অনুৰূপ শব্দ আৰু অনুকাৰ শব্দ (4 marks)

আচল শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ আচল শব্দৰ আগত বা পিছত একে নিচিনা অথচ অর্থশূন্য যিবোৰ শব্দ ব্যৱহাৰ কৰা হয়, সেই শব্দবোৰক অনুৰূপ শব্দ বোলে। যেনেঃ মাছ-তাছ, চাহ-তাহ, ডা-ডাঙৰীয়া, ভাত-চাত, ঘৰ-চৰ ইত্যাদি।

  অনুৰূপ শব্দ তিনি প্রকাৰৰঃ

(ক) অনুকাৰ অনুৰূপঃ  মূল শব্দৰ পিছত প্ৰায় একে নিচিনা অথচ অর্থশূন্য যিবোৰ শব্দ যোগ কৰা হয়, সেইবোৰক অনুকাৰ অনুৰূপ শব্দ বোলে। যেনেঃ মাছ-তাছ, ভাত-চাত, টকা-চকা, কিতাপ-চিতাপ, পুথি-চুথি ইত্যাদি।

(খ) দ্বিৰুক্ত অনুৰূপঃকেতিয়াবা মূল শব্দৰ আদিধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্তি কৰা হয়, এনে অনুৰূপ শব্দক দ্বিৰুক্ত অনুৰূপ শব্দ বোলে। যেনেঃ জা-জলপান, পা-পইচা, বা-বাতৰি, ডা-ডাঙৰীয়া ইত্যাদি।

(গ) যুৰীয়া বা অনিয়মিত অনুৰূপঃকেতিয়াবা বেলেগ উচ্চাৰণযুক্ত যুৰীয়া শব্দ ব্যৱহাৰ কৰি অনুৰূপ শব্দ কৰা হয়। এইবোৰক যুৰীয়া বা অনিয়মিত অনুৰূপ বোলে। যেনেঃ চাকৰ নাকৰ, তেল-কুৰ, ৰূপ-বান ইত্যাদি।

কোনো ধ্বনি বা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি যি শব্দ তৈয়াৰ কৰা হয়, তাক অনুকাৰ শব্দ বোলে। 

যেনেঃ কেৰ কেৰ, মেৰ মেৰ, হিৰ হিৰ, কা কা, টং টং, ফোঁচ্ ফোঁচ ইত্যাদি।