অনুসৰ্গ

১.যিবোৰ বৰ্ণ সমষ্টি ক্ৰিয়া বা অন্য পদৰ পিছত বহি সিহঁতৰ অৰ্থ বিশেষভাবে দেখুৱায়, সেইবোৰক অনুসৰ্গ বোলা হয়।
২. অনুসৰ্গক স্বাৰ্থিক প্ৰত্যয় নাইবা ক্ৰিয়াবাচক পৰসৰ্গও বোলা হয়।
৩.
| অনুসৰ্গ | ব্যৱহাৰ | উদাহৰণ |
| হঁক | বহুবচনত অনুৰোধ অৰ্থত | আমি খেলোঁহঁক। |
| তো | দৃঢ়তা অৰ্থত | মইতো যামেই। |
| হ’বলা | অনিশ্চয়তা অৰ্থত | সি তালৈ গৈছিল হ’বলা। |
| চোন | আদেশ, | তুমি এতিয়াই আহাচোন। |
| অনুৰোধ | তুমি কামটো কৰি দিব পাৰিবা নেকি চাবাচোন। | |
| আশ্বৰ্য বুজোৱা অৰ্থত | তুমিচোন এতিয়াই আহিলা ! | |
| ও | সত্বেও অৰ্থত | তুমি নাহিলেও মই যাম । |
| হে | দৃঢ়তা, নিশ্চয়তা অৰ্থত | সিহে যাব। |
| ই | দৃঢ়তা অৰ্থত | মই কামটো কৰিমেই। |
| এ(য়ে) | দৃঢ়তা অৰ্থত | মোৰ কিতাপখন সিয়ে নিছে। |
৪.আন কেতবোৰ অনুসৰ্গৰ ব্যৱহাৰঃ
| কে় (লৈকে) | সি আজিলৈকে সঁচা কথাটো নক’লে। |
| এই (য়েই, ৱেই) | তুমিয়েই কামটো কৰা। |
| গৈ | মই গুৱাহাটীৰ পৰা আহিলোঁগৈ। |
| হি | সি কেতিয়াবাই ঘৰ পালেহি। |
| নো | তুমিনো কি ভাবি থাকা ? |
| দে | তুমি ইয়াতে থাকা দে। |
| দেই | তুমি কাইলৈ আহিবা দেই। |
| দেখোন | সি গ’লেই দেখোন। |
| একা | তাৰ স্বভাৱ ভাল নহয় একা। |
| পায় | তাৰ যিহে খং, মাতিবই নোৱাৰো পায়। |
| দেও | কেনেনো অঘাইটং ল’ৰা দেও। |
| হ’লে | মই হ’লে সভাত উপস্থিত থাকিব নোৱাৰিম। |
৫. অনুসৰ্গৰ কেতবোৰ আৰ্হি প্ৰশ্ন
১. ‘ই ‘ অনুসৰ্গটো কি অৰ্থত ব্যৱহাৰ হয় ?
উত্তৰঃ দৃঢ়তা অৰ্থত
২. ‘পায়’ অনুসৰ্গটো ব্যৱহাৰ কৰি এটি বাক্য লিখা ।
উত্তৰঃ তাৰ যিহে খং, মাতিবই নোৱাৰো পায়।
৩. ‘হ’বলা’ অনুসৰ্গটোৰ ব্যৱহাৰ দেখুওৱা
উত্তৰঃ সি তালৈ গৈছিল হ’বলা ।
৪. কেনেনো অঘাইটং ল’ৰা দেও।
এই বাক্যটোত দেও কি (সৰ্গ)
উত্তৰঃ অনুসৰ্গ
