Class XII Unit V

বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে…..)

১। মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল ।

২। শংকৰদেৱ  আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?

উত্তৰঃ শংকৰদেৱ  আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয় ।

৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?

উত্তৰঃ ‘নামঘোষা’ক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়।

৪। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?

উত্তৰঃ মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল ।

৫। উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?

উত্তৰঃ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো ‘কৌ’ ৰাগত বন্ধা ।

১। বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা

উত্তৰঃ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা শাস্ত্ৰীয় ৰাগ-তাল যুক্ত উচ্চ আধ্যাত্মিক ভাৱৰ আৰু বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক এক বিশেষ শ্ৰেণীৰ ভক্তিমূলক গীতক বৰগীত বোলে।       

বৰগীতৰ বিষয়বস্তুক ছয় ভাগত ভগাব পাৰি । সেইবোৰ হ’লঃ

(ক) লীলা

(খ) বিৰহ

(গ) বিৰক্তি

(গ) পৰমাৰ্থ 

(ঙ) চোৰ

(চ) চাতুৰি।

২। ডবাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?

উত্তৰঃ বৰগীতমহাপুৰুষ দুজনাৰ অন্যতম অভিনৱ অৱদান। বিষয়বস্তুৰ মহত্ব,ৰচনাভংগীৰ সৌষ্ঠৱ, শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে এই গীতসমূহক সমসাময়িক আন গীতৰ পৰা পৃথক কৰিছে আৰু এই কাৰণেইমহাপুৰুষ দুজনে ৰচনা কৰা এই মহত্বপূৰ্ণ গীতবোৰক সাধাৰণ গীতৰ বিপৰীতে ‘বৰগীত’ আখ্যা দিয়া হয়। বৰগীত সমূহৰ ৰাগ,তাল,সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্রৱাহ লক্ষ্য কৰা যায় ।  সেইবাবে ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক ‘Noble Numbers’ বুলি কৈছে।

৩। মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি ?

উত্তৰঃ মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাবৰ প্ৰাধান্য। মাধৱদেৱে দাস্য আৰু বাৎসল্য এই দুয়োটা ভাবৰেই বৰগীত ৰচনা কৰিছে যদিও বাৎসল্য ভাবৰ গীতেই অধিক। মাধৱদেৱে বালকৃষ্ণৰ চুৰি-চাতুৰি, খেলা,নৃত্য, জাগৰণ আৰু চলনৰ বৰগীত বেছি সংখ্যক ৰচনা কৰিছে। মাধৱদেৱৰ বৰগীতত শিশুকৃষ্ণই প্ৰাধান্য লাভ কৰিছে। তেখেতে শিশুকৃষ্ণৰ বাল জীৱনৰ ৰঙ-বিৰঙৰ চিত্ৰ বৰগীত বোৰৰ মাজেৰে তুলি ধৰিছে।

৪। সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?

উত্তৰঃ ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি মাতৃ যশোদাই পুত্র  কৃষ্ণক কৈছে। যশোদাই পুত্ৰৰূপত যিজনক  বুকুত বান্ধি, কোলাত লৈ বাৰে বাৰে চুমা খাইছে, যিজনে পুত্ৰৰূপত একান্ত ভক্তা যশোদাৰ মনোকামনা পূৰণ কৰিছে সেই কৃষ্ণ পৰমপুৰুষ, পৰমব্ৰহ্ম, পৰমানন্দ , তেওঁ জগতঈশ্বৰ । তেৱেঁই ত্ৰিজগতৰ পতি। তেওঁ সকলোৰে আৰাধ্য। সেয়ে যশোদাই কৃষ্ণক সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কৈছে

৫। ‘সিদ্ধ মুনিগণে           চিন্তিয়া নপাৱে 

        সো হৰি যশোৱা কোলে।-সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে  পালে  বুজাই লিখা

উত্তৰঃ -সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই একান্ত ভক্তিৰ বলত পুত্রৰূপে  পাইছে। 

