হানি হ’বলৈ নিদিয়ে, হানি হ’বলৈ দিয়া উচিত নহয়, সামান্য অংশ হানি হোৱা মানেই কিছু অংশ ধনৰ অপচয় হোৱা।

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা ।

ঢিলা বা সৰল মানুহ পালে  অসজ মানুহে  অনায়াসে অপকাৰ কৰিবলৈ লয়।

   আদা পূৰঠ হ’লেহে জাল বেছি হয় । কুমলীয়া অৱস্থাত  আদাৰ জাল কম। পূৰঠ আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে ৰুকি বা বাকলি গুছাই লব লাগে। কিন্তু কুমলীয়া আদাৰ ছাল কোমল বাবে হাতেৰে মোহাৰিয়ে খাব পাৰি । সৰল মানুহবোৰৰ মন বোৰো কুমলীয়া, সহজতে তেওঁলোকক পতিয়ন নিয়াব পাৰি। সৰল মানুহৰ সৰলতাৰ সুযোগ লৈ অসজ প্ৰবৃত্তিৰ ব্যক্তিয়ে বহু সময়ত তেওঁলোকক ঠগ প্ৰৱঞ্চনা কৰে, নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। শঠ-প্ৰৱঞ্চকৰ বাবে কুমলীয়া, সৰল অন্তৰৰ মানুহবোৰক প্ৰৱঞ্চনা কৰা বা অপকাৰ কৰাতো কুমলীয়া আদাক  ভৰিৰে মোহাৰি খোৱাৰ দৰে অতি সহজ কাম। কিন্তু সজ লোকে কেতিয়াও তেনে কাম নকৰে । সৰল মানুহৰ সৰলতাক শ্ৰদ্ধা কৰিব লাগে , তেওঁলোকৰ সৰলতাৰ সুযোগ লৈ তাৰ অপব্যৱহাৰ কৰিব নালাগে।

কুকুৰৰ নেজ দীঘল হয়, নিজে পাৰি বহিব ।

স্বাৰ্থপৰ, লোভী আৰু হিংসুক প্ৰবৃত্তিৰ লোকে যি ধন উপাৰ্জন কৰে সেই ধনে অকল তেওঁলোককহে উপকৃত কৰে , আনক  নহয়।

   কুকুৰক মানুহে অস্পৃশ্য জীৱ বুলিয়ে ধৰে;  তাৰ যদি নেজ দীঘল হয়, তেনেহ’লে সি নিজেহে পাৰি বহিব । তাৰ নেজ দীঘল হলে আনৰ  একো উপকাৰ নহয় । স্বাৰ্থপৰ, লোভী আৰু হিংসুক প্ৰবৃত্তিৰ লোকেও  নানা অসৎ উপায়েৰে ধন ঘটে । সেই ধন তেওঁলোকে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবেহে ব্যৱহাৰ কৰে। স্বাৰ্থপৰ, লোভী আৰু হিংসুক লোকৰ  অসৎ উপায়েৰে অৰ্জা ধনৰ তালিকা যিমানেই দীঘলীয়া নহওঁক কিয় , তেওঁলোকৰ সম্পত্তিৰ হিচাপ যিমানেই বাঢ়ি নায়াওক কিয়, সেই  ধন , সেই  সম্পত্তি সমাজৰ বা আনৰ কোনো কামৰ নহয়, তাৰপৰা আনৰ বা সমাজৰ একো উপকাৰ নহয় । ধনৰ বৰ্ধিত তালিকাই অকল তেওঁলোককহে ভোগ বিলাস দিব , সমাজক নহয়। এনে ধন, অৰ্থাৎ  অকল নিজৰ বাবে অৰ্জা ধন, কুকুৰৰ দীঘল নেজৰ তুল্য।

খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা ।

খঙত হিতাহিত জ্ঞান হেৰুৱাই নিজৰ অনিষ্ট কৰি বহুদিনলৈ তাৰ কুফল ভোগ কৰা ।

  খং মানুহৰ ডাঙৰ শত্রু। বেছিকৈ খং উঠিলে মানুহে হিতাহিত জ্ঞান হেৰুৱাই পেলায়,খঙৰ জালত কি কৰিছে, কি নকৰিছে নিজেই ক’ব নোৱাৰা হয়। খঙৰ প্ৰকোপত কেতিয়াবা আনৰ অনিষ্ট কৰিব নোৱাৰি  নিজৰে ঘোৰ অনিষ্ট কৰে।  খং যেতিয়া মাৰ যায়,  তেতিয়াহে অনুশোচনা আহে আৰু কৃতকৰ্মৰ বাবে অনুতাপত ভুগিব লগা হয় । খঙতে নিজৰ পেটকে কাটি লৈ নিজৰ পেটৰ ঘা শুকুৱাবলৈ পাছত ছমাহ বা তাতোকৈ বেছিদিন শুকনী (ঔষধ) খাব লগা হোৱাৰ দৰে হয়। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে খঙৰ জালত মানুহে যে অকল আনৰ অনিষ্ট সাধন  কৰে তেনে নহয়, নিজৰো অনিষ্ট সাধন কৰি যথেষ্ট কষ্টভোগ কৰিব লগা হয়। সেয়ে মানুহে কেতিয়াও খঙক লাই দিব নালাগে, খঙক সদায় নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব লাগে।

সামৰ্থ্য বা যোগ্যতা অনুযায়ীহে কাম কৰিব লাগে। 

  মহে কামুৰিলে বিভিন্ন বেমাৰ হয়। এই বেমাৰে কেতিয়াবা ভয়ংকৰ ৰূপ ধাৰণ কৰি জীৱন আতংকময় কৰি তোলে। সেয়ে   মহৰ কামোৰৰ পৰা ৰক্ষা পাবৰ বাবে মানুহে আঁঠুৱা ব্যৱহাৰ  কৰে। আঁঠুৱা ব্যৱহাৰ কৰোতে আঁঠুৱা যিমান দীঘল সেই মতে ঠেং মেলি আঁঠুৱাৰ তলত শুব লাগে। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে, আঁঠুৱা দাং খাই থাকিব আৰু মহ সোমাই কামুৰিব, তেতিয়া আঁঠুৱা তৰাৰ কোনো অর্থই নাথাকিব; তদুপৰি আঁঠুৱাও ফাটিব। গতিকে আঁঠুৱাৰ  জোখ অনুযায়ীহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সামৰ্থ্য বা যোগ্যতা অনুযায়ীহে কাম কৰিব লাগে, আয় চাইহে ব্যয় কৰিব লাগে । সামৰ্থ্য বা যোগ্যতাক আওকান কৰি কাম কৰিলে সফলতা লাভ কৰাতো দূৰৰে কথা, বিপদেহে লগ দিব। তেনেদৰে আয়তকৈ ব্যয় বেছি হ’লে ধাৰত পোত যাব লাগিব । সেয়ে কোনো কাম কৰাৰ আগতে নিজৰ সামৰ্থ জানি লৈহে আগবাঢ়িব লাগে।

ফকৰা-যোজনা Read More »

ব্যক্তিগত চিঠি

মা-দেউতা, আত্মীয়-স্বজন, ভাই-ভনী, বন্ধু-বান্ধৱীলৈ লিখা  চিঠি-পত্রবোৰক কোৱা হয় ব্যক্তিগত চিঠি- পত্র।

ক’ব লগা কথাখিনি বা প্ৰকাশ কৰিব লগীয়া ভাবখিনি কম কথাতে সুন্দৰকৈ সজাই পৰাই পত্রৰ আকাৰ দিব পৰাটো এক বিশেষ কলা। আন আন চিঠি-পত্রৰ দৰে ব্যক্তিগত চিঠি-পত্রৰো নিজস্ব আকাৰ বা লিখাৰ নিজস্ব ধৰণ আৰু অংগসজ্জাৰ নিৰ্দিষ্ট নিয়ম আছে।

ব্যক্তিগত চিঠি-পত্র লিখোতে তলৰ নিয়ম বোৰ মানি চলা হয়।

ব্যক্তিগত চিঠি- পত্রৰ আৰ্হি বা নমুনাঃ

১.পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে জনাই দেউতাকলৈ লিখা চিঠি

   ২.      জন্মদিনলৈ নিমন্ত্ৰণ জনাই বন্ধুলৈ লিখা চিঠি  

ব্যক্তিগত চিঠি Read More »

খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা( গা, ঘৰ,চকু, মুখ)

খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা( গা, ঘৰ, চকু ,মুখ)

