ণত্ব বিধি
যি বিধি মতে দন্ত্য ন-ই মূৰ্দ্ধন্য ণ-ৰ ৰূপ লয়, তাকে ণত্ব বিধি বোলে।
ণত্ব বিধিৰ প্রধান নিয়মবোৰ।
- একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন, মূৰ্দ্ধন্য ণ হয়।
যেনেঃ ঋণ, তৃণ, বর্ণ, কর্ণ, কৃষ্ণ, বিষ্ণু, জীর্ণ, বৰষুণ ইত্যাদি।
- একেটা পদতে থকা ঋ, ৰ, ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বর্গ বা প-বর্গৰ কোনো বর্ণ বা য,ৱ আৰুহ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।
যেনেঃ কৃপণ, ৰাৱণ, ৰুক্মিণী, গ্রহণ, পাষাণ, কৰুণ ইত্যাদি।
- ট-বর্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।
যেনেঃ ঘণ্টা, কণ্টক, পিশু, কণ্ঠ, বিষন্ন, অণ্ড, দণ্ড ইত্যাদি।
- উত্তৰ, দক্ষিণ, চান্দ্র, পৰা, নাৰ, ৰাম, আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।
উত্তৰায়ণ, চান্দ্রায়ণ, পৰায়ণ, ৰামায়ণ ইত্যাদি।
- প্র, পূর্ব, অপৰ আদিৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন মূৰ্দ্ধন্য ণ হয়।
যেনেঃ প্রাহ্ণ, পূর্বাহ্ণ, অপৰাহ্ণ আদি।
- অক্ষ শব্দৰ পিছত থকা ঊহিনী শব্দৰ দন্ত্য ন আৰু শূর্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন, মূর্ধন্য ণ হয়।
যেনে : অক্ষৌহিণী, শূর্পণখা ।
- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ণ হয়।
যেনেঃ বাণিজ্য, বণিক, বাণী, বীণা, বেণু, বাণ, কণিকা, কংকণ, অণু, গৌণ, তৃণ, ফণা, নিপুণ, পাণি, কল্যাণ, লৱণ, মণি, মাণিক্য, কোণ, গুণ, চিকুণ, শোণিত, গণ, পণ, চাণক্য, ঘুণ, কণ, পূণ্য ইত্যাদি।
ষত্ব বিধি
ষত্ব বিধি: যি বিধি মতে দন্ত্য স মূৰ্দ্ধন্যষ হয়, সেই বিধিকে ষত্ব বিধি বোলে।
ষত্ব বিধিৰ প্রধান নিয়মবোৰঃ
- অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্রত্যয়ৰ স মূৰ্দ্ধন্য ষ হয়।
যেনেঃ ঋষি, শ্রীচৰণেষু, মুমূর্ষু, ভৱিষ্যৎ, শুশ্রূষা।
- ট-বৰ্গৰ বর্ণৰ লগত যুক্ত দন্ত্য স মূৰ্দ্ধন্য ষ হয়।
যেনেঃ কষ্ট, দুষ্ট, ওষ্ঠ, মিষ্ট ইত্যাদি।
- ই-কাৰান্ত আৰু উ-কাৰান্ত উপসর্গৰ পাছত থকা স্থা, সিধ্, সিচ্, লস্ আদি ধাতুৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়।
যেনেঃ নিষেধ, বিষাদ, প্রতিষ্ঠা, অভিলাষ, অনুষ্ঠান, নিষাদ, অভিষেক আদি।
- ভূমি, গো, অংশু শব্দৰ পিছত থকা স্থা শব্দৰ স আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়।
যেনে: ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ।
- সু আৰু বি উপসর্গৰ পিছত থকা সম শব্দৰ স মূৰ্দ্ধন্য ষ হয়।
যেনেঃ সুষম, সুষমা, বিষম।
- প্রত্যয় যোগ হ’লে হবিস্ আৰু চাক্ষুস্ শব্দৰ দন্ত্য স মূৰ্দ্ধন্য ষ হয়।
যেনেঃ হবিষা, চাক্ষুষ।
- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ষ হয়।
যেনেঃ ভাষা, বর্ষা, হর্ষ, দোষ, বিষাণ, বিষয়, শোষণ, তোষণ, পোষণ, ভূষণ, ৰোষ, ৰোষণ, পুৰুষ, কৃষক, ঔষধ, পুষ্প, ভীষ্ম, গ্রীষ্ম, বিশেষ, বিশেষ্য, বিশেষণ, কর্ষণ, বর্ষণ, ঘর্ষণ, ষোড়শ, পাষণ্ড, দোষ, বৃষ, তোষ, বিষ, পাষাণ, তৃষা, কলুষ ইত্যাদি।