যি পদে আন পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষণ বোলে। যেনেঃ ভাল ল’ৰা. ধুনীয়া ছোৱালী
বিশেষণ পদবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে-
(১) বিশেষ্যৰ বিশেষণ
(২) বিশেষণীয় বিশেষণ
(৩) ক্ৰিয়া বিশেষণ
বিশেষ্যৰ বিশেষণঃ যি পদে বিশেষ্য পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদি বুজায় তাকে বিশেষ্যৰ বিশেষণ বোলে। যেনেঃ শুৱলা সংগীত, বিশাল আকাশ, পৱিত্ৰ গ্ৰন্থ ইত্যাদি।
ধাতু আৰু প্রাতিপদিকৰ পিছত বিভক্তি যুক্ত হৈ পদ হয় । পদ প্ৰকৃততে চাৰি প্ৰকাৰৰ।
বিশেষ্য
বিশেষণ
সর্বনাম
ক্ৰিয়া
অব্যয়ৰ লগত বিভক্তি যুক্ত নহয়, সেইবাবে অব্যয়ক পদ বুলি ধৰা নহয়। কিন্তু অব্যয়ৰ ব্যৱহাৰ বিশাল । সেয়েহে বহুতো ব্যাকৰণত অব্যয়কো পদ বুলি ধৰা দেখা যায় ৷
বিশেষ্য
যি পদে কোনো নাম বুজায়, সেই পদক বিশেষ্য পদ বোলে। যেনেঃ ৰাম ,হৰি , বাঘ ,সিংহ আদি
বিশেষ্য পদবোৰক মুঠতে পাঁচ ভাগত ভাগ কৰা হৈছে। যেনেঃ
১.জাতিবাচক বিশেষ্য
২.সংজ্ঞা বা নামবাচক বিশেষ্য
৩.বস্তুবাচক বিশেষ্য
৪.গুণবাচক বিশেষ্য
৫.ক্ৰিয়াবাচক বিশেষ্য
১.জাতিবাচক বিশেষ্যঃ যি বিশেষ্য পদে কোনো জাতিৰ নাম বুজায় তাকে জাতিবাচক বিশেষ্য বোলে। জাতিবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে –
২.সংজ্ঞা বা নামবাচক বিশেষ্যঃ যি বিশেষ্য পদে কোনো ব্যক্তি বা আন কোনো নাম বুজায়, তাক সংজ্ঞা বা নামবাচক বিশেষ্য পদ বোলে। সংজ্ঞা বা নামবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে –
(ক) প্ৰাণীবাচক নামবাচক বিশেষ্য। যেনে–ৰাম, হৰি, যদু, গংগা, যমুনা ইত্যাদি।
(খ) অপ্ৰাণীবাচক নামবাচক বিশেষ্য। যেনে– নগাঁও, ভাৰত, অসম, জোন ইত্যাদি।
৩.বস্তুবাচক বিশেষ্যঃ বস্তু বা পদাৰ্থৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য পদ বোলে। যেনে- সোণ,ৰূপ, কচু, মূলা, ধান, মাহ, কয়লা ইত্যাদি।
৪.গুণবাচক বিশেষ্যঃ যি বিশেষ্য পদে গুণ অৱস্থা আদিৰ নাম বুজায় তাক গুণবাচক বিশেষ্য পদ বোলে। যেনে- সাধুতা, নম্ৰতা, সৌন্দৰ্য, দয়া, হিংসা ইত্যাদি।
৫.ক্ৰিয়াবাচক বিশেষ্যঃ যি বিশেষ্য পদে ক্ৰিয়া বা কোনো কামৰ নাম বুজায়, তাক ক্ৰিয়াবাচক বিশেষ্য পদ বোলে। যেনে-খাৱন, শয়ন, লিখন, ভ্ৰমণ, কান্দন, ইত্যাদি।
( ইয়াৰ বাহিৰেও সময়ৰ নাম বুজোৱা পদ বিলাকক আজিকালি সুকীয়াকৈ কালবোধক বিশেষ্য নাম দিয়া হৈছে ।যেনে-দিন ,ৰাতি, পুৱা , মাহ, বছৰ ইত্যাদি।)
i) মানৱ বন্দনা ii)প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক iii)মোৰ দেশ
LA SA VSA
1 1 4
4X 1=4 2X1=2 1 X 4=4
TOTAL – 80
Internal Assessment- (20 MARKS)
1) Periodic Test- 10 marks 2) Subject Enrichment Activity- 5 marks 3) Notebook keeping- 5 marks
VERY SHORT ANSWER(VSA), SHORT ANSWER (SA), LONG ANSWER (LA)
Internal Assessment– 1. Periodic Test – 10 marks 2. Subject Enrichment Activity – 5 marks 3. Notebook Keeping – 5 marks
Prescribed Textbooks– 1. অসমীয়া সাহিত্য চয়নিকা,প্ৰথম ভাগ ( Asamiya Sahitya Chayanika), Published by Assam State Textbook Production and Publication Corporation Ltd., Guwahati -781001. 2. ৰচনা বিচিত্ৰা (ব্যাকৰণৰ সৈতে) { Rachana Bichitra by Dharma Singha Deka: Published by Assam Book Depot Panbazar, Guwahati- 781001.
1) Periodic Test- 10 marks 2) Subject Enrichment Activity- 5 marks 3) Notebook keeping- 5 marks
VERY SHORT ANSWER(VSA), SHORT ANSWER (SA), LONG ANSWER (LA)
Internal Assessment– 1. Periodic Test – 10 marks 2. Subject Enrichment Activity – 5 marks 3. Notebook Keeping – 5 marks
Prescribed Textbooks– 1. অসমীয়া সাহিত্য চয়নিকা,দ্বিতীয় ভাগ ( Asamiya Sahitya Chayanika), Published by Assam State Textbook Production and Publication Corporation Ltd., Guwahati -781001. 2. ৰচনা বিচিত্ৰা (ব্যাকৰণৰ সৈতে) { Rachana Bichitra by Dharma Singha Deka: Published by Assam Book Depot Panbazar, Guwahati- 781001.