একান্ত ভক্তিৰ বলত ভক্তই ভগৱানকো বশ কৰিব পাৰে। যশোদা আছিল একান্ত ভক্তা, সমগ্ৰ সত্ত্বাকে কৃষ্ণ প্ৰেমত নিমগ্ন কৰি যশোদাই একান্ত চিত্তে কৃষ্ণৰেই সান্নিধ্য বিচাৰিছিল। যশোদাৰ কৃষ্ণপ্ৰেমৰ গভীৰতাই যশোদাৰ অন্তৰৰ মাতৃস্নেহক ললায়িত কৰিছিল আৰু পুত্ৰৰূপত কৃষ্ণক বিচাৰিছিল । ভক্ত বৎসল ভগৱানেও পুত্ৰ ৰূপত যশোদাৰ আগত ধৰা দিছিল আৰু যশোদাক পৰম আনন্দ প্ৰদান  কৰিছিল। সিদ্ধ মুনি, ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছিল পৰম ভক্তিৰ ফলত।

  • মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো জাগৰণৰ গীত। বাৎসল্য ভাৱৰ  এই বৰগীতটিত মাধৱদেৱে ভক্ত আৰু ভগৱানৰ নিবিড় সম্পৰ্ক প্ৰকাশ কৰিছে। বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা বিষ্ণু বা কৃষ্ণ। এইকৃষ্ণই জগত ঈশ্বৰ । এইকৃষ্ণক লাভ কৰাৰ একমাত্ৰ উপায় হৈছে ভক্তি। একান্ত ভক্তিৰে যিজনে ভগৱানক আৰাধনা কৰে, তেনে ভক্তৰ অধীন হৈ  ভগৱানে ভক্তৰ মনোকামনা পূৰ্ণ কৰে । একান্ত ভক্তিৰে ভক্তই ভগনাৱক বশ কৰিব পাৰে।  যশোদা আছিল একান্ত ভক্তা, যশোদাই একান্ত ভক্তিৰে কৃষ্ণৰেই সান্নিধ্য বিচাৰিছিল। যশোদাই পুত্ৰৰূপত কৃষ্ণক বিচাৰিছিল আৰু  ভক্ত বৎসল  ভগৱানেও পুত্ৰ ৰূপত যশোদাৰ আগত ধৰা দিছিল আৰু ভক্তা যশোদাক পৰমানন্দ প্ৰদান  কৰিছিল। পুত্ৰৰূপত  ভগৱান কৃষ্ণই মাতৃ যশোদাৰ ওচৰত সাধাৰণ শিশুৰ দৰেই আচৰণ কৰিছে আৰু মাতৃ যশোদায়ো জগত ঈশ্বৰ কৃষ্ণক সাধাৰণ সন্তান জ্ঞান কৰিয়েই প্ৰেম নিবেদন কৰিছে। বাৎসল্য প্ৰেমৰ তেনে এখন ছবিয়েই মাধৱদেৱে বৰগীতটোত দাঙি ধৰিছে।এই বৰগীতটিত  যশোদাই পুত্ৰক মৰমৰে টোপনিৰ পৰা জগাইছে। সাধাৰণ শিশুৰ দৰেই কৃষ্ণই ৰাতিপুৱা শুই আছে আৰু যশোদাই বাপু, কমল-নয়ন, প্রাণধন আদি মৰমৰ সম্বোধনেৰে কৃষ্ণক টোপনিৰ পৰা জগাইছে। সকলো পুৰুষৰ শিৰৰ ভূষণ,সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি, কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। সিদ্ধ মুনি- ঋষিসকলে বহু ধ্যান, বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছিল পৰম ভক্তিৰ ফলত।

বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে…..) Read More »

উভতি নহাৰ কবিতা

১। উভতি নহাৰ কবিতাপাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ ‘উভতি নহাৰ কবিতা’ পাঠটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্রহ কৰা হৈছে।

২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘ককাদেউতাৰ হাড়’ নামৰ উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ  এটি পার্থক্য লিখা

৪। উভতি নহাৰ কবিতা’ কোন শ্রেণীৰ কবিতা?