গা

 খণ্ডবাক্য অৰ্থ  বাক্য
গা কৰপুষ্ট হ, হীন অৱস্থাৰ পৰা ভাললৈ আহমানুহজনৰ ঘৰৰ অৱস্থা খুবেই বেয়া আছিল, ডাঙৰ লৰাটোৱে চাকৰিত সোমোৱাৰ পিছতহে  ঘৰখন কোনোমতে গা কৰি উঠিছে।
গা ধৰশকত হযোৱা দুটা বছৰে বেমাৰত পৰি ছোৱালীজনীৰ অৱস্থা নোহোৱা হৈছিল, নতুন চিকিত্ সক জনে দিয়া ঔষধ-পাতিবোৰ খোৱাৰ পিছত এতিয়াহে অলপ গা ধৰিছে।
গা উঠকোনো কাম কৰিবলৈ উদ্যোগী হসি বৰ কৰ্মথ ডেকা,তাৰ গা উঠিছে যেতিয়াএইবাৰ গাঁৱত পুথিভঁৰালটো হ’বই।
গা এৰা দেসম্পর্ক এৰাকামটো কৰিম বুলি তেওঁ আমাক কথা দিছিল কিন্তু সময়ত তেওঁকামটোৰ পৰা  গা এৰা দিলে।
গাই বাই চাযত্ন কৰি চোৱাপুতেকৰ চাকৰিটোৰ বাবে মানুহজনে কিমান যে গাই বাই চালে !চাকৰিটো কিন্তু ৰাজনৈতিক নেতা এজনৰ সম্পৰ্কীয় ল’ৰা এজনেহে পালে ।
গা ঘেলাকাম-বন নকৰি ঘূৰি ফুৰাতাৰ প্ৰতিভা আছিল ,কিন্তু তাৰ গা ঘেলাই ফুৰা স্বভাৱটোৰ বাবে সি জীৱনত একো কৰিব নোৱাৰিলে।
গা পাতি লদায়িত্ব লদোষটো ভায়েকেহে কৰিছিল ।ভায়েকক বচাবলৈ  ককায়েকে দোষটো গা পাতি ললে।
গাত লদায়িত্ব লমান্তি হৰাইজৰপূজাখনত মাহ-প্ৰসাদ খিনি দিব বুলি তেওঁগাত লৈছে।
গা টেঙাবেজাৰ পাঘৰৰ একমাত্ৰ ল’ৰাজনক লৈ ঘৰখনৰ সকলোৰে বহুতো আশা আছিল ।কিন্তু তাৰ পৰীক্ষাৰ নম্বৰ দেখি সকলোৰে  গা টেঙাইছে।
গাত দেদায়িত্ব আৰোপ কৰবিয়াঘৰত অতিথিক সোধ-পোছ কৰাৰ ভাৰ দৰাৰ মামাকৰ গাতদিছে যেতিয়া আৰু চিন্তা নাই, মামাকে সকলো চম্ভালি ল’ব।
গাঁ ছোমাৰলৰাজনৰ উদ্ভাণ্ডালি দিনে দিনে বাঢ়ি গৈছে।যোৱা ৰাতি মদ খাই দেউতাকৰ গা-ছুবলৈকে চোচা লৈছিল।
গাত হাত দেমাৰ, অপদস্থ কৰমদ খাই আহি ঘৈণীয়েকক অকথ্য গালি গালাজ পাৰি গাত হাত দিয়া বাবে  আজি ওচৰচুবুৰীয়াই তাক পুলিচক গতাই দিলে।  
গা জুৰ পৰগা শাঁত হকনমানি ছোৱালীজনীয়ে ভূপেন হাজৰিকাৰ গানটো ইমান শুৱলাকৈ গাইছে !গানটো শুনি মোৰ গা জুৰ পৰি গৈছে।
গা টঙানৰিয়াৰপৰা ভাল হ)দুটামাহে মানুহজনে বেমাৰত যমৰ যন্ত্ৰণা ভুগিলে। আজি কেইদিনমানৰ পৰাহে লাহে লাহে গা টঙাব ধৰিছে।
গা সাৰৰক্ষা পৰ, বিপদৰপৰা উদ্ধাৰ হবনৰীয়া হাতীটোৱে মানুহজনলৈ  যেনেকৈহে চোচালৈছিল, কোনোমতেহেমানুহজনে গা সাৰি আহিব পাৰিলে।
গা লগাই কৰমন দি কৰদলটোৰ সকলো সদস্যই গা লগাই কৰা বাবেহে ইমান সোনকালে কামটো সম্পূৰ্ণ হ’ল।
গা দাংনৰিয়াৰপৰা উঠবুঢ়া মানুহজনে বহুদিন নৰিয়াত পৰি আছে,  গা দাঙিব নোৱাৰিব যেনেই লাগিছে।
গা দাঙি কসাহ কৰি ককামটো টান বুলি জনাৰ পিছতো সি কামটো কৰিব বুলিগা দাঙি ক’লে।
গা গধুৰএলেহুৱাসি যিহে গা গধুৰ ল’ৰা ,কামটো সি এমাহতো কৰি শেষ কৰিব নোৱাৰিব।  
গা ৰাই-জাঁই কৰঅথিৰ হবিহুৰ বতৰত ঢোল পেপাৰ মাত শুনিলে বিহু নাচনীৰগা ৰাই-জাঁই কৰে।
গা চাই ফুৰসাৱধান হৈ ফুৰযিহে দিন কাল পৰিছে, গা চাই নুফুৰিলে কেতিয়া জেলৰ ভাত খাব লাগে তাৰ ঠিকনা নাই।
গা তোলউদ্‌গাই দেল’ৰাটো তেনেই অজলা, লগৰবোৰে  গা তুলি দিয়া বাবেহে সি তেনে এটা বেয়া কাম কৰিলে।
গা নচুৱাই ফুৰধেমালি কৰি ফুৰাকাম বন নকৰি গা নচুৱাই ফুৰা  বাবেতাইক মাকে সদায় গালি পাৰে।
গা জুৰাসন্তোষ পাএকমাত্ৰ পুতেকজনে চাকৰিপোৱা খবৰটো শুনি বিধবা মাকজনীৰ গা জুৰ পৰিছে।
গা ৰাখকষ্টৰপৰা ৰক্ষা কৰাহঠাতে তাৰ দেউতা টান নৰিয়াত পৰিল। এনে বিপদৰ সময়ত খুৰাক জনে একলাখ টকা দি পৰিয়ালটোৰ গা ৰাখিলে।
গা দুখাবেজাৰ পা, দুখ পাএকমাত্ৰ  নাতিয়েককককাকে সৰুৰে পৰা লাই দি দি গুৰু গোসাই নমনা কৰিলে, এতিয়া পিছে তাৰ অভদ্ৰ আচৰণ দেখি তেওঁৰ গা দুখাইছে।
গা আছেশকতল’ৰাটিৰ বেছ গা আছে। লিখিত পৰীক্ষাত উত্তীৰ্ণ হলে পুলিচৰ চাকৰিটো সিয়েই পাব যেন লাগিছে।  
গা নাইকেটেণ্ডাতাৰ গা নাই যদিও সি বেমাৰী নহয় ।

