পাঠঃ ভাৰতীয় আদৰ্শত বৈৰাগ্য

১। ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ?

উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।

২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ বেদ 

৩। কর্ম কৰা কৌশলক ভগৱদ্‌গীতাত কি যোগ বুলি কৈছে?

উত্তৰঃ কর্মযোগ

৪। তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি ?

উত্তৰঃ কামসেন্দূৰ

৫। তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি ?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হ’ল ‘সত্য’ আৰু ‘ধর্ম’। অর্থাৎ সত্য ক’বা আৰু ধর্ম আচৰণ কৰিবা ।

১। ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?

উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে স্ব-উপার্জিত ধন-সম্পদ  সমানে বিতৰণ কৰি  ভোগ কৰাৰ কথা সূচাইছে। দৰাচলতে থকাখিনিক সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্ গতি ঘটোৱাকে ভাৰতীয় আদর্শত ত্যাগ বুলি কোৱা হয়।

২। ‘শ্ৰদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম্’ মানে কি?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ মতে  শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক দান কিভাৱে কৰিব লাগে সেই বিষয়ে গুৰুৱে উপদেশ দিছিল- ‘শ্ৰদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম্’। ‘শ্ৰদ্ধয়া দেয়ম্’ মানে হ’ল শ্ৰদ্ধাৰে দান কৰা আৰু ‘অশ্রদ্ধয়া অদেয়ম্’ মানে হ’ল অশ্রদ্ধাযুক্ত মন লৈ, নিদিলে নহয় এনেভাৱে দান কৰিব নালাগে, এনে ভাৱত দান কৰা -নকৰা সমান।

৩। প্রকৃত ত্যাগ মানে কি বুজা?

উত্তৰঃ প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত ,পৰাজয় বৰণৰ তুল্য। থাকিও সংযত ভাৱে ভোগ কৰা আৰু সংবিভাজনৰ  দ্বাৰা সমৃদ্ধিৰ  সদ্‌গতি ঘটোৱাহে প্ৰকৃত ত্যাগ।

৪। ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?

উত্তৰঃ ঈশোপনিষদৰ প্ৰথম মন্ত্ৰটিত বিধিবাক্য হিচাপে আছে ‘ভূঞ্জীথাঃ’, নিষেধ বাক্য মা গৃধঃ। ইয়াত ‘ভূঞ্জীথাঃ’ৰ অৰ্থ হ’ল ভোগ কৰা ।তেন ত্যক্তেন-ভূঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধনম্। অৰ্থাৎ ভোগ কৰা, কিন্তু সাৱধান, ত্যাগ কৰিহে ভোগ কৰা।নিজে ত্যাগৰ ভাৱত থাকি আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ  কৰাটোৱেই উপনিষদৰ বিধান।

৫। ‘অতিথি দেৱো ভৱ’ মানে কি?

উত্তৰঃ উপনিষদত আছে- ‘মাতৃ দেৱো ভৱ’ ‘আচার্য দেৱো ভৱ’ আৰু ‘অতিথি দেৱো ভৱ’। ইয়াৰ জৰিয়তে ব্যক্তিৰ দ্বায়িত্বৰ পৰিধি যে ক্ৰমাৎ নিজৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজলৈ বিস্তৃত সেই কথা সোঁৱৰাই দিয়া হৈছে। ইয়াত ‘অতিথি দেবো ভৱ’ই অতিথিৰ প্রতি সেৱা অর্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া ব্যক্তিৰ দায়িত্বৰ কথা সূচাইছে।ব্যক্তিয়ে যেতিয়া উপাৰ্জন কৰিবলৈ লয় সেয়া অকল তেওঁৰ নিজৰ বা পৰিয়ালৰ বাবেই নহয়, সেই উপাৰ্জনেৰে তেওঁ আচার্য আৰু ‘অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনলৈয়ো সেৱা প্ৰদান কৰা প্ৰয়োজন।

  • চাৰি আশ্ৰম বুলিলে কি বুজা?