উত্তৰঃ  আধুনিক কবিতা।

৫। ‘তামীঘৰা’ শব্দটিৰ অর্থ লিখা

উত্তৰঃ ‘তামীঘৰা’ শব্দটিৰ অর্থ হ’ল ‘তম্বু’।

১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা

উত্তৰঃ ‘হে অৰণ্য হে মহানগৰ’ ,’ৰত্নাকৰ’,আৰু ‘মোৰ আৰু পৃথিৱীৰ’।

২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা

উত্তৰঃ ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।

৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা

উত্তৰঃ ‘আখৰৰ জখলা’ আৰু ‘শিয়ালী পালেগৈ ৰতনপুৰ’।

৪। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? ‘জীয়াই থকাৰ ধেমালিটো’ কবিয়ে কেইবাৰ খেলিছে ?

উত্তৰঃ কবিৰ জীয়াই থকাৰ মন্ত্ৰ হ’ল ‘যন্ত্ৰণা’ । ‘জীয়াই থকাৰ ধেমালিটো’কবিয়ে এবাৰেই খেলিছে ।

৫। কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ’ আহিলে কি পৰিৱৰ্তন হʼ?

উত্তৰঃ কবিয়ে যেনেদৰে এই পৃথিৱীলৈ আহিছে কবিৰ মৃত্যুৰ পিছত  তেনেদৰেই আন মানুহো আহিব। সেই মানুহ হব ‘নতুন মানুহ’। তেওঁলোকৰ কাম কাজ,  চিন্তাধাৰা,  ধ্যান-ধাৰণাত থাকিব নতুনত্ব । এই পৰিৱৰ্তনে আনিব নতুন দিন, নতুন সময়।  কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন তাত নাথাকিব ।

  • কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উত্তৰঃ আধুনিক কবিয়ে পুনৰজনমত বিশ্বাস নকৰে, আধুনিক কবিয়ে ভাবে যে এই পৃথিবীৰ পৰা এবাৰ গুচি গ’লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। নৱকান্ত বৰুৱা আধুনিক কবি। আধুনিক কবি হিচাপে তেখেতে বিশ্বাস কৰে যে মৃত্যুতেই জীৱনৰ সমাপ্তি । মৃত্যুৰ লগে লগে জীৱন আৰু জগতৰ লগত মানুহৰ সম্পৰ্কৰ  চিৰ সমাপ্তি ঘটে। মৃত্যুৰ পিছত কোনো আৰু উভতি নাহে। মৃত্যুৰ জৰিয়তে এবাৰ এই পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ পিছত কোনো মানুহেই পৃথিৱীলৈ আৰু প্ৰত্যাৱৰ্তন নকৰে, কৰিব নোৱাৰে।মানুহে এবাৰেই এই পৃথিৱীত  জন্ম লয়, এবাৰেই এই পৃথিৱীৰ সুখ-দুখক আকোৱালি জীৱন অতিবাহিত কৰে আৰু এদিন মৃত্যুৱে মানুহক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰাই লৈ যায়। কবিয়েও এই পৃথিৱীত জন্ম লৈছে, সুখ-দুখ, হাঁহি-কান্দোনেৰে জীৱনটো অতিবাহিত কৰিছে। জীৱনৰ দুখ-যন্ত্ৰণাতো  জীৱনৰ সুবাস বিচাৰিছে। জীৱনকালত তেওঁ পৃথিৱীখনক  প্ৰাণভৰি ভাল পাইছে।পৃথিৱীৰ প্ৰতি তেওঁৰ অফুৰন্ত ভালপোৱা তেওঁ কৰ্মৰে ,শব্দৰে বহুবাৰ প্ৰকাশ কৰিছে। তেওঁৰ যিদিনা মৃত্যু হ’ব সেইদিনা তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাব, তেওঁ আৰু কেতিযাওঁ ঘূৰি আহিব নোৱাৰে। কবিয়ে জানে পৃথিৱীৰ প্ৰতি থকা তেওঁৰ হেজাৰ ভালপোৱায়ো মৃত্যৰ পিছত তেওঁক উভতাই আনিব নোৱাৰে । জন্ম-মৃত্যুৰ এই চিৰন্তন ধাৰাৰেই, জীৱনৰ সেই একেটি সুৰতেই আন কোনো আহিব-সেই মানুহ হব ‘নতুন মানুহ’।  কবিৰ মৃত্যুৰ লগে লগে পৃথিৱীৰ লগত থকা তেওঁৰ সকলো সম্পৰ্কৰ ইতি পৰিব। সেয়ে তেওঁ পৃথিৱীলৈ আৰু  উভতি নাহে বুলি কবিতাটোত উল্লেখ কৰিছে।