ঘৰ

ঘৰ পাতবিয়া কৰাই দেলৰাটোৰ চাকৰি-বাকৰি হোৱাই নাই , মাক বাপেকে জোৰ কৈ তাৰঘৰ পাতি দিলে।
ঘৰ কৰগৃহস্থালি পাতচাকৰি-বাকৰি হোৱাই নাই । সি যে ঘৰ কৰিব বিচাৰিছে,খুৱাব কি ?
ঘৰ ভাঙ  পৰিয়ালৰ মাজত কাজিয়া হৈ বেলেগ হদেউতাক মৰাৰ পিছত ভায়েক-ককায়েক কেইজনে ঘৰখন বৰ ধুনীয়াকৈ ধৰি ৰাখিছিল। নতুন বোৱাৰীজনী আহিভায়েক-ককায়েকৰ মাজত কন্দল লগাই ঘৰ ভাঙিলে।
ঘৰ লগিৰিহঁতৰ ঘৰ নেৰাআজি এসপ্তাহেই হল ,এহাল কপৌ চৰাই আহি সিহতৰ  ঘৰ লৈছে।
ঘৰ জোঁৱাই(চপনীয়)ল’ৰাজনে ঘৰ জোঁৱাই হবলৈ অমান্তি হোৱা বাবেই মানুহজনে ছোৱালীজনীক তালৈ বিয়া নিদিলে।
ঘৰ গিৰীঘৰ চলাওঁতামানুহজনৰ নিজৰ চাকৰিয়াল  লৰাজন থাকোতে তোমাক নো ঘৰ-গিৰী হবলৈ কোনে কৈছিল
ঘৰ গোনাসদায় ঘৰতে মই বৰ হৈ থকাতাৰ ঘৰ গোনা স্বভাৱটোৰ বাবে ঘৰৰ মানুহবোৰ অতিস্ত হৈ পৰিছে।
ঘৰ ধৰাগৃহস্থালি চলোৱামানুহজনে পুতেকৰ বাবে  ঘৰ ধৰিব পৰা ছোৱালী এজনী বিচাৰি আছে।
ঘৰ গছকান বোৱাৰীক ঘৰ দেখুৱাই নিয়াবিয়াৰ দিনা ৰাতিয়ে কইনাজনীক ঘৰ গছকাই নিলে।