উত্তৰঃ ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হয়। এই চাৰি আশ্ৰম হৈছে- ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।ব্ৰহ্মচৰ্য সময়ছোৱা হৈছে  জ্ঞান আহৰণৰ সময়। এই সময়চোৱাবিদ্যাৰ্থী ৰূপত গুৰুৰপৰাজ্ঞান আৰু  কৌশল আয়ত্ব কৰাৰ সময়।এইচোৱা সময় মূলতঃ শৰীৰ, মন আৰু আত্মাৰ বিকাশৰ বাবে উৎসৰ্গা কৰা হয়। দ্বিতীয়টো স্তৰ হৈছে গাৰ্হস্থ্য ।অধ্যয়ন সমাপ্ত কৰি গুৰুৰ আশীৰ্বাদ আৰু উপদেশ গ্ৰহ কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰা হয়।এই সময়চোৱাপাৰিবাৰিক, আৰ্থিক আৰু সামাজিৰ দায়বদ্ধতা পালন কৰাৰ সময়।ভাৰতীয় আদৰ্শত গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন  কৰি উঠাৰ পিছতহে বানপ্ৰস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে। বানপ্ৰস্থত  এজন ব্যক্তিয়ে  নিজৰ পাৰিবাৰিক, আৰ্থিক আৰু সামাজিক দায়িত্বসমূহ পৰৱৰ্তী প্ৰজন্মক গতাই দি অৰণ্যত নিজকে উৎসৰ্গা কৰে আৰু আধ্যাত্মিক অনুশীলনত মনোযোগ দিয়ে। শেষৰ স্তৰটো হৈছে সন্ন্যাস।এই পৰ্যায়টোৱেই হ’ল চূড়ান্ত পৰ্যায়, য’ত ব্যক্তিয়ে নিজৰ সকলো ভৌতিককাম-কাজ ত্যাগ কৰি আত্ম-উপলব্ধিৰ জৰিয়তে পৰমেশ্বৰৰ লগত বিলীন হোৱাৰ প্ৰয়াস কৰে।এইয়াই হৈছেভাৰতীয় আদর্শৰ চাৰি আশ্ৰমৰ মূল।

  • বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা কৈছে?

উত্তৰঃবৈৰাগ্যমানে হৈছে  সংসাৰৰ মায়া-মোহ ত্যাগ কৰা। জাগতিক মোহ আৰু আসক্তিৰ পৰা নিজকে আঁতৰাই আনি  পৰম সত্যৰ সন্ধান কৰিবলৈ আগবঢ়া অৱস্থাই হৈছে বৈৰাগ্য।বৈৰাগ্য অৰ্থাত বিষয়বা ইন্দ্ৰিয়ৰপ্ৰতি অনাসক্তিভাৰতীয় আদর্শৰ এক বিশেষ ধাৰা।

অতি প্ৰাচীন কালৰে পৰাভাৰতীয় আদর্শত ত্যাগ আৰু বৈৰাগ্যই প্ৰধান স্থান লাভ কৰিছে । ভাৰতীয় আদর্শৰ এই ত্যাগ আৰু বৈৰাগ্য নোহোৱাৰ নালাগে বোলা ত্যাগ বা নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়।প্রকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এক বিশেষ মনোধর্ম। নিষ্কর্মাৰ জিৰণি কথাটো যেনেকৈ অর্থহীন, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজতপৰাজয় বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্ৰকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য।আকাংক্ষিত বস্তু পোৱাৰ পাছতো তাৰ প্রতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোৱেইবৈৰাগ্য।ভাৰতীয় আদর্শ মতে কৰ্মই ধৰ্ম।জীৱনৰ কৰনীয় সকলো কৰ্ম কৰিও নিৰাসক্তভাৱে থাকি মানুহে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। এয়ে ভাৰতীয় আদর্শৰ বৈৰাগ্য।

  • গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ?
উত্তৰঃ  উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে গার্হস্থ্য ধৰ্ম কেনেদৰে পালন কৰিব লাগে সেই বিষয়ে বিভিন্ন  উপদেশ দিছিল । গুৰুৰ   প্ৰথম উপদেশ হৈছে সত্য আৰু ধর্ম। সত্য পথত থাকিব লাগে আৰু ধর্ম আচৰণ কৰিব লাগে।  গার্হস্থ্য জীৱনতো প্রত্যেক ব্যক্তিয়ে অধ্যয়নৰ পৰা বিচ্যুত হ’ব নালাগে। আচার্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিব লাগে।  গুৰুৱে শিষ্যক নিজৰ,পৰিয়ালৰ আৰু সমাজৰ মংগলৰ কাৰণে সৎ পথত থাকি ধন-সম্পদ সংগ্ৰহ ৰূপ মংগলজনক কৰ্ম কৰিবলৈ উপদেশ দিছে। কৰ্ম সাধন কৰাটোৱে ব্যক্তিৰ অন্যতম ধৰ্ম। সত্য আৰু ধৰ্ম পথত থাকি নিৰাসক্ত কৰ্মৰ জৰিয়তে সমৃদ্ধি সাধন কৰি ত্যাগৰ ভাবেৰে  আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰিবলৈ গুৰুৱে উপদেশ দিছে।
    ‘মাতৃ দেৱো ভৱ’, ‘আচর্য দেৱো ভৱ’ আৰু ‘অতিথি দেবো ভৱ’-গুৰুৰ এই উপদেশে ব্যক্তিৰ জীৱন,কৰ্ম, তেওঁ অৰ্জন কৰা ধন-সম্পদ যে নিজৰ আৰু পৰিয়ালৰ লগতে আচার্য আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও সেই কথা  সোঁৱৰাই দিছে।  উপার্জিত ধন, সম্পদ কিদৰে শ্ৰদ্ধাভাৱত সমভাৱে বিতৰণ কৰি বা দান কৰি  সংযতভাৱে ভোগ কৰিব লাগে তাৰো উপদেশ গুৰুৱে দিছে, ।
     যিবোৰ অনিন্দীয় কাম সেইবোৰ কৰিব লাগে আৰু ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে। উপনিষদৰ যুগত বিদ্যার্থীৰ সন্মুখত কর্মময় জীৱনৰ চিত্ৰ এটা এনে উপদেশ-বাণীৰে গুৰুৱে  দাঙি  ধৰিছিল।
  • ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ  মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।

