(ক) অতি চমু প্ৰশ্ন : (FOR 1 MARK)
১। ‘উভতি নহাৰ কবিতা‘ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্রহ কৰা হৈছে।
২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘ককাদেউতাৰ হাড়’ নামৰ উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।
উত্তৰঃ ৰোমান্টিক কবিতাৰ কবিয়ে পুনৰজনমত বিশ্বাস কৰে কিন্তু আধুনিক কবিতাই পুনৰজনমত বিশ্বাস নকৰে, আধুনিক কবিয়ে ভাবে যে এই পৃথিবীৰ পৰা এবাৰ গুচি গ’লে মানুহ পুনৰ উভতি আহিব নোৱাৰে।
৪। ‘উভতি নহাৰ কবিতা’ কোন শ্রেণীৰ কবিতা?
উত্তৰঃ আধুনিক কবিতা।
৫। ‘তামীঘৰা’ শব্দটিৰ অর্থ লিখা।
উত্তৰঃ ‘তামীঘৰা’ শব্দটিৰ অর্থ হ’ল ‘তম্বু’।
(খ) চমু প্ৰশ্ন: (FOR 2 MARKS )
১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ ‘হে অৰণ্য হে মহানগৰ’ ,’ৰত্নাকৰ’,আৰু ‘মোৰ আৰু পৃথিৱীৰ’।
২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।
৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘আখৰৰ জখলা’ আৰু ‘শিয়ালী পালেগৈ ৰতনপুৰ’।
৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?
উত্তৰঃ কবিৰ জীয়াই থকাৰ মন্ত্ৰ হ’ল ‘যন্ত্ৰণা’ । ‘জীয়াই থকাৰ ধেমালিটো’কবিয়ে এবাৰেই খেলিছে ।
৫। কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼব ?
উত্তৰঃ কবিয়ে যেনেদৰে এই পৃথিৱীলৈ আহিছে কবিৰ মৃত্যুৰ পিছত তেনেদৰেই আন মানুহো আহিব। সেই মানুহ হব ‘নতুন মানুহ’। তেওঁলোকৰ কাম কাজ, চিন্তাধাৰা, ধ্যান-ধাৰণাত থাকিব নতুনত্ব । এই পৰিৱৰ্তনে আনিব নতুন দিন, নতুন সময়। কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন তাত নাথাকিব ।
(গ)দীঘল প্ৰশ্ন: ( FOR 4 MARKS)
- কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।
উত্তৰঃ আধুনিক কবিয়ে পুনৰজনমত বিশ্বাস নকৰে, আধুনিক কবিয়ে ভাবে যে এই পৃথিবীৰ পৰা এবাৰ গুচি গ’লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। নৱকান্ত বৰুৱা আধুনিক কবি। আধুনিক কবি হিচাপে তেখেতে বিশ্বাস কৰে যে মৃত্যুতেই জীৱনৰ সমাপ্তি । মৃত্যুৰ লগে লগে জীৱন আৰু জগতৰ লগত মানুহৰ সম্পৰ্কৰ চিৰ সমাপ্তি ঘটে। মৃত্যুৰ পিছত কোনো আৰু উভতি নাহে। মৃত্যুৰ জৰিয়তে এবাৰ এই পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ পিছত কোনো মানুহেই পৃথিৱীলৈ আৰু প্ৰত্যাৱৰ্তন নকৰে, কৰিব নোৱাৰে।মানুহে এবাৰেই এই পৃথিৱীত জন্ম লয়, এবাৰেই এই পৃথিৱীৰ সুখ-দুখক আকোৱালি জীৱন অতিবাহিত কৰে আৰু এদিন মৃত্যুৱে মানুহক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰাই লৈ যায়। কবিয়েও এই পৃথিৱীত জন্ম লৈছে, সুখ-দুখ, হাঁহি-কান্দোনেৰে জীৱনটো অতিবাহিত কৰিছে। জীৱনৰ দুখ-যন্ত্ৰণাতো জীৱনৰ সুবাস বিচাৰিছে। জীৱনকালত তেওঁ পৃথিৱীখনক প্ৰাণভৰি ভাল পাইছে।