চকু

চকু গজ (বুজন হ, ভাল বেয়া বুজিব পৰা হ) : ল’ৰা ছোৱালী দুটিৰ চকু নগজিলেই , মাকজনী ঢুকাই থাকিল !

চকু দে (নজৰ দে, সাবধান হ ): ল’ৰা ডাঙৰ হৈ আহিছে। যিহে দিন কাল পৰিছে! অলপ চকু দিবা যাতে অবাটে বাট নুবুলে।

চকু কৰ (সাবধান হ): কিবা এটা  কাম কৰিব ধৰিলে তুমি সকলো পাহৰি যোৱা। দেহটোলৈ চকু কৰিবা , নহলে দুৰ্বল হৈ পৰিবা।  

চকুত লগা (ধুনীয়া হ, মন খা ) তেওঁৰ বাৰীখন তামোল পাণে চকুত লগা হৈ উঠিছে।

চকুত পৰ (মন আকৰ্ষণ কৰ) ছোৱালীজনী দেখাই-শুনাই,কথা বতৰাই বৰ শুৱনি , সকলোৰে চকুত পৰে।

চকু পৰ (দেখিবলৈ পা) অত দিন ঠাই খনলৈ আহিছো, কেকুৰীটোত থকা ফলক খনত মোৰ আজিহে চকু পৰিল।

চকু ৰোৱা (দেখিবলৈ ধুনীয়া) মানুহগৰাকীয়ে ফুলনিখন চালে চকু ৰোৱাকৈ ৰাখিছে।

চকু লাগ (টোপনিত চকুমুদ যা ) মোৰ চকু লাগিছিলহে মাত্ৰ, তই আহি জগালিয়েইনে !

চকু মুদ (প্রাণ এৰ, মৰ) শেষ সময়ত নাতিয়েকক চাবলৈ মানুহজনৰ বৰ হেপাহ আছিল।  বিদেশৰ পৰা নাতিয়েক আহি পোৱাৰ আগতেই মানুহজনে  চকু মুদিলে।

চকু ফুৰা (ওপৰে ওপৰে চা) আজিৰ বাতৰিত প্ৰকাশিত  মোৰ প্ৰবন্ধটোত এবাৰ চকু ফুৰাবা চোন।

চকু পকা (খং কৰা, খঙেৰে চোৱা) মইনো কি কৰিলো ?  মোকযে এনেদৰে চকু পকাই চাইছা ?  

চকু ৰাখ (যত্ন ল ) ল’ৰাটো পঢ়া-শুনাৰ প্ৰতি  উদাসীন। মাকজনীয়ে সদায় চকু ৰাখে বাবেহে সি পৰীক্ষাত উত্তীৰ্ণ হৈছে।

চকু মেলি চা (অনুগ্রহ কৰ) বেচেৰী দুখীয়া বিধবা মানুহজনীলৈ ভগৱানে যে কেতিয়া চকু মেলি চাব !  এমা-ডিমা লৰা ছোৱালী কেইটা লৈ  মানুহজনীৰ বৰ কষ্ট হৈছে।

চকু মুদা কুলি (প্রৱঞ্চক, ফাঁকি দি খোৱা মানুহ) সি যে চকু মুদা কুলি মই নাজানিছিলোৱে , ইমান সহজতে সি মোক ফাঁকি দি মোৰপৰা টকা সৰকাই লৈ গল