  • উভতি নহাৰ কবিতাটিৰ মূলভাৱ লিখা ।

উত্তৰঃ নৱকান্ত বৰুৱা আধুনিক কবি। আধুনিক কবিসকল বাস্তৱবাদী । আধুনিক কবিয়ে পুনৰজনমত বিশ্বাস নকৰে, আধুনিক কবিয়ে ভাবে যে এই পৃথিবীৰ পৰা এবাৰ গুচি গ’লে মানুহ পুনৰ উভতি আহিব নোৱাৰে। ‘উভতি নহাৰ কবিতা’টিত কবিয়ে আধুনিক কবিতাৰ এই দৰ্শনটোৱে দাঙি ধৰিছে। মৃত্যুয়ে জীৱনৰ সমাপ্তি । মৃত্যুৰ পিছত কোনো আৰু উভতি নাহে। মৃত্যুৰ জৰিয়তে এবাৰ এই পৃথিৱীৰ পৰা প্ৰস্থান কৰাৰ পিছত কোনো মানুহেই পৃথিৱীলৈ আৰু প্ৰত্যাৱৰ্তন নকৰে , কৰিব নোৱাৰে।মানুহে এবাৰেই এই পৃথিৱীত  জন্ম লয়, এবাৰেই এই পৃথিৱীৰ সুখ-দুখক আকোৱালি জীৱন অতিবাহিত কৰে আৰু এদিন মৃত্যুৱে মানুহক এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে আঁতৰাই লৈ যায়। কবিয়েও এই পৃথিৱীলৈ আহিছে। জীৱনকালত তেওঁ পৃথিৱীখনক  প্ৰাণভৰি ভাল পাইছে , দুখ-যন্ত্ৰণাময় জীৱনটোতো জীৱনৰ সুবাস বিচাৰি পাইছে । পৃথিৱীৰ প্ৰতি তেওঁৰ অফুৰন্ত ভালপোৱা তেওঁ কৰ্মৰে ,শব্দৰে বহুবাৰ প্ৰকাশ কৰিছে। তেওঁৰ যিদিনা মৃত্যু হব সেইদিনা তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যাব,তেওঁ আৰু কেতিযাওঁ ঘূৰি আহিব নোৱাৰে।কবিয়ে যেনেদৰে এই পৃথিৱীলৈ আহিছে কবিৰ মৃত্যুৰ পিছত  তেনেদৰেই আন মানুহো আহিব, কবিৰ দৰেই জীয়াই থকাৰ ধেমালিটো  কৰি যাব। সেই মানুহ হব ‘নতুন মানুহ’। তেওঁলোকৰ কাম কাজ,  চিন্তাধাৰা,  ধ্যান-ধাৰণাত থাকিব নতুনত্ব । এই পৰিৱৰ্তনে আনিব নতুন দিন, নতুন সময়।  কবিৰ দৰে পুৰণা মানুহৰ কোনো চিন তাত নাথাকিব। কবিয়ে জানে পৃথিৱীৰ প্ৰতি থকা তেওঁৰ হেজাৰ ভালপোৱায়ো মৃত্যৰ পিছত তেওঁক উভতাই আনিব নোৱাৰে ।

উভতি নহাৰ কবিতা Read More »