পৃথিৱীৰ প্ৰতি তেওঁৰ অফুৰন্ত ভালপোৱা তেওঁ কৰ্মৰে ,শব্দৰে বহুবাৰ প্ৰকাশ কৰিছে। তেওঁৰ যিদিনা মৃত্যু হ’ব সেইদিনা তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাব, তেওঁ আৰু কেতিযাওঁ ঘূৰি আহিব নোৱাৰে। কবিয়ে জানে পৃথিৱীৰ প্ৰতি থকা তেওঁৰ হেজাৰ ভালপোৱায়ো মৃত্যৰ পিছত তেওঁক উভতাই আনিব নোৱাৰে । জন্ম-মৃত্যুৰ এই চিৰন্তন ধাৰাৰেই, জীৱনৰ সেই একেটি সুৰতেই আন কোনো আহিব-সেই মানুহ হব ‘নতুন মানুহ’। কবিৰ মৃত্যুৰ লগে লগে পৃথিৱীৰ লগত থকা তেওঁৰ সকলো সম্পৰ্কৰ ইতি পৰিব। সেয়ে তেওঁ পৃথিৱীলৈ আৰু উভতি নাহে বুলি কবিতাটোত উল্লেখ কৰিছে।
- ‘উভতি নহাৰ কবিতা’টিৰ মূলভাৱ লিখা ।
উত্তৰঃ নৱকান্ত বৰুৱা আধুনিক কবি। আধুনিক কবিসকল বাস্তৱবাদী । আধুনিক কবিয়ে পুনৰজনমত বিশ্বাস নকৰে, আধুনিক কবিয়ে ভাবে যে এই পৃথিবীৰ পৰা এবাৰ গুচি গ’লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। ‘উভতি নহাৰ কবিতা’টিত কবিয়ে আধুনিক কবিতাৰ এই দৰ্শনটোৱে দাঙি ধৰিছে। মৃত্যুয়ে জীৱনৰ সমাপ্তি । মৃত্যুৰ পিছত কোনো আৰু উভতি নাহে। মৃত্যুৰ জৰিয়তে এবাৰ এই পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ পিছত কোনো মানুহেই পৃথিৱীলৈ আৰু প্ৰত্যাৱৰ্তন নকৰে , কৰিব নোৱাৰে।মানুহে এবাৰেই এই পৃথিৱীত জন্ম লয়, এবাৰেই এই পৃথিৱীৰ সুখ-দুখক আকোৱালি জীৱন অতিবাহিত কৰে আৰু এদিন মৃত্যুৱে মানুহক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰাই লৈ যায়। কবিয়েও এই পৃথিৱীলৈ আহিছে। জীৱনকালত তেওঁ পৃথিৱীখনক প্ৰাণভৰি ভাল পাইছে , দুখ-যন্ত্ৰণাময় জীৱনটোতো জীৱনৰ সুবাস বিচাৰি পাইছে । পৃথিৱীৰ প্ৰতি তেওঁৰ অফুৰন্ত ভালপোৱা তেওঁ কৰ্মৰে ,শব্দৰে বহুবাৰ প্ৰকাশ কৰিছে। তেওঁৰ যিদিনা মৃত্যু হব সেইদিনা তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাব,তেওঁ আৰু কেতিযাওঁ ঘূৰি আহিব নোৱাৰে।কবিয়ে যেনেদৰে এই পৃথিৱীলৈ আহিছে কবিৰ মৃত্যুৰ পিছত তেনেদৰেই আন মানুহো আহিব, কবিৰ দৰেই জীয়াই থকাৰ ধেমালিটো কৰি যাব। সেই মানুহ হব ‘নতুন মানুহ’। তেওঁলোকৰ কাম কাজ, চিন্তাধাৰা, ধ্যান-ধাৰণাত থাকিব নতুনত্ব । এই পৰিৱৰ্তনে আনিব নতুন দিন, নতুন সময়। কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন তাত নাথাকিব। কবিয়ে জানে পৃথিৱীৰ প্ৰতি থকা তেওঁৰ হেজাৰ ভালপোৱায়ো মৃত্যৰ পিছত তেওঁক উভতাই আনিব নোৱাৰে ।