উত্তৰঃ ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ নামৰ পাঠটিত তীৰ্থনাথ শৰ্মাদেৱে ভাৰতীয় সভ্যতা সংস্কৃতিৰ মূলাধাৰ বেদ-উপনিষদ আদি গ্ৰন্থৰ আধাৰত ভাৰতীয় আদর্শত বৈৰাগ্যনো কি তাৰ বৰ্ণনা দাঙি ধৰিছে ।

      ভাৰতীয় আদর্শত  ত্যাগ আৰু বৈৰাগ্যক প্ৰধান স্থান দিয়া হৈছে।ভাৰতীয় আদর্শৰ এই ত্যাগ আৰু বৈৰাগ্য নোহোৱাৰ নালাগে বোলা ত্যাগ বা নোপোৱাৰ অসন্তোষত ওপজা বৈৰাগ্য নহয়। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাহে প্ৰকৃত ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য।ভাৰতীয় আদর্শ মতে কৰ্মই ধৰ্ম। জীৱনৰ কৰনীয় সকলো কৰ্ম কৰিও নিৰাসক্ত ভাৱে থাকি মানুহে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। এয়ে ভাৰতীয় আদর্শৰ বৈৰাগ্য।

উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রৱেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে ত্যাগ বা বৈৰাগ্য এই মহান আদৰ্শক আগত ৰাখি  গার্হস্থ্য ধৰ্ম কেনেদৰে পালন কৰিব লাগে সেই বিষয়ে বিভিন্ন  উপদেশ দিছিল । সত্য আৰু ধৰ্ম পথত থাকি নিৰাসক্ত কৰ্মৰ জৰিয়তে ধন-সম্পদ সংগ্ৰহ আৰু অৰ্থবৃদ্ধি কৰি নিজৰ লগতে পৰিয়াল আৰু  সমাজৰ সুখ আৰু সমৃদ্ধি  সাধন কৰি ব্যক্তিগত আৰু সামাজিক উত্তৰ দায়িত্ব পালন কৰা,স্ব-উপার্জিত ধন- সম্পদ সংবিভাজনৰ দ্বাৰা সমানে শ্ৰদ্ধা আৰু  ত্যাগৰ ভাবেৰে  বিতৰণ কৰা  আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান ।নিৰাসক্ত হৈ কর্মময় জীৱন যাপন কৰাই হৈছে ভাৰতীয় আদর্শত এক সমৃদ্ধিময় জীৱন ।এয়াই ভাৰতীয় আদর্শত ত্যাগ বা বৈৰাগ্য।

  • ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য’ নামৰ পাঠটিৰ লিখক কোন ?

উত্তৰঃ তীর্থনাথ শর্মা 

  • তীর্থনাথ শৰ্মা দেৱৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৯১১ চনত

  • তীর্থনাথ শর্মা  অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ ১৯৭১ চনত অনুষ্ঠিত হোৱা মাকুম অধিবেশনৰ সভাপতি  আছিল।

  • তীর্থনাথ শৰ্মা কোন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল

উত্তৰঃ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ

  • তীর্থনাথ শর্মাৰ দুখন আলোচনা গ্ৰন্থৰ নাম লিখা

উত্তৰঃ মহাত্মাৰ বাণী, ভক্তিবাদ ।

  • তীর্থনাথ শর্মাই লিখা  কবিতাপুথি খনৰ নাম লিখা

উত্তৰঃকামসেন্দুৰ

  • তৈত্তিৰীয় উপনিষদৰ মতে গুৰুৱে বিদ্যাৰ্থীক দিয়া প্ৰথম উপদেশ কি

উত্তৰঃতৈত্তিৰীয় উপনিষদৰ মতে গুৰুৱে বিদ্যাৰ্থীক দিয়া প্ৰথম উপদেশ হৈছ সত্য আৰু ধৰ্ম। ‘সত্য কবা আৰু ধৰ্ম আচৰণ কৰিবা’ ।

  • ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ বেদ

  • ভাৰতীয় আদর্শত কিহৰ পিছত বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে ?