চকুৰ কুটা (অপ্রিয় শতৰু) মাহী মাকজনীক মাউৰা লৰাটোৱে ইমান ভাল পায় ,অথচ মাহী মাকজনীৰ মনত সি চকুৰ কুটা।

চকুত ধূলি মাৰ, চকুত বালি মাৰ (ফাঁকি দে,প্ৰৱঞ্চনা কৰ)  কেনে অঘাইটং চোৰ দেও! ঘৰখনত ইমানবোৰ মানুহৰ চকুত ধূলি মাৰি আলমাৰিৰ পৰা সকলোবোৰ গহনা চুৰি কৰি লৈ গল।

চকুৰ পচাৰতে (নিমিষতে, তৎক্ষণাৎ ) চকুৰ পচাৰতে বানপানীয়ে অঞ্চলটোৰ ঘৰ-দুৱাৰ সকলো উটুৱাই লৈ গল।

চকু চৰহা (লোকৰ ভাল দেখিব নোৱৰা) মানুহজনী ইমানেই চকু চৰহা যে ওচৰৰ ঘৰৰ ছোৱালীজনীয়ে চাকৰি পোৱা বুলি শুনি চতফটাই আছে।

চকুৰ কুটা, দাঁতৰ শাল (অপ্রিয় শতৰু) তেজীমলা মাহীমাকৰ চকুৰ কুটা, দাঁতৰ শাল আছিল।

চকু থাকি খালত পৰ (জানি শুনি বিপদত পৰ) : মানুহজন যে চোৰ স্বভাৱৰ সেই কথা জনাৰ পিছতো তুমি তাক তোমাৰ ঘৰত থাকিব দিছিলা। সুবিধা পাই সি তোমাৰ ঘড়ীটো লৈ গল। চকু থাকিও তুমি খালত পৰিলা।

মুখ

মুখ কৰ (মুখ ঘুৰা):  সেইফালে মুখ কৰি থিয় হৈ থকা বাবে মই মানুহজনৰ মুখখন ভালকৈ দেখা নাপালোঁ।

মুখ ঘূৰা (অন্যফালে মন কৰা ) :  আমাৰ কথা শুনি নেতাজনে মুখ ঘূৰোৱা যেন পালোঁ, ক’ত আৰু কামটো হব ?

মুখলৈ চা (পুতৌ কৰ): দুখীয়া মাকজনীৰ মুখলৈ চাইহে  গাওঁখনৰ ৰাইজে তাক ক্ষমা কৰি দিলে, নহ’লে সি জেলৰ ভাত খালে হেঁতেন ।

মুখ চা (পুতৌ কৰ) চাকৰি কৰিব খুজিছা যদি ভালদৰে পঢ়া শুনা কৰা,  মুখ চাই কোনোবাই চাকৰি দিব বুলি ভাবি নাথাকিবা ।

মুখ পাত (আনৰ মৌখিক বিবাদত যোগ দে)  মানুহজনে তাৰ আগত কথাটো উলিয়াবহে পালে, তাই আহি পোনেই মুখ পাতি ল’লে নহয়!

মুখ পাতি ধৰ (আনৰ মৌখিক বিবাদত যোগ দে): দুইজন বন্ধুৰ মাজত কাজিয়া লাগিছে, তই মুখ পাতি ধৰিছহি কেলেই ?

মুখ হাত ধো (মল-মূত্র ত্যাগ কৰ): তুমি অলপ সময় বহা,মই মুখ-হাত ধুই গাটো তিয়াই আহোঁ।

মুখৰ ছাই গুচা (মৃতকৰ শ্রাদ্ধাদি কৰি শুচি হ): যোৱাটো মাহত সি দেউতাৰ মুখৰ ছাই গুচাই উঠিছিলহে মাথোন, আজি আকৌ তাৰ মাকজনীও ঢুকাই থাকিল।

মুখ ফালি ক (খুলি ক):  মুখ ফালি  কথা ক’বলৈ শিকিবা , তেতিয়াহে আনে তোমাৰ সমস্যাবোৰো জানিব।

মুখত দে (চাকি চা, খা ) বোপাই ঔ! কাম বন পিছতো কৰিবি , আগতে চাহটোপা মুখত দি লচোন !

মুখ মৰ (মৌন হ, নিমাত হ): সি বৰ টেপটেপাই আছিল, নেতাজনৰ ধমকি খোৱাৰ পিছত তাৰ মুখ মৰিল।

মুখ মাৰ (আনৰ ভাগ কাঢ়ি ল) চল-চাতুৰীৰে ল’ৰাজনৰ মুখ মাৰিবলৈ তোক কিহে পাইছিল , এতিয়া পিছে কি হল? নিজৰ খিনিও হেৰুৱালি।

মুখ লাগ (আনৰ লোভৰপৰা পীড়া হ, অপকাৰ হ): ইমান ধুনীয়া ছোৱালীজনী দিনে দিনে শুকাই খীনাই যাব ধৰিছে । কাৰোবাৰ মুখ লাগিছে হ’ব পায় !

মুখ সলা (সদায় খোৱা বস্তু এৰি আন বস্তু খা) : কিবা বেমাৰেই হৈছে চাগে!  মুখ সলাই খোৱাৰ পিছতো , খোৱাত ৰুচি বঢ়া নাই।

মুখ নোহোৱা (কথা সজাই ক’ব নজনা) : তোৰ দৰে মুখ নোহোৱা মানুহএটাই ক’ত  নিৰ্বাচন খেলিব পাৰিবি !

মুখ মেলি থাক (লোকলৈ আশা পালি থাক): তোমাৰ লগৰবোৰে নিজে লাগি মেলি মন্ত্ৰীৰ পৰা কাম আদায় কৰি ল’লে, তোমাৰ মুখ মেলি থাকোতেই গ’ল।

মুখৰ ভাত কাঢ়ি নে (পোৱা সুবিধা এৰি দে, নিজৰ অকর্মণ্যতাৰ কাৰণে আনে সুবিধা কৰি লোৱা): বিদেশীয়ে অসমৰ বুকুৰ সম্পদেযে অকল  বুটলি নিছে এনে নহয় , অসমীয়াৰ  মুখৰ ভাতো কাঢ়ি নিছে।

মুখেৰে সাত হাল বা (বৰাই কৰি ক):সি মুখেৰেই সাত হাল বাই থাকে. কামত হ’লে একো নাই।

মুখ মেলি থাক (লোকলৈ আশা পানি থাক)নিজে চেষ্টা নকৰি মুখ মেলি থাকিলেই চাকৰি  মিলিব নে?

মুখৰ বান্ধ (বাছি খা): মানুহ জনৰ ইমান বেমাৰ !  অথচ মুখৰ বান্ধ নাই, যি পায় তাকেই খায়।

মুখৰ কথা (অসাৰ কথা, প্রমাণহীন কথা)  তাৰ মুখৰ কথাত  ভোল গৈ তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা ল’ব নালাগিছিল।  

 মুখ নাই (ভালদৰে কথা ক’ব নজনা) প্ৰতিবাদী কাৰ্যসূচীতযে আগভাগ ল’ব ওলাইছ তোৰ দেখোন  মুখেই নাই ।

মুখৰ ওপৰত ক (ভয় নকৰাকৈ সন্মুখতে ক): ল’ৰাটোক মই একেবাৰে ভাল নাপাও। সি মাক-দেউতাকৰ মুখৰ ওপৰতে কয়।

মুখত সোপা দিয়া (নিমাত কৰা) ৰাইজৰ আগত কথাটো উলিয়াব লাগিছিল। কিয় নুলিয়ালা ? তোমাকতো কোনেও মুখত সোপা দিয়া নাছিল ?

মুখৰ ভাত কাউৰীয়ে নিয়া (অতি অকর্মণ্য): তোমাৰ নিচিনা মুখৰ ভাত কাউৰীয়ে নিয়া এটাৰ লগত মই কামটো কৰিব লোৱাৰ  বাবেই কামটোত বিফল হ’লো।

মুখ উজ্জ্বল কৰ (নামজ্বলা হ): সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ সি তাৰ বংশৰ মুখ উজ্জ্বল কৰিলে ।

মুখ ওলোমা, মুখ ওফোন্দা (অসন্তোষৰ ভাব দেখুওৱা)-তাৰ লগত  কথা কবলৈয়ে মন নাযায়, সৰু সৰু কথাতেই সি মুখ ওলোমাই দিয়ে।

খণ্ডবাক্য বা জতুৱা ঠাঁচৰ দ্বাৰা বাক্য ৰচনা( গা, ঘৰ,চকু, মুখ) Read More »