উত্তৰঃ ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।

  • কি বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত হনালাগে

উত্তৰঃ দেৱকার্য আৰু পিতৃকার্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্থ নহ’ব কৈছে।

  • বেদ কেইখন আৰু কি কি ?

উত্তৰঃ বেদ চাৰিখন। সেইকেইখন হ’ল -ঋক্ বেদ, যজুঃ ৰ্বেদ, সামবেদ আৰু অথর্ববেদ।

  • চাৰি আশ্ৰম কি কি ?

উত্তৰঃ চাৰি আশ্ৰম হ’ল -ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস

  • ভগৱদ্‌গীতাৰ মূল বাণী কি ?

উত্তৰঃ কর্মই ধর্ম’-এয়ে  ভগৱদ্‌গীতাৰ মূল বাণী ।

  • কৰ্ম কৰাৰ কৌশলক ভাগৱত গীতাত কি বুলি অভিহিত কৰা হৈছে ?

উত্তৰঃ কৰ্মযোগ

  • ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত বিধি বাক্য কি ?

উত্তৰঃ‘ভুঞ্জীথাঃ’, –মানে ভোগ কৰা।

  • ঈশোপনিষদৰ প্ৰথম মন্ত্রটিত নিষেধ বাক্য কি ?

উত্তৰঃ‘মা গৃধঃ’, –লোভ  নকৰিবা।

  • ঈশোপনিষদৰ প্ৰথম মন্ত্রটি কি ?

উত্তৰঃতেন ত্যক্তেন-ভুঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধনম্। -ভোগ কাৰ ,কিন্তু  ত্যাগ কৰিহে ভোগ কৰা, লোভ নকৰিবা । ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা বা নকৰাকৈ ভোগ কৰা।

  • সমাজ আৰু বাক্তি দুয়োটাৰে  জীবন কল্যাণকৰ আৰু সুখদায়ক হ’বলৈ আৰু পাৰত্রিক শ্রেয়ঃ লাভ কৰিবলৈ যি দুটা মহৎ গুণৰ কৰ্ষণ সমাজৰ প্রত্যেক ব্যক্তিয়ে কৰিব লাগে, সেই কর্ষণীয় গুণ দুটা কি ?

উত্তৰঃ সত্য আৰু ধর্ম

  • যি দুটা মহৎ গুণৰ কৰ্ষণ নকৰিলে ব্যক্তি জীবন আৰু লগে লগে সমাজ জীবন দুঃখদায়ক, পাড়াজনক আৰু বিশশৃংখল হয়, সেই কর্ষণীয় গুণ দুটা কি ?

উত্তৰঃসত্য আৰু ধর্ম।

  • চাৰি আশ্ৰম কি কি ?

উত্তৰঃ চাৰি আশ্ৰম হ’ল -ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

  • ‘অন্নং ন নিন্দ্যাৎ, অন্নং বহুকুৰ্বীত তদ্রতম্।’-এই বাক্যষাৰৰ অৰ্থ কি ?

উত্তৰঃঅন্ন বা খাদ্যক নিন্দা কৰিব নালাগে। অন্ন যিমান পাৰি বঢ়াব লাগে।এই অন্ন বৃদ্ধি কাৰ্য এটা ব্ৰত।

  • দুখন উপনিষদৰ নাম লিখা

উত্তৰ: তৈত্তিৰীয় উপনিষদ আৰু ঈশোপনিষদ

  • মাতৃ দেৱো ভৱ’, ‘আচর্য দেৱো ভৱ’ আৰু ‘অতিথি দেবো ভৱ’। – ইয়াত মাতৃয়ে কি সূচাইছে ?

উত্তৰ: ইয়াত ‘মাতৃ’য়ে পৰিয়ালৰ প্ৰতি থকা দায়িত্বৰ কথা সূচাইছে।

  • মাতৃ দেৱো ভৱ’, ‘আচর্য দেৱো ভৱ’ আৰু ‘অতিথি দেবো ভৱ’।–ইয়াত আচর্য আৰু ‘অতিথিয়ে কি সূচাইছে ?

উত্তৰ: ইয়াত আচাৰ্য’ আৰু ‘অতিথি’য়ে সমাজৰ প্ৰতি থকা দায়িত্বৰ কথা সূচাইছে।

পাঠঃ ভাৰতীয় আদৰ্শত বৈৰাগ্য